জীৱনৰ স্নেপশ্ব’ট (-প্ৰতীপ প্ৰতাপ বৰুৱা)

(১)

অনাৰ কিলিং

এজন লৰা আৰু তেওঁৰ নববিবাহিতা পত্নীক লৰাজনৰ দেউতাক আৰু ককায়েকে সকলোৰে সন্মুখতে গুলীয়াই হত্যা কৰিলে| দেউতাক আৰু ককায়েকৰ মতে লৰাজনৰ দোষ আছিল আন এঘৰে ১০ লাখ টকা আৰু এখন গাড়ী যৌতুকত দিব বুলি কোৱাৰ পিছতো লৰাটোৱে ঘৰৰ অমতত আন জাতৰ ছোৱালী এজনীক জীৱনসংগীনী ৰূপে বাচি লৈছিল| ছোৱালীজনীৰ দোষ আছিল তাই নিম্ন জাতৰ হৈ উচ্চ জাতৰ লৰাজনক প্ৰলোভন দি হাত কৰিছিল|এজনী ছোৱালীয়ে ঘৰৰ অমতত একে জাতৰে লৰা এজনৰ লগত সংসাৰ আৰম্ভ কৰিলে| ছোৱালীজনীয়ে যে প্ৰেম কৰি বিয়া হ’ল সেইটো হলগৈ অপৰাধ | গতিকে এদিন তাইক আৰু জোঁৱায়েকক মৰমেৰে ঘৰলৈ মাতি অনা হ’ল | আহি পোৱাৰ লগে লগে আগৰে পৰা সাজু হৈ থকা ছোৱালীজনীৰ ককায়েকে দুয়োকে পিষ্টলেৰে গুলীয়াই হত্যা কৰিলে |

এনেধৰণৰ ঘটনা হাৰিয়ানা, দিল্লী, ৰাজস্থান আদিত ঘটি থাকে | এইবিলাকক আজিকালি “অনাৰ কিলিং” বুলি কয় | কিছুমান হত্যাকাৰীক পুলিচে গেপ্তাৰ কৰে, কিছুমানক পুলিচে ঢুকি নাপায়গৈ | এই হত্যাকাৰীসকল যে সমাজৰ একেবাৰে পিছপৰা, নিৰক্ষৰ লোক তেনেও নহয় | এই হত্যাকাণ্ডবোৰ কৰি তেওঁলোকে কিমান অপৰাধবোধত ভোগে, ভোগেনে নোভোগে, সেইটো জানিবলৈ চেষ্টা কৰিছিলোঁ| দিল্লী পুলিচৰ মোৰ কেইজনমান বন্ধুৱে সহায় কৰিছিল| এজন মানুহৰ লগত কথা পাতিছিলোঁ| তেওঁ নিজৰ ২৪ বছৰীয়া ডেকা, ৰেলৱেত চাকৰি কৰিবলৈ আৰম্ভ কৰা ইঞ্জিনিয়াৰ পুত্ৰ আৰু ন-বোৱাৰীক গুলীয়াই হত্যা কৰিছিল| ১৫ একৰ খেতিৰ মাতি, ব্যৱসায়, শিক্ষিত, স্বাৱলম্বী সন্তান সকলো আছে তেওঁৰ| লগতে তেওঁ নিজৰ গাঁৱৰ পঞ্চায়তৰ মুখীয়া| তেওঁ কোৱা মতে পঞ্চায়তৰ মুখীয়াৰ পুতেকে যদি নিম্ন (শব্দটো তেওঁ নীচ্‌ বুলি কৈছিল) জাতৰ ছোৱালীক বিয়া কৰায় তেন্তে তেওঁৰ ইজ্জত ক’ত থাকিব? সেয়ে নিজৰ ইজ্জত বচাবলৈ তেওঁ নিজৰ লৰাক শাস্তি দিলে| অনুশোচনা হৈছেনে? হৈছে? কিন্তু নিজৰ লৰা-বোৱাৰীক হত্যা কৰা কাৰণে অনুশোচনা হোৱা নাই| এতিয়া যে ১৪ বছৰ জেল হ’ব, তাৰ পিছত গাঁৱত উভতি গৈ যে পুনৰ পঞ্চায়তৰ মুখীয়া হ’ব নোৱাৰিব সেই কথাটোতহে অনুশোচনা হৈছে| নিজকে অপৰাধী বুলি ভাবেনে? নাই, নাভাবে| কি অপৰাধ কৰিলে তেওঁ? বিপথে যোৱা নিজৰ পুতেকটোৰ মূৰত দুটা গুলী মাৰি দিলে শাস্তি হিচাপে| আৰু লগতে সেই ছোৱালীজনীকো গুলীয়াই মাৰি পেলালে, কাৰণ তাইৰ কাৰণেহে লৰাটো বিপথে গ’ল| নিজৰ পুত্ৰক হত্যা কৰি কেনে লাগিছিল? কেনে লাগিছিল মানে? লাগিবলৈ কিটো আছে? একো লগা নাছিল, শাস্তি দিবই লাগিব| হাঁয় ভাৰতবৰ্ষ |

 

(২)

মিনাৰেল ৱাটাৰ

এটা কথা লক্ষ্য কৰিছোঁ| বিদেশী সকলে ভাৰতত ফূৰিবলৈ আহিলে সাধাৰণতে মিনাৰেল ৱাটাৰৰ বাদে আন পানী নাখায় | তাকে দেখি সৌ সিদিনা বিদেশলৈ যোৱা আমাৰ খাৰখোৱা এটাই যদি তেনেকুৱাখন কৰে কেনে লাগিব ?

কিছুদিন আগতে লগৰ ল’ৰা এটা সস্ত্ৰীক আহিছিল আমাৰ ঘৰলৈ| বিদেশত থকা আজি ৫ বছৰমান হৈছে| আগতে সি অলপ কৰাইচ্‌ টাইপৰ আছিল| আজিকালি বাং কৰাইচ্‌ হ’ল| ইণ্ডিয়াত চব বস্তুৰে হেনো অবাইচ দাম| আনকি কেডবেৰীৰ সাধাৰণ চকলেট এটাৰ দামো হেনো বহুত বেছি| লগত দুটা ডাঙৰ ডাঙৰ মিনাৰেল ৱাটাৰৰ বটল লৈ আহিছে| গিলাচত দিয়া পানীখিনি পেলাই নিজে অনা বটলৰপৰা পানী বাকি খালে| চাহ নাখাও বুলি কলত কফি দিয়া হ’ল| তাহানি একেলগে হোটেলত গাখীৰ নিদিয়া ’চিংগোল চাহ’ গিলাচত খোৱা কথাটো মনত পৰি গ’ল| কথা পতা আৰম্ভ কৰি সি কবলৈ ধৰিলে ইণ্ডিয়া কিমান লেতেৰা দেশ, অসম কিমান বেকৱাৰ্ড ইত্যাদি|কথাবোৰ আধা ইংৰাজীত ক’লে| পিছে কি হ’ব, ইণ্ডিয়ান ইংৰাজী আৰু খাৰখোৱা জিভা|মই বোলো – “হেৰৌ, মোৰ লগত অসমীয়াতে কথা পাত|” কথা-কাণ্ড চাই আছোঁ, শুনি আছোঁ| ভাত বাঢ়িলে, খাবলৈ বহি সি চালাডৰ প্লেটখন লৈ উঠি গৈ নিজে অনা পানীৰে চালাডখিনি এবাৰ ধুই ললে| কিমান আৰু চাই থাকিম| সুধিলোঁ বোলো – “তই যে চালাডখিনি ধুই ললি, কেচটো কি? আমি দেখোন ধুয়েই দিছো| আৰু এতিয়া ভাত-দাইলখিনি কেনেকে ধুবি?” সি ক’লে বোলে – “ইণ্ডিয়াত পানীৰ কাৰণেই চব বেমাৰ হয়| আমাৰ তাত … |” মই বোলো – “হব থ’, ভাত খা| বৰ টেপেৰ টেপেৰ কৰি নথাকিবি| ইয়াত মিনাৰেল ৱাটাৰৰ বটলত কেনেকে ক’ৰ পানী কোনে ভৰাই তোক দেখুৱাম এদিন| আৰু কাষত সেইখিনি ভূত জলকীয়াৰ আচাৰ| ভুলতে একেবাৰতে বাই নিদিবি| দেদাউৰি পাৰি দেওপাৰি ফূৰিব লাগিব|” মোৰ কথা শুনি সি অলপ সময় মুখখন মেলি চাই থাকিল |

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments