জীৱনৰ আলোছায়া – দেৱজ্যোতি বৰা

(১)
কিছুমান আম পকিলেও মিঠা নহয়৷ আমাৰ বাৰীতো আছে তেনেকুৱা আম এজোপা৷ তাৰে গোটচেৰেক গোটাই লৈ ষ্টীলৰ ডাঙৰ চৰিয়া এটাত ৰাজেনদাই মিহিকৈ চকলিয়াইছে৷ এইকেইটা আম অৱশ্যে পকা নহয়৷ ডাঠ সেউজীয়া বৰণৰ কেঁচা আম৷
কলপাত কেইখনমান আনি অখিলদাই চৰিয়াটোৰ কাষতে থ’লে৷ এইমাত্ৰ ধুই অনা বাবে কলপাতখিনিৰ সেউজীয়া বৰণটো উজ্জ্বলহৈ পৰিছিল৷ চকলিয়াই লোৱা আমখিনিত পকা জলকীয়া কেইটা মোহাৰি, নিমখ-তেলৰ সৈতে ৰাজেনদাই সানিবলৈ লওঁতে, চৰিয়াটোক কেন্দ্ৰ কৰি অৰ্ধবৃত্তৰ দৰে বহি থকা ৰঞ্জুবা, অখিলদা, ভণ্টি, বাবুলদা, আইতা আদিৰ লগতে মোৰ মুখখনো লালটি নে লোভৰ পানীৰে ভৰি পৰিল৷ টেঙা বস্তু দেখিলেই অথবা টেঙা বস্তুৰ কথা মনলৈ আহিলেই লালটি গ্ৰন্থিৰ পৰা এবিধ বিশেষ ধৰণৰ গৰম-গৰম যেন লগা লালটিৰে মুখখন ভৰি পৰে৷ এতিয়াও সেইটোৱেই হ’ল৷ আমখিনিলৈ সতৃষ্ণ নয়নেৰে চাই থাকিয়েই দুখমনেৰে লালটিখিনি ঢোককৈ গিলি থ’লোঁ৷
জণ্ডিছ ৰোগীক ৰোগৰ নামত ভালেমান দিনলৈ কিমানখিনি জুটিলগা খাদ্যৰ পৰা বঞ্চিত কৰা হয় সেয়া ভুক্তভোগীয়েহে জানে৷ এই বেমাৰটো মোৰ দেহত আমৰ বতৰতহে হ’ব লাগেনে বাৰু!
ৰাজেনদাই আমখিনিত ফাইনেল টাচ্ছ দিছে৷ আৰু দুই মিনিটমানৰ পাছতে সকলোৱে নিজৰ নিজৰ ভাগৰ আমৰ জুতি ল’ব; আৰু মই …
আৰু ঠিক তেতিয়াই আশ্চৰ্যজনকভাৱে ঘটিল ঘটনাটো৷ বোধহয় এনেকুৱা পৰিস্থিতিকে হিন্দীত কয় বোলে – ‘দানে দানে পে’ লিখা হ’তা হে’ খানেৱালে কা নাম৷’ মানুহ সৰহকৈ গোট খোৱাৰ ভয়ত, ৰাজেনদাহঁতে আমৰ চৰিয়াটো লৈছিল আমাৰ পাছ চোতালত৷ পাছ চোতালৰ সৈতে ডাঙৰ বাৰীখনৰ সিফালেই পথাৰখন৷ আৰু পথাৰখন পাৰ হৈয়ে হাবিখন৷ পুৰণিবাৰী৷
সেই পুৰণিবাৰীৰ পৰাই উৰ্ধশ্বাসে দৌৰি আহিছে জিতেন৷ আম ভাগ কৰিবলৈ লোৱা ৰাজেনদাৰ লগতে আমাৰ সকলোৰে কাণত পৰিল – জিতেনে ভয়াৰ্তভাৱে একেৰাহে চিঞৰি যোৱা বাক্যটো – ‘বিনয়ে পুৰণিবাৰীত চিপ ল’লে ঐ… বিনয়ে …
আম চৰিয়া তেনেকৈয়ে এৰি সকলো ঢাপলি মেলিলে পুৰণি বাৰীলৈ৷ আৰু মই আগবাঢ়িলোঁ চৰিয়াটোৰ ফালে৷
মই বৰ কোবত যাব পৰা নাছিলোঁ৷ মোক পাছ পেলাই বহুতেই আগ বাঢ়িছিল বিনয়ে চিপ লোৱা গছজোপাৰ ফালে৷ মানসিকভাৱে অসুস্থ এই ল’ৰাটোৱেনো কিয় এনে এটা পদক্ষেপ ল’লে মই ফটকৈ ভাবি উলিয়াব নোৱাৰিলোঁ৷
সৰু গছপুলি এটাতে পিন্ধা চুৰিয়াখনেৰেই চিপ লৈছিল বিনয়ে৷ মানুহৰ ভিৰ ঠেলি মই বিনয়ৰ একেবাৰে কাষ পালোগৈ৷ চুৰিয়াখন বিনয়ৰ ডিঙিলৈ পথালিয়ে ডেৰ ইঞ্চিমান সোমাই গৈছিল৷ ক্ষীণ-মিন বিনয়ৰ গাত কেৱল অন্তৰ্বাসটোহে আছিল৷ ভালদৰে চাই দেখোঁ, সেইটোৰ বৰণ ৰাজেনদাহঁতে কটা আমকেইটাৰ দৰেই; ডাঠ সেউজীয়া৷

(২)
তিনি বছৰীয়া ল’ৰাটোৱে কথাটোত বৰ আমোদ পালে৷ এই নৱ-আৱিস্কৃত সত্যটো মৃদুল আৰু জয়াক দিবলৈ সি ভিতৰি অধৈৰ্য হৈ পৰিল৷ সিহঁতে বাৰু বিশ্বাস কৰিবনে কথাটো? অৱশ্যে নকৰাটোৱেই স্বাভাৱিক৷ ইমান ডাঙৰ মানুহেওনো কান্দেনে? কিন্তু প্ৰমাণ সৌৱা; তাৰ ববাকে পকা মজিয়াত বহি কান্দি আছে৷ দেউতাকক সি ববা বুলি মাতে৷
দিনটোত তাৰ কমখিনি লটিঘটি হৈছেনে বাৰু! ডাক্টৰ বুলিলেই সি ভয়ত সাত জাঁপ মাৰে৷ অথচ আজি গোটেই দিনটো সি হস্পিটালতে আছে৷ তাকো মিলিটেৰী হস্পিটালত৷ তাৰ জন্মও হেনো ইয়াতেই হৈছিল৷ এই মিলিটেৰী সোপাক সি চকুপাৰি দেখিব নোৱাৰে৷ কেনেকৈযে কটমটকৈ চাই থাকে! পৰাহেঁতেন সি গোটেইসোপাকে চিকুটিলেহেঁতেন! তাৰ দেউতাকৰ লগৰ মামাহঁতহে ভাল৷ বৈশ্য মামা, মেধি মামা, দিপ্তি মামা আৰু গোহাঞি আংকল, বৰদলৈ আংকল, সিং আংকল এইকেইজনক সিয়ো বৰ ভাল পায়৷ গোটেই কলনিটোত মৃদুল, জয়া আৰু তাৰ বাদে আন কোনো সৰু ল’ৰা-ছোৱালী নথকাত সকলোৰে মৰমখিনি সিহঁতেই পাইছিল৷ আজি আবেলি বৈশ্য মামাই সিহঁত তিনিওটাকে দিজু নৈৰ ফালে ফুৰাবলৈ নিয়াৰ কথা আছিল৷ এই বৈশ্য মামাই ফুৰাবলৈ নিলে মৰ্টন, লজেন্স, চানা আদিৰে সিহঁতৰ পকেট ভৰি যায়৷ এতিয়া চাগে বৈশ্য মামাই তালৈ বাট চাই আছে৷
সি ববাকৰ কাষ চাপিল৷ ব’লানা ববা, ঘৰলৈ যাওঁ৷ ববাকে তালৈ চলচলীয়া চকুৰে চাই থাকিল৷ ববাকে একো নোকোৱাত তাৰ বৰ অস্বস্তি লাগিল৷ মাক শুই থকা বিছনাখনৰ কাষতে ৰৈ থকা গোহাঞি আংকল আৰু বৰদলৈ আংকলৰ ফালে চাই দেখিলে, তেওঁলোকেও তালৈ বৰ কৰুণ দৃষ্টিৰে চাই আছে৷ আজি গোটেইবিলাকে তালৈ কিয় এনেকৈ চাইছে? ববাকৰ সোঁহাতখনত ধৰি সি টানিবলৈ ধৰিলে৷ ‘উঠা, উঠা ববা, ঘৰলৈ যাওঁ৷ ’
আচলতে, হস্পিটালখনলৈ আহিবলৈ আজি সি বেয়া পোৱা নাছিল৷ ববাকে তাক কেইবাদিনৰে পৰা কৈ আছিল, তেওঁ পইছা গোটাই আছে৷ কোনোবা দিনা তেওঁলোকে হস্পিটালখনৰ পৰা তালৈ অকণমানি ভণ্টি এজনি কিনি আনিব৷ কিমান দাম বাৰু ভণ্টি এজনিৰ! সি ভাবিছিল মনে মনে৷ আনহাতে, মৃদুল আৰু জয়াৰ আগত সি ফুটনি মাৰিছিল যে সিহঁতৰ দেউতাকহঁততকৈ তাৰ দেউতাক বেছি ধনী৷ সিহঁতে কথাটো প্ৰথমে মানি লোৱা নাছিল যদিও, তাৰ ভনীয়েক এজনী আনিবলৈ দেউতাকে টকা গোটোৱাৰ কথাটো গম পাই সিহঁতে আপত্তি কৰিব নোৱৰা হ’ল৷ আজি পুৱাও সি জয়াক কৈছিল যে ভনীয়েকক আনিলে সি অকল ভনীয়েকৰ লগতহে খেলিব৷
ঘৰ সোমায়েই সি দেখিলে, মাকে সাংঘাতিক ধৰণে কেঁকাইছে৷ বহল বিছনাখনত মানুহগৰাকী বাগৰি ফুৰিছে৷ সি একেজাপেই গৈ বিছনাৰ কাষ পালেগৈ৷ ‘কি হৈছে মা, কি হৈছে তোমাৰ…? ’ ফোপনি আৰু কেঁকনিৰ মাজতে তালৈ চাই মাকে বৰ কষ্টৰে ক’লে, ‘বৰ বিষাইছে অ’…৷ ’
‘কি বিষাইছে মা? তুমি ক’ৰবাত দুখ পালানেকি? ’ মাকে পেটটোলৈ আঙুলিয়াই কিবা এটা ক’ব খুজিছিল৷ কিন্তু ঠিক সেই মুহূৰ্ততে ইমান সময় অধৈৰ্য আৰু অসহায়ভাৱে বিছনাৰ কাষত ৰৈ থকা তাৰ দেউতাক তৎপৰ হৈ উঠিল৷ বাহিৰত ৰোৱা এখন গাড়ীৰ হৰ্ণৰ শব্দ তাৰ কাণত পৰিল৷
‘ববা, তুমি বাৰু পইছাখিনি আনিছানে? ’ মাকক ডাক্টৰে পৰীক্ষা কৰি থকা ৰূমটোৰ বাহিৰত ৰৈ থাকি সি সুধিছিল৷
‘হু… কোনখিনি পইছা? ’ তাৰ মুখলৈ চাই ববাকে সুধিলে৷
‘সেই যে, ভণ্টি কিনিবলৈ গোটাইছিলা…৷’ সি লাজ লাজকৈ ক’লে৷
মাকৰ পেটৰ বিষ ইতিমধ্যে ভাল হ’ল৷ সৌৱা, মনে মনে শুই আছে৷ মিলিটেৰী ডাক্টৰে বেজী দিলে চাগৈ৷ সি ভাবিলে৷ ইমান ভাল তাৰ মাক-দেউতাক! তেওঁলোকে নক’লেও সি ইতিমধ্যে গম পাইছে যে দেউতাকে ‘ভণ্টি’ কিনিবলৈ নাপালে; ‘ভাইটী’ এটাহে পালেহেনো৷ হ’ব; ভণ্টি নাপালে নাই আৰু; ভাইটিৰেই কাম চলি যাব৷ দেউতাকেনো বাৰু সেইবাবেই কান্দিব লাগেনে? আৰু মাকেনো বাৰু সেই দুখতে কাকো মাতবোল নকৰাকৈ শুই থাকিব লাগেনে?
মূৰে-গায়ে বগা কাপোৰ লৈ শুই থকা মাকৰ মনটো ভাল লগাবলৈ এতিয়া কি বুলি কোৱা উচিত, সি ভাবিবলৈ ধৰিলে…৷

(৩)
কেঁচা টোপনি ভগা বাবেই নেকি, কথাটোত মই বৰ গুৰুত্ব নিদিলোঁ৷ অতি গুৰুতৰ কিবা এটা নহ’লে যে মূৰ ঘূৰাই পৰি যোৱা মানুহক সেই ৰাতিখন চিভিল হস্পিটাললৈ নিনিয়ে, সেইটো চিন্তা সেই সময়ত মোৰ মনলৈ নাহিল৷ সেয়েহে, ভণ্টিয়ে ‘ৰুণিবাৰ মূৰ ঘূৰাইছে; চিভিললৈ নিছে’ বুলি ক’লতো মই ‘হু’ জাতীয় শব্দ এটা কৰি বাগৰ সলালোঁ৷ অৱশ্যে ৰুণিবাৰ নামটো শুনাৰ লগে লগে হাতখন অজানিতে মোৰ বুকুলৈ গ’ল৷
সন্ধিয়া আমাৰ ঘৰত চাহ খাই থাকোতে, কিবা এটা কথাত ৰস পাই ৰুণিবাই এনেদৰে হাঁহিলে যে, হাতত থকা গৰম চাহ কাপ উফৰি আহি মোৰ বুকুত পৰিলহি৷ আৰু সেয়ে, এতিয়া ৰুণিবাৰ নাম শুনাৰ লগে লগে হাতখন অজানিতে বুকুলৈ গ’ল৷
মোৰ আপোন বাইদেউ থকাহেঁতেনো বোধহয় মোক ৰুণিবাৰ সমান মৰম নকৰিলেহেঁতেন৷ ঘৰৰ বাহিৰৰ বিশাল জগতখনলৈ মোক হাতত ধৰি টানি নিছিল ৰুণিবাই৷ অৱশ্যে, প্ৰথম অৱস্থাত মই কেৱল ৰুণিবাৰ মোহতহে বিনাবাক্যে তেওঁৰ লগত, তেওঁৰ পথেদি অগ্ৰসৰ হৈছিলোঁ৷
‘ফটা কঠাত সোণ থাকে৷ ’ ৰুণিবা এটা নিম্ন মধ্যবিত্ত পৰিয়ালৰ দ্বিতীয় সন্তান৷ সেইটো পৰিয়ালত ৰুণিবাৰ দৰে ৰূপ আৰু গুণৰ সমাহাৰৰ ছোৱালী এজনীৰ জন্ম হয়টো মাক-দেউতাকৰ কিবা পুণ্যৰ ফল৷ এইটো কথাত গাঁৱৰ কাৰোৰে দ্বিমত নাই যে, ৰুণিবাৰ সমকক্ষ আন এজনী ছোৱালী আমাৰ গাঁৱত পাবলৈ নাই৷
অৱশ্যে এইবিলাক কথাই সেই সময়ত মোৰ টোপনিৰ আমেজকণ নষ্ট কৰিব পৰা নাছিল৷ ‘ৰুণিবাক চিভিললৈ নিছে৷ ’ এই ৰাতিখননো ৰুণিবাক কিয় চিভিললৈ নিব লগা হ’ল, সেই কথাটো কিন্তু মোৰ মনত এবাৰলৈয়ো খেলোৱা নাছিল৷ যিহেতু, মই তেতিয়া ব্যস্ত আছিলোঁ, স্বপ্নবিষ্ট এটা সুখনিদ্ৰাত…৷
ভণ্টিয়ে হেঁচুকি দিলত সাৰ পালোঁ৷ ৰাতিপুৱাইছে৷ কণ্ঠত কিছু অভিমান আৰু শোকৰ প্ৰলেপেৰে তাই ক’লে, ‘ৰুণিবা মৰিল৷ ’ হাতখন মোৰ অজানিতেই বুকুলৈ গ’ল৷

(৪)
পেহীয়েকৰ আঙুলিত ধৰি মানুহঘৰৰ পৰা ওলাই শিলগুটি দিয়া আলিবাটটোত ভৰি দি সি দীঘলকৈ উশাহ ল’লে৷ ৰক্ষা৷ মানুহগৰাকীয়ে মানে তাৰ ববাকৰ মামীয়েকে যেন তাক এৰিয়েই নিদিব! যোৱা দহ দিনৰে পৰা মানুহবিলাকে বিশেষকৈ মাইকী মানুহবিলাকে তাক যিমানকৈহে মৰম কৰিবলৈ লৈছে…৷ সি ভাবি আচৰিত হয়৷ এইকেইদিন পেহীয়েকেই তাক লৈ ফুৰাইছে যেনি-তেনি৷ মাকজনী কলৈ গ’ল জানো! মাকৰ কথা সুধিলেও মানুহবিলাকে আন কিবাকিবি কথাহে কয়৷ মাকক বাৰু দেউতাকে সেই কামৰ ঠাইতে এৰি থৈ আহিলনেকি? কামৰ ঠাইৰ বোলোতে তাৰ মৃদুল আৰু জয়ালৈ মনত পৰিল৷ সি গুচি আহিলত সিহঁতৰো বেয়া লাগিছে ছাগৈ৷ ক’ৰ যে ঘোকোট গাঁৱৰ ঘৰখনলৈ আনিলে তাক! এইখন হেনো তাৰ ববাকৰ ঘৰ!
এইবাৰ তাৰ ভায়েকলৈ মনত পৰিল৷ আচলতে, মানুহ ঘৰৰ পৰা উভতিবলৈ সেইকাৰণেই সি ইমান উচপিচ লগাইছিল৷ সিদিনা ‘কিনা’ ভায়েকটোযে ইমান ধুনীয়া! মানুহে কৈছে যে, ভায়েক হেনো তাৰ সমানেই ধুনীয়া৷ নহ’ব কিয়? ভায়েক কাৰ?
‘ববাজান…৷ ’ সি তাৰ বয়সৰে ল’ৰাটোৰ ফালে চাই অকণমান হঁহাৰ নিছিনা কৰিলে৷ ইয়াৰ ল’ৰা-ছোৱালীবিলাকে তাক এটা নতুন নাম দিছে – ‘ববাজান’৷
সিদিনা, ববাকৰ অফিছৰ গাড়ীৰ পৰা নমাৰ পাছতেই সৰু-ডাঙৰ বহুতেই তাক ঘেৰি ধৰিছিলহি৷ তাৰ মনত আছে, তাতকৈ তিনি বছৰমানৰ ডাঙৰ ছোৱালী এজনীয়ে (তাইৰ নাম হেনো ৰুণি) তাৰ একেবাৰে কাষলৈ আহি সুধিছিল, তাৰ নাম কি৷ ইমানবিলাক ল’ৰা-ছোৱালীৰ মাজত সোমাই সি কিছু অপ্ৰস্তুত হৈ পৰিছিল৷ ছোৱালীজনীয়ে তাক পুনৰ শুধিছিল, দেউতাকে তাক কি বুলি মাতে? কিছু সময় তাইৰ চকুলৈ চাই থাকি সি সৰু মাতেৰে কৈছিল – ‘ববাই জান বুলি…’ সি বাক্যটো পুৰা কৰিবলৈকে নাপালে; আটাইসোপাই চিঞৰি উঠিল – ‘ববাজান… ববাজান…৷ ’
গাঁৱৰ এই ঘৰখনলৈ সি আগতেও কেইবাৰমান আহিছে৷ অৱশ্যে মাকৰ লগত৷ তেতিয়া খুব কম দিনৰ বাবেহে অহাৰ ফলত নিৰ্দিষ্ট কেইঘৰমান মানুহ যেনে তাৰ মোমায়েকৰ ঘৰ, সৰু মাহীৰ ঘৰ ইত্যাদিৰ বাদে আন কলৈকো যোৱা নহৈছিল৷ তাৰ দেউতাকৰ ঘৰৰ মানুহখিনিয়ে, বিশেষকৈ ‘আইতা বৌ’য়ে তাক পালে মূৰত থ’মনে মাটিত থ’ম যেন কৰে৷ ইয়াৰ মানুহবিলাকো বৰ ভাল; বৰ মৰমীয়াল৷ মাকলৈ তাৰ আকৌ মনত পৰিল৷
পদূলিত থকা খেজুৰী দুজোপা স্পষ্ট হৈ অহাৰ লগে লগে সি ধৰিব পাৰিলে যে সিহঁতৰ ঘৰত বহুত মানুহ…৷ কোনোবা আহিছে৷ দেউতাকৰ লগৰ মামাহঁতনেকি বাৰু? সি উৎফুল্ল হৈ পৰিল৷ সিদিনা মেধি মামাই যাবৰ পৰত তাৰ জেপত খমখমীয়া এটকীয়া নোট এখন ভৰাই দিছিল৷ সেইখন খুব সযতনে থৈছে সি৷ মৃদুল আৰু জয়াক দেখুৱাব যে অকল তাৰ দেউতাকেই নহয়, সিও ধনী হ’ল৷
পদূলিমুখত এখনো গাড়ী নেদেখি তাৰ মনটো সেমেকি গ’ল৷ গাড়ী নাই মানে মামাহঁতো অহা নাই৷ তেন্তে কোন আহিছে? কোন…?
পেহীয়েকৰ আঙুলিটো এৰি সি মানুহেৰে ভৰি থকা চোতালখনলৈ দৌৰ দিলে৷ প্ৰত্যাশিত কাৰোৰেই মুখ চোতালত নেদেখি সি দস্তুৰমত হতাশ হ’ল৷ বাৰাণ্ডাত বহি থকা আইতাকৰ কাষেদিয়েই সি প্ৰায় দৌৰি যোৱাৰ দৰে ভিতৰলৈ সোমাই গ’ল৷ একেটা বেগেৰেই গৈ সি কোঠাটো পালেগৈ৷ কিন্তু, নিৰ্দিষ্ট বিছনাখনত সৌ সিদিনা কিনি অনা মৰমলগা অকণমানি ভায়েকক নেদেখি সি হতভম্ব হ’ল৷ ধুমুহাৰ গতিৰে সি এটা এটাকৈ গোটেইকেইটা কোঠা চালেগৈ৷
‘ভাইটি ক’ত আছে, আইতা বৌ? ’ বাৰাণ্ডালৈ আহি সোধো-নোসোধোকৈ সি সুধিলে৷ মুখেৰে একো নকৈ আইতাকে তাক কোচত বহুৱাই ল’লে৷
‘ভাইটি ক’ত আছে, আইতা বৌ? ’
‘ভাইটিক মাৰে লৈ গ’লহি অ’…৷ ’ আইতাকে চাদৰৰ আচলেৰে চকুপানী মোহাৰি উত্তৰ দিলে৷
‘মা আহিছিলনেকি? কেতিয়া? কলৈ গ’ল? ’ একে উশাহতে সি আইতাকক কেইবাটাও প্ৰশ্ন সুধিলে৷
‘গ’লগৈ…৷ ’ আইতাকে তাৰফালে নোচোৱাকৈ ক’লে৷
‘কলৈ? ’
এইবাৰ আইতাকে একো নক’লে৷ মাথোঁঁ আকাশখনলৈ আঙুলিয়াই দেখুৱালে৷ আইতাকৰ আঙুলিটো অনুসৰণ কৰি তাৰ দৃষ্টি গৈ থাকিল… গৈ থাকিল…৷

************

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক