জীৱনৰ এক চিৰন্তন সত্য- ডাঃ ভূপেন্দ্ৰ শইকীয়া

jibanar ek surantan satya_dr. bhupendra saikia_sanitized_spellchecked

দুই শিষ্যই গুৰুদেৱক সুধিলে- প্ৰভু জীৱনৰ আদৰ্শ কি হোৱা উচিত? গুৰুৱে আশ্ৰমৰ কোঠালীত থকা দুয়োজনকে দুটা বস্তাৰ পৰা একোটাকৈ বাচি লবলৈ কলে৷
এজনে বাচি ললে এটা খালি বস্তা৷ গুৰুৱে তেওঁক কলে ৩০মাইল দূৰৈত থকা বিষ্ণু মন্দিৰলৈকে তুমি পদব্ৰজে যাত্ৰা কৰিব লাগিব৷ বাটত ভাল লগা সামগ্ৰী তুমি সংগ্ৰহ কৰি যাবা৷
আনজনে বাচি ললে খাদ্য সামগ্ৰীৰে পৰিপূৰ্ণ এটা বস্তা৷ গুৰুৱে তেওঁকো কলে ৩০মাইল দূৰৈত থকা বিষ্ণু মন্দিৰলৈকে তুমিও পদব্ৰজে যাত্ৰা কৰিব লাগিব৷
দুয়োজনকে বাটত আৰ্তজনক পৰা সহায়খিনি কৰি যাব কলে৷

খালী বস্তাৰে খোজ দিয়াজন খৰ গতিৰে লক্ষ্য স্থান অভিমুখে গৈ থাকিল৷ বাটত ঠায়ে ঠায়ে চকুত পৰা ধন-সোণ সংগ্ৰহ কৰি বস্তাত ভৰাই গ’ল৷ বাটত লগ পোৱা ডাল-দৰিদ্ৰ কাকোৱেই সহায় কৰাৰ কথা এবাৰলৈয়ো মনত নেখেলালে৷ ফলত তেওঁৰ বস্তাতোৰ ওজন ক্ৰমে বাঢ়ি গৈ থাকিল৷ এটা সময়ত তেওঁ বোজা কঢ়িয়াব নোৱৰি অৱশ, ক্লান্ত হৈ পৰিল৷ লক্ষ্যস্থান বহুত দূৰৈত ৰৈ গ’ল!

আনজনে বাটত চকুত পৰা দৰিদ্ৰ আৰু ভোকাতুৰজনক অন্ন বিলাই বিলাই আগবাঢ়িল৷ ক্ৰমে তেওঁৰ বোজা পাতলহৈ আহিব ধৰিলে৷ আৰ্তজনৰ শলাগ আৰু আশীৰ্বাদে তেওঁৰ মন পৰিতৃপ্ত কৰি তুলিলে!

—————————————————————————–

প্ৰিয় পাঠক, সাধুটো ইমানতে শেষ হ’ল৷
জীৱনৰ অন্তিম কালত মানুহে আপোনাৰ ধন-সম্পত্তি আৰু বেংক বেলেঞ্চৰ হিচাব নুসোধে৷
মানুহ জানিব বিচাৰিব – জীৱন কালত আপুনি আনৰ বাবে কি কি সৎকৰ্ম কৰিলে৷ সত-সন্ততিক কি শিক্ষাৰে দীক্ষিত কৰিলে৷

(বি: দ্ৰ: সহপাঠীৰ পৰা শুনা এটি সাধুৰ সহায়লৈ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments