জীৱনে মৰণে মই চিৰদিন অসমীয়া (ময়ুৰী শৰ্মা বৰুৱা)

জন্মস্থান নহয় যদিও সৰুৰে পৰা তিনিচুকীয়াতে আছোঁ৷ চাকৰিসূত্ৰে মা ইয়াৰ বাসিন্দা, সেইসূত্ৰে জীৱনৰ প্ৰথমছোৱা ইয়াতে অতিবাহিত কৰিলোঁ৷ তিনিচুকীয়া চহৰখন অসমীয়া, বঙালী, মাৰোৱাৰী, বিহাৰী সম্প্ৰদায়ৰ মানুহেৰে ভৰি আছে৷ বহুতৰ মতে এই চহৰখন ভাৰতৰ এক ক্ষুদ্ৰ সংস্কৰণ৷ ভাৰাঘৰত থকাৰ সুবাদত আমি বিভিন্ন সময়ত বঙালী চুবুৰীত থাকিছিলোঁ৷ অসম আন্দোলনৰ সময়ত এনিশা আমাৰ ঘৰতো দুষ্কৃৃতিকাৰীয়ে আক্ৰমণ চলাইছিলে৷ যিখিনি মানুহে ওলাওঁতে সোমাওঁতে সদায় লগ পাইছিলোঁ, তেওঁলোকৰ মাজৰে কোনোবাই সেই ৰাতি আমাৰ ঘৰৰ দুৱাৰ ঢকিয়াই মাক ভয় খুৱাইছিল৷ মাৰ অপৰাধ আছিল – সেইদিনা আবেলি চহৰৰ মাজেৰে পাৰ হৈ যোৱা জোঁৰ সমদল চাবলৈ ওচৰৰে জেঠাই এগৰাকীৰ সৈতে ওলাই গৈছিল৷ মাজনিশা সাৰ পাই কাণসমনীয়া বাইদেউ আৰু মই অবাক, আতংকিত! আমাৰ ঘৰৰ ভিতৰত পুলিচ! চকু মোহাৰি মাক সোধাত গম পাইছিলোঁ, কেনেকৈ আগফালৰ দুৱাৰত ঢকিয়াই, গুৰিয়াই কেইবাটাও পুৰুষ কণ্ঠই মাক হুমকি দিছিল! দুই শিশুকন্যা আৰু নিজৰ বিপদৰ কথা অনুমান কৰি মায়ে ঘটনাটোৰ কথা এখিলা কাগজত লিখি টি-পট এটাত ভৰাই থৈছিল৷ কেনেবাকৈ যদি কিবা অঘটন হয়… কাগজখিলাই অন্ততঃ সঁচাটো জনাব! তেনে এক বিপদসংকুল, আতংকময় পৰিবেশৰ সাক্ষী হোৱাসত্বেও মায়ে আজিলৈকে বঙালী জাতিবিৰোধী কোনো মন্তব্য কাকো কেতিয়াও দিয়া নাই! কাৰণ মায়ে বুজি পাইছিল সেয়া আবেগপূৰ্ণ, অবিবেচকী সিদ্ধান্তৰহে ফল৷
কিতাপৰ প্ৰতি প্ৰেম, সেয়াও মাৰে অৱদান! মাক দেখি দেখিয়ে আমি দুই বাইভনীয়ে কিতাপ পঢ়িবলৈ শিকিছিলোঁ৷ ৱিমেনজ কলেজ তিনিচুকীয়াৰ পুথিভঁৰালে আমাৰ সেই দুৰ্নিবাৰ চাহিদা পূৰণ কৰিছিল৷ অসমীয়া, ইংৰাজীৰ উপৰিও বাংলা সাহিত্যৰ সোৱাদ আমি স্কুলীয়া জীৱনৰ পৰা পাই আহিছোঁ৷ সপ্তমমানৰ কথা- আশাপূৰ্ণা দেৱীৰ “ প্ৰথম প্ৰতিশ্ৰুতি“ জীৱনৰ প্ৰথমখন উপন্যাস! অনূদিত নহয়, মূল বাংলা সংস্কৰণখন পঢ়িছিলোঁ৷ বাংলা সাহিত্যৰ চহকী ভঁৰালটোৰ প্ৰতি অনুভৱ কৰিছিলোঁ এক তীব্ৰ আকৰ্ষণ! বঙালী মানুহৰ খাদ্যপ্ৰীতি, ভাষাৰ মিষ্টত্ব আদিবোৰতো আছেই! যিহেতু অসমীয়া মাধ্যমৰ স্কুলত পঢ়িছিলোঁ, বাংলা কোৱাৰ সুযোগ নাছিল৷ আমাৰ লগৰ বুবুন চৰকাৰ, তন্দ্ৰা চৰকাৰ, মহুৱা, ভবানী (উপাধিবোৰ পাহৰিছোঁ)হঁতে ইমান ধুনীয়া অসমীয়া কয় যে সিহঁতৰ মাতৃভাষা বাংলা বুলি ভাবেই নহয়!
কলেজীয়া জীৱনত বন্ধুৰ দলটোৰ আধাখিনিয়েই বঙালী৷ ক’ব নোৱৰাকৈয়ে সিহঁতৰ লগত বাংলাত কথা পতা আৰম্ভ কৰিছিলোঁ৷ যেতিয়া আনে ক’বলৈ ধৰিলে, তহঁত দুইজনীয়ে ইমান ধুনীয়া বেংগলী কৱ, তহঁতক মানুহে বেংগলী বুলি ভাবিব! তেতিয়াহে উপলব্ধি কৰিলোঁ কথাটো মিছা নহয়! ক’লকাতাৰ দৰে ঠাইতো মানুহে বঙালী বুলি ভুল কৰিছে! বৰুৱা উপাধিৰ বাবে বৌদ্ধধৰ্মাৱলম্বী বুলি অনুমান কৰে৷ ভাল লাগে! বেলেগৰ ভাষা এটা উচ্চাৰণৰ সৈতে শুদ্ধকৈ ক’ব পৰাতো এটা কলা৷ বাংলা ভাষাৰ ক্ষেত্ৰত মোৰ মনোভাৱ ঠিক এনেধৰণৰ –
#অসমীয়া মোৰ দৈৱকী, বাংলা যশোদা! কাৰ অৱদান কিমান নুসুধিব৷
#ফেচবুকৰ পাতত বহু অসমীয়াই নিজকে প্ৰথমে হিন্দু বুলি অভিহিত কৰিছে, মই হতচকিত! মই নিজকে অসমীয়া বুলি ভাবোঁ৷ ধৰ্মটোতো মন গ’লে সলাই ল’বও পাৰি! ধৰ্ম জাতিৰ পৰিচয় হ’ব নোৱাৰে!
#ইংৰাজী বিভাগৰ শিক্ষক যদিও মই অসমীয়াৰ প্ৰতি অনুৰক্ত৷ মনখুলি মনৰ কথা মাতৃভাষাতহে ক’ব পাৰোঁ দেখোন!
#বঙালী মানুহৰ স্বভাৱজাত উন্নাসিকতাৰ পৰা অসমৰ বঙালীসকলো হাত সাৰিব পৰা নাই৷ পিছে তেওঁলোকৰ মাজতো অসমক প্ৰাণভৰি ভালপোৱা ব্যক্তি দেখিছোঁ, কৃত্ৰিমতাৰহিত শ্ৰদ্ধা দেখিছোঁ৷
#অসমীয়া ভাষাক বাংলাৰ অপভ্ৰংশ বোলাসকলৰ সীমিত অধ্যয়নপুষ্ট জ্ঞানক পুতৌ কৰোঁ৷ বাংলাদেশৰ হিন্দু বঙালী শৰণাৰ্থীক অসমত সংস্থাপনৰ বিৰোধিতা কৰোঁ৷ ভাৰতৰ আন আন ৰাজ্যৰ লগতে অসমেও যদি কেন্দ্ৰৰ নিৰ্দেশমৰ্মে কিছুসংখ্যক তেনে শৰণাৰ্থীক আশ্ৰয় দিয়ে, তাত ব্যক্তিগতভাৱে মোৰ দ্বিমত নাথাকিব৷ কিন্তুু অকল অসম কিয়? ? ? ? মোৰ ক্ষোভ সিদ্ধান্তৰ বিৰুদ্ধে, কোনো জাতি বা ধৰ্মৰ বিৰুদ্ধে নহয়!
তিনি চাৰিটা প্ৰজন্ম ধৰি অসমত বসবাস কৰি অহা বঙালীসমাজখনক হেয়জ্ঞান কৰা কথাটোত মই অস্বস্তি পাওঁ, সেয়াও একপ্ৰকাৰৰ উন্নাসিকতা – এচাম অসমীয়াৰ! ! !

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক