জীৱনৰ নাটক (-উদ্দীপ তালুকদাৰ)

(১)
১৮ এপ্ৰিল ১৯৩০ চনৰ ঘটনা। বিবিচিৰ সন্ধিয়াৰ চাৰে-ছয় বজাৰ বাতৰিঃ

“Good evening. Today is Good Friday. There is no news.” বাতৰি নাই কাৰণে ইয়াৰ পাছত দহ মিনিট ৰাইজক লঘূ পিয়ানো সংগীত শুনোৱা হ’ল।

যিকোনো দিন, ২০১২ চন, অসমৰ যিকোনো চেনেল।

“Good evening. আজি অমুকে তমুকক গাধ বুলি কোৱাৰ কাৰণে ভহুকে জিকাৰি খাই উঠি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। আমাৰ সংবাদদাতাৰ এক প্ৰতিবেদন। “ভহুক আপুনি কওকচোন, আপোনালোকে কিয় অৱৰোধ কৰিছে। অমুকে তমুকক গাধ বুলি কৈছে। যি আমাৰ বাবে এক অপমান। আমাৰ দাবী চৰকাৰে মানিবই লাগিব।” বাৰু, এতিয়া তমুক, “তমুক, আপোনাক অমুকে গাধ বুলি কেতিয়া কৈছিল আৰু কিয় কৈছিল? কেতিয়া কৈছিল মই নাজানো। কাৰণ মই নিজে কাণে শুনা নাই। মোক ভহুকে কৈছে যে অমুকে মোক গাধ বুলি কৈছে।” তেন্তে অমুককে লগ ধৰা যাওঁক, “অমুক, আপুনি তমুকক গাধ বুলি কিয় কৈছিল? “এএএএএ” মানে কিয় গাধ বুলি গৈছিল, ‘সেসেসেসে’। অমুকৰ পত্নীয়ে কান্দি কান্দি ক’লে, যোৱাবছৰৰ অমুকৰ অপাৰেচন কৰোৱাৰ পাছত মাত নোলোৱা হ’ল। মাত থাকিলে অকল গাধই নহয় আৰু বহুত কিবা কিবি ক’লেহেঁতেন।” গতিকে ৰাইজ দেখিলেনে আমি পোৱা নিউজ এটা ভুল বুলি প্ৰমাণিত হ’ল, আমিও কিন্তু মানি নলওঁ, আমি ধৰিমগৈ সেইজন ডাক্তৰৰ মুখা-পিন্ধা কচাইক যিয়ে অপাৰেচন কৰি অমুকৰ মাত নোহোৱা কৰিলে। নহ’লে অমুকে তমুকক গাধ বুলিলেহেঁতেন, আৰু ভহুকে তাৰ কাৰণে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিলেহেঁতেন। কিন্তু ডাক্তৰজনৰ বাবেই আমাৰ আজি নো নিউজ। সেয়ে আধাঘণ্টাৰ পাছত চাবলৈ নাপাহৰিব। আমি দেখুৱাম সেই নৰাধম, মুখা পিন্ধা ডাক্তৰজনক। টিভিৰ আগৰপৰা নুঠিব, নিউজ নাথাকিলে আমি বনাই দিম। প্লিজ, প্লিজ, প্লিজ নুঠিব। বা উঠক, কিন্তু চেনেলটো নবদলাব। অন্যথা আপুনিও কোনোবা দিনা আমাৰ নিউজ বনি যাব পাৰে। এতিয়া খন্তেক বিৰতি! বিৰতিৰ পাছত আৰু পাব বনোৱা খবৰ। কাৰণ আজি no news.”
(২)
‎এনেয়ে কিবা-কিবি
অসমীয়াত কথা-বতৰা, অসমীয়া ৱিকিপিডিয়া, আৰু শব্দ- এই তিনিওটা ফেচবুকত চলি থকা আৰু মোৰ দৃঢ়-বিশ্বাস যোগাত্মক মনোভাৱেৰে কাম কৰি থকা তিনিটা গোট। আৰু কেবাটাও আছে, কিন্তু সেইকেইটাৰ লগত বেছি ওতপ্ৰোতভাৱে জড়িত নহয় বাবেহে নাম লোৱা নাই, কিন্তু মই ক’ব খোজা সমস্যাটো কিজানি তেওঁলোকেও অনুভৱ কৰিছে।। যোৱাটো মাহত এই তিনিওটা গোটতে সদস্যৰ অৱদান কমি গৈছে। অকব-ত সাহিত্যৰ বাবে চব লেখনী অহা নাই বুলি সম্পাদকে কেইদিনমান আগতে আপত্তি কৰিছে। অসমীয়া ৱিকিপিডিয়াত যোৱাটো মাহত সম্পাদনাৰ সংখ্যা সৰ্বনিম্ন, দিনটোত দহটামানহে সম্পাদনা হয়। যোৱামাহলৈ কিন্তু দিনটোত দুশ-তিনিশ সম্পাদনা হৈছিল।। শব্দত যোৱা সপ্তাহৰ সক্ৰিয় অৱদানকাৰী মাত্ৰ চাৰিজন!

গৰম অলপ বাঢ়িছে। কিছূমানে গৰমৰ বন্ধ পাই হয়তো অলপ জিৰণি লৈছে। তথাপি ইমান কম অৱদান হ’ব নালাগিছিল। আঁৰত কি কাৰণ থাকিব পাৰে? ভাবি ভাবি এটাকেই পালোঁ। সেই যে জি.এছ.ৰোড, বিটিএডি এলেকাত সংঘৰ্ষ আদিয়ে বোধকৰোঁ চবৰে মনৰ এচুকত এটা হতাশাবোধৰ সৃষ্টি কৰিছে। খোৱা-শোৱা আৰু পেছাৰ বাহিৰে আন সকলো মংগলজনক কামত লাগিবলৈও মানুহক এটা incentive লাগে। এই গোটৰ বা শব্দ বা ৱিকিপিডিয়াৰ এই incentive এটা মাত্ৰ ভাল-লগাৰ অনুভৱ। নিজৰ ভাষাটোৰ, জাতিটোৰ বাবে আমি সৰু একোটা অৱদান আগবঢ়াইছোঁ, এইখিনি সন্তুষ্টিয়েই এনে কামবোৰৰ বাবে আমাক উৎসাহ দিয়ে। কিন্তু জি.এছ.ৰোড, কোকৰাঝাৰ আদিয়ে মনৰ গভীৰত এটা সংকটৰ জন্ম দিয়ে। যিটো উৎসাহত, যিটো উদ্দেশ্যত আমি কামখিনি কৰিছোঁ, সেইখিনি অপ্ৰয়োজনীয় যেন লাগে। আনৰ কথা নাজানো, মোৰ নিজৰ কিন্তু এই অৱস্থাটো হৈছে। ভালকৈ চাবলৈ গ’লে জি.এছ. ৰোড, বা কোকৰাঝাৰে মোক পোনপটীয়াকৈ একো নকৰে, সেয়ে ঠিক হতাশ হোৱাৰ কাৰণ নাই যেন লাগে। কিন্তু ঠিক একেদৰেই ভালকৈ চাবলৈ গ’লে অকব বা ৱিকিপিডিয়া-ত যি অকণমান কাম কৰোঁ সেইখিনিয়েও মোক ব্যক্তিগত ভাৱে সহায় নকৰে। কিন্তু এই সমস্যাবোৰে নিজৰ মানুহ, নিজৰ জাতিটোৰ বিষয়ে এনে কিছুমান প্ৰতিচ্ছবি তৈয়াৰ কৰি যায় যে আমি ভাবিবলৈ বাধ্য হওঁ, এইবিলাকত জড়িত হোৱাটো পণ্ডশ্ৰমহে নেকি?

এতিয়াও বিশ্বাস আছে যে অকব, শব্দ আৰু অসমীয়া ৱিকিপিডিয়া এদিন অসমীয়াৰ (এই শব্দটোও বৰ ভয়লগা হৈ আহিছে) বাবে লেখত লবলগীয়া অনুষ্ঠান হিচাপে গঢ় লৈ উঠিব। কিন্তু টিভি চেনেল, বাতৰি-কাকত আৰু আৰু কিছুমান ‘অসমীয়া’ই (ৰাজনীতিকসকলক মই বাদেই দি থৈছোঁ) যিটো আৰম্ভ কৰিছে, এই বিশ্বাস আৰু বেছিদিন থাকিব যেন লগা নাই।

কোকৰাঝাৰ মোটামুটি শান্ত, জি.এছ.ৰোড তল পৰিল। অলপ মন বান্ধি আনিছিলোঁ, কিন্তু এইবাৰ জিস্ম-২!! ফাল্টুমি, অবোধতা, মুঢ়তাৰ এটা সীমা থকা উচিত! খং উঠিছে সঁচাকৈয়ে। সেইবাবেই জিস্ম-২ সম্পৰ্কীয় পোষ্টটোত খঙতে কিবাকিবি লিখি দিলোঁ।

শেষত এই হতাশাবোধৰপৰা পৰিত্ৰাণৰ উপায় এটা দি শেষ কৰিব পাৰিব লাগিছিল। কিন্তু চৰম দুৰ্ভাগ্যৰ কথা এইটোহে যে ‘মই নাজানো’। মাত্ৰ এটা উপায়েই পাইছোঁ। আমাৰ মূলকৰপৰা গণতন্ত্ৰ, বাক-স্বাধীনতা, মুক্ত চিন্তা আদি আধুনিক ধাৰণাবিলাক উঠাই দিব লাগে, আৰু তাৰ ঠাইত কোনোবা ডিক্টেটৰ এজনৰ হাতত দহবছৰ মান এৰি দিব লাগে, যিয়ে এটা ওভোটা কথা ক’লেই গুলীয়াব, চিনেমাখনত ৰাজনীতিকক বেয়া ধৰণে দেখুৱালে ৰিলিজেই দিব নিদিব, সংবাদ-পত্ৰ প্ৰতিটো সংবাদৰ প্ৰতিটো শব্দ পঢ়ি চাইহে প্ৰকাশৰ বাবে মঞ্জুৰ কৰিব। তেতিয়াহে কিজানি আমাৰ ৰাইজে বুজিব বাক-স্বাধীনতা, মৌলিক অধিকাৰ, মুক্ত চিন্তা আদিৰ গুৰুত্ব কিমান। (শেষত গৈ খঙটো গণতন্ত্ৰৰ ওপৰতহে উঠিল দেখোন! ৰাজনীতিক এৰি যাব নোৱাৰিলোঁ।)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments