জীৱনৰ ভগ্নাংশ-১ (মৃণালজ্যোতি গোস্বামী)


জীৱনৰ ভগ্নাংশ -১

 

কোঠালিটোৰ দুৱাৰখন খুলিয়েই চকুত পৰিল বেৰত থকা এখন পেইণ্টিং, শান্ত-সমাহিত ৰূপত থকা অমিতাভ৷ লেপটপ খুলি দুজন ডেকা ব্যস্ত জালপঞ্জী পঢ়াত৷ গান এটা বাজি আছে— অ’ মাই শ্লিপিং চাইল্ড, দ্যা ৱল্ড চ’ ৱাইল্ড…

কোঠাটোত থকা টেবুলখন আগুৰি আৰু কেইজনমান ডেকা, সকলো মৌন, কিবা যেন ভাবত বিভোৰ৷ ‘লাইফ এণ্ড আনৰিয়েল ইনচেপাৰেবল, ইফ ইউ বিগিন উইথ লাইফ— ইউ ফাইণ্ড আনৰিয়েলিটি বিহাইণ্ড ইট এণ্ড ভাইচ-ভাৰ্চ’৷ এজনে হঠাৎ কৈ উঠিল৷

এইবাৰ জালুকবাৰীত সোণাৰু বেছিকৈ ফুলিছে৷ চেমিষ্টাৰ হৈ গ’ল বাবে নেকি? আনজনে ক’লে৷

‘সময় নাই কাৰো৷ ভীষণ ব্যস্ত লাইফ৷ তাতে প্ৰায় সকলোৰে হাতে হাতে ইণ্টাৰনেট৷ কোনে ফুল চাই কবিতা লিখিব৷ চাইবাৰ ৱল্ডত ব্যস্ত৷’ মই কলোঁ৷

এজনে লেপটপৰ পৰা মূৰ তুলি ক’লে— বান্দৰ, বান্দৰ; ডাৰউইনৰ বিৱৰ্তন সূত্ৰৰ ৰিভাৰ্চ৷

কোঠালিটোৰ আলমাৰিটোৰ চুকত থকা মুখাটোৱে সন্তৰ্পনে ওলাই আহি বহি ল’লে মাজৰ টেবুলখনত৷ কাঁহ এটা মাৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰি মুখত মিচিকিয়া হাঁহিৰে আৰম্ভ কৰিলে— নহ’বই বা কিয়? দেখা নাই গোলোকীকৰণৰ যুগ৷ ‘দৌৰাদৌৰী জীৱন সলনি কৰাৰ চুক্তি৷’ মোৰ চকুত চকু থৈ চা…

চকুৰ ভিতৰত আন এটা চকু… …নে আন এখন পৃথিৱী৷ দৌৰাদৌৰী… …তাতো একেই! হঠাৎ চকুত পৰিল কিতাপৰ চুক এটাত পিতাই৷ মোক দেখি তেওঁৰ চকু তিৰ্‌বিৰাই উঠিল৷ কেঁকনি এটা মাৰি ক’লে—

—উঁয়ে খোৱা সাঁচিপাতৰ বুকুত মোক আৰু কিমান সামৰি ৰাখিবি? শুবও নোৱাৰোঁ৷ তাতে সকলোতে দেখোন মিছা প্ৰতিশ্ৰুতি, উপেক্ষিত কৰি ৰাখে…

—পিতাই, মোৰ পিঠিখন চা…

— কি হ’ল? এইবোৰ যে ঘাঁ৷ চাওঁ মলম …

— নাই নাই পিতাই৷ লাভ নাই৷ দৌৰিছোঁ, কেৱল দৌৰিছোঁ৷ তহঁতৰ কথাবোৰ এতিয়া কিতাপৰ পাতত, তাকো উঁয়ে খাইছে৷ আজি কালি এখন নতুন চাৰ্টফিকেট৷ ৰিজাৰ্ভ ফৰ… … নিজৰেই অৱস্থা নাই৷ তোক কি চাম৷ বাই পিতাই৷ সময় নাই… … দৌৰিব লাগে…

দৌৰিবলৈ আৰম্ভ কৰিলোঁ৷ চকুৰ ভিৰতলৈ আৰু সোমাই গ’লোঁ৷ ব্ৰহ্মপুত্ৰৰ চাপৰিত বালি উৰিছে৷ ফাগুন মাহ…

 

 

 

জীৱনৰ ভগ্নাংশ -২

 

সেই যে দৌৰিবলৈ আৰম্ভ কৰিছিলোঁ, আজিও দৌৰি আছোঁ৷ ফাগুন মাহ…

প্ৰফুল্লই ক’লে— বিশ্বাসেৰে লেনদেন কৰা বৈশ্যদাই বোলে হিচাপৰ খাটা খুলিব৷ সিদিনা পেপাৰত লিখিছিলোঁ তেওঁৰ কথা — পঢ়িলিনে?

—লাভ নাই বুজিছ৷ ঘাঁ টুকুৰা কেনে আছে … …চাওঁ… …দৌৰ৷ দেখা নাই আমাৰ লগৰ মনহঁত কিমান আগবাঢ়ি গ’ল৷ দৌৰ… …

মুছলিম আলি আগবাঢ়ি আহিল—

—ঐ ল’ৰা টকা এটা দে না…

গান এটাকে গা …

— কুলীয়ে পু পু পু…

কুলীয়ে পু পু পু…

—এইটো নহয়, সিটো…

— জাহানাৰাই ভৰতক বিছাৰি, বিছাৰি

হোষ্টেলে হোষ্টেলে ঘূৰি ফুৰিছে…হায় আল্লা হাই..য

হঠাৎ মনত পৰিল— মুছলিম কাই তই বোলে ঢুকাইছিলি?

— ঢুকালো হয়৷ কিন্তু তহঁতৰ দৌৰ চাবলৈকে মাজে মাজে আহোঁ, কি কৰি আছ তই, দৌৰ নহ’লে পিছ পৰি যাবি… …ঘাঁ টুকুৰা বাঢ়িছেনে… …হঠাৎ মুছলিম কাই দৌৰিবলৈ আৰম্ভ কৰে…

চকুৰ আগেদি চাৎকৈ পাৰ হৈ গ’ল৷ কোন? হিয়া নেকি? জলফাই বৰণৰ হেপাঁহ এটাই উক্‌মুকাই উঠিব ধৰিছিল৷ দৌৰিলোঁ… …আলি কেঁকুৰীটোৰ সিপাৰে… …তাই নাই৷ সিদিনা জালুকবাৰীত গৌতমৰ সৈতে দেখিছিলোঁ তাইক৷ চকোৱাটোৱে বিনাইছে… …এসাজ ধোঁৱা বৰণৰ পোচাক পিন্ধি মই মোৰেই প্ৰতিপক্ষ হৈছোঁ… …যুঁজ কৰিছোঁ৷ জাতীয় নায়ক… …বানপানী… …নদীবান্ধ বন্ধ হ’ব লাগে… …অসম সাহিত্য সভাই অসমীয়া লিপিক বিকৃত কৰিছে… …লাষ্ট গেটৰ ধৰ্ণা দিবলৈ আহি মৰা মানুহ কেইটাৰ সুবিচাৰ লাগে… …হাঃ হাঃ হাঃ… চাকৰি খুলিব, টেট পৰীক্ষা… …‘ফুল ফুটক নাইবা ফুটক/বৃষ্টি নামক নাইবা নামক/ঝর উঠোক নাইবা উঠোক/আজ বসন্ত’…হাঃ হাঃ হাঃ… …ধুৰ… …পুনৰ পিঠিখনৰ কথা মনত পৰিল৷ লাহে লাহে বাঢ়িছে, গেলিছে৷ শামুক এটাৰ দৰে নিজৰ খোলাৰ ভিতৰতে নিজৰ পৃথিৱীখন গঢ়িছোঁ নেকি?… …গোন্ধাইছেও৷ সুগন্ধ নে দুৰ্গন্ধ!…

ৰীতিয়ে চিঞৰি উঠিল— ৰজাই হুকুম দিছে/এদিম চেদিম বাই/কি হুকুম দিছে/ এদিম চেদিম বাই/বান্ধ বনাবৰ বাবে/ এদিম চেদিম বাই/ জনগনক ধৰি আনাহে… …নাই নাই নোৱাৰোঁ আৰু৷ কি বা হৈছে… …পুৰণি গীতবাৰ ভাঁহি আহে বেলেগ ধৰণে… …দৌৰিব ধৰোঁতেই কাণত পৰিল তাইৰ উত্তেজিত কণ্ঠ আজিকালি দৰা-কইনা খেলিব নোৱাৰোঁ কিয়?… … নাই মোৰ ওচৰত তাৰ উত্তৰ নাই… …আগপিছ নুগুনি পুনৰ নতুন উদ্যমেৰে দৌৰিবলৈ আৰম্ভ কৰিলোঁ…

 

 

 

 

জীৱনৰ ভগ্নাংশ -৩

 

বহুদিনেই হ’ল মৃণালৰ খবৰ নাই৷ বাটৰ নাটকো হোৱা নাই৷ সিদিনা কৈছিল ‘নতুন নাটক এখন প্লেন কৰি আছোঁ, তিনজন আৰ্টিষ্ট লাগে, ছবি আঁকিব পাৰিব লাগিব প্ৰত্যকেই, ডালিৰ পেইন্টং এখন লৈ কৰিম বুলি ভাবিছোঁ ’৷ তাৰ পাছত গুম৷ একো খৱৰ নাই৷ নাটক পাগল৷ নাটক কৰি জীৱন কটাব! গম পোৱা নাই!… …সি পাৰে মানে দৌৰিছে৷ দীপ্তকো দেখা নাই৷ ক’ৰ্টত প্ৰেকটিছ কৰে, ভীষণ ব্যস্ত৷ দৌৰিছে… …পৱিত্ৰকো পাইছিলোঁ, এইবাৰ শাৰীৰিকভাৱে প্ৰত্যাহ্বান যুক্ত মানুহ এদলক লৈ নাটক কৰি আছে৷ সিওঁ দৌৰিছে৷ পিঠিৰ ঘাঁ টুকুৰা… …অপেছাদাৰী নাট্য আন্দোলনৰ প্ৰয়োজন আছে— কিন্তু তাৰ সুঁতিত বা কিমান পানী!..

ম’বাইলত আউট গয়িং নাই৷ সোমাই পৰিলোঁ পি. চি অ. এটাত৷ ০৯৮৬৮৭০২১৩৪… …বিজি… ….ধেৎ এইটো কিবা লাইফ হ’ল নেকি? য’তেই হাত দিও তাতেই শূন্যতা৷ ওলাই আহিলোঁ৷ পৰা হ’লেতো জ্বলাই দিলোঁহেতেন গোটেই পৃথিৱীখন৷ যুঁজ কৰিছোঁ৷ মাজে মাজে বৰ ভাগৰ লাগে,— আৰু ভয়; কি ভীষণ ভয়৷… …ধোঁৱা উৰিছে… লাষ্ট গেট… …কাৰ্বি আংলং… …নৰৱে… …নে মোৰ গাত? তেজ… …পুঁজ… …গৰ্ভৱতী মহিলাক ধৰ্ষণ, লাইন পাতি কেইবাজনকো গুলীয়াই হত্যা, বম ব্লাষ্ট… ….স্বাভাৱিক কথা!… …মনোৰমা! শৰ্মীলা নে চিত্তৰঞ্জন?… …লাভ নাই… …দৌৰিব লাগে৷

মেঘালীত চাহ একাপ আৰু গজা এটা লৈ বহি আছিলোঁ৷ পেপাৰত হট নিউজ ‘আধাৰশিলা’ আৰু ‘সাহিত্য ডট অৰ্গ’ উদ্ধোধন হ’ল কালি৷ অসমীয়া ইউনিক’ডৰ কৰ্মশালা৷ ভাল খৱৰ৷ বহু দিনৰ মূৰত৷ মনতো ভাল লাগি গ’ল৷ ৰীতা বাইদেৱে ‘পোহৰ দিয়া গছ’ৰ কথা লিখিছে৷ নতুন যুগত নতুন পোহৰৰ বাবে লোৱা উদ্যোগ— ই-জোনাকী যুগ…  …পিছে আমাৰ অসমীয়া সাহিত্যৰ কাণ্ডাৰীসকলৰ ল’ৰা-ছোৱালী এতিয়া ইংৰাজী মাধ্যমত৷ অসমীয়া ক’লে নিজকে আউটডেটেত বুলি ভাবে৷ কি যে হ’ব, পংকজে ঠিকেই লিখিছে…  “হিংলিছমীয়া”৷ কি বা হয়… …সকলোৱেটো দৌৰতে ব্যস্ত৷ কথা বোৰ মনৰ মাজত পাগুলি থাকোতেই ৰাজ আহি কাষৰ চকিখন অধিকাৰ কৰিলেহি৷ ইংলেণ্ড আৰু ভাৰতৰ টেষ্ট চিৰিজৰ প্ৰথমখন খেলৰ কথা৷… …হঠাৎ কৈ উঠিল

—সাহিত্য-স্ংস্কৃতিৰ গ্ৰাফডাল উঠিছে নে নামিছে? বিশ্ববিদ্যালৰ ডিগ্ৰী লৈ কি কৰিছ? চাকৰি পাইছ?

মোৰো মনত পৰিল দৌৰৰ কথা৷ একো নকৈ তাৰ চোলাটো দাঙি পিঠিখন চাই কলোঁ—

—এম. এন. চি. … …এয়া চা ‘তোৰে মোৰে একে জাত… …’ সি কিবা কোৱাৰ আগতে ওলাই আহিলোঁ… …

সিদিনা অজয়ক পাইছিলোঁ, ইণ্টাৰভিউ এটাত৷ সিয়ো দেখুৱালে তাৰ পিঠিৰ ঘাঁ লাহে লাহে বিয়পিছে ভৰিলৈ… …‘এসময়ৰ জালুকবাৰীৰ উদ্যম ঘোঁৰাজাকৰ একে অৱস্থা৷ কেৱল দৌৰিছে… …দিশপুৰ… …ডি. পি. আই… …এম. এন. চি… …বাই মোৰ সময় নাই৷ কোনোবাই পিছ পেলাই যাব পাৰে৷ দৌৰ তয়ো৷’

হঠাৎ সম্বিত ঘূৰাই পালোঁ৷ মোক পিছ পেলাই দেখোন বহুতে আগবাঢ়ি গৈছে৷ ৰ’বলৈ সময় নাই৷ দৌৰিব লাগে৷ আগ পিছ নুগুনি পুনৰ দৌৰিবলৈ আৰম্ভ কৰিলোঁ… ….

 

 

 

 

জীৱনৰ ভগ্নাংশ — ৪

 

মাজে মাজে জালপঞ্জীত সোমাই কোনে কিমান দৌৰিছে তাৰে খৱৰ লওঁ৷ ময়ো ব্যস্ত হওঁ এখন চাইবাৰ জগতৰ দৌৰত৷ ইয়াতো বৰ ভয়… …কোনোবাই গুৰুজনাৰ নামত বেপাৰ কৰে, কোনোৱে কাৰোবাৰ নামত মিছা একাউণ্ট খুলি কাৰোবাক অপমান কৰে…হাঃ হাঃ হাঃ… …কি যে বৈচিত্ৰ্য… …সিদিনা চৈতন্যই সুধিছিল আপুনি আৰু কিমান দৌৰেহে, ভাল এথলিট হব পাৰিলেহেতেঁন… … আমিও পিছে দৌৰিয়েই আছোঁ, পিছে সদায় শেষতহে পাওঁগৈ৷… …এৰা কেতিয়াৰ পৰা বাৰু মই আৰম্ভ কৰিছিলোঁ দৌৰিবলৈ… …খেৰকটিয়া নৈত চিলনী সাঁতোৰ মেলা দিনৰে পৰা নে… …পথাৰৰ মাজত শামুকে শামুকে যুঁজোৱাৰ দিনৰে পৰা… …নে বেত গুটিৰ কেহাৰে মুখ বিকটোৱাৰ দিনৰে পৰা… …একো মনত নাই মোৰ৷ কেৱল মনত আছে আমাৰ চুবুৰীটোৰ জেষ্ঠ সমসাময়িককেইজন স্কুললৈ যাবলৈ লোৱাৰে পৰা মোৰ থুন্‌থুননিত থাকিব নোৱাৰি মোকো দেউতাই স্কুললৈ পঠিয়াবলৈ ল’লে৷ ক’ব নোৱৰাকৈয়ে সোমাই পৰিছিলোঁ নেকি তেতিয়াৰে পৰা এই দৌৰৰ দৌৰত… …

বৰ্ণমালাখন শিকাৰ পাছতেই আৰম্ভ কৰিছিলোঁ অংকৰ আৰ্যা৷ তেতিয়াই চিনাকী হ’লো শূন্যৰ সৈতে… …অ’ সিদিনা ভাস্কৰে প্ৰীতিমাক সুধিছিল চাৰ্কোলৰ বাৰু এংগল আছেনে? তাই ব্যস্ত হৈছিল চাৰ্কোল আঁকি তাৰ এংগল বিছৰাত৷ তাই টানে এদাল আঁচ, ভাস্কৰে দুডাল… …ক্ৰমাত চক্ৰবৃদ্ধি হাৰত বাঢ়ে এংগল… …হাঃ হাঃ হাঃ… …দৌৰৰ দৌৰ… …দৌৰিছো নেকি বাৰু আমিও বৃত্তৰ পৰিধিত তাৰে এংগল বিছাৰি… …চাৰ্কোল মানে শূন্য… …শূন্য মানে এক বৃত্ত… …জীৱনত এই শূন্যৰ পৰিমাণ কিমান, হাঃ হাঃ হাঃ… …মনৰ মাজত শূন্য ঠাই, Empty Space… …তাতেই বোলে আমি বিচৰণ কৰোঁ… …আকৌ বৃত্ত মানে চাৰ্কোল… …পৰীক্ষাৰ বহীত শূন্যটোৰ কিমান মহিমা… …সংখ্যাৰ আগত আৰু সংখ্যাৰ পিছত… আৰু যদি পুৰণ কৰা হয়, তেন্তে…হাঃ হাঃ হাঃ… …এক নিৰ্ধাৰিত সংখ্যাই ঠিক কৰি পেলাব জীৱনৰ দৌৰৰ গতি… …সোঁফালে, বাওঁফালে, তললৈ, ওপৰলৈ নে… …কি যে মহিমা এই বৃত্তটোৰ… …মাজে মাজে মনলৈ আহে ‘সূৰ্যমুখী ফুল’ৰ ছবিখনৰ কথা… কোনে আঁকিছিল বাৰু… …মা-দেউতালৈ মনত পৰে, তেখেতসকলে যে হেচোঁক্‌ মাৰিছিল— চা, ৰাজাই ইমান নম্বৰ পাইছে, তয়ো পাব লাগিব… …দৌৰ দৌৰ… …পৰিয়াল-পৰিজনে কয়— তই পাৰিবি, তোৰ ওপৰত আমাৰ বিশ্বাস আছে, দৌৰ, দৌৰ… …উৱাদিহ নাপাই দৌৰিছোঁ, কেৱল দৌৰি আছোঁ…

 

 

 

 

জীৱনৰ ভগ্নাংশ -৫

 

দৌৰৰ ধাম খুমীয়াত পাহৰি পেলাইছোঁ মোৰ নাম৷ কি বা আছিল! কাণত পৰিল— বানপানী… …দৌৰ, দৌৰ… …আমেৰিকান কোম্পানী… …কল চেণ্টাৰ… …শ্বপিং মল… …ইজি মানি… …পটাত পিহিছে… …দৌৰ দৌৰ, ভাবি থাকি একো লাভ নাই… …পুলিচৰ ডিপাৰ্টমেণ্টত কোটি কোটি টকাৰ খেলিমেলি… …নিৰিহক উগ্ৰপন্থী সজাই গুলীয়াই হত্যা… …আটাইতকৈ ডাঙৰ কথা আমেৰিকান ষ্টক এক্সচেঞ্জত জুই লাগিছে… …কি বা হয়৷ ভাবিটো একো লাভ নাই৷ আমি দৌৰিবহে লাগে মাথোঁ…

জাপ মাৰি উঠিলোঁ ৬ নম্বৰ চিটি বাছত… …পাণবজাৰৰ পানীটেংকীৰ কাষৰ ফুটপাথত এজনী সদ্যোগাভৰুক গা-ধুৱাই আছে এগৰাকী আলৰ বুঢ়ীয়ে, দুয়োৰে শতচীৰ্ন্ন পোচাক৷ তাইৰ চকুত মোৰ চকু… …সোমাই গ’লো গভীৰৰ পৰা গভীৰলৈ… …সংকোচিত হৈ পৰিল তাই৷ লাজত নে ভয়ত? ভয়েই নেকি! এই ভয় মোৰ সৈতে একেনে?…

ফুটপাথত বিমান দা৷ বিদেশলৈ যোৱাৰ স্কলাৰচিপটো গ্ৰাণ্ট হ’ল৷ তাতে প’ষ্ট হৈ যাব বোলে৷ কিৰিলি মাৰি উঠিলোঁ… …ৰিচাৰ্চ স্কলাৰ, চৰ্টলি আৰ. এচ. … …ৰয়েল ষ্টেগো হ’ব পাৰে৷ চাৰ্টটো ডাঙি পিঠিখন চালোঁ— ঘাঁবোৰ গেলিছে৷ মই ক’লো— দৌৰো, সময় নাই একেবাৰে৷ তেওঁকো গতা মাৰি কলোঁ দৌৰক নহ’লে কোনোবাই পিছ পেলাই আগবাঢ়িব…

হৰিয়ে থাপ মাৰি ক’লে— কিবাকিবি বহুত বাঢ়িছে কমিছে/ মানুহ, মানুহ বিশেষ নিৰ্বিশেষ… …ধৰ্মৰ দুটা দিশ— এটা ৰিলিজিয়াচ আনটো কালচাৰেল… …চাৰিও ফালে বেয়া খৱৰ!… …ভূপেন দা আৰু মামনি বাইদেও সোনকালে ভাল হৈ উঠক… …আৰু কিবা বেয়া খৱৰ৷ কোনবোৰ বেয়া খৱৰ…..টায়াৰেৰে শ সৎকাৰ(!)কৰা, আঠ বছৰীয়া ছোৱালীৰ ধৰ্ষণ নে সূৰ্য উদয় হোৱাটো৷ নীৎসেতো কৈছেই— ‘‘ঈশ্বৰৰ মৃত্যু হ’ল’’৷ সঁচাকৈয়ে নেকি? তেওঁৰ কবৰো খাণ্ডি চালোঁ… …একেই ঘাঁ… …ক’লে— কি কৰি আছ, দৌৰ নহ’লে হেৰাই যাবি… …দৌৰিবলৈ আৰম্ভ কৰিলোঁ পুনৰ নতুন উদ্যমেৰে৷ কাণৰ কাষত পুৰণি সুৰ এটাই গুমগুমাই উঠিল… …আহিব এদিন, বাজিব ভঙা বীণ… …

 

 

 

 

জীৱনৰ ভগ্নাংশ — ৬
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments