জীৱনৰ বাটে-ঘাটে – হিমাংশু ভাগৱতী

ল’ৰাজনৰ বাওঁহাতৰ আঙুলিৰে সৈতে তলুৱাখন বেয়াকৈ জ্বলি গৈছে৷ এনে ধৰণে জ্বলি যোৱাৰ পিছত চিঞৰি থাকিব লাগিছিল নিয়ম মতে৷ একদম চুপ চাপ আছে, উফ্ আফ্ কৰা নাই৷ আজিকালি বিভিন্ন ধৰণৰ নিচা লোৱা কৰিছে ল’ৰাবোৰে৷ হঠাতে ইয়াকো তেনে যেন লাগিল৷ একেবাৰে নিৰ্বিকাৰ, ড্ৰেছিং কৰি দিয়া সময়খিনিতো ঘূৰি চোৱা নাই হাতখনলৈ৷ মৰা মাছৰ দৰে চকু, একো কথা নোকোৱা চকু তাৰ৷ চিনি পাওঁ ল’ৰাজনক৷

মোৰ চাকৰিটো ভিতৰুৱা অঞ্চল এটাত৷ চাৰিখন গাঁৱে ঘেৰা অঞ্চল এটাত ঘূৰি ফুৰিব লাগে৷ উপ-স্বাস্থ্য কেন্দ্ৰ এটাত চাকৰি৷ উপ স্বাস্থ্য-কেন্দ্ৰ কিছুমানত আজিকালি CHO বুলি স্বাস্থ্য বিষয়া এজন থাকে৷ সাধাৰণ চিকিৎসা কিছুমান ভালকৈয়ে চলি থাকে৷ আমাৰ উপ স্বাস্থ্য-কেন্দ্ৰটোটো আছে৷

আঠ বছৰ হ’ল ঠাইখনত, প্ৰায়বোৰ মানুহকে চিনি পাওঁ৷ ল’ৰাজনক তেনেকৈয়ে চিনি পোৱা৷ ৰাষ্টাত দেখা পালেই হাঁহিমুখে মাত দিয়ে৷ হায়াৰ ছেকেণ্ডাৰীত ভাল ৰিজাল্ট কৰোতে ঘৰলৈ গৈ ভাতো খাই আহিছিলোঁ, দেউতাকৰ নিমন্ত্ৰণ ৰক্ষা কৰি৷ মাক-দেউতাকে অঞ্চলটোৰে দুখন স্কুলৰ শিক্ষক৷ সম্পৰ্ক এটা গঢ়ি উঠিছে ইতিমধ্যে দেউতাকৰ লগত, চাকৰিৰ ফালৰ পৰাও স্থানীয় স্কুলৰ শিক্ষকসকলৰ লগত যোগাযোগ কৰি থাকিবলগীয়া হয়৷ ভাল লাগে মানুহজনক, শিক্ষকৰ পদত উপযুক্ত মানুহ৷
তেখেতৰে ল’ৰা, গতিকে ভাল চিনাকিয়ে বুলি ক’ব লাগিব৷

ল’ৰাজনৰ বিষয়ে বেয়া ধাৰণা এটা গঢ়ি উঠিল পত্কৈ৷ কিবা নিচাত নাথাকিলে এনে ধৰণে কিয় থাকিব! মাক-দেউতাক হাললৈ দুখো লাগিল৷ ল’ৰাজনে চাগে’ মনে মনে কিবা নিচাজাতীয় দ্ৰব্যৰ পাল্লাত পৰিছে৷ চেহ্, ভাল ল’ৰা আছিল, আজিলৈ বেয়া শুনা নাছিলো একো৷

“কি হৈছে গম নাপাওঁ ভাগৱতীদা৷ সি একো কোৱা নাই৷ দেউতাকহঁত স্কুললৈ গৈছে৷ ঘৰত অকলে আছিল৷ কাষৰ ঘৰৰ ল’ৰা এজনে এনেয়ে যাওঁতে তাক এনেকৈ দেখা পাইহে আমাক মাতিলে৷ আমি লৈ আহিলোঁ৷ দেউতাকহঁতক খবৰ দিয়াইছোঁ, আহি পাব৷” – তাক লৈ অহা এজনে ক’লে প্ৰাথমিক চিকিৎসাখিনি দি থকাৰ সময়তে৷ মই ইংগিতেৰে তাক কথা ক’বলৈ মানা কৰিলো৷ পিছলৈ শুনিম৷

“অলপ পুৰিল বেছিকৈ৷ বেলেগলৈ লৈ যাব লগীয়া নহয় বাৰু৷ প্ৰাথমিকখিনি কৰা হ’ল৷ বেজী এটা সদ্যহতে লিখি দিছোঁ, কিনি আনিব লাগিব৷ আনি দি দিয়াওক সোনকালে৷ বাকী কেইটা ঔষধ ইয়াতে পাব৷” – CHO জনে কাগজখন লগত অহাজনলৈ আগবঢ়াই দিলে৷

“বেজীটো আনি দি যোৱা৷ মই দেউতাকলৈ ফোন কৰি ক’ম, তেখেত অহালৈ থাকক এওঁ ইয়াতে৷” দেউতাকৰ লগত ভাল চিনাকি সূত্ৰে এইখিনি দায়িত্ব নোলোৱাকৈ নোৱাৰি৷ “শুনা, পইছাটো লৈ যোৱা৷” দহ টকাহে দাম বেজিটোৰ, দি পঠালো৷ ল’ৰাজনৰ হাতত পইছা থাকিব যেন নালাগিল৷

বেজীটো আহি পোৱালৈ ল’ৰাটোক পৰ্য্যবেক্ষণ কৰিলো৷ সঁচাকৈ কিবা নিচাত আছে নেকি? আজিকালি বিভিন্ন নিচাযুক্ত টেবলেট খোৱা, নিচা হোৱা ঔষধ খোৱা, ডেনড্ৰাইট শুঙি নিচাত একো ক’ব নোৱৰা হৈ বিভিন্ন কৰ্ম-কাণ্ড কৰি থকা ল’ৰাৰ কাহিনী শুনি থাকো৷ তেনে কিবাই নেকি?

বেজী আনি দি সিটো ল’ৰা যাবলৈ বিচৰা নাছিল৷ হাজাৰ হওক, লগৰে৷ যাবলৈ দিলো তাক৷ মই ইতিমধ্যে দেউতাকক ফোন কৰিছিলো৷ মাষ্টৰে লগৰটোক পঠিয়াই দিবলৈ কৈছিল ঘৰলৈ৷ তেনেকৈ কোৱাত ল’ৰাজন গ’লগৈ৷ মাষ্টৰো আহি পাবহে লাগে৷

ডিউটীত থকা বাইদেউজনীয়ে বেজীটো দি ওলাই গ’ল ৰূমটোৰ পৰা৷ সি আৰু মই ৰূমটোত৷ ল’ৰাটোৱে ফেনখনলৈ চাই আছে৷ উদাস দৃষ্টি৷

“বাওঁহাত নহৈ সোঁহাত হ’লে লিখা-মেলাত অসুবিধা হ’লহেতেঁন৷ তোমাৰ এইকেইদিন কিবা পৰীক্ষা পাতি আছে নেকি?” এনেয়ে সুধি দিলো৷ কি হ’ল জানি লোৱা যাওক৷ কিবা নিচাজাতীয় গ্ৰহণ কৰে যদি অনুমান কৰিব পাৰিম৷

“নাই৷” লাহেকৈ কওঁ-নকওকৈ সিও ক’লে৷

“তুমি দুখ পোৱা নাই অকণো? কষ্ট হোৱা নাই? মানে তোমাক দেখি তেনে লগা নাই৷”

“…..”

মন কৰিলো ল’ৰাটোৰ চকু দুটা চলচলীয়া হৈছে৷

“কষ্ট পাবা কিছুদিন৷ অলপ সাৱধান হৈ চলিব লাগিব৷ এণ্টিবায়োটিক বেজী দিছে৷ সময়ত ল’ব লাগিব৷ দেউতাৰা আহি আছে, আহিলে বুজাই দিম৷ চাল উঠি যাব, পানীজ্বলা সকলোফালে৷”

“…”

কিবা এটা মুখৰ ভিতৰতে ক’লে সি৷ প্ৰথম মোৰ ফালে চাইছে৷ উফ, কি যে সকৰুণ দৃষ্টি৷

“কিবা ক’বা? কেনেকৈ হ’ল কোৱাচোন? ডাক্তৰে সুধি থাকোতেও নক’লা৷”

“চালখন উঠি যাবনে সঁচাকৈ ভাগৱতীদা৷” সি ঘপকৈ সুধি দিলে৷

“হু.. যাব বহুখিনি৷ কেনেকৈ কি হ’ল কোৱাচোন৷ কেনেকৈ পুৰিল?”

“ভালে হ’ব৷ চালখন উঠি গ’লেহে ভাল পাম৷ বাওঁহাতখনতে ধৰিছিল তাই৷ এদিন নহয়, দুই তিনিদিন৷ বাওঁহাতত৷ ভালপোৱা নথকাকৈ ভালপাওঁ বুলি এনেকৈ মিছাকৈ কেনেকৈ স্পৰ্শ কৰিব পাৰে? ঘিণ লাগি গৈছিল মোৰ নিজৰ হাতখনলৈ৷ কিবা যেন ঘিণ লগা কিবা এটা লাগি আছে৷ বাৰ বাৰ চাবোনেৰে ধুলো, ভাবটো নগ’ল৷ গেছত …৷ চালখন উঠি গ’লেহে…..”

ল’ৰাজনে হুকহুকাই কান্দি দিলে এইবাৰ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments