জীৱনৰ টুকুৰা ছবি (মৌচুমী বৰী)


“জীৱনৰ টুকুৰা ছবি”
(১)
“ছাৰ, আপোনাৰ হাই-প্ৰেছাৰ আছে?”
“কেলেই সুধিলা?” বৰুৱা ছাৰে ভাস্বতীৰ মুখলৈ চালে।
“আজিকালি সকলোৰে প্ৰেছাৰ, ডায়েবেটিছ আদি থাকেই…আপোনাৰ আছেনে নাই জানিবৰ মন গ’ল”
“থাকোঁতে হাই-প্ৰেছাৰ আছে…” এইবুলি কৈ বৰুৱা ছাৰে মিচিকিয়াই হাঁহিলে।
“ছাৰ, আপুনি নৈমিত্তিক হাই-প্ৰেছাৰৰ দৰৱ খাইনে?”
“নাই, নাখাওঁ; এটা কথা কি জানা, সকলো ঔষধৰে পাৰ্শ্ব-প্ৰতিক্ৰিয়া থাকে, সেয়েহে যিমান পাৰি ঔষধ পাতি নোখোৱাকৈ নৈমিত্তিক খোৱা আহাৰৰ যোগেদিয়েই আমি আমাৰ শৰীৰটো সুস্হ কৰি ৰাখিব লাগে”।
“ছাৰ, হাই-প্ৰেছাৰ থাকিলে সদায়ে প্ৰেছাৰৰ ঔষধ খাব লাগে বুলি মই শুনিছোঁ”।
“নাই,নাই ঔষধ মানেই ছাইড-এফেক্ট থাকিবই…”বৰুৱা ছাৰে পৰম বিশ্বাসেৰে কৈ উঠিল।
(২)
হোটেলৰ কামকৰা ল’ৰাটোৱে দি যোৱা পানী গিলাছ কেইটাৰ পৰা এটা পানী ভৰ্তি গিলাছ বৰুৱা ছাৰে ভাস্বতীৰ ফালে আগবঢ়াই দি ক’লে—“পানী খোৱা আকৌ!”
“নাই ছাৰ, মই হোটেলৰ পানী নাখাওঁ!”
তেওঁ গোটেই গিলাছটোৰ পানী খাই শেষ কৰি ভাস্বতীলৈ চাই সুধিলে—“কিয় নোখোৱা?”
“ছাৰ, হোটেল আদিৰ দৰে বাহিৰা যিকোনো ঠাইৰ পানীত বেমাৰৰ বীজাণু থাকিব পাৰে।যোৱা বছৰ মোৰ দেউতাৰ জণ্ডিছ হৈছিল, ভগৱানৰ আৰ্শীবাদত অলপতেহে বাছিল, শুনিছো বাহিৰত য’তে ততে পানী খাই ফুৰিলে জণ্ডিচ আদিৰ দৰে ৰোগ হ’ব পাৰে।মোৰ দেউতাও প্ৰায়েই ভ্ৰমণতথাকে…”তাইৰ কথাখিনি শেষ কৰিব নিদি
তেওঁ হুঁ হুঁ কৈ হাঁহি পেলালে।
“তোমাক যে কোনে এইবোৰ কথা কয়,একো নহয়।হোটেলৰ পানী খাব লাগে।“
“নাই ছাৰ, মই আপোনাৰ কথাখিনি মানি নলওঁ”…
“তুমি বেছিকৈ ভাবা..”
(৩)

সিদিনা অফিচলৈ উলাওঁতেই ভাস্বতীৰ পেটৰ বিষ হ’ল।পেটৰ বিষ ইমানেই বাঢ়িল যে তাই যন্ত্ৰণাত ছাটিফুটি কৰি থাকিল। অৱশেষত ডাক্টৰে আল্ট্ৰাছাউণ্ড কৰিবলৈ দিলে।তাই “জীৱনৰেখা ডায়েগনষ্টিক” ত আল্ট্ৰাছাউণ্ড কৰালেগৈ। ৰেডিয়লজিৰ ডাক্টৰজনে ভাস্বতীক ক’লে যে তাইৰএপেণ্ডিকছ বাঢ়ি পকি আছে;কাইলৈকে অপাৰেছনটো কৰি পেলাব লাগে।তাই ৰিপৰ্টটো মেডিচিনৰ ডাক্টৰজনক দেখুৱালেগৈ।তেওঁ ভাস্বতীৰ ৰিপৰ্টটো পঢ়িলে আৰু ক’লে—“আপোনালোকে কাইলৈকে অপাৰেচনটো কৰি পেলাওক।আজিকালি এপেণ্ডিকছ অপাৰেছন মাইনৰ কথা হৈ পৰিছে।মইবাৰু ছাৰ্জাৰি ডাক্টৰজনৰ লগত আপোনালোকক কথা পতাই দিম”।

ডাক্টৰে মাইনৰ অপাৰেছন বুলি ক’লেও ভাস্বতী আৰু তেওঁৰ স্বামী চিন্তাত পৰিল।সৰু হওক ডাঙৰ হওক অপাৰেছন বুলি ক’লেটো অলপ মানসিক প্ৰস্তুতিৰ দৰকাৰ!ভাস্বতীয়ে কান্দি পেলালে ভয়ত,চিন্তাত!ভাস্বতীৰ স্বামীয়ে দূৰণিত থকা ডাক্টৰ ভিনিয়েকলৈ ভাস্বতীৰ সমস্যাটোৰ বিষয়েজনাই ফোন লগালে।তেখেটো ৰেডিয়লজিৰ ডাক্টৰ।ডাক্টৰ ভিনিয়েকে ভাস্বতীহঁতক তেখেতৰ ওচৰলৈ মাতি পঠালে।

এইবাৰ ভাস্বতীক ভিনিয়েকে আকৌ এবাৰ আল্ট্ৰাছাউণ্ড কৰি পৰীক্ষা কৰিলে।তেওঁ দেখিলে যে পেটৰ ভিতৰত তলফালে ৯ মি.মি জোখৰ পাথৰ এটা প্ৰস্ৰাৱনলীত লাগি আছে আৰু তাইৰ সোঁফালৰ কিডনীটো অলপ ওখহি আছে।যিহেতু পাথৰটো প্ৰয়োজনতকৈ ডাঙৰ,গতিকে অপাৰেচন কৰিভাঙি পেলোৱাৰ বাদে বেলেগ উপায় নাই আৰু সেইমতে তাইৰ অপাৰেচনটো হৈ গ’ল।পিছে এপেণ্ডিকছৰ কোনো সমস্যা দেখা পোৱা নগ’ল।

ভিনিয়েকে মাতি নপঠিওৱা হ’লে মিছাতে এপেণ্ডিছ কাটি ভাস্বতীৰ কি যে অৱস্হা নহ’লহেঁতেন!!
(৪)
“তুমি পানী কম খোৱা আৰু তোমাৰ শাৰীৰিক পৰিশ্ৰম নাই, সেইকাৰণেই তোমাৰ এনেবোৰ বেমাৰ হৈছে! সদায় ভাতৰ লগত ছালাড খাবা বুজিছা!”
ভাস্বতীক বৰুৱা ছাৰে ক’লে।বৰুৱা ছাৰৰ কথা শুনি তাই মূৰ দুপিয়ালে।
“মোৰ ওচৰত দুখনমান স্বাস্হ্য বিষয়ক কিতাপ আছে,মই তোমাক দিম।সেইকেইখন পঢ়িবা আৰু যিমান পাৰা ফ’ল’ কৰিবা।কিতাপকেইখনৰ পৰা মই বহুত উপকৃত হৈছো।“
বৰুৱা ছাৰে পিছদিনাই ভাস্বতীক কিতাপ কেইখন দিলে। তাইও জেৰক্স কৰি কিতাপকেইখন বাইণ্ডিং কৰি ললে।
(৫)
“এইয়া চোৱা, ভজনৰ চিডি কিনিছোঁ!শুনিবা নেকি,শুনা যদি দিব পাৰোঁ ।“
ছাৰৰ কথা শুনি পূৰৱী আৰু ভাস্বতীয়ে হাঁহি পেলালে।দুইজনীয়ে একেলগে ক’লে—“শুনিম বাৰু ছাৰ”
“আচলতে কি জানা ভাস্বতী আৰু পূৰৱী, আমাৰ দৰে অফিচৰ মূৰব্বীসকলৰ ইমান ছাপ থাকে যে মনটোক সজীৱ কৰি ৰাখিবলৈকে এই গীতবোৰ শুনিব লাগে”
“হয় ছাৰ”-ভাস্বতীয়ে ক’লে।
(৬)
সেইদিনা বৰুৱা অফিচ সামৰি ঘৰ সোমালগৈ।বৰুৱাৰ পৰিবাৰে তেওঁলৈ চাহ কৰিলে।
“ব’লা, আজি এপাক ফুৰি আহোঁ” বৰুৱাই তেওঁৰ পৰিবাৰক উদ্দেশ্যি ক’লে।
“আজি মোৰ বৰ ভাগৰ লাগিছে,কালিলৈ যাম দিয়ক”
পৰিবাৰৰ কথা শুনি বৰুৱাই টেবুলত থকা লেপটপটো খুলিলে,মুখেৰে একো নক’লে।তেখেতৰ পৰিবাৰে বৰুৱাই খাই শেষ কৰা কাপপ্লেটযোৰ লৈ পাকঘৰলৈ গ’ল।পাকঘৰত কাপপ্লেটযোৰ থৈ তেওঁ পুনৰ ঘূৰি দুৱাৰ মুখ পাইছিলহি,তেনেতে ঘটনাটো ঘটিল।তেওঁৰ চকুৰ সন্মূখতে বৰুৱাচকীৰ পৰা হঠাৎ মুখ ঠেকেচা খাই পৰি গ’ল।
তেখেতৰ পৰিবাৰে দৌৰি আহি ডাঙি উঠাব বিচাৰিলে, নাই তেওঁৰ স্বামী অলকেশ বৰুৱা ইমানেই গধুৰ আৰু অজ্ঞান হৈ পৰিল যে চেষ্টা কৰিও তেওঁক উঠাব নোৱাৰিলে….
(৭)
হঠাতে ভাস্বতীৰ ফোনটো বাজি উঠিল। অফিচৰ বৰদলৈৰ ফোন..
“হেল্ল’”
“অ’ বাইদেউ, বেয়া খবৰ এটা আছে, বৰুৱা ছাৰৰ হাৰ্ট-এটেক হ’ল,ডাক্টৰে কৈছে তেওঁ আৰু নাই…”
ভাস্বতীয়ে নিজৰ কাণখনকে বিশ্বাস কৰিবলৈ টান পালে..
“বৰুৱা ছাৰ এতিয়া ক’ত আছে?” তাইৰ মাতত উদ্বিগ্নতা স্পষ্ট…
“আদিত্য নাৰ্ছিংহ’মত”

ল’ৰাল’ৰিকৈ ভাস্বতী আৰু তাইৰ স্বামী আদিত্য নাৰ্ছিংহ’মলৈ ঢাপলি মেলিলে।হয়, বৰুৱা ছাৰক এখন কাপোৰেৰে ঢাকি শুৱাই থোৱা হৈছে।গোটেই দিনটো তেওঁ অফিচত সুস্হ ভাৱেই কাম কৰি আছিল, তেওঁকটো অসুস্হ বুলি কোনেও গম পোৱা নাছিল।ভাস্বতীৰ এনে লাগিল,বৰুৱা ছাৰ যেনএতিয়াই উঠি বহিব আৰু ভাস্বতীক মিচিকিয়াই হাঁহি সুধিব—“কি ভাস্বতী, কি সকামত বা আহিলা?”কিয় জানো, তাই আকাশলৈ চালে—“আকাশত শেঁতা জোনৰ পোহৰ..ম্ৰিয়মান ৰাতিৰ ডাৱৰ”।

(৮)

এতিয়া অফিচত বৰুৱা ছাৰৰ অনুপস্হিতিয়ে গধুৰ কৰি তুলে বতাহ; বৰুৱা ছাৰৰ স’তে কথা পতা টুকুৰা টুকুৰ স্মৃতি বোৰে আমনি কৰে অফিচৰ প্ৰতিজনকে..ভাস্বতীকো!

“ছাৰে যদি হাই-প্ৰেছাৰৰ দৰৱ সদায় খালেহেঁতেন,তেতিয়া কিজানি ছাৰৰ হাৰ্ট-এটেক নহ’লহেঁতেন….” অফিচত আলোচনা চলে এনেকৈ….কাৰ কেতিয়া মৃত্যু আহে কোনে জানে? ছাৰৰ কিজানি মৃত্যু এনেকৈয়ে লিখা আছিল!!

“ছাৰ এতিয়া য’তেই থাকক শান্তিৰে থাকক”..ভাস্বতী

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক