জীৱনৰ দস্তাবেজ (অপু দলৈ)


লক্ষ্য :
 
সেনাত ভৰ্তি হৈ প্ৰশিক্ষণ ল’বলৈ ৰেলৰ আৰ্মী কম্পাৰ্টমেণ্টৰ ডবাৰ কাষৰ চিটত বহি এটি গধুৰ মনৰে তীব্ৰবেগেৰে পাৰ হৈ যোৱা দৃশ্যবোৰ চাই চাই স্মৃতিৰ সাগৰত ডুবি গ’লোঁ !
 
পঞ্চম শ্ৰেণীৰ কথা। সেই সময়ত প্ৰাথমিক বিদ্যালয়ৰ ডেওনা পাৰ হৈ এম ই স্কুলত পঞ্চম শ্ৰেণীত নাম ভৰ্তি কৰাৰ আগতে ছীট পৰীক্ষা দিব লগা হৈছিল (আজিকালি হয়তো তেনে নিয়ম নাই)। সেই ছীট পৰীক্ষাত মই দ্বিতীয় স্থান লৈ ঘৰৰ পৰা সম্পূৰ্ণ চাৰি কিলোমিটাৰ দূৰত্ব এম ই তথা হায়াৰ ছেকেণ্ডাৰী স্কুল খনত এডমিচন ল’লোঁ।
 
এম ই বিদ্যালয়ৰ প্ৰথম দিন। পঞ্চম শ্ৰেণীৰ প্ৰথম ক্লাছ আছিল অংক বিষয়।  অংকৰ ছাৰে আহিয়ে তেখেতৰ নিজৰ পৰিচয় দি এজন এজনকৈ সকলো ছাত্ৰ-ছাত্ৰীকে নাম, কোন স্কুলৰ পৰা আহিছে, জীৱনৰ লক্ষ্য কি ইত্যাদি ইত্যাদি প্ৰশ্নবোৰ সুধিবলৈ ধৰিলে। মোৰ পাল পৰাত মোৰ নাম, স্কুলৰ নাম ক’লোঁ। জীৱনৰ লক্ষ্য কি সোধাত ক’লোঁ – “অসমৰ মুখ্যমন্ত্ৰী হ’ম”। মোৰ কথা শুনি শ্ৰেণীৰ সকলোৱে গিৰ্জনি মাৰি হাঁহিবলৈ ধৰিলে। কিন্তু ছাৰজনে আচৰিত ধৰণে গহীন হৈ মোৰ ফালে কিছু সময় চাই থাকিল। তাৰ পাছত মিচিকিয়া হাঁহি মাৰি মোৰ ওচৰলৈ আহিল আৰু কান্ধত হাত থৈ ক’বলৈ ধৰিলে: “চাব্বাচ….. ! বৰ মহৎ লক্ষ্যহে তোমাৰ। কি নাম বুলি ক’লা তোমাৰ ?”
: “অপু, শ্ৰীঅপু দলৈ”।
: ঘৰ ক’ত তোমাৰ?
: ……………….।
: তোমাৰ ছীট পৰীক্ষাৰ ৰোল নম্বৰ কিমান?
: দ্বিতীয়।
: খুবেই ভাল কথা। বছৰকীয়া পৰীক্ষাৰ ফলাফলত তোমাৰ ৰোল নম্বৰ এক হোৱাটো বিচাৰোঁ। তুমি এতিয়াৰ পৰাই ভালকৈ পঢ়া আৰু জীৱনৰ লক্ষ্যত উপনীত হ’বলৈ নিজকে তৈয়াৰ কৰা। (জীৱনৰ লক্ষ্যৰ বাবে কি তৈয়াৰ কৰিব লাগে অমুকাই কিন্তু অলপো জনা নাছিলোঁ।) হঠাতে তেখেতে সুধিলে: “আচ্চা, তুমি মুখ্যমন্ত্ৰী হ’লে কি কি কৰিবা?” তেতিয়া মই কি ক’ম বুজিব পৰা নাছিলোঁ যদিও ক’লোঁ,“স্কুল সজাম, ৰাস্তা নিৰ্মাণ কৰাম, দলং নিৰ্মাণ কৰাম আৰু …….” আৰু বুলি কৈ মই ৰৈ যোৱাত তেখেতে সুধিলে,“আৰু কি?”
:আৰু…. আৰু গাঁৱত বিজুলী আৰু টিভি দিম।
:টিভি কিহৰ বাবে দিবা?
:বাতৰি আৰু ৰামাযণ চাবলৈ। – মোৰ কথা শুনি ছাৰৰ সৈতে শ্ৰেণীৰ লগৰবোৰেও অট্টহাস্য কৰি হাঁহি উঠিল।(সেই সময়ত টিভিত ৰামায়ণ দি আছিলদেই আৰু আমি বেলেগ এখন গাঁৱত প্ৰায় তিনি কিলোমিটাৰমান আঁতৰৰ গাঁও এখনত সৰু-ডাঙৰ সকলোৱে মিলি দেওবাৰে দেওবাৰে ৰামায়ণ চাবলৈ গৈছিলোঁ।)
যাহক, সেই তেতিয়াৰ পৰাই স্কুলত মোৰ নাম প্ৰচাৰ হৈ পৰিল “মুখ্যমন্ত্ৰী” ….. ঐ মুখ্যমন্ত্ৰী ইফালে আহচোন, সেয়া চোৱা মুখ্যমন্ত্ৰী আহি আছে …. ইত্যাদি ইত্যাদি।
মুখ্যমন্ত্ৰী হ’বলৈ ইচ্ছা কৰা কাৰণো আছিল।
অসমত প্ৰথমবাৰ “অসম গণ পৰিষদ” দলে চৰকাৰ গঠন কৰাৰ সময়ৰ কথা। এদিন জানিবলৈ পালোঁ যে আমাৰ ঘৰৰ পৰা চাৰি কিলোমিটাৰ আঁতৰৰ সৰু চহৰখনলৈ মুখ্যমন্ত্ৰী আহিব। ময়ো যাবলৈ বিচৰাত পিতায়ে লগত লৈ গ’ল। গৈ দেখোঁ, সভাস্থলীত মানুহৰে গিজগিজাই আছে। সেয়ে পিতায়ে মোক তেখতৰ কান্ধত উঠাই লৈ সভাৰ মাজত থিয় দিলেগৈ। মানুহ অনুযায়ী চকী নোহোৱাত আমি আঁতৰতে থাকিবলগীয়া হ’ল।  এটি নিৰ্দিষ্ট সময়ত মুখ্যমন্ত্ৰীদেৱ আহিল। অহাৰ মাত্ৰকে জয় ধ্বনিৰে সভাস্থলী মুখৰিত হৈ উঠিল। আৰু কিমান যে ক্লিক ক্লিক কৈ কেমেৰাবোৰ চিকমিক বিজুলিৰে শব্দ কৰি উঠিল। যাহক, তেখেতৰ মিটিং শেষ হোৱাত পিতাইৰ সৈতে ঘৰলৈ বুলি উভতিলোঁ। ৰাস্তাত আহি থাকোঁতে পিতায়ে মোক ক’বলৈ ধৰিলে,“দেখিলি বাবা, এইবোৰ মানুহে কিমান আদৰ–সাদৰ পায়……. সিহঁতৰ বাবে কিমান জয়ধ্বনি আদৰণি…। তয়ো ডাঙৰ হ’লে ডাঙৰ মানুহ হ’বিদেই!” বচ্……. সেই তেতিয়াৰ পৰাই মোৰ মূৰত মুখ্যমন্ত্ৰী ভূতটোয়ে লম্ভিলে। আৰু মোৰ জীৱনৰ লক্ষ্য হৈ পৰিল – “অসমৰ মুখ্যমন্ত্ৰী”।
 
 
লক্ষ্য :২
চায়ে চায়ে চায়ে……. এই ৰুটি–চবজি, ৰুটি–চবজি…… পানী বটল, পানী বটল…….. ইত্যাদি ইত্যাদি কোৰ্হালত চকা–মকাকৈ ভাৱনাৰ মাজৰ পৰা সাৰ পালোঁ। বাহিৰলৈ জুমি চাই গম পালোঁ “ৰঙিয়া জংচন”। অৰ্থাৎ ঘৰৰ পৰা গাড়ীৰে তিনি ঘণ্টাৰ বাট আঁতৰলৈ আহিলোঁ।
“অপু, চাহ একাপ একাপ কৈ খাও দে।” নতুনকৈ মোৰ লগতে ভৰ্তি হোৱা দিগন্তই প্ৰস্তাৱ আগবঢ়ালে।
“ও….. খাব পৰা যায়। কিন্তু চাৰে গালি দিয়ে যদি!”(আমি নতুনকৈ ভৰ্তি হৈ অহা ল’ৰা ৪০জনক মোছাল হাবিলদাৰ এজনে প্ৰশিক্ষণ কেন্দ্ৰলৈ লৈ গৈ আছিল। আৰু আমাক বাৰে বাৰে আদেশসূচক পৰামৰ্শ দিছিল যে ৰেল ষ্টেচন আৰু অচিনাকী মানুহৰ পৰা কোনো বস্তু নাখাবলৈ। ) সেয়ে মই তেনেকৈ দিগন্তক কৈছিলোঁ। যাহক, লগৰ দুজনমানে খোৱা দেখি আমি দুয়ো চাহ দুকাপ ল’লোঁ। তেনেতে লগৰে বিকাশ আগবাঢ়ি আহিল আমাৰ ওচৰলৈ আৰু ক’লে –
“অপু, মই লক্ষ্য কৰি আহিছোঁ, ৰেলত উঠাৰে পৰা তই ভাবত বিভোৰ হৈ আহিছ! কি কথা।  হাঁহি–মাতি আমাৰ লগত ধেমালিও কৰা নাই?”
“নাই অ’! অসমখন পাৰ নোহোৱালৈকে অলপ অসমখনকে চাই যাম বুলি ভাবিছোঁ।” তাক মিছাকৈয়ে ক’লোঁ। মই যে ঘৰৰ পৰা আঁতৰি আহিবলৈ পাই মনৰ দুখতে স্মৃতি মানসত আত্মবিভোৰ হৈ আছোঁ সেয়া নক’লোঁ। ৰেল যাত্ৰাৰ পথত লগৰবোৰৰ সৈতে এনেকৈয়ে দুই-এটা ভাৱ বিনিময় কৰাৰ পাছত মই আকৌ অতীতত সোমাই পৰিলোঁ।
 
একাদশ শ্ৰেণী। কলেজ ইলেকচনৰ সময়। মেট্ৰিকত উত্তীৰ্ণ হৈ একাদশলৈকে একেলগে পঢ়ি অহা লগৰ বন্ধু–বান্ধৱীসকলে মোলৈ প্ৰস্তাৱ আগবঢ়ালে, “কলেজৰ ছাত্ৰ একতাৰ সাধৰণ সম্পাদকৰ পদৰ বাবে তয়ো থিয় হ’। হায়াৰ চেকেণ্ডাৰীত কৰি অহাৰ অভিজ্ঞতাকণ আছেয়ে তোৰ”। ইত্যাদি ইত্যাদি। (অমুকাই ক্লাচ নাইনতো হায়াৰ ছেকেণ্ডাৰীৰ ছাত্ৰ একতাৰ সাধাৰণ সম্পাদক হৈছিলোঁদেই।) মই বাধা দিয়াৰ পাছতো সিহঁতে মোক পাৰ্যমানে সহায় কৰাৰ প্ৰতিশ্ৰুতিৰে জোৰকৈ সাধাৰণ সম্পাদক পদৰ বাবে থিয় কৰালে। বচ্ …! গাঁৱে–ভূঞে এম.এল.এসকলে ভোট ভিক্ষা মাগি ফুৰাৰ দৰে ময়ো কলেজৰ ক্লাছে ক্লাছে নমস্কাৰ কৰি ভোট ভিক্ষা মাগি ফুৰিলোঁ। তেনেতে এদিন ঘটনা এটা ঘটিল। ছিনিয়ৰ দাদাকেইজন মানে মোক অকলে পাই ধমকি দিলে। ময়ো সিহঁতৰ ধমকিলৈ কেৰেপ নকৰি ক’লো,“চাওঁক দাদা। মই এই কলেজত একেবাৰে নতুন। যদি আপোনালোকৰ প্ৰাৰ্থী সেই দাদাজনক (মই তেতিয়ালৈকে তেওঁলোকৰ প্ৰাৰ্থীজনৰ নাম জনা নাছিলোঁ।) এই কলেজৰ ছাত্ৰ–ছাত্ৰীসকলে বিচাৰে আৰু ভাল পায় নিশ্চয় তেখেতকে ভোটতো দিব। মোক কোনেও ভোট নিদিলেও হ’ব। মোৰ হৰা–জিকাক লৈ কোনো মতলব নাই।” তেনেকৈ কৈ মই তেওঁলোকৰ ওচৰৰ পৰা গুচি আহিলোঁ।
এই কথাখিনি মই লগৰকেইজনক কোৱাত মোক তেতিয়াৰ পৰা অকলে এৰি নিদিয়া হ’ল। ঘৰলৈকে থব আৰু নিবও অহা হ’ল।
 
যাহক, সেই নিৰ্দিষ্ট দিনটো আহিল। আৰু এজন এজন কৈ ভোট দি গ’ল। এটা কোণত থিয় হৈ যিয়ে ভোট দিবলৈ যায় সকলোকে নমস্কাৰ কৰি ক’বলৈ ধৰিলোঁ,“অলপ চাব আৰু দাদা…. চাব আৰু বাইদেউ…. চাব আক’ অমুক–তমুক…..”। তাৰ মাজতে দুই এজনী ছিনিয়ৰ বাইদেৱে কৈছিল – “তোমাক দিলে কি খুৱাবা?”
“খুৱাব–দিব একো নোৱাৰিম বাইদেউ। আপোনালোকৰ লগত থাকি মোৰ ক্ষমতাৰে মুঠেই কলেজৰ সংবিধানৰ মতে কামবোৰ কৰিব পাৰিম।”
……………………………
 
তাৰ পাছত  সেই অপেক্ষাৰ দিনটোৰ  ফলাফল ওলাল। তিনিজন প্ৰতিনিধিত্বৰ পৰা বিপুল ভোটত মই জয়ী হ’লো। জয় ধ্বনিৰে লগৰবোৰে আকাশ মুখৰিত কৰি তুলি মোক স্বাগতম জনালে আৰু কান্ধত উঠাই লৈ ঘূৰাই ফূৰাবলৈ ধৰিলে। তেওঁলোকৰ মৰম-চেনেহত আৰু সহযোগিতাত সেইদিনা মই আনন্দতে কান্দি দিছিলোঁ।
……………………….
দিনবোৰ পাৰ হৈছিল। কলেজৰ কিছুমান কাম আৰু মেটিঙৰ বাবে ঘৰলৈ আহোঁতে প্ৰায় পলম হৈছিল। আগৰ দৰে পিতাইক ঘৰুৱা কামবোৰত সহায় কৰিব নোৱাৰিছিলোগৈ। আৰু এদিন…….
“হেৰৌ! তোৰ ছাত্ৰ নেতাগিৰিৰে ঘৰখন নচলে নহয়। ঘৰৰ ভিতৰতে ডাঙৰ ল’ৰা হৈ তয়ে যদি পিতাৰক অলপো সহায় নকৰ, তেন্তে কোনে কৰিব। পিতায়েৰে খৰি বিক্ৰী কৰি আৰু সৰু-সুৰা খেতি কৰি কিমানদিন ঘৰখন চলাব। দেখা নাই, গাঁৱৰ তোৰ লগৰবোৰে কেনেকৈ ফৌজলৈ গৈ চাকৰি কৰিব ধৰিছে। তয়োতো দুই-এটা ইণ্টাৰভিউ দি চাব পাৰ। কলেজৰ ছাত্ৰ সম্পাদক–চম্পাদক আমাৰ নিচিনা ঘৰৰ বাবে নহয়। আমাৰ বাবে এটায়ে ডাঙৰ চিন্তা কেনেকৈ ভাতমুঠি যোগাৰ হয়”-এদিন ডাঙৰ ভিনিদেউৱে আহোঁতে মোক তেনেকৈ বুজাবলৈ ধৰিলে। আৰু সেইদিনাই মোৰ জীৱন সলনি কৰি দিলে বুলি ক’ব পাৰে।
 
গতিকে হায়াৰ ছেকেণ্ডাৰীত ছেকেণ্ড ইয়াৰত পঢ়ি থাকোঁতেই ইণ্টাৰভিউ দিবলৈ ধৰিলোঁ। মোৰ প্ৰথম ইণ্টাৰভিউ আছিল “অসম পুলিছ”ৰ কনিষ্ঠবলৰ পদত। উত্তীৰ্ণ হৈছিলোঁ। ভাল লাগিছিল অন্ততঃ কিবা এটা কৰি ঘৰখনক সকাহ দিব পাৰিম। কিন্তু যেতিয়া appointment দিবৰ সময় হ’ল তেতিয়াহে গ’ম পালোঁ যে মোৰ চাকৰি নহ’ব। কাৰণ মন্ত্ৰী- আমোলাক লগ কৰি সিহঁতৰ জেপ পূৰ্ণ কৰিব নোৱাৰিলোঁ। গতিকে অসম পুলিছৰ চাকৰিৰে ঘৰখনক পোহ-পাল দিয়াৰ আশা–কল্পনা সিমানতে অন্ত হ’ল। তাৰ কেইটামান দিনৰ পাছতে সেনাত ইণ্টাৰভিউ দিলোঁ আৰু একে কোবতে বাছনিও হ’লোঁ। যিদিনাই বাছনি হ’লোঁ সেইদিনাই স্কুল–কলেজৰ অৰজিনেল প্ৰমাণ পত্ৰ ৰাখি থলে আৰু ক’লে যে অমুক তাৰিখে অমুকত জইন কৰিবলৈ আহিবা। আৰু ইমান দিনৰ ভিতৰতে তোমালোকৰ এপইণ্টমেণ্ট গৈ পাব। সঁচাকে এমাহৰ ভিতৰত মোৰ এপইণ্টমেণ্ট ঘৰত আহি হাজিৰ আৰু তেতিয়া ঘৰখনৰ কিমান যে ফূৰ্তি – আনন্দ ভাষাৰে মই বুজাব নোৱাৰিম। সেইদিনা মা-পিতাই আৰু বাই–ভাইৰহঁতৰ মুখত হাঁহি বিৰিঙিয়াবলৈ পাই ময়ো নথৈ আনন্দিত হৈছিলোঁ। ( আগলৈ )
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments