জীৱনৰ স্নেপশ্ব’ট (-মাধুৰিমা ঘৰফলীয়া)

ডাকৰ বচন এশাৰি আছে-
ভাল বাৰী নষ্ট হয়
মাজেদি দিলে বাট
ভাল তিৰী নষ্ট হয়
ঘনাই বেহালে হাট ।

মই পিছে প্ৰায় প্ৰতিদিনেই চক্কৰপুৰ বজাৰত পাক এটা মাৰো । সদায় যোৱা প্ৰথম কাৰণ মোৰ ভাঁটৌটোৰ বাবে গোমধান আনিব লাগে । অৱশ্যে তাতকৈ বেছি ময়ে খাওঁ । দ্বিতীয় কাৰণ চানা আৰু ৫ টকাতে পোৱা পানীয় বিধ খাবলৈ ।
আজি বজাৰলৈ সোমাই য়ে দেখিলো ডাল কচু । মোৰ প্ৰিয় শাক বিধ । পিছে মই কলা ডাল কচু খাইহে বেছি ভাল পাওঁ । এইবিধ বগা । যিয়ে নহওঁক দোকানীক সুধিলোঁ কেনেকৈ দিছে বুলি – ক’লে এমুঠিত ৮ টকা । মোৰ চকু ডাঙৰ হৈ গল কাৰণ মুঠিটোত কেঞা আঙুলিটোৰ সমান মাত্ৰ ১১ ডাল কচুহে আছিল !! উপায় নাই লৈ আনিলোঁ । আজি দকচি দকচি খাম !

বিলাহী ল’বলৈ ল’লো পোৱা ১৫ টকা ! কোনো কথা নাই ল’লো । মোতকৈ আগৰে পৰা এগৰাকী মহিলাই বিলাহী বাচি আছিল । অথচ সেই বিলাহীখিনিত বেয়া বুলিবলৈ নাছিল। দোকানীজনৰ খঙ উঠিল হবলা- মানুহগৰাকীক সুধিলে কিমান ল’ব ? তেওঁ কলে ১০ টকা । দোকানীয়ে আকৌ সুধিলে – খুচুৰা আছে ? তেওঁ কলে –নাই।এশ টকা আছে। দোকানীয়ে তেতিয়া তেওঁৰ হাতৰ খৰাহিটোৰ পৰা বিলাহীখিনি দম কৰি থকা বিলাহী খিনিৰ ওপৰত ঢালি কলে –তৌ হম নহী দেংগে। যাইয়ে।
মোক অবাক লাগি চাই থকা দেখি দোকানীজনে কলে – আপোনাৰ এপোৱা বাচিবলৈ কিমান সময় লাগিল ৫ মিনিট….এইগৰাকীয়ে যোৱা ২০ মিনিট ধৰি সেই চাৰিটা বিলাহী বাচি আছে!!!
এইবাৰ ঠেলা এখনৰ কাষ চাপিলোঁ, পটল ল’বলৈ । আধা কেজি পটল মাত্ৰ ১৫ টকা। বাকীবোৰ বেপাৰীক সুধোতে ২০ টকা বুলি কৈছিল। পটল ল’লো । ৫ টকাৰ খুচুৰা পইচা আছিল, বেপাৰীজনক দিয়াত খুব কোমল ভাবে ক’লে- চুকতা দেনে কে লিয়ে ধন্যবাদ বেটা !
প্ৰায় সকলো খিনি লোৱাৰ পাছত মই ৫ টকীয়া পানীয় বিধ খাবলৈ সোমালোঁ । আজি তাত ১০ বছৰীয়া মানৰ লৰা এটা বহি আছিল । মই ৫ টকাৰ ক’ক গিলাচ মুখলৈ নিছোঁহে ক’ৰবাৰ পৰা হালি জালিকৈ কথা পাতি ১৩-১৪ বছৰীয়া মান ছোৱালী দুজনী তাত ৰ’লহি । লৰাটো মুখলৈ চালে নে নাই ধৰিব নোৱাৰিলোঁ, এজনীয়ে কলে –আংকল, দৌ মেংগ দিজিয়ে …
মই চৰচৰনি খাই গ’লো । লগে লগে ল’ৰাটোলৈ চালো— সি একদম চকু ঘোপা কৰি ছোৱালী দুজনীলৈ চাইছে । ছোৱালী দুজনীও থতমত খাই গল আৰু তৎক্ষণাত্ কলে— চৰি !
একেবাৰে শেষত আহি ঘৰৰ কাষৰ দোকানখনত সোমালোঁহি । দোকানত আজি দোকানীৰ মাক বহি আছিল । এই মানুহগৰাকী বহি থাকিলে মই বৰ দিগদাৰী পাওঁ । তেওঁ হিন্দীৰ বাহিৰে একো ভাষা নাজানে । আৰু মই হিন্দীৰ চব কথা নাজানোঁ, বৰ দিগদাৰী হয়। এদিন বজাৰ কৰি সুধিলোঁ কিমান হ’ল বুলি …তেওঁ কলে একশ ষাত । মই ভাবিছোঁ মাত্ৰ এশ সাত টকা ! ইমান কম হ’ব নালাগেতো। আকৌ সুধিলো – কিয়া ৱান জিৰ চেভেন হোৱা ? আইতাই কলে কিয়া…একশ সাত । এজনীয়েও এজনীৰ কথা বুজি পোৱা নাই । শেষত আইতাৰ নাতিনীয়েকজনী অহাত হে দুইজনী বাচিলোঁ ।
আজি আক’ কণী আনিবলৈ সোমাইছিলোঁ । মই কলো মোক ডিম লাগে । আইতা কাণখন আগবঢ়াই কলে- কিয়া ? মই এইবাৰ ক’লো ইগ চাহিয়ে….
তেওঁ আকৌ মুৰ জোকাৰি কলে কিয়া….. ? হে হৰি ! মোৰ মুৰতো ক’ৰবাত মাৰি দিওঁ যেন লাগিছিল । তাৰ পাছত হে মনত পৰি কলো-মুঝে অন্ডা চাহিয়ে…
আইতাই এইবাৰ ফিচিককৰে হাঁহি কলে-তৌ এইচে বৌল,না !

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক