জীৱনৰ গান

জীৱনৰ গান


(এক)

শাৰদা শ্ৰেষ্ঠ

আজি ৰাতিপুৱা বাছেৰ লতাশিলৰ গনেশ মন্দিৰলৈ আহিছিলো গণপতিৰ জন্মদিনত সভক্তিৰে সেৱা জনোৱাৰ উদ্দেশ্যে। বাছত দুটা সৰু সাধাৰণতে চকুত নপৰা ধৰণৰ ঘটনা দেখি মনটো প্ৰফুল্লিত হ’ল। মহিলাৰ আসনত এজন বয়োজ্যোষ্ঠ লোক বহি আহিছিল মোৰ ওচৰত। এটা ষ্টপেজত এজনী গাভৰু ছোৱালী উঠিল। মানুহজন বহুত শকত হোৱা বাবে উঠিবলৈ টান পাইছিল যদিও সৌজন্য দেখুৱাই উঠিব খুজিলে। এনে সৌজন্য বহু সক্ষম ডেকা ল’ৰাৰ মাজতো দেখিবলৈ নাপাওঁ। মোৰ বেছি ভাল লাগিল, মানুহজনৰ অৱস্থা দেখি ছোৱালীজনীয়ে তেখেতকেই বহি থাকিবলৈ দিলে। বাছখন গৈ কাছাৰী পালে, তাত এজন মানুহ উঠিল হাতত দতৰা (অসমৰ পুৰণি বাদ্য যন্ত্ৰ)লৈ। মানুহজনে লোকগীতেৰে বাছখন মুখৰিত কৰি তুলিলে। বাদ্যযন্ত্ৰটো অৱশ্যে বাছত নবজালে, বোধহয় বজোৱাতো সুবিধাজনক নোহোৱাত। গীত গাই গাই মানুহজনে হাতখন যাত্ৰীসকলৰ ফালে আগবঢ়াই দিলে। কোনোৱাই দিলে কোনোবাই নিদিলে। ময়ো সামান্য অৰিহনা দিলো। মোৰ মানুহজনৰ এই কাৰ্য্যই কিছু নতুন চিন্তাৰ খোৰাক দিলে। এচাম লোক আছে যি একো নকৰাকৈ আনৰ দয়াৰ ওপৰত জীয়াই থাকে। এইসকলক আমি ভিক্ষাৰী বুলি কওঁ। ভিক্ষাবৃত্তি হয়তু কোনেও বাচি ল’ব নুখুজে। কিন্তু তথাপি মই ভাবোঁ, কৰ্মস্পৃহা থাকিলে এনে লোকসকলৰ বহুতে কাম কৰি দুটকা উপাৰ্জন কৰিব পাৰে। এনে লোকক মই ভিক্ষা দিবলৈ টান পাওঁ। বাছত এই লোকজনৰ শিল্পীমন এটা থকা হেতুকেই কিজানি কণ্ঠ নিগৰাই দুটকা উপাৰ্জন কৰিবলৈ লৈছে, এনেকৈ। এয়া নিশ্চয় ভিক্ষাবৃত্তি নহয়।মানুহজন লতাশিলত নামি জনসমাগমত হেৰাই গ’ল। কিজানি গনেশ মন্দিৰৰ সমুখত বহি গীত গাই দুপইচা অৰ্জনৰ বাবে আহিছে! গনেশ মন্দিৰত সোমোৱাৰ আগমহুৰ্তত মই প্ৰাৰ্থনা কৰিলো – এই শিল্পীপ্ৰাণ অসহায় লোকজনৰ শিল্পীসত্বাই নতুনকৈ প্ৰাণ পাই উঠক।

 

(দুই)

সীমান্ত কোঁৱৰ

মোৰ ঘৰৰ খিড়িকীৰ কাষতে থকা অমিতা জোপাৰ পকা অমিতা খাবলৈ সদায় ৰাতিপুৱা চৰাইৰ খদমদম লাগে। নাম জনা- নজনা অসংখ্য চৰাইৰ উপস্তিতিয়ে মোৰ ৰাতিপুবাটো সজীৱ কৰি ৰাখে। সেই চৰাইবোৰৰ মাজৰে দুজনী সেউজীয়া ৰঙৰ চৰাই অতি সুন্দৰ। নাম নজনা সেই চৰাই দুজনীয়ে সদায়েই পকা অমিতা খোৱাত আগ ভাগ লয়।মোৰ পঢ়া টেবুলৰ সুৰুঙ্গাইদি মই উ্পভোগ কৰোঁ সিঁহতৰ সুখৰ ধেমালি বোৰ। কেমেৰাৰে মই সিঁহতৰ কিমান যে ফটো তুলিছো, তাক লৈ উচৰ চুবুৰীয়াই কেতিয়াবা কেতিয়াবা আলোচনা কৰাও মোৰ কানত পৰে।যিনহঁওক কালি দুপৰীয়া হঠাতে মোৰ পত্নীয়ে তিতা কাপোৰ মেলিবলৈ যাঁওতে চাদৰ ওপৰত আবিস্কাৰ কৰিলে ডিঙিত ফোটফোট থকা সেউজীয়া চৰাইজনীৰ নিথৰ মৃতদেহ। হয়তু মেকুৰী কিম্বা ঢোঁৱা কাউৰীৰ আক্রমণত প্রাণ হেৰুৱালে সেই নিৰীহ চৰাইজনীয়ে।আজি ৰাতিপুৱাটো, একেদৰেই উলাই আহিল, আন কেইজনীমান চৰাইয়ে এতিয়াও অমিতাবোৰত খুটুৰিয়াই আছে, নাই মাথো সেই সেউজীয়া চৰাই জনী, আৰু তাইৰ উপস্তিতিয়ে জীপাল কৰা মোৰ ৰাতিপুবাৰ অনুভৱখিনি। এই ব্যস্ত পৃথিৱী খনৰ কোনেও গম নেপালে তাইৰ মৃত্যুৰ কথা বা চৰাইজনীয়ে মোৰ অনুভৱত সৃষ্টি কৰা উখল মাখল বোৰ, আনকি মোৰ পত্নীয়েও; মাত্র মই হেৰুৱালো মোৰ ৰাতিপুৱাবোৰৰ, মোৰ অনুভৱৰ এজন নিবিৰ সঙ্গীক।

 

(তিনি)

জ্যোতিষ মজুমদাৰ

আজি কিছুদিনৰ পৰা মোৰ কোঠালিটোৰ খিৰিকিখনত এজনী কপৌচৰায়ে অহৰহ খুন্দিয়াই আছে! আজি ভালদৰে চাওঁতে মন কৰিলো যে খিৰিকিখনৰ আইনাত দেখা প্ৰতিবিম্বটোকে প্ৰিয়জন বুলি আকোৱালি লোৱাৰ ব্য়ৰ্থ প্ৰচেষ্টা তাইৰ! আমাৰ ঘৰৰ মুধচত থকা এই কপৌজনীয়ে তাইৰ প্ৰিয়জনক দহদিন মান আগতে এক অচিন ৰোগত হেৰুৱাইছে! কিন্তু হয়তো তাই এই সত্য়ক মানি লব খোজা নাই! কপৌজনীৰ চকুহাললৈ চাই মোৰ চকুযুৰিও অলপ সময়ৰ কাৰনে সেমেকি উঠিল!কিন্তু মানুহ হৈ মানুহৰ হৃদয় পঢ়াত প্ৰায়ে অসফল হোৱা অমুকাই কপৌজনীৰ হৃদয়্খন পঢ়িব পাৰি সুখীওঁ হ’লো! সমান্তৰালভাৱে মনত এটা প্ৰশ্নৰো উদয় হ’ল! সঁচামৰম,চেনেহ,ভালপোৱা আদিবোৰ আজিকালি কি জীৱ-জন্তু,চৰাই-চিৰিকতিৰ মাজতে সীমাৱব্ধ নেকি? ভালপোৱাৰ নামত ঈৰ্ষা, হিংসা তথা ব্যভিচাৰিতাৰ আশ্ৰয় লোৱা আৰু ধন-সম্পত্তি আদিৰ কাৰনে নিজৰেই পিতৄ-ভাতৃক হত্যা কৰিবলৈকো কুন্ঠাবোধ নকৰা আমি মানৱ জাতিয়ে কথাষাৰৰ গভীৰতা উপলব্ধি কৰিলেও মানি লব হয়তো টান পাম!

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments