জীৱনৰ মধুৰতম সময় -ৰানা গগৈ

এজন মাছমৰীয়াৰ কাহিনী। পুৱাৰ ভাগত নদীত মাছ মাৰি আৰু দিনটোৰ বাকী সময়ত সেই মাছ বজাৰত বেচি মাছমৰীয়াজনে নিজ সৰু পৰিয়ালটোৰ ভৰণ-পোষণ দি আহিছে। এনেদৰে নদীত মাছ ধৰা আৰু বজাৰত বেচাটোয়েই দৈনিক উপাৰ্জনৰ একমাত্ৰ পথ হেতুকে মাছমৰীয়াজনে নিতৌ বেলি উঠাৰ বহু আগতেই বিছনা এৰে। নদীৰ ঘাটত চপাই থোৱা নিজৰ নাওখন মেলি, এন্ধাৰতে নাও বাই বাই নদীৰ সিটো পাৰলৈ যায়। সিটো পাৰৰ এটা নিৰ্দিষ্ট স্থানত উপস্থিত হৈ মাছ মৰা জাল, খালৈ আদি লাগতিয়াল আহিলাবোৰ সাজু কৰি মাছ মাৰিবলৈ প্ৰস্তুত হয়। মাছমৰীয়াজনৰ ই এক নিত‍্য-নৈমিত্তিক কৰ্ম। তৈয়াৰ হওঁমানে ইপিনে আকৌ, দূৰৈৰ পূৱ আকাশত বেলিৰ উৰ্ধমূখী বিচ্ছুৰিত হেঙুলীয়া কিৰণ ক্ৰমান্বয়ে প্ৰসাৰ হ’বলৈ লয়। এইখিনি সময়েই যে মাছ মৰাৰ সঠিক সময়।

মাছমৰীয়াজনৰ হাতত হাতঘড়ী অথবা বেৰত ওলমি থকা দেৱাল-ঘড়ী নথকা হেতু এবাৰ ভুলক্ৰমে প্ৰায় মাজ নিশাই নদীত নাও মেলিল। অন্ধকাৰাচ্ছন্ন নদীৰ তীৰত মাছ মৰা জাল, খালৈ আদি যথা সময়ত সাজু কৰি মাছ মাৰিবলৈ প্ৰস্তুত হ’ল সঁচা, পিছে বেলি নোলায় হে নোলায়। মাছমৰীয়াজনে বুজি পালে যে তেওঁ আচলতে ভুলক্ৰমে বহু সময়ৰ পূৰ্বে আজি এই নদীৰ পাৰত যন্ত্ৰৱৎ উপস্থিত। সেয়ে শিল এচটাত বহি বেলি উদয় হোৱালৈ বাট চালে। অপেক্ষাৰত কিঞ্চিৎ সময়ো দীঘলীয়া সময় যেন লাগে। ই আমনিদায়কো। এনেতে তেওঁৰ কাষতে থকা কিবা এটা বস্তুৰ হাত লাগিল। মাছমৰীয়াজনে আন্ধাৰত খেপিয়াই চাই আৰু হাত বুলাই বুজি পালে যে সেইটো আচলতে এবস্তা পাথৰ। কোনোবাই নদীৰ পাৰৰ সৰু সৰু শিলগুটিবোৰ সংগ্ৰহ কৰি এই বস্তাটোত ভৰাই কিবা কাৰণত নিব নোৱাৰি এৰি থৈ গ’ল চাগে। বস্তাটোৰ পৰা একো একোটা শিলগুটি লৈ মাছমৰীয়াজনে অলসভাবে নদীলৈ নিক্ষেপ কৰিলে। আমনিদায়ক দীঘলীয়া সময়বোৰ পাৰ কৰিবৰ বাবে ই যেন এক উত্তম উপায়।

সময় অতিবাহিত কৰিবলৈ গৈ মাছমৰীয়াজনে এটা এটা কৈ বস্তাটোৰ সমস্ত পাথৰখিনি বোৱতী নদীলৈ নিক্ষেপ কৰিলে। অৱশেষত হাতৰ মুঠিত ৰৈ গ’ল মাথোঁ এমুঠি পাথৰ। ইতিমধ্যে পূৱ আকাশত বেলিৰ সোনালী আভাই এটা নতুন দিনৰ সূচনা কৰিলে। নিবিড় নিস্তব্ধতাক উলংঘি নানান চিত্ৰ-বিচিত্ৰ চৰাইৰ কল-কাকলি, নাচ-বাগ আৰু টাটুক-ভাটুকত পুৱাটো সজীৱ হৈ উঠিল। পুৱতি পৰৰ সূৰুযৰ মৃদু পোহৰত, হাতৰ মুঠিত থকা পাথৰকেইটা মাছমৰীয়াজনে দেখি হতভম্ব হ’ল। তেওঁৰ চকু গৈ কপালত উঠিল। নিজ হাতৰ মুঠিত থকা সেয়া কোনো সাধাৰণ পাথৰ বা শিলগুটি নহয়; বৰঞ্চ সেয়া যে বহুমূলীয়া একো একোটা মুকুতামণি যাৰ মূল্য বিপণিত বহু হাজাৰ টকা। অৰ্থাৎ বস্তাটোত থকা সমস্ত পাথৰখিনি আচলতে পাথৰ নাছিল বৰং মণি-মুকুতাহে আছিল, বহুমূলীয়া ৰত্ন যি বোৱতী নদীত অজ্ঞাতবশতঃ জাহ গ’ল! সেই বোৱতী নদীত উটি গৈ জাহ যোৱা মূল‍্যবান মণিমুকুতাবোৰ দুনাই জানো পাব পাৰি?

প্ৰায় ২০ বছৰৰ আগতে পঢ়া এই কাহিনীটোৰ আচল লিখকজন কোন মই নাজানো। কিন্তু জীৱনৰ বাটত গৈ থাকোঁতে এই কাহিনীটো মোৰ প্ৰায়েই মনলৈ আহে। মোৰ মনলৈ আহে যিহেতু প্ৰতীকধৰ্মী এই কাহিনীটোত মই কিবাকিবি বিচাৰি পাওঁ। পোহৰৰ অনুপস্থিতিয়েই এন্ধাৰ। পোহৰৰূপী জ্ঞানৰ অভাৱো অৰ্থাৎ অজ্ঞানো এক প্ৰকাৰ এন্ধাৰ সদৃশ। আনহাতে, আমাৰ জীৱনলৈ অহা প্ৰত‍্যেকটো দিনেই একোটা নতুন দিন। তাতোকৈ ডাঙৰ কথা — সময় যেন বোৱতী নৈ আৰু ই কাৰো বাবে নাথাকে ৰৈ। অৰ্থাৎ চমুকৈ — অজ্ঞতাৰ বশৱৰ্তী হৈ মুকুতা সদৃশ জীৱনৰ প্ৰত‍্যেকটো দিন আমি সময়ৰ বোৱতী নৈত নিতৌ উটুৱাই দিওঁ। পুৱাৰ সূৰুযৰ হেঙুলীয়া আভাৰ দৰে যেতিয়া আমি জ্ঞান পাওঁ, তেতিয়া আমাৰ হাতৰ মুঠিত ৰয় গৈ মুঠেই কেইটামান দিন। অমূল্য ৰত্ন সদৃশ জীৱনৰ সমস্ত দিনবোৰ নদীৰ বুকুলৈ দলিয়াই পেলোৱাৰ অনুতাপ আৰু পাই-হেৰুৱাৰ বেদনাত মুহুৰ্মুহুঃ অশ্ৰুসিক্ত।

ওপৰত উল্লেখ কৰা কথাখিনিৰ সাৰমৰ্মৰ সৈতে সংগতি ৰাখি, প্ৰথিতযশা সাহিত্যিক আৰু আমাৰ শ্ৰদ্ধাৰ হোমেন বৰগোহাঞিদেৱৰ “জীৱনৰ মধুৰতম সময়” শীৰ্ষক ৰচনাৰ পৰা এষাৰ মনপৰশা কথা এই চেগতে উদ্ধৃতি দি এই লিখনিটো সামৰিব খুজিছোঁ। এই ৰচনাৰ এঠাইত স্বনামধন্য বৰগোহাঞিদেৱে লিখিছে যে — “….এইটোৱেই হ’ল বেছি ভাগ মানুহৰ জীৱনৰ কৰুণতম ট্ৰেজেডি। মানুহে জীৱনত সুখ আৰু আনন্দ বিচাৰে, কিন্তু সেই বিৰল সুখ আৰু আনন্দৰ মুহূৰ্তবোৰ কেতিয়া আহি পাৰ হৈ গুচি যায়, মানুহে তাৰ গমেই নাপায়। পোৱাটোক আওহেলা কৰি নোপোৱাটোৰ পিছে পিছে মৰীচিকা খেদাৰ দৰে খেদি ফুৰোঁতেই মানুহৰ জীৱন শেষ হৈ যায়। অজ্ঞতা বা আলস‍্যৰ বশবৰ্তী হৈ মানুহে জীৱনৰ বিচিত্ৰ উপহাৰৰ পৰা নিজকে বঞ্চিত কৰে ……”।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক