জীৱনৰ আঁক বাঁক:আইতাৰ যতঁৰটোৰ ইতিবৃত্ত –ৰূপজ্যােতি হাজৰিকা



 #যঁতৰ আমাৰ এক চিনাকি সজুঁলী। আমাৰ দেশ তথা অসমীয়া গাঁৱলীয়া সমাজ জীৱনত যঁতৰৰ ব্যৱহাৰ বহু পুৰণি। তাঁত শালৰ মহুৰা বাতোতে ইয়াক মহুৰাত সূতা পকাবলৈ ব্যৱহাৰ কৰা হয়। ইয়াত এটা চকা বা তেনে চকৰী এটাৰ লগত আৰু সৰু এডাল শলখা ৰছীৰ সহায়ত ঘূৰাব পৰাকৈ কাঠৰ এটা টুকুৰাত সুস্থিৰ কৰি ৰখা হয়। সেই চকৰী হাতেৰে ঘুৰালে শলখা ঘূৰিবলৈ ধৰে। তাৰ ফলত শলখাত যুক্ত হৈ থকা মহুৰা ঘূৰিবলৈ ধৰে। (মহুৰা হৈছে সৰু বাহৰ লেকেচিৰ টুকুৰা, যত সূতা পকোৱা হয় আৰু ইয়াক মাকোত ভৰাই লোৱা হয়)। 

 #আমাৰ গান্ধীজীয়ে যঁতৰত সূতা কাটি ভাৰতীয় সকলক স্ব-নিৰ্ভৰশীল হোৱাৰ পাঠ শিকাই গ’ল। তেওঁ কৈছিল, “অসমৰ জীয়ৰীয়ে তাঁতশালত সপোন ৰচে।” গতিকে এই যঁতৰৰ বহুল ব্যৱহাৰৰ ইংগিত পোৱা যায়। 

অৱশ্যে যঁতৰৰ চকৰী ভিন ভিন হোৱা চকুত পৰে। তাৰ ভিতৰত কাঠৰ, আৰু ভিন্ন ধাতুৰ চকৰি ব্যৱহাৰ কৰা হয়। আজিকালি চাইকেলৰ ৰিমৰ সহায়তো যঁতৰ নিমাৰ্ণ কৰা দেখা যায়। 

আমাৰ ঘৰৰ যঁতৰটোৰ বিষয়ে কবলৈ গলে ককাই ৰেল কোম্পানীত কাম কৰাৰ দিনলৈ ঘূৰি যাব লাগিব। ১৯৪৮ চন মানৰ কথা হ’ব।  ককাই মৰিয়নী জংছনত সৰু সুৰা কাম এটা কৰিছিল। ৰেল গেটৰ ব্যৱহাৰ নোহোৱা এটা সৰু তীখাৰ চকৰি ষ্টেচন মাষ্টৰৰ অনুমতি লৈ তেওঁ ঘৰলৈ আনিছিল। সেই চকৰিটোক যঁতৰৰ চকৰি হিচাপে ব্যৱহাৰ কৰি এটা যঁতৰ সাজিছিল।  পাছলৈ সেই চকৰিৰ সহায়তেই খুড়াইয়ো নতুনকৈ এটা যঁতৰ সাজিছিল। সেই যঁতৰ এতিয়াও আছে আমাৰ ঘৰত। আগতে আমাৰ আইতাহঁতে তাঁত লগাই গামোছা মেখেলা-চাদৰ বোৱা মনত আছে। অৱশ্যে আইতা ঢুকুৱাৰ পাছতো মা, খুড়ী, বৰবাইহঁতে সেই কাম কৰিছিল। 

 কথা প্ৰসংগত যঁতৰটোলৈ মনত পৰাত যঁতৰটো ভঁৰালৰ গাঢৰীত বিচাৰি পালো। পুনৰ চাফা কৰি এপাক ঘূৰাই চালো। সেই যঁতৰটোত আমাৰ বৰবাইয়ে কিছু মহুৰা বাতিছিল। সেই কথা পুনৰ যেন সজীৱ হৈ পৰিল। কিন্তু সেই ককাই অনা চকৰিটো আজিও একেই আছে। 

কিছুমান বস্তুৱে সচাকৈয়েই বহু সময়ৰ কথা সোঁৱৰাই যায়। 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক