জীৱনে বিচাৰে কি (অয়ন উত্তম)

ঘৰৰ পৰা ডাউনলোড কৰি লৈ যোৱা ‘ৰ’দৰ চিঠি’ৰ পাপনৰ ‘প্ৰতিদিনে’ গানটো ইণ্ডিকাখনৰ ‘ছাউণ্ড ছিষ্টেম’ত মৃদু সুৰত বাজি আছে। মামাৰ ল’ৰা ভাৰ্গৱে ষ্টেইৰিঙত আঙুঠিকেইটাৰে টুকুৰিয়াই টুকুৰিয়াই গাড়ীখন চলাই গৈ আছে তিনিচুকীয়া গুঁইজান পথৰ নিৰ্জন ৰাস্তাটোত। পিছৰ ছিটত কণমানিটোৱে ‘চিপছ’ৰ পেকেট এটা ফলাৰ শব্দ। মাকৰ ম’বাইলত ‘গণেশ বন্দনা’ৰ ৰিংটোনটো হঠাৎ বাজি উঠিল। মই বহি যোৱা আগছিটৰ পিঠি অংশত এটি খোঁচ শ্ৰীমতীৰ- ‘বাওঁফালে চাই যাবা, নলনী চাহ বাগিচা বুলি লিখা থাকিব’। মই মূৰ দুপিয়ালোঁ।

ঠিক ৮ মিনিটমান একেলেথাৰিয়ে গৈ থকাৰ পিছত দেখিলোঁ ৰাস্তাৰ সোঁফালে লিখা আছে ‘ডিব্ৰু-ছৈখোৱালৈ কিছু দূৰ’ বুলি এখন ছাইনব’ৰ্ড আৰু ঠিক তাৰ বিপৰীত দিশে বগা ছাইনব’ৰ্ড এখনত সেউজীয়া ৰঙেৰে লিখা ‘নলনী চাহ বাগিচা’। এখন মস্ত গে’ট বন্ধ কৰি চকীদাৰটোৱে চাধা মলি আছে। আমাৰ গাড়ীখন দেখি আগুৱাই আহি মোক সুধিলে– ‘বাবু, কাহা যাবেক?’ মই ক’লোঁ– ‘ষ্টাফ লাইনে যাব, প্ৰশান্তৰ ঘৰে।’ সি লৰালৰিকৈ গে’টখন খুলি দিলে, ৰেজিষ্টাৰত একো চহী কৰিবলগীয়া নহ’ল। গে’টেৰে প্ৰায় ২ কিলোমিটাৰ শিল-ইটা দিয়া ৰাস্তাটোৰে সোমাই ‘নলনী চাহ বাগিচা’ ফেক্টৰীটো পালোঁ। ৰাস্তাত মাৰ্বল খেলি থকা এটি সৰু ল’ৰাক সুধিলোঁ– ‘প্ৰশান্তৰ ঘৰ কাঁহা আহে?’ সি সন্মুখৰ ফালে ধূলি লাগি থকা মধ্যমা আঙুলিটো টোঁৱাই ক’লে– ‘ঐ যে দুই নম্বৰ ঘৰটা।’ তাক এটা মিঠা হাঁহি উপহাৰ দি আগবাঢ়িলোঁ ‘দুই নম্বৰ’ ঘৰৰ দিশে।

ঘৰৰ সন্মুখত গাড়ীখন ৰোৱাৰ লগে লগে এগৰাকী মহিলা ওলাই আহিল, অনুমান কৰিলোঁ প্ৰশান্তৰ মাক হ’ব। ঘৰৰ আগফালে এখন ধুনীয়া ফুলনি, নাকত লাগিল অচিনাকি ফুলৰ সুবাস। ঘৰটো কিছু পুৰণি, দেখি লগা নাছিল– বেৰত লিখা ‘১৯৪১ চন’ শব্দটোৱে পুৰণি কোৱাৰ্টাৰ বুলি ভাবিবলৈ বাধ্য কৰালে। ব্ৰিটিছৰ দিনৰেই কোৱাৰ্টাৰ হ’ব নিশ্চয়। মাকে এটা কোঠালিলৈ আথে-বেথে আগবঢ়াই নিলে। বিছনাত তলমুৱাকৈ শুই আছিল প্ৰশান্ত। ঠিক শুই আছিল বুলি ক’লে ভুল হ’ব, আমাৰ অপেক্ষাত ৰৈ আছিল– ডিঙিটো কম্বলৰ পৰা উলিয়াই, তলমুৱাকৈ।

প্ৰশান্ত মজুমদাৰ… শ্ৰীমতীৰ মুখৰ পৰা অলপ-অচৰপ জানিছিলোঁ-শুনিছিলোঁ ‘ফেচবুক-বন্ধু’জনৰ কথা। শ্ৰীমতীৰ লগতে মোক লগ পাবলৈ ব্যাকুল হৈ থকা প্ৰশান্তই হাঁহি এটাৰে আমাক ইংগিত দিলে বহিবলৈ। বায়েক আৰু মাকে বাহিৰৰ পৰা চকীকেইখনমান যোগাৰ কৰি আমাক তাতে বহিবলৈ দিলে। প্ৰশান্তলৈ চালোঁ। এখন সুকোমল কম্বলেৰে গাটো ঢাকি ডিঙিৰ পৰা বুকুলৈকে দেহটো উলিয়াই শুই থকা এজন চকুতলগা ডেকা ল’ৰা। মুখখনত লাগি আছে এটি হাঁহি। বুকু আৰু বাহু দুটা ‘জিম’ কৰা যুৱকৰ দৰেই মাংসপেশীয়ে ভিৰ কৰিছে। দাড়ি নথকা এখন উজ্জ্বল চিকুণ মুখ। যিকোনো যুৱতীৰ বাবেই এই মুখখন ‘প্ৰথম পচন্দ’ৰ হ’ব, সেয়া নুই কৰিব নোৱাৰি।

চিনাকি-পৰ্ব শেষ হ’ল। এইবাৰ প্ৰশান্তক কথা কোৱাৰ সুযোগ দিলোঁ। মাক আৰু বায়েক কোঠাটোৰ পৰা ওলাই গ’ল। প্ৰশান্তৰ সৰু ভাগিনজনীয়ে হাতত এটা ৰসগোল্লা হাতত লৈ মাকৰ পিছে পিছে দৌৰ দিলে। নীৰৱতা নামি আহিল কোঠালৈ। শ্ৰীমতীৰ মুখখনো কিছু সময়ৰ বাবে বন্ধ হ’ল, কণমানিটোৱেও যেন মোৰ দৃষ্টিত কিবা বুজিলে। সি আঁঠু দুটাত হাত দুখন দি প্ৰশান্তৰ মুখখন চোৱাত লাগিল, ঠিক কিবা এটা অধ্যয়ন কৰিছে_ তেনে লাগিল।

প্ৰশান্তই কৈ গ’ল তাৰ জীৱনৰ আটাইতকৈ কৰুণ অধ্যায়টো। যিটো ঘটনাই তাৰ জীৱন সলনি কৰি দিলে, যি ঘটনা সি পাহৰিম বুলিও পাহৰিব নোৱাৰে, এটা দুঃস্বপ্নৰ দৰে দিনে-ৰাতিয়ে তাক খেদি ফুৰিছে, সেই ঘটনাটো পুনৰ ক’বলৈ বাধ্য হ’ল_ আমাৰ বাবে। প্ৰশান্তৰ ভাষাৰে …

”ঠিক ৮ বছৰৰ আগৰ এটা ফৰকাল দিন। মই আৰু বাগিচাৰে এজন ফাৰ্মাচিষ্ট বন্ধুৱে সেইদিনা বাইকেৰে গৈ লিডুৰ ভাণ্টে বাবাক লগ সাক্ষাৎ কৰাৰ কথা ভাবিলোঁ। কথা মতেই দুই বন্ধু ওলালোঁ সাজি-কাচি। বাইকখন সিয়ে চলালে। বাইক চলোৱাত পাকৈত, ‘ষ্টাণ্ট-মাষ্টাৰ’ হিচাপেও তাৰ নাম আছে কিছু। বাইকেৰে গৈ গৈ আমি লিডু পোৱাৰ আগেয়ে এখন ধাবাত সোমালোঁ। মই ৰুটি-তৰকাৰী খোৱাৰ বিপৰীতে সি দুটা ‘ড্ৰিংক’ ল’লে। আগে-পিছেও সি ড্ৰিংক লয়। গতিকে এয়া সাধাৰণ কথাই আছিল মোৰ বাবে, যদিও মই কোনো ধৰণৰ মাদকদ্ৰব্য আজিলৈকে মুখত দি পোৱা নাই। ধাবাৰ পৰা ওলাই পুনৰ যাত্ৰা কৰি আমি লিডুৰ ভাণ্টে বাবাৰ বৌদ্ধ-বিহাৰটোত উপস্থিত হ’লোঁ। বৌদ্ধ ভিক্ষুজনে আমাক অহাৰ কাৰণ সুধিলে। মই ভিক্ষুজনৰ প্ৰসিদ্ধ আঙুঠিটো বিচাৰি অহা বুলি জনোৱাত ভিক্ষুজনে ক’লে– ”আঙুঠি’টো পিন্ধা সহজ, কিন্তু তাৰ সৈতে জড়িত নিয়মবোৰ মানি চলা খুব কঠিন, পাৰিবা জানো?’ মই মূৰ দুপিয়াই পাৰিম বুলি জনোৱাত বৌদ্ধ ভিক্ষুজনে মোক আঙুঠিটো দি কিছু পৰামৰ্শ দিলে। ময়ো দা-দক্ষিণা দি বন্ধুৰ সৈতে ওলাই আহিলোঁ বিহাৰটোৰ পৰা। পুনৰ আৰম্ভ হ’ল বাইক-যাত্ৰা। আহি আহি মাকুম পালোঁহি। পুনৰ ধাবাত সোমালোঁ। এইবাৰ কিছু বেছিকৈয়ে ড্ৰিংক কৰিলে বন্ধুজনে। আগে-পিছেও ড্ৰিংক কৰে যদিও দিনত ড্ৰিংক কৰাতো মোৰ পচন্দ হোৱা নাছিল। ধাবাৰ পৰা ওলাই বাইকখন মই চলোৱাৰ সিদ্ধান্ত ল’লোঁ। কিন্তু সি মান্তি নহ’ল। মোক ক’লে– ‘আজিলৈকে কিবা হোৱাৰ ৰেকৰ্ড আছে নেকি? তই বহ, ব’ল চাবুৱাৰ পৰা আহোঁ। মোৰ এটা কাম আছে, সোনকালে কৰি আহিম।’ তাক ‘না’ ক’ব নোৱাৰিলোঁ। সেই চাবুৱা যোৱাৰ সিদ্ধান্তটোৱেই মোৰ বাবে কাল হ’ল।

বাইকখন চলাই নিওঁতে তাৰ হাত কঁপা নাছিল, কিন্তু চকু দুটা ৰঙা পৰি আছিল। হিজুগুৰি পাৰ হৈ কিছুদূৰ আগুৱাই গ’লে মাৰুতি শ্ব’ৰূম এটা পায়। বাহিৰত মাৰুতিৰ ধুনীয়া ধুনীয়া মডেলৰ গাড়ীবোৰ সজাই থোৱা আছিল। মই তাক ক’লোঁ– ‘কেতিয়াবা যদি বেছিকৈ ‘বিল’ পাওঁ, ইয়াৰ পৰাই এখন গাড়ী কিনিব লাগিব’। মই ভবা নাছিলোঁ তাৰ দৃষ্টিও যে মাৰুতি শ্ব’ৰূমটোৰ ফালে গৈছে। সেইফালে চাই থাকোঁতে বাইকখন কেতিয়া যে ৰে’লআলিৰ ফালে ধাৱমান হ’ল, ধৰিবই নোৱাৰিলে সি। ৰে’লআলি আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে পকা খুঁটা কেইটামান আছিল, ৰে’ল কৰ্তৃপক্ষই দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে দিছিল বোধহয়। হঠাৎ বাইকখনে ইয়াৰে এটা পকা খুঁটাত প্ৰচণ্ড খুন্দা এটা মাৰিলে। প্ৰায় ২০-৩০ ফুট ওপৰলৈ উৰি গ’লোঁ আৰু ওপৰতে দুপাকমান দি ৰে’লআলিটোৰ লোহাৰ চিৰি এডালত ধপচকৈ বহি পৰিলোঁ। চকুৰ আগত ধোঁৱা-কোৱা লাগিল। কিছু সময় তেনেদৰে পাৰ হ’ল। সংজ্ঞা ঘূৰাই পোৱাৰ পিছত দেখিলোঁ, বন্ধুজনৰ হাতে-মুখে তেজ, বাইকখনৰ বেছি ক্ষতি হোৱা নাই। শ্ব’ৰূমটোৰ পৰা কেইজনমান ব্যক্তি দৌৰি আহিল। মই উঠিবলৈ চেষ্টা কৰিলোঁ, কিন্তু নোৱাৰিলোঁ। হাতৰ আৰু ভৰিৰ ছাল অলপ এৰাইছে যদিও আঘাত গুৰুতৰ নহয় যেন অনুমান হ’ল। ব্যক্তিকেইজনক ক’লোঁ– ‘আপোনালোকে মোৰ কথা চিন্তা নকৰিব, তাক বচাওক, মই ভালেই আছোঁ।’ কথাখিনি কৈ কৈ পুনৰ উঠিবলৈ চেষ্টা কৰিলোঁ। কিন্তু নোৱাৰিলোঁ। তলচোৱা যেন অৱশ হৈ গৈছে, দেহৰ তলচোৱা আছে নে নাই সেয়াও গম পোৱা নাই। এজন ব্যক্তিয়ে ততাতৈয়াকৈ বন্ধুজনক এখন গাড়ীত উঠাই হাস্পতাললৈ প্ৰেৰণ কৰিলে। ঠিক ১৫ মিনিটমানৰ পিছত এজন ব্যক্তিয়ে নতুনকৈ ক্ৰয় কৰি অনা স্ক’ৰপিঅ’ত মোক উঠালে। তাৰপিছত আৰু মোৰ মনত নাই।

জ্ঞান ঘূৰাই পোৱাৰ পিছত গম পালোঁ, তেতিয়া মই ডিব্ৰুগড় ৰে’লৱে হাস্পতালত। বন্ধুজনৰ অৱস্থা সংকটজনক বুলিও গম পালোঁ। কিন্তু মোৰ হাত-ভৰি একো লৰাব-চৰাব নোৱাৰোঁ, আছে নে নাই সেয়াও গম নাপাওঁ। ৰে’লৱে হাস্পতালৰ পৰা অসম মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিলে। তাতো চিকিৎসকে নিৰীক্ষণ কৰিলে মোৰ দেহটো। কিন্তু একো ফল নাপালোঁ। এইবাৰ আদিত্য নাৰ্ছিং হোমলৈ প্ৰেৰণ কৰিলে। তাত প্ৰায় ১৫ দিন থাকিলোঁ। এটা অস্ত্ৰোপচাৰ কৰিলে। কিন্তু মোৰ যেন হাত-ভৰি নাই, চুলে-কাটিলে একো গম নাপাওঁ– সেই একেই অৱস্থা। বন্ধুজনৰ খবৰ পালোঁ, তাৰ স্বাস্থ্য ভাললৈ আহিছে।

দেউতাই বাগিচাৰ মেনেজাৰক খাটনি ধৰি কিছু টকা যোগাৰ কৰিলে। পেন্সনৰ টকাকেইটা আগতেই শেষ হৈছিল। মোৰ দেহটোৰ ওপৰত পুনৰ পৰীক্ষা-নিৰীক্ষা চলিল। চলিয়েই থাকিল। এইবাৰ চেন্নাইৰ এপ’ল’ হাস্পতাললৈ প্ৰেৰণ কৰিলে মোক। তাত এটা সৰু অস্ত্ৰোপচাৰ হ’ল। চিকিৎসকে দেউতাক জনালে মোৰ ৰাজহাড়ত থাকিবলগীয়া বিজল পদাৰ্থখিনি (Bone marrow) গোট মাৰি গৈছে। অস্ত্ৰোপচাৰ কৰিলে ভাল হ’বও পাৰে, কিন্তু সম্ভাৱনা ২০-৮০ শতাংশ। ইফালে দেউতাৰ টকা শেষ হৈ আহিছিল। দেউতাৰ মুখখন শুকাই আহিছিল। মই ক’লোঁ– ঘৰলৈ ঘূৰি যাওঁ। পুনৰ আহি ঘৰ পালোঁহি। এনেদৰে বছৰবোৰ পাৰ হ’ল। একো উন্নতি নহ’ল। চেন্নাইত মাথোঁ গম পালোঁ, প্ৰথমেই মোৰ চিকিৎসাত কিছু ভুল কৰিছিল ডিব্ৰুগড়ৰ চিকিৎসকে।

ইতিমধ্যে দেউতাৰ মৃত্যু হ’ল। দেউতাৰ মৃত্যুৰ পিছত ভাইটিয়ে বাগানৰ চাকৰিটো পালে। মোৰ এটাই সৌভাগ্য, এইখন ঘৰত মই জন্ম পালোঁ। মোৰ প্ৰতি যি যত্ন লৈছে মা-ভাইটি বা বাইদেউৱে, সেয়া আন কোনোৱে নলয়। ভাইটিয়ে মোৰ বাবে বহুত কৰিছে, এনে এজন ভাইটি পোৱা বহুতৰ বাবে দুৰ্লভ। এতিয়া মোৰ সংগী মোৰ ম’বাইলটো আৰু লেপটপটো। মাজে মাজে নেট ছাৰ্চ কৰোঁ, য’তে খবৰ পাওঁ, তালৈ মেইল কৰোঁ। কলকাতাৰ এজন চিকিৎসকে পৰামৰ্শ দিছিল_ লণ্ডনৰ এখন চিকিৎসালয়ত ইয়াৰ সু-চিকিৎসা হয়। কিন্তু ৬ৰ পৰা ১০ লাখমান টকা লাগিব। ইমান টকাৰ কথা মই সপোনতো ভাবিব নোৱাৰোঁ। ‘অসমীয়া দৰৱ’ ব্যৱহাৰ কৰিবলৈ কৈছিল কেইজনমানে, তাকো ব্যৱহাৰ কৰিলোঁ_ সুফল এতিয়ালৈকে পোৱা নাই। ফিজিঅ’ কৰি কৰি হাত আৰু বুকুখন যে আছে, সেয়া গম পাবলৈ ধৰিলোঁ। অৰ্থাৎ হাত দুখন লৰচৰ কৰিব পৰা হ’লোঁ। বুকুত ভৰ দি তলমুৱা হৈ বিছনাত পৰি থাকিব পৰা হ’লোঁ। কিন্তু ভৰিকেইখনৰ মাংসবোৰ শুকাই গৈছে, কম্বলখন দাঙি চালে আপুনি দেখিব, কেৱল হাড়কেইডালহে আছে। মাংসবোৰ শুকাই গৈছে। ভোক লাগে_ মায়ে খাব দিয়ে, খাওঁ। কিন্তু পেটত গৈ কি হয় গম নাপাওঁ। মাজে মাজে খুব জ্বৰ উঠে। সেইকেইদিন মোৰ অৱস্থা শোচনীয় হৈ যায়। মায়ে নিত্যকৰ্ম সকলো ধুই চফা কৰি আছে। মা সদায় মা হয়, কিন্তু এদিন যে ভাইটিয়ে বিয়া কৰাবই লাগিব, তেতিয়া? যদি ভাই-বোৱাৰী ভাইটিৰ দৰে নাপাওঁ! এই কথা ভাবি ভাবি কেতিয়াবা আত্মহত্যা কৰিবলৈ মন যায়। কিন্তু আশা এৰি নিদিওঁ। শেষ পৰ্যন্ত চেষ্টা কৰিম। মাত্ৰ নিজে লাখুটিতেই হওক বা হুইল চেয়াৰতেই হওক, উঠিব পাৰিলেই হয়, মোক আৰু একো নালাগে। ইমান একো নিবিচাৰোঁ আৰু।

যিজন বন্ধুৱে দুৰ্ঘটনাটো সংঘটিত কৰিছিল, তেওঁ বিবাহ পাশত আৱদ্ধ হ’ল, এটি কণমানি ছোৱালীৰ পিতৃ। সুখী পৰিয়াল। সুখত থাকক। বন্ধুবৰ্গই লগ এৰিলে। টকা থাকোঁতে যিকেইজন বন্ধুৱে দিনে-ৰাতিয়ে মোৰ সৈতে কটাইছিল, এজন এজনকৈ সকলো আঁতৰি গ’ল। মাত্ৰ দুজনমান বন্ধুৱে এতিয়াও মোৰ সংগ এৰা নাই। কিন্তু মই আশাবাদী, মই ভাল হ’মেই। মাজতে স্থানীয় বিধায়কৰ ওচৰলৈ বন্ধু আৰু পৰিয়ালৰ লোক গৈছিল। আশ্বাস দিয়াৰ বাহিৰে একো নাপালোঁ আজিলৈকে। সকলো মোৰ পৰা আঁতৰি গৈ আছে। মোৰ এতিয়া জীয়াই থকাৰ একমাত্ৰ সম্বল মোৰ মনটো। হাৰি হাৰিও জয়ী হোৱাৰ বাসনা এটা আছে। যুঁজি চোৱাৰ বাসনা এটা আছে ভাগ্যৰ সৈতে।

মগজটো মোৰ বেয়া নহয়। সকলো অনুভৱী চিন্তাই কৰিব পাৰোঁ। এজন ডেকা ল’ৰাৰ যি সপোন থাকিব লাগে, সেয়া মোৰ আছিল। এটা ভাল ব্যৱসায় বা চাকৰি কৰিম, এগৰাকী গাৰ্লফ্ৰেণ্ড থাকিব, এখন গাড়ী থাকিব ইত্যাদি ইত্যাদি। কিন্তু সকলো শেষ হৈ গ’ল। তথাপিও মই হাৰ নামানো জীৱনৰ সৈতে। ভগৱানে জানে, মই আজিলৈকে কাৰো অন্যায় কৰা নাই, ভগৱানে মোক শাস্তি দিছে কিয় সেয়া নাজানো, কিন্তু মই ভগৱানৰ এই শাস্তিৰ বিৰুদ্ধেও যুঁজি যাম। মই এটাই জানো, এদিন মই ভাল হ’মেই। সম্পূৰ্ণ নহ’লেও নিজৰ ভৰিত থিয় হ’ব পৰাকৈ। ইয়াৰ বাবে লাগে বহুত অৰ্থ। আত্মীয়-পৰিজনে যিখিনি পাৰিছে কৰিছে, দুই-এজন বন্ধুৱেও কৰি আছে। তথাপি এটা শকত অংক নহ’লে এয়া সম্ভৱ নহয়। মনটোক দৃঢ় কৰিছোঁ, একাগ্ৰতাৰে ফিজিঅ’থেৰাপীখিনি কৰি গৈছোঁ। বাকীখিনি এৰি দিছোঁ ভাগ্যৰ ওপৰত। চাওঁচোন, কিমানদূৰ যুঁজিব পাৰোঁ।”

কাঁহ পৰি জীন যোৱা নিস্তব্ধতা পুনৰ নামি আহিল। ইমানখিনি কোৱাৰ পিছতো কিন্তু প্ৰশান্তৰ চকুলৈ নামি নাহিল চকুলো, যি মই আশংকা কৰি আছিলোঁ। আচলতে চকুলো শুকাই গৈছিল প্ৰশান্তৰ। দিনে-ৰাতিয়ে একেখন বিছনাত একে ধৰণে শুই শুই জীৱন কটোৱা প্ৰশান্তই বুজি উঠিছে, চকুলোৰে সমস্যা সমাধান নহয়। ডাঠ মন এটা নহ’লে এজন ২৪-২৫ বছৰীয়া যুৱকে কেতিয়াও ৮-৯টা বছৰ কেৱল আশা লৈ জীয়াই থাকিব নোৱাৰে। পৰামৰ্শ দিয়াৰ অৱকাশ নাই মোৰ হাতত। কেৱল ক’লোঁ– ‘মানুহৰ মগজটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ শক্তি। টিভিত দেখি আহিছোঁ, কেনেদৰে কেৱল মগজৰ জোৰতেই চামুচ বেঁকা কৰি দিব পাৰে। মগজৰ জোৰতেই বহু নভবা কামো সম্ভৱ হৈ উঠিছে। মগজ তোমাৰ সম্পূৰ্ণ আছে আৰু তাক কামত লগাই আহিছা। মোৰ বিশ্বাস ইয়াৰ সুফল এদিন হ’লেও পাবা। আৰ্থিকভাৱে কোনে কিমান সহায় কৰিব, সেয়া তোমাৰ দৰে ময়ো অনিশ্চিত। মন থাকিলেও কিছু কাম কৰিবলৈ ব্যক্তিবিশেষে অসহায়বোধ কৰে। আচলতে এয়া অক্ষমতা। মই মোৰ অক্ষমতা তোমাক অকপটে স্বীকাৰ কৰিছোঁ। কিন্তু তোমাৰ বিষয়ে লিখিম। অন্ততঃ তোমাৰ ডাঠ মনটোৰ বিষয়ে, তোমাৰ সপোনবোৰৰ বিষয়ে লিখিম। কেইজনে বুজে নাজানো, মোৰ ফালৰ পৰা সেয়া এক সামান্য প্ৰয়াস বুলিহে ভাবিবা। ইয়াৰ ফল তুমিও আশা নকৰিবা, যেনেদৰে ময়ো নকৰোঁ। কিন্তু কেতিয়াবা এনেদৰেও কিঞ্চিত আশাৰ ৰেঙনি আহিবও পাৰে, তাকো নুই নকৰোঁ।’

প্ৰশান্তৰ মুখলৈ এটি হাঁহি নামি আহিছিল। দীপ্ত চকুযোৰে যেন মোক ক’ব খুজিছে, যদি সেয়া সম্ভৱ হৈ উঠে? অসহায়বোধ লাগিছে। মোৰ লগতে তাত বহি থকা আটাইৰে। কাৰণ আমাৰ কৰণীয় একোৱেই নাছিল, কেৱল আশ্বাসৰ বাহিৰে। তথাপিও প্ৰশান্তক লগ পোৱাৰ ভাগ্য আছিল আৰু লগ পাই বুজি উঠিলোঁ, আমি সদায় সন্মুখীন হৈ অহা কিছুমান নগণ্য ঘটনাৰ লগত কেতিয়াও তুলনা নহয় প্ৰশান্তৰ জীৱন-যুঁজখন। এই যুঁজখন প্ৰশান্তই অকলেই যুঁজিছে দিনে-ৰাতিয়ে একেখন বিছনাত। বিদায় পৰত প্ৰশান্তৰ মাতৃয়ে চাহপাতৰ এটি টোপোলা শ্ৰীমতীৰ হাতত দি ক’লে– ‘এনেদৰে তোমালোক আহিবা বুলি ভাবিবই পৰা নাছিলোঁ। এয়া আমাৰ বাগানৰ চাহপাত, তোমালোকৰ বাবে প্ৰশান্তই ভাইটিক কৈ অনাই থৈছে।’ টোপোলাটো গধুৰ যেন লাগিল মোৰ বাবে, কিন্তু এৰি থৈ আহিব নোৱাৰিলোঁ প্ৰশান্তৰ হাঁহিটোৰ বাবেই। দিব নোৱাৰিলোঁ একো, কিন্তু প্ৰশান্তই আমাৰ বাবেই কিবা এটা দিছে। অসহায় লাগিল পুনৰ। বিদায় ল’লোঁ প্ৰশান্তৰ পৰা, মাতৃৰ পৰা, নলনী চাহ বাগিচাৰ পৰা।

‘মানুহ বিচাৰি থকা দৌৰ’ত প্ৰশান্ত মোৰ বাবে এজন প্ৰকৃত যোদ্ধা, জীৱন-যোদ্ধা হিচাপে ধৰা দিলে। প্ৰশান্ত পুনৰ থিয় হোৱা দিনটোত মই যেন তেওঁৰ নিচেই কাষত থাকিব পাৰোঁ, তাকেই আশা কৰিলোঁ।

ঘুৰি আহোঁতে ৰ’দটোৱে ‘চিঠি’খন বিলাই বিদায় লৈছিল। আমালৈ এৰি গৈছিল এটি হেঙুলীয়া ৰং, জীৱনৰ ৰং, জীৱনক পুনৰবাৰ বুজি উঠাৰ ৰং।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক