জীৱনৰ সাধনা- শ্ৰীসত্যেন্দ্ৰ বৰদলৈ৷

“যি মানুহে হতাশ হ’ব নাজানে, তেওঁৰ জীয়াই থাকিবৰ কোনো দৰকাৰ নাই৷”
——– গ্যটে

জীৱন এটা সাধাৰণ শব্দ, অসাধাৰণ তাৰ অৰ্থ৷ ব্যক্তি ভেদে জীৱনৰ বহুত অৰ্থ৷ জীয়াই থকাটোৱেই কাৰোবাৰ বাবে জীৱন, কাৰোবাৰ বাবে হয়তো সংগ্ৰামৰ নামান্তৰ৷ সঁচা কথা, জন্মৰে পৰা মৃত্যু পৰ্যন্ত ——— আপাত দৃষ্টিত এয়ে জীৱন৷ অপ্ৰাণ– সপ্ৰাণ সকলোৰে একোটা জীৱন থাকে৷ এটি চৰাই, এজোপা গছ, এখন ঘৰ, এখন নদীৰ জীৱন থাকে; এটা কুকুৰৰো জীৱন থাকে, যিদৰে এজন মানুহৰ৷ দেহ, মন, বোধ আৰু আত্মা যাৰ আছে, যিয়ে ইয়াৰ উৎকৰ্ষৰ বাবে যত্নপৰ হৈছে, সিয়ে জীৱ-জগতত শ্ৰেষ্ঠ বুলি প্ৰতিষ্ঠিত হৈছে৷ আন জীৱ-জগতৰ পৰা মানুহ এই ক্ষেত্ৰতেই পৃথক যে মানুহে এই চাৰিটা উপাদান নিজৰ মাজত কম- বেছি পৰিমাণে উপলব্ধি কৰিব পাৰে৷ দেহৰ উৎকৰ্ষৰ বাবে খাদ্য, মনৰ বাবে কলাত্মক কাৰ্য, বোধৰ বাবে অধ্যয়ন বা impulse to seek cause আৰু আত্মাৰ উত্তৰণৰ বাবে আধ্যাত্মিক সাধনা ——– মানুহৰ মাজত এই কেইটা কাৰ্য কম-বেছি পৰিমাণে সম্পন্ন হয়৷ দেহ ৰক্ষাই যে জীৱনৰ একমাত্ৰ সত্য, সেই কথা জীৱ মাত্ৰেই বিশ্বাস কৰে৷ কিন্তুু তৎপৰৱৰ্ত্তী মন, বুদ্ধি আৰু আত্মাৰ গভীৰ উপলব্ধি মানুহৰ মাজতহে পৰিলক্ষিত হয়৷ অৱশ্যে সচল জীৱ বোৰৰহে যে মন বা ইচ্ছাশক্তি আছে, এনে নহয়; আনকি গছ-গছনিৰো অনুভূতি শক্তি আছে৷ কিন্তুু বৌদ্ধিক বিকাশে মানুহৰ ৰুচিবোধ আৰু অন্বেষণ প্ৰবৃত্তিক যিমান আগুৱাই নিব পাৰিছে, তাৰ তুলনাত বাকীবোৰৰ অনুভূতি এক প্ৰহসন মাত্ৰ৷ সেয়ে আজিৰ শিৰোনাম মানৱ জীৱন৷
ব্যক্তিভেদে জীৱনৰ আকাঙ্খ্যা ভিন্ন৷ কিন্তু সততে পাহৰি থকা কথাটো হ’ল জীৱনৰ ক্ষণভংগুৰতা৷ সেয়ে কণমান শান্তিৰ বিনিময়ত আমি দুখৰ ডাৱৰেৰে মনৰ আকাশ ঢাকি লওঁ, চকুৰ পানীৰে জীৱন তিয়াই দিওঁ, অৰ্থ নুবুজাকৈয়ে অৰ্থহীন (? ) প্ৰেমৰ সন্ধান কৰোঁ ( প্ৰেমক তেতিয়াই অৰ্থহীন বুলিব পাৰি, যেতিয়া ব্যক্তিভেদে ইয়াৰ অৰ্থান্তৰ ঘটে৷ )৷ শান্তিৰ সন্ধানেই প্ৰকৃত জীৱন-সাধনা৷ আত্মোপলব্ধিয়েই জীৱন-উপলব্ধি৷ প্ৰাচীন ভাৰতীয় ঋষি সকলে গভীৰ মননেৰে উপলব্ধি কৰি সেয়ে কৈছিল ——– “ আত্মানাং বিদ্ধি ” নিজকে জানা৷
জীৱন তেতিয়াই এক জটিল সাঁথৰ হৈ পৰে, যেতিয়া আনুভূতিক সততা বাস্তৱৰ পৰা নিৰ্বাসিত হয়; বিশ্বাসৰ সাগৰখনে যেতিয়া গভীৰতা হেৰুৱায়৷ তেতিয়াই হৈ পৰে জীৱন অৰ্থহীন৷ জীৱন যিহতু ক্ষণভংগুৰ, সেয়ে বেদনাৰ অৰ্থহীন বোজাৰে ইয়াক আক্ৰান্ত কৰাৰ আমাৰ কোনো প্ৰয়োজন নাই৷ জীৱনৰ আগতো একো নাছিল বা তাৰ পাছতো একো নাই৷ সেয়ে খন্তেকীয়া জীৱনত আমাৰ সাধনা এই চিৰ সত্যক আবিষ্কাৰ কৰা, এই প্ৰজ্ঞানৰ আলোকেৰে সুখৰ নিজৰা জীৱনলৈ বোৱাই অনা৷ টেনিচনে ইউলিছিছৰ জীৱনৰ উদ্দেশ্য ব্যক্ত কৰাইছিল to strive, to seek, to find and not to yield বুলি, কাৰণ ইউলিছিছৰ জীৱনৰ সাধনা আছিল, তেওঁৰ ভাষাত, ‘ I will drink life to the lees. ’
জীৱন আমাৰ বাবে দুখৰ সমাহাৰ, কাৰণ সুখৰ স্মৃতি বিজশলীৰ দৰেই খন্তেকীয়া৷ দুখে দুখক জীয়াই ৰাখে, সুখে দুখৰ হাতত হাৰ মানে৷ আমি দুখৰ ৰাগিত মাতাল হৈ থাকোঁ৷ আমাৰ ঐশ্বৰ্য কেৱল আমাৰ দুখ৷ জীৱনৰ সাধনা কিন্তুু দুখৰ মৰহা পাপৰিৰে জীৱনৰ কৰণী সজোৱাত নহয়, দুখক পৰাস্ত কৰি ভাস্বত জ্যোতিৰে জীৱন জিলিকোৱাতহে৷ ব্যস্ততাৰেহে দুখক হাৰ মনাব পাৰি, অকৰ্মন্যতাৰে নহয়৷ কাৰণ শ্ব্যেক্সপিয়েৰে কোৱাৰ দৰেই এই পৃথিবী কোনো মঞ্চ নহয়, আমি ভাৱৰীয়াও নহয় বা জীৱন এটা মুৰ্খৰ সাধুকথাও নহয়৷ জীৱন এক পৰম সত্য৷ আমাৰ ব্যক্তিগত জীৱন খন্তেকৰ, কিন্তুু এই ক্ষুদ্ৰ জীৱনবোৰৰ বিনিময়তে সৃষ্টি হয় মহাজীৱনৰ৷ আমাৰ দৃষ্টিৰ আঁৰৰ এই জীৱন বাস্তৱ ক্ষেত্ৰত অননুভৱেয়৷ যান্ত্ৰিক সভ্যতা আৰু বিজ্ঞানৰ ধূলিৰে আবৃত এই মহাজীৱনৰ অস্তিত্ব অনুভৱ হয় প্ৰকৃতিৰ স্নিগ্ধ নিৰৱতাত, পাহাৰী জুৰিৰ আপোন বিভোৰ কলকণ্ঠত, সন্ধ্যাৰ নীৰমুখী চৰাই জাকৰ ডেউকাত, আকাশৰ শুকুলা ডাৱৰ আৰু পচোৱাত নাচি থকা মাজুলীৰ কঁহুৱা ডৰাত৷ মহানগৰৰ ব্যস্ত যান-বাহনৰ শব্দই জগাই দিয়া পুৱাটোত নহয়, — এখন পুৰণি গাঁৱৰ জুপুৰী সৰকি অহা ঢেকীৰ শব্দত, চৰাইৰ কাকলিত, নিৰ্মল পুৱা দিগন্ত সৰকি ওলাই অহা ৰঙা বেলিটোত————-
আমাৰ কাৰণে জীৱনৰ সাধনা হোৱা উচিত জীৱনৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে নিজকে যোগ্য কৰি গঢ়ি তোলাত৷ কাৰণ “ এটা অসম্ভৱ স্বপ্ন, এক অন্তহীন অন্বেষণ— সিয়েইতো জীৱনৰ একমাত্ৰ সাৰ্থকতা৷ জয়-পৰাজয় বা সাফল্য-ব্যৰ্থতা তুচ্ছ কথা৷ জীৱনৰ একমাত্ৰ গৌৰৱ হ’ল স্বপ্ন অসম্ভৱ বুলি জানিও তাক অনুসৰণ কৰিবলৈ নেৰা, অন্বেষণ অন্তহীন বুলি জানিও তাক কেতিয়াও পৰিহাৰ নকৰা৷ ” ( Man of La Mancha কথাছবিত ছফিয়া লৰেনৰ মুখত দিয়া সংলাপ৷ )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments