জীৱনৰ অনুপম অনুভৱ (কৌস্তুভমণি শইকীয়া দত্ত)

জীৱনৰ অনুপম অনুভৱ

কৌস্তুভমণি শইকীয়া দত্ত

 

সততে শুনিবলৈ পোৱা এষাৰ কথা- প্ৰত্যেক সফল পুৰুষৰ পাছত থাকে এগৰাকী ত্যাগময়ী নাৰী । অৰ্থাত আমাৰ সমাজে উদাৰতাৰে মানি লৈছে সফল পুৰুষ গঢ়াত নাৰীৰ ত্যাগ জড়িত অৱদানৰ কথা । বিখ্যাত আৰু সফল পুৰুষসকলৰ বাহিৰেও সকলো সাধাৰণ পুৰুষৰ ক্ষেত্ৰতো মাতৃ, ভগ্নী, পত্নী, কন্যা, বান্ধৱী, প্ৰেমিকা যি ৰূপতেই নহওঁক কিয় পুৰুষৰ জীৱন মধুৰ কৰাত নাৰীৰ বিশাল ভূমিকাক সমাজৰ সকলো ব্যক্তিয়েই বখানে । অন্যহাতে সমাজত সততে চৰ্চিত হৈ থাকে পুৰুষপ্ৰধান সমাজত নাৰীৰ সমঅধিকাৰ, নাৰীৰ মৰ্যদাহানি ইত্যাদি ইত্যাদিৰ প্ৰসংগও । প্ৰশ্ন হ’ব পাৰে নাৰীৰ জীৱন গঢ়াত পুৰুষৰ অৱদান নাথাকে নেকি? পুৰুষে নাৰীৰ জীৱন মধুৰ নকৰে নেকি? মই বহুদিন ধৰি অনুভৱ কৰি আহিছোঁ , আমি মহিলাসকলে বহুক্ষেত্ৰত আমাৰ জীৱন গঢ়াত পুৰুষৰ ভূমিকা কৃতজ্ঞতাৰে সুঁৱৰিবলৈ প্ৰায়ে পাহৰি যাওঁ , কেৱল অৱহেলা আৰু অৱজ্ঞাৰ কাহিনীৰে জীৱনৰ দস্তাবেজ সজাই যাওঁ । এয়া ভুল । এই প্ৰসংগত এটা সঁচা কাহিনী আপোনালোকৰ লগত ভগাই লোৱাৰ ইচ্ছা সম্বৰণ কৰিব নোৱাৰিলোঁ ।

এগৰাকী কম বয়সীয়া যুৱতী । পঢ়া-শুনাত সকলোৱে ভাল বুলিয়ে জানে । সমুখত সাম্ভাৱনাময় এটা ভৱিষ্যত । কিন্তু তাই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পাছতে এজন যুৱকৰ সৈতে সংসাৰৰ বান্ধোনত বান্ধ খাই পৰিল । পৰিয়াল-পৰিজন সকলোৱে গুণা-গঁথা আৰম্ভ কৰিলে …. তাইৰ বাৰু কেৰিয়াৰজনিত সপোনবোৰ শেষ হৈ যাব নেকি! চিন্তাত পৰিল তাইৰ উচ্চশিক্ষিত পিতৃ-মাতৃও । তেওঁলোকৰ চিন্তা জোঁৱাইক লৈ নহয় । ল’ৰাজন উপযুক্ত বুলি তেওঁলোকে জানে । কিন্তু কি হ’ব ছোৱালীজনীৰ শিক্ষাজীৱন….

কম বয়সীয়া অনভিজ্ঞ পত্নীকলৈ সদ্যবিবাহিত যুৱকজনো বিমোৰ হল । পাঠ্যপুথি, কবিতা লিখা, ভায়লিন্ বজোৱা আৰু প্ৰসাধন কৰাৰ বাহিৰে তাই একোকে নাজানে ।( স্বামীৰ ঘৰত প্ৰবেশ কৰিয়ে কেইটামান মেকুৰী পোৱালী দেখি তাই আনন্দত উৰুলিকৃত ।) ঘৰখনৰ আদৰৰ সৰু পুত্ৰৰ সৰু বোৱাৰী বুলি সকলোৱে বৰ মৰমেৰে তাইক আদৰি ল’লে । একতা আৰু মৰমৰ ডোলেৰে বান্ধ খাই থকা বৃহত্ পৰিয়ালটোত তাইক সকলোৱে জীয়াৰীৰ স্থান দিলে । সাদৰী শাহু আৰু জা কেইগৰাকীয়ে তাইক নিজ কন্যাৰ দৰে সাংসাৰিক জীৱনৰ আদিপাঠ দিয়া আৰম্ভ কৰিলে । তাই দুমাহমানৰ বাবে কিতাপ সামৰি থৈ ঘৰুৱা কামত মনোনিবেশ কৰিলে । এয়া যে শিকাৰ বয়স… শিকিব লগা হৈছে সংসাৰৰ অ আ ক খ । একাগ্ৰতাৰে পৰিয়ালটোৰ কৰ্মপটু মহিলাসদস্যসকলৰ পৰা তাই সোনকালেই নিত্যপ্ৰয়োজনীয় কামখিনি শিকিব পাৰিলে । সময় গৈ থাকিল । দুজনীয়া নতুন সংসাৰৰ আমেজ আৰু মনে বিচৰা সংগীৰ সান্নিধ্যত কিছুদিনৰ বাবে তাই সম্পূৰ্ণ পাহৰি গ’ল যে তাই এতিয়াও ছাত্ৰী ।
তাৰ মাজতে দেওবাৰৰ এটা দিন । তাইৰ স্বামীয়ে এখন পঢ়ামেজ শোৱাকোঠালৈ সুমুৱাই আনিলে । তাইক সুধিলে, “তোমাৰ কিতাপবোৰ ক’ত ? ঘৰৰ কাম বহুত শিকা হ’ল । আজিৰ পৰা পঢ়া আৰম্ভ কৰা । পৰীক্ষা পাবহি এতিয়া ।“ স্বামীৰ আগ্ৰহ দেখি তাইৰ মনত এক উদ্যম ভৰি পৰিল । পঢ়া আৰম্ভ হ’ল । তাইক উত্সাহ দিবলৈ সুদৃশ্য টেবুল লাইট, পেনষ্টেণ্ডেৰে তেওঁ পঢ়ামেজ ভৰাই দিলেহি । অনুপ্ৰেৰণা কাষতে থাকিলেও কোনো বাধাৰ সন্মুখীন নোহোৱাকৈ যে তাই আগবাঢ়ি গ’ল তেনে নহয় । কিন্তু সেই বাধাসমূহ অতিক্ৰম কৰাত মানুহজন তাইৰ সহায় হৈ ৰ’ল । স্বামীৰ বদলি হৈ থকা চাকৰি, প্ৰথম সন্তানৰ আগমনৰ মাজত কিছু কষ্টৰে তাই অৰ্থনীতিত সন্মানসহ স্নাতক হ’ল । এইবাৰ শ্ৰীমানে শ্ৰীমতীক বিশ্ববিদ্যালয়ত নাম লগাই দিলে । তাই প্ৰতিবাদ কৰিলে.. সহজ নহয়… মুঠেও সহজ নহয় কণমানি সন্তানৰ মায়া এৰি বিশ্ববিদ্যালয়ত পঢ়িবলৈ যোৱাটো । “মই আৰু নপঢ়ো, তুমি বেয়া নাপাবা । ছোৱালীজনীৰ কথা ভাবা.. আমাৰ আহিব লগা ২য় সন্তানৰ কথা ভাবা, ইমান স্বাৰ্থপৰ মই হ’ব নোৱাৰোঁ, ইমান কষ্টও মই কৰিব নোৱাৰোঁ” । তাইৰ প্ৰতিবাদৰ যুক্তি নথকা নহয়, মাতৃ আৰু শিশু দুয়োৰে কথা ভাবি তেওঁ থমকি ৰ’ল। কিছুপৰ ৰৈ ক’লে, “তোমাৰ পঢ়া কেতিয়াও আধৰুৱা হ’ব নোৱাৰে, মই তোমাক স্বয়ং-সম্পূৰ্ণ ৰূপত চাবলৈ বিচাৰোঁ । এটা বছৰ তুমি জিৰণি লোৱা । মই তোমালোকৰ স্বাস্থ্যৰ যত্ন ল’ম । নিজেও স্বাস্থ্য ভালে ৰখাৰ চেষ্টা কৰিবা । তুমি কষ্ট কৰিব পাৰিব লাগিব । তোমাক মই আইন পঢ়ুৱাম “।
তাইৰ মনৰ মানুহজনে তাইৰ ব্যক্তিত্বক পূৰ্ণ বিকশিত ৰূপত চাবলৈ ইচ্ছা কৰিছে । ব্যক্তিত্ব গঠনৰ বিভিন্ন কিতাপেৰে ভৰাই দিছে তাইৰ পঢ়ামেজ । তেওঁ এজন প্ৰতিস্থিত অভিযন্তা । পত্নীৰ সংস্থান প্ৰাপ্তি তেওঁৰ অভিলাষ নহয় । চাকৰিৰ পৰিবৰ্তে মৰম আকলুৱা মানুহজনে তাইৰ সান্নিধ্যই বেছিকৈ বিচাৰে । তথাপি বিচাৰিছে তেওঁৰ মৰমী পত্নী অবলা নহওঁক, তাই উপাৰ্জনক্ষম আৰু উচ্চশিক্ষিত হোৱাৰ উপৰিও ব্যক্তিত্ব সম্পন্না হওঁক । স্বামীৰ ৰূপত এজন বন্ধু, দিক্-দৰ্শণকাৰী আৰু অভিভাৱক পাই তাই কম বয়সতে যেন পূৰ্ণতাপ্ৰাপ্ত হ’ল । তাই দৃঢ়মনা হৈ পৰিল । ভাল নম্বৰসহ আইনৰ স্নাতক হওঁতে তাইৰ বিশেষ অসুবিধা নহ’ল । তাৰ পাছৰ আৰু এটা অধ্যায়তো তেওঁ পত্নীৰ ছাঁ হৈ থাকিল মনোবল বঢ়াবলৈ …কাৰণ এইবাৰ তেওঁৰ পত্নীয়ে পঢ়িছে এটা কষ্টসাধ্য পাঠ্যক্ৰম- আইনৰ স্নাতকোত্তৰ পাঠ্যক্ৰম ।যথা সময়ত শুভ ফলাফল প্ৰাপ্তি হল, এই ফলাফল প্ৰাপ্তিৰ ক্ষণত এজন দায়িত্বশীল স্বামীয়ে পত্নীক আঁকোৱালি লৈ কৈ উঠিল- ”আজি মোৰ স্বপ্ন পূৰ্ণ হ’ল । তুমি আৰু কষ্ট কৰিব নালাগে, এইবাৰ আমাক সময় দিবা” । স্বামীৰ পৰিয়াল তাইৰ প্ৰতিটো সাফল্য উদযাপন কৰিলে । ইতিমধ্যে দুয়োটি সন্তানেও বিদ্যালয়লৈ যোৱা আৰম্ভ কৰিলে । তাই গভীৰভাবে অনুভৱ কৰিলে- ‘হয়, মোক পূৰ্ণতা দিবলৈ তুমি বহুত কৰিলা । শিক্ষাগত অৰ্হতা আৰু স্বাৱলম্বিতা দান কৰাৰ উপৰিও তোমাক পাই মই সম্পূৰ্ণ নাৰীত্ব আৰু মাতৃত্বৰ ভূষণেৰে অলংকৃতা হ’লো । তথাপি অনুভৱ কৰিছোঁ… তুমি যিমান চেষ্টা নকৰিলেও মই তুমি অবিহনে সম্পূৰ্ণ হ’বই নোৱাৰোঁ…. মোৰ পূৰ্ণতা মাঁথো তোমাতেই ।‘

এয়া সঁচা কাহিনী । বহুতে হয়তো ভাবিব পাৰে স্বামীয়ে পত্নীক পঢ়ুৱালে, কি’নো ডাঙৰ কথাটো হ’ল… এয়া আবেগৰ জোৱাৰ আনিব পৰা কাহিনী অথবা যুগান্তৰকাৰী ঘটনাও নহয়। অতি ব্যক্তিগত আৰু সাধাৰণ মানুহৰ জীৱনত ঘটা ঘটনাহে । সৰু আৰু সাধাৰণ হ’লেও কিন্তু এয়া পুৰুষ আৰু নাৰীৰ সম্পৰ্কক সন্মানিত কৰিব পৰা, পাৰস্পৰিক সম্পৰ্কক নিৰাপত্তা আৰু মমতাৰ সুদৃঢ় বন্ধন দিব পৰা এটি উদাহৰণ । এয়া মোৰ ব্যক্তিগত অনুভৱ । কাৰণ এয়া মোৰ ক্ষুদ্ৰ জীৱনৰ কাহিনী ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments