জীৱনৰ নাটঘৰত (-সুব্ৰত গগৈ)

(১)
পুৰিয়া পুৰাণ
The cow is a four footed domestic animal.
এনেদৰেই আৰম্ভ হৈছিল ৰচনাখন।

ষষ্ঠমানৰ কথা। ইংৰাজীৰ পৰীক্ষা।
ৰচনাখন মুখস্থ হ’ল, কিন্তু বাৰে বাৰে পাহৰি যাওঁ। কি কৰা যায়? আগৰ পৰীক্ষাত ওচৰৰ বেঞ্চত বহা ডাঙৰ শ্রেনীৰ দাদা কেইজনমানক পুৰীয়া অনা দেখিছিলোঁ। ভাবিলোঁ তাকে কৰা যাওক। কথা মতেই কাম। A4 জোখৰ কাগজ এখনত ডাঙৰ আখৰেৰে THE COW খন লিখি ললো। বাওঁ পকেটত সেইখন ভৰাই পৰীক্ষাগৃহত পদার্পণ কৰিলো। প্রশ্নকাকতখন লুটিয়াই দেখিলো যে THE COW খন আহিছে। গতিকে লিখিব লাগিল। দুঘন্টাৰ পাছত ৰচনা লিখাৰ সময়। গার্ডজন ঘূৰি আছে। লাহেকৈ কাগজখন উলিয়াই ললোঁ। পিছে সাহসে নুকুলালে। বাওঁ পকেটৰ পৰা উলিওৱা কাগজখিলা সোঁ পকেটত সুমাই থলোঁ। তেনেদৰেই পুৰীয়া পুৰাণৰ প্রথম আধ্যা সমাপ্ত ঘটিল।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত মোৰ কাষত বহাজনে সদায় জাপে-জাপে Master’s Suggestionৰ পাত ফালি লৈ আনে। পৰীক্ষাত পুৰীয়া মাৰিবৰ বাবে। সমাজ অধ্যয়নৰ পৰীক্ষাৰ দিনা তেখেতে কিনো লিখিছে বুলি এবাৰ জুমি চাওঁতে এনেদৰে লিখা দেখিলো

৫ নং প্রঃ উঃ …….. ১১ নং উত্তৰ চোৱা।

মানে Master’s suggestion’ত প্রশ্নটোৰ উত্তৰত যেনেদৰে ১১ নং উত্তৰ চাবলৈ লিখা আছিল, আমাৰ মহাশয়েও তাকেই পৰীক্ষাবহীত লিখি দিলে।

উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা আহিল। নতুন বুদ্ধি এটা উলিওৱা হ’ল। আছল ADMIT CARDখন ঘৰত থৈ ফটোকপ এখন কৰি পৰীক্ষাগৃহলৈ লৈ যাওঁ। ADMIT CARDখনৰ পাছফালে সৰু সৰু আখৰেৰে নিয়মবোৰ লিখা থাকে। তাৰে সুবিধা লৈ সেই আখৰৰ ফাঁকে ফাঁকে লিড্ পেঞ্চিলেৰে পাতল পাতলকৈ মনত ৰাখিব নোৱাৰা কথাবোৰ লিখি লৈ যাওঁ। ওচৰৰ পৰা নাচালে মনিব নোৱাৰি। গতিকে অবাধ স্বাধীনতাৰে গার্ডৰ সন্মুখতে ADMIT CARDখনৰ পৰা চাই চাই পৰীক্ষাত উত্তৰ লিখি থাকোঁ।

উচ্চশিক্ষা আৰম্ভ হ’ল। তাত এনেদৰে ADMIT CARDৰ পাছফালে সৰু সৰু আখৰৰ নিয়ম লিখা নাছিল। লগতে পকেটত সাধাৰণ কাগজটো বাদেই, পইচা আদি থাকিলেও পৰীক্ষাগৃহৰ পৰা গতিকে নতুন বুদ্ধি। বেল্টৰ তলত সৰু সৰু কাগজত পইণ্ট বোৰ লিখি লৈ যাওঁ। একদম হিচাপ থাকে। যেনে এক নং বেল্টগার্ডৰ পৰা দুই নং বেল্টগার্ডৰ মাজত প্রথম ইউনিটৰ পুৰীয়া। বেল্টৰ তলত পুৰীয়া থাকিব পাৰে বুলি গার্ডে ভাবিবও নোৱাৰে। গতিকে হিচাপ মতে আঙুলি ভৰালেই হ’ল … পুৰীয়া ওলাই আহে।

(২)
অসমীয়াৰ সংজ্ঞা
যোৱা দেওবাৰৰ কথা … মজাচে ব্রেকফাস্টটো কৰি বেলকনিত বহিছো পেপাৰ দুখন লৈ … হেডলাইনকেইটা শেষ কৰি এটা বৰ ইন্টাৰেষ্টিং আৰ্টিকল পঢ়ি আছো । বিষয় অসমীয়াৰ সংজ্ঞা । একেখিনি কথাকে পেঘেনীয়াই আছে যদিও বিষয়বস্তুৰ উপস্থাপন সুন্দৰ । বহু তুলনা উপমা তথা বিভিন্ন জাতীয় সংগঠনৰ বিয়াগোম ব্যক্তিসকলৰ উক্তি উদ্ধৃতিৰে ভৰাই লেখকে নিজা যুক্তি তৰ্কেৰেও আপ্রাণ চেষ্টা কৰিছে সৰ্বজনগৃহিত “অসমীয়াৰ সংজ্ঞা” এটাৰ সূত্র উদ্ভাৱ্ন কৰিবলৈ । নাই, কোনোমতে পৰা নাই । শেষত চিৰাচৰিত প্র্থাৰে উত্তৰটো ৰাইজলৈ এৰিলে “এই বিতৰ্কিত বিষয়টোত আলোচনাৰ যথেষ্ঠ থল আছে । আপোনালোকেও অলপ চিন্তা-চৰ্চা কৰকছোন” বুলি … ময়ো লাগি গলোঁ… অসমীয়া কাক বোলে ? অসমত বসবাস কৰা ? ওহু নহয় । অসমীয়া কথা কোৱা ? নাই নহয় । তেন্তে কি ? ধেত.. কাম ধান্দা নাই আৰু এই ফাল্টু কথাবিলাক চিন্তা কৰি চানদেটো পানী কৰিবলৈ … ইংৰাজী পেপাৰখন পঢ়াই ভাল … মিয়াও মিয়াও.. ৰাঙলু আহি মোৰ কোলাতে বহিলহি… লাহেকে এফালে নোমল আৰু আনফালে বগী .. জুনিয়ৰ আগৰ পৰাই নেগুৰডাল লৰাই লৰাই তাৰ গৰাকীৰ ওচৰত । সপ্তাহৰ এদিন কুকুৰ মেকুৰী কেইটাইও ছাগৈ মোৰ সংগ বিচাৰে ।

এনেতে দেখো মানুহ দুটাই গে’টৰ সন্মুখত চুচুক-চামাক কৰি আছে । চিঞৰিলোঁ “কি লাগে” ? দুবাৰমান আকৌ চিঞৰাৰ পিছতো একো উত্তৰ নোপোৱাত এইবাৰ তলত থকা শ্রীমতীক চিঞৰিলোঁ ‘হেৰা চোৱাছোন, সেইকিটাক কি লাগে ?” এইবোৰৰ পৰা আজিকালি বৰ ভয়, ইহতি হেনো দিনত ঘৰ চৰ চাই যায় আৰু ৰাতি হলে হামলা দিয়ে। শ্রীমতীয়ে আকাৰে ইংগিতে কিবা কথা পতা দেখিলোঁ ; তাৰ পিছত ক’লে ‘হাজিৰা কৰা মানুহ’ । বাৰিষাৰ বতৰত বাৰীখন একদম হাবি হৈ আছে । কৰদৈ আৰু আটলচ জোপাৰ তললৈ যাবকে নোৱাৰি । কঁৱাটোৰ পাৰলৈ যাবলে ভয়েই লাগে । কলো “দিয়া, কামত লগাই দিয়া । কিন্তু এটাকহে কাম দিম ।’’ নাই সিহঁতি নামানে, কৰিলে দুইটাই একেলগে কৰিব । আও, দেখিছানে সিহতৰ একতাটো । এইবাৰ মই নামি যোৱাই ঠিক কৰিলোঁ … দম এটা দিওঁ বেটাহঁতক বুলি । ভালকে চাই দেখো লুঙি পৰিহিত ২২-২৪ বছৰীয়া দুটা লৰা ..হাতত একোখনকৈ দা । “হেই, মই দুটাক কাম কৰাব নোৱাৰোঁ । এইকণ বাৰী, তহঁত দুটাই কি কৰিবি ?” সিহতে কিবা কলে যদিও মই নুবুজিলোঁ। মাত্র ‘নাই’ বুলি কিবা এটা বুজিলোঁ । আকৌ সুধিলো “কিমান লবি হাজিৰা”? .. সিহতে তপৰাই দেখুৱালে ৭০০ টকা । “ঐ পাগল হৈছ নেকি ? বন কেইডালমান উভালিবলৈ ৭০০ টকা । যা.. ফুট” … এইবুলি উভতি শ্রীমতীক কলো “ তুমিয়েই দাম দৰ কৰা, এটাই কৰক বা দুটাই কৰক ৩০০ টকাতকৈ বেছি নিদিবা” । আচলতে মই এনেধৰণৰ কামত তেনেই কেঁচা ; তিঙিচকৈ খংটো উঠিয়েই আহে । শ্রীমতী ওস্তাদ, বাৰীখনো প্রকৃততে তেওঁৰেই । গছ-গছনি ৰোৱাৰ পৰা আপদাল কৰালৈকে সকলো তেওঁয়েই কৰে । মই এনেয়েই ফাওতে ।

চ’ বেক টু মাই চান্ডে ম’ৰ্ণিং ফিয়েস্টা ৱব লেইজাৰলি ৰিডিং বুলি ওপৰলৈ খোজ দিলোঁ । “হা, এই কিটাই কি ক’লে মই এটা শব্দও নুবুজিলো । কেনেকে হ’ব পাৰে”? খন্তেক সময় তভক মাৰি ৰলো … আৰু হঠাতে ইউৰেকা ইউৰেকা বুলি চিঞৰিব ধৰিলো । পালো পালো সংজ্ঞা পালো, অসমীয়াৰ সংজ্ঞা । ইতিমধ্যে মোৰ চিঞৰ শুনি শ্রীমতীও দৌৰি আহি কাষ পালে ‘কি পগলাৰ নিচিনা চিঞৰিছে”? মই কোৱাত তেওঁও বৰ আগ্রহেৰে শুধিলে “কওকছোন তেন্তে” । মই কবলৈ ধৰিলো … “এটা যুগান্তকাৰি অসমীয়াৰ সংজ্ঞাৰ সৃষ্টি হৈছে… অসমত বসবাস কৰা প্র্তিজন মানুহেই অসমীয়া যদি তেওঁ ভাৰতীয় সংবিধান স্বীকৃত যিকোনো এটা ভাষা সাবলীলকৈ ক’ব পাৰে । অৰ্থাৎ তেওঁ ভাৰতীয় নাগৰিক।’’

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments