জীৱনৰ গোপন ৰং (মৌচুমী দাস)

টং টং কৈ হৰিৰামে বিদ্যালয়ৰ বে’ল বজোৱাৰ লগে লগে সকলো ছাত্ৰ-ছাত্ৰী নিজৰ নিজৰ শ্ৰেণী কোঠাত সোমাল৷ এটা নিজম পৰিৱেশে বিদ্যালয়ৰ চৌহদ আৱৰি ধৰিলে৷ শিক্ষক-শিক্ষয়ত্ৰীসকলো নিজৰ নিজৰ শ্ৰেণীলৈ ৰাওনা হ’ল৷ আন দিনবোৰৰ দৰে আজিও ৰূপালী বাইদেৱে চতুৰ্থ শ্ৰেণীৰ ৰেজিষ্টাৰ বহীখন মোকলাই ল’লে৷ কিন্তু তেওঁ লক্ষ্য কৰিছে আজি কেইবাদিনো ধৰি জুৰি স্কুললৈ অহা নাই৷ তাই এজনী মেধাৱী ছাত্ৰী, সদায়ে শ্ৰেণীত প্ৰথম স্থান পায়৷

: বকুল, তুমি বিদ্যালয়লৈ আহোঁতে জুৰিহঁতৰ ঘৰৰ ফালেদি আহা নহয়নে? জুৰিয়ে কিয় ইমানদিন বিদ্যালয়লৈ অহা নাই খবৰ কৰিবাচোন?

: মই খবৰ লৈছিলোঁ বাইদেউ৷ তাইৰ মাকৰ বেমাৰ সেইবাবে তাই বিদ্যালয়লৈ অহা নাই৷

: হয় নেকি? পাৰিলে তাইক সোনকালে বিদ্যালয়লৈ আহিবলৈ ক’বা, পৰীক্ষা ওচৰ চাপিছে৷

এজন মাছমৰীয়াৰ জীয়েক জুৰি৷ নদী কাষৰীয়া এডোখৰ ঠাইত জুৰিৰ ঘৰ, অৱশ্যে জুপুৰী বুলিবই পাৰি৷ ঘৰৰ পাছফালে এখন সৰু বাৰী৷ ঘৰটোৰ বেৰবোৰৰ অ’ত ত’ত জলঙা ওলাইছে৷ ওপৰৰ ফালে খেৰৰ চাল৷ খেৰৰ চালখনে বৰষুণ দিলে বিশেষ একো বাধা দিব নোৱাৰে৷ কেইবাদিন ধৰি জুৰিক মাক নৰিয়াত পৰি আছে৷ কাহিলিপুৱাতেই জুৰিৰ বাপেকে মাছ মাৰিবলৈ ওলাই যায়৷ ৰাতি সাত মান বজালৈ মাছ বিক্ৰী কৰে৷ কোনো কোনো ঠাইত ফাটিবলৈ ধৰা জালখনেৰে যিকেইটা মাছ পায়, সেইকেইটা মাছেই কেতিয়াবা বিক্ৰী হয় কেতিয়াবা নহয়৷ বিক্ৰী হোৱা টকাকেইটাৰে ঘৰলৈ আহোঁতে চাউল, লোণ কিম্বা গেলি যোৱা মাছবোৰ ঘৰলৈ লৈ আনে৷ ঘৰত জুৰিৰ ভনীয়েক মণিয়ে ভোকৰ তাড়নাত কেতিয়াবা কেতিয়াবা টোপনি যায়গৈ৷ তাইৰ কেৱল এটাই আশা, দেউতা আহিব, খাবলৈ কিবা আনিব৷ অৱশ্যে জুৰিয়ে চাকিৰ শলিতাই তেল চুই নোপোৱালৈকে পঢ়ে৷ গাঁৱৰ যাৰে-তাৰে পৰা মাকে গোটাই দিয়া কিতাপবোৰ তাইৰ কাঠৰ টেবুলখনত পৰিপাটিকৈ সজাই থয়৷ স্কুললৈ যাবৰ বাবে ব্যৱহাৰ কৰা ফ্ৰক দুটা তাই নিজেই চাফ-চিকুণ কৰি ধুই লয়৷

এইকেইদিন ঘৰৰ সমস্ত ভাৰ তাইৰ ওপৰত৷ সেইবাবে তাই বিদ্যালয়লৈ যোৱাৰ কথা ভাবিবই পৰা নাই৷ বিদ্যালয়লৈ ন’গলেও তাই ঘৰতে পঢ়িবৰ বাবে বেমাৰী মাকৰ কাষত গধূলি হোৱাৰ লগে লগে বহি ল’লে৷ নিশা আঠ বজালৈকে বাপেক উভতি নহাৰ বাবে মাকে জুৰিক সিহঁতৰ ঘৰৰ অলপ আগৰ কেকুঁৰিটোলৈকে আগবাঢ়ি যাবলৈ ক’লে৷ বাপেকৰ কেতিয়াবা বেছি দেৰি হোৱাৰ কাৰণ জুৰিয়ে বুজি পায়৷ সিদিনা বাপেকে জুৰি, মণিহঁতলৈ একো আনিব নোৱাৰে সেইদিনা বাপেকে লগৰবোৰৰ লগত মদিৰা পান কৰি আহে৷ সুস্থ চকুৰে যেন মণিহঁতলৈ চোৱাৰ শক্তিকণ নোহোৱা হৈ যায় তেওঁৰ৷ বাপেকে জানে মদ খাই গ’লে মণিয়ে বাপেকৰ ওচৰত আহাৰ বিচাৰি নাহে৷ আজিও বাপেকৰ দেৰি হোৱাৰ কাৰণ একেটাই৷ জুৰিয়ে হাতত চাকি এটা লৈ বাপেকক বিচাৰি গ’ল৷ জুৰিয়ে অলপদূৰ গৈয়ে এটা ছায়ামূৰ্তি দেখা পালে৷ তাই চাকিটো দাঙি দেখে এটা বিকৃত শৰীৰ ঢলং পলংকৈ আহি আছে৷ তাই বাপেকক নিমিষতে চিনি পালে৷ বাপেকৰ যেন জালখন ধৰিবলৈকে শক্তি নাই৷ তাই ল’ৰি গৈ বাপেকে চোঁচৰাই অনা জালখন বাঁওহাতৰ কান্ধত তুলি ল’লে৷ আহোঁতে বাপেকে তাইক কৈ আহিছিল― মাজনী মই আজি তহঁতলৈ একো আনিব নোৱাৰিলোঁ৷ মণিৰ ভোক লাগিছে নহয়, ৰ-ৰ আকৌ মাছ মাৰি চাঁও ৰ৷ এতিয়া বৰ ডাঙৰ ডাঙৰ মাছ পাম৷ কথাকেইটা কওঁতে বাপেকৰ সমস্ত শক্তি শেষ হৈ গৈছিল৷ একেকেইটা কথাকে কৈ কৈ বাপেকে বাৰে বাৰে জুৰিৰ হাতৰ পৰা এৰি যাব খোজে৷ কিন্তু তাই জোৰেৰে বাপেকক ধৰি ৰাখি ক’লে ― নালাগে পিতাই, মণি শুলেই নহয়৷ মোৰ একেবাৰে ভোক নাই৷ মাৰো বোলে দিনত খোৱা চুজিসোপাই পেট ভৰাই থৈছে৷ জুৰিয়ে মিছা মাতিছে৷ এনেকৈয়ে কিমানদিন যে জুৰিহঁতে ভোকত দিন কটায়৷ তাৰ বাবে তাই বাপেকক দুখ নিদিয়ে, দুখ দিয়ে দৰিদ্ৰতাক৷ এই ক্ষণত তাই ভাঙি পৰিব খোজা নাই৷ তাই যিমান কঠোৰ হ’বলৈ চেষ্টা কৰিছে সিমানে তাইৰ দুচকু ভেদি চকুলো বৈ আহিছে নীৰৱে৷ সেই মুহূৰ্তৰ বাবে জুৰিৰ জীৱনটোৰ প্ৰতি ঘৃণা উপজিল৷ তাই নীৰৱে ভাৱিছে দৰিদ্ৰতাই কেতিয়াবা আমাৰ পিছ এৰিবনে? আমাৰ জুপুৰিটোত এচেৰেঙা ৰ’দ পৰিবনে? নে এনেদৰেই অতিবাহিত হ’ব আমাৰ জীৱন? এইবোৰ ভাবি থাকোতেই কেতিয়া ঘৰ পালেহি জুৰিয়ে গমকে নাপালে৷ তাই বাপেকক লাহেকৈ পিৰালিত বহুৱাই ঘৰৰ পাছফালে জাল তৰা ডাং ডালত জালখন তৰি, দমকলৰ পৰা পানী এবাল্টি বাপেকক হাত-ভৰি আনি ধুবলৈ দিলে৷ হাত-ভৰিকেইটা কোনোমতে ধুই বাপেক বিচনাত পৰিলগৈ৷ বাপেকে শুবলৈ যত্ন কৰিছে৷ জুৰিয়ে লক্ষ্য কৰিলে পৰিয়ালৰ ভোক নিয়াব নোৱাৰা বেদনাই বাপেকৰ বুকু ছেদকৰিছে৷ তেওঁ যেন নিজকে ধিক্কাৰ দিছে৷

সকলো সংযম নেওচি শুবলৈ যত্ন কৰা বাপেকৰ ধাৰাসাৰে বৈ অহা চকুলোবোৰ চাকিৰ ধিমিক-ধামাক পোহৰত স্পষ্টকৈ জিলিকি আছে৷ কিছুপৰৰ পিচত বাপেক টোপনি গ’লগৈ৷ এই টোপনিকণৰ বাবে বাপেকে কেতিয়াবা কেতিয়াবা মদ খায়৷ জুৰিৰ আৰু শুবলৈ মন নগ’ল৷ তাইৰ টোপনিবোৰ কৰবালৈ ধূলিসাৎ হৈ উৰা মাৰিলে৷ তাই লাহেকৈ মাকলৈ চালে, মাকে ওচৰত শুই থকা মণিয়ে যাতে পেটত ভৰি তুলি নিদিয়ে তাৰবাবে টোপনিতে আহিবলগীয়া সন্তানৰ সুৰক্ষা প্ৰদানৰ বাবে পেটত হাত থৈ শুই আছে৷ জুৰি লাহেকৈ তাৰ পৰা ওলাই আহিল৷ সিহঁতৰ সৰু বাৰাণ্ডাখনতে তাই পীৰা এখনত বহি খুঁটা এটাত আঁউজি ল’লে৷ তাইৰ মনত বাৰেকুৰি প্ৰশ্নই জুমুৰি মাৰি ধৰিলেহি৷ প্ৰশ্ন তাইৰ জীৱনক লৈ৷ কি অৰ্থ আছে তাইৰ জীৱনৰ? জীৱনক সফল কৰি তুলিবলৈ কিবা পথ আছেনে? অন্ন,বস্ত্ৰ বাবেই যদি ইমান হাহাকাৰ কৰিব লগা হয়, তাই পঢ়িব কেনেকৈ? মুঠতে অৰ্থহীন তাইৰ দৰে জীৱনবোৰৰ আৰু আছেনে তাইৰ দৰে জীৱন কাৰোবাৰ? গা সিৰসিৰাই যোৱা বতাহ এজাকে তাইক আৱৰি ধৰিলে৷ চাৰিওফালে আন্ধাৰ হৈ আহিল৷ এতিয়াও ভিতৰত বেমাৰী মাকৰ ওচৰত ক্ষীণ পোহৰৰ এটা চাকি জ্বলি আছে৷ জুৰিয়ে ভিতৰলৈ সোমায় বাঁহৰ দৰ্জাখনত ভালকৈ ডাং এডাল দি বন্ধ কৰি ল’লে৷ লাহে লাহে বতাহৰ শব্দ বাঢ়ি আহিছে লগতে বিজুলী-ঢেৰেকনি মাৰিবলৈ আৰম্ভ কৰিলে৷ মাকে সাৰ পাই উঠিবলৈ যত্ন কৰাত তাই ল’ৰি গৈ মাকক বাধা দি ক’লে ― মা শুই থাক তই৷ মই সকলো চাম৷ তই ইমান আন্ধাৰখনত পৰিবি৷ মাকে অনিচ্ছাসত্বেও বিছনাত পৰি থাকিল৷ লগে লগে ডাঙৰ ডাঙৰ টোপালেৰে ধাৰাসাৰ বৰষুণ আৰম্ভ হ’ল৷ জুৰিয়ে হাতত চাকিটো লৈ ব্যস্ত হৈ পৰিল ঘৰটোৰ উৰুখাবোৰৰ তলত ঘটি, চৰিয়া আদি পাতিবলৈ৷ সেই ব্যস্ততাৰ মাজতে জুৰিয়ে মাকৰ চিঞৰ শুনিবলৈ পালে৷ তাই মাকৰ ওচৰলৈ দৌৰি আহিল৷ নিৰুপায় হৈ মাকৰ ওচৰত বহি থকা মণিয়ে মাকৰ ওচৰত বহি কান্দি আছে৷ ধাৰাষাৰ বৰষুণৰ মাজে মাজে মৰা বিজুলীৰ পোহৰে গোটেই ঘৰটো জোনাক কৰি পেলাইছে৷ তেতিয়াই জুৰিয়ে আৰু স্পষ্টকৈ দেখে পেটৰ বিষত চিঞৰি থকা মাকৰ মুখখন৷ তায়ো নিৰুপায়, ইমান ধাৰাষাৰ বৰষুণত ডাক্তৰ মাতিবলৈয়ো যাব নোৱাৰে৷ তাই মণিক ক’লে―“মণি তই নাকান্দিবিচোন, মাৰ একো নহয়৷ যাচোন তই পিতাইক উঠাগৈ৷”

মণিয়ে চকুপানী মোহাৰি মোহাৰি বিজুলীৰ পোহৰতে, খেপিয়াই খেপিয়াই গৈ বাপেকক উঠালেগৈ৷ বাপেকৰ নিচা এতিয়া অলপ ভাঙিছে৷ কিন্তু এতিয়াও,যেন তেওঁ দুৰ্বল অনুভৱ কৰি আছে৷বাপেকে মাকক দেখিয়ে বুজি পালে৷ এয়া মাকৰ প্ৰসৱৰ সময় আহিছে৷তেওঁ ততালিকে জুৰিহঁতক কৈ ওচৰৰ আশাকৰ্মী এজনী মাতিবলৈ ওলাই গ’ল৷ বাপেকৰ সৈতে আশাকৰ্মী গৰাকী আহি নিজৰ কামত ব্যস্ত হ’ল৷ জুৰিয়ে বাপেকলৈ চালে বাপেকৰ মুখত একো ভয়ৰ ভাৱ নাই৷ বাপেকৰ বাবে মাকৰ এই চিঞৰবোৰ অপৰিচিত নহয়৷ জুৰি আৰু মণিৰ জন্মৰ দিনাও চাগে এনেকৈয়ে চিঞৰিছিল মাকে৷ কিন্তু জুৰি, মণিহঁতৰ বাবে এইবোৰ অপৰিচিত৷ মণিৰ জন্মৰ কথাও জুৰিৰ একো মনত নাই৷ হঠাৎ মাকৰ চিঞৰ বন্ধ হ’ল আৰু এটি শিশুৰ কান্দোন সকলোৰে কাণত পৰিল৷ জুৰিৰ এটা ভায়েক জন্ম হ’ল৷ আশাকৰ্মী যোৱা কিছু সময়ৰ পিছতে জুৰিয়ে মাকৰ মুখলৈ চাই ভালদৰে লক্ষ্য কৰিলে,― ইমান পুষ্টিহীনতা আৰু দুৰ্বলতাৰ পিছতো, সন্তান জন্ম দি দি মানুহজনীৰ যেন কেৱল জঁকাটোহে ৰৈছেগৈ৷ তেওঁৰ পীড়া বুজি পোৱা শক্তি যেন কেৱল তেওঁৰহে আছে৷ তথাপিও ল’ৰা সন্তানৰ সুখত তেওঁৰ মুখত বিৰিঙি উঠিছে সন্তুষ্টিৰ হাঁহি৷ মাকে থোকা-থুকি মাতেৰে ক’লে―“মণি ওচৰলে আহ আক’, ভাইটিৰ মুখখন চাহি আহ”৷ মাকে মণিৰ কন্দুৱামুৱা মুখখন দেখি সহজ কৰিবলৈ ওচৰলৈ মাতিলে৷বাপেকে মূৰৰ পিছফালে আলফুলেৰে ধৰি মাকৰ ওচৰলৈ নি ভায়েকৰ লগত কথা পতোৱাৰ ধৰণেৰে চিনাকি কৰোৱাত লাগিল৷

জুৰিও আজি ভায়েকক পাই সুখী৷ কিন্তু ক’ৰবাত যেন তাইৰ হিয়াই কুৰুকি কুৰুকি কান্দিছে৷ কান্দিছে তাই ভায়েকৰ বাবে৷ এই পৃথিৱীলৈ আহি ইমান দৰিদ্ৰ ঘৰত জন্ম হৈ ব্যৰ্থতা আৰু সংঘাতৰ বাহিৰে একোকে নাপাব সি৷এখন্তেকৰ বাবে ভায়েকলৈ জুৰিৰ পুতৌ উপজিল৷

লাহে লাহে ধুমুহা কমি আহিল৷ কিন্তু বাহিৰত বৰষুণ আৰু মাজে মাজে বিজুলী মাৰি আছে৷ভিতৰত চাকিটো ধিমিক-ধামাককৈ জ্বলি আছে৷ মণিয়ে ভায়েকৰ লগত কথা পাতি উলাহত খিলখিলাই উঠিছে৷ লগতে বাপেক আৰু মাকেও হাঁহিছে৷ সিহঁতক দেখি জুৰিৰো হাঁহিবলৈ মন গ’ল৷ কিন্তু তাই হাঁহিব পৰা নাই৷ তাইৰ মুখখন যেন গধুৰ হৈ পৰিছে৷ তাই কেৱল নিলগৰ পৰা সিহঁতলৈ চাই ৰৈ আছে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments