জীৱনৰ ৰং (মিতালী গোস্বামী)

নৈশ চৰাইটোৱে হঠাৎ চিঞৰি উঠিল। মাজনিশাৰ নিস্তব্ধতাবোৰত যেন ক’ৰবাত খেলিমেলি লাগি গ’ল। বৰ বীভৎস কোর্হাল। কেনেদৰে কঁপি উঠে গাৰ নোমবোৰ? একেবাৰে এডাল এডাল হৈ পৰে। এক অদ্ভুত শিহঁৰণ। পুহমহীয়া জাৰৰ মাজতো তীৰকঁপে কঁপি উঠে গা। মালিনীৰো কঁপিল। বহুদিনৰ মূৰত তাইৰ চকুহালে আজি কিছুপৰ বিশ্রাম ল’লে। সেই বিশ্রামৰ মাজতে..। এক অশানি সংকেত। মৃত্যুদূতৰ দৰে কিয় বাৰু চিঞৰি উঠে হুদুটোৱে? মাজনিশাৰ এনে চিঞৰ ভাল নালাগে। তাতেই জাৰকালিৰ গভীৰ নিশা। নিতাল মাৰি শুই আছে সকলোবোৰ নিহালিৰ মেৰত। ধুমুহাৰদৰে যেন এটা খবৰ বিয়পি পৰিব আৰু তাইক ছিন্ন-ভিন্ন কৰি পেলাব; তেনে লাগিল তাইৰ।

এঢোক এঢোককৈ বটলৰপৰা কেইবাঢোকো পানী ঢালি তাই ডিঙিটো তিয়ালে। তৃষ্ণা নির্বাপিত হ’ল মালিনীৰ। এই গোটেই সাম্রাজ্যৰ তাই আজি একমাত্র প্রহৰী। প্রহৰীয়ে বিশাল সাম্রাজ্যখনত প্রতি নিশা কিদৰে বিনিদ্র ৰজনী কটাবলগীয়া হৈছে তাৰ উমান বাৰু পাইছেনে কোনোবাই? উছন হৈ যোৱা সংসাৰ এখনৰ পূর্বস্মৃতিক বুকুত সাৱটি তাই ৰৈ আছে। কিহৰ আশাত? সুদিন অহাৰ সম্ভাৱনা আছে জানো এই মৃত ঘৰখনলৈ?

টিউব লাইটটো জ্বলাই দিলে তাই। নিমিষতে এন্ধাৰ আঁতৰি পোহৰ হ’ল কোঠাটো। নহ’লে কিবা ভয় ভয় লাগেচোন। আজিকালি এন্ধাৰ একেবাৰে সহ্য নহয় তাইৰ। কাঠৰ চকীখনত দেহটো এৰি দিলে মালিনীয়ে। কমদিনৰ ভিতৰতে চর্বি নোহোৱা হৈ দেহটো বহুখিনি আটিল হ’ল। আজিকালি উঠোতে বহোতে একেবাৰে কষ্ট নহয়। কিছুমান কাম কৰাৰ আগতে আগে তাই চিন্তা কৰিবলগীয়া হৈছিল, প্রকাণ্ড দেহটোৰ বাবে। ওজনৰ লগে লগে দেহটোৰ বাঢ়ি অহা বিষবোৰ? বৰকৈ আমনি দিছিল তাইক। কিন্তু মনৰ আনন্দৰ লগতে হয়তো দেহৰ আনন্দবোৰো হেৰাই গ’ল। কমদিনৰ ভিতৰতে স্বাস্থ্য ভগ্নতাৰ দিশে গতি কৰিলে। আহাৰে আজিকালি পুষ্টি নোযোগায় তাইৰ দেহত। ব’তাহীৰ কি খবৰ জানো? ভালে আছেনে বাৰু তাই? আগে নিঃসঙ্গ নিশাবোৰত তায়েই মালিনীৰ একমাত্র সঙ্গী হৈছিল। লাহে লাহে কথাবোৰ বেলেগ হ’ল। মালিনীৰ নিজাকৈ এখন সংসাৰ হ’ল; ব’তাহীৰো। সীমাৰ যুঁজখন নলগালৈ সকলো ঠিকেই আছিল, কিন্তু লগাৰ লগে লগে সকলো সপোন ভাগি-ছিগি চূড়মাৰ। কোর্ট-কাছাৰীলৈ দৌৰি ফুৰোতেই গাঁঠিৰ ধনবোৰো উধাও হ’ল।

: অ’ই ব’তাহী, ৰাজেন দাইটিহঁতৰ ঘৰলৈ যাবলৈ তই মোক লগ ধৰি নাথাকিবি দেই।
শব্দবোৰত উষ্মাৰ পৰশ আছিল যদিও ব’তাহীৰ অনুৰোধত মালিনীয়ে অৱশ্যে বিশেষ বেয়াও পোৱা নাছিল। দৰাচলতে লাজ আৰু ভয়বোৰে বেৰি-কুৰি ধৰিছিল তাইক মানুহজনীক। সেই দিনবোৰ বেলেগেই আছিল। যৌৱনৰ প্রথম বা লাগিছিল দেহত। মুঠেই সহজ হ’ব নোৱাৰে তাই সেইখন ঘৰত। সেইযে ৰাজেন দাইটিৰ লগত থাকে মহেশ নামৰ ভাগিন ল’ৰাটো..। তাইক দেখিলে সি চকুৰ পিৰিক মাৰিবলৈও পাহৰে। মানুহবোৰৰ সম্মুখতে তেনেদৰে বিমুগ্ধ নয়নেৰে সি তাইলৈ চালে তাই লাজত মৰি যোৱাৰ উপক্ৰম হয়। কিন্তু তাৰ মাজতো আনন্দ আছে। এজন দেখনিয়াৰ সৱল-সুঠাম যুৱক নিজৰ ফালে আকর্ষিত হোৱা বুলি জানি আনন্দিত নোহোৱা নাৰী হয়তো খুব কমেই ওলাব। তাই ব্যতিক্ৰমী নহয়। সেই চাৱনিত তাইও ভিতৰি ভিতৰি আচৰিতধৰণে উত্তেজিত হয়। কেতিয়াবা ব’তাহীক কয়,
: যাহ্ এইজনী..। জোকাই নাথাকিবি দেই মোক সদায় সদায়।
আৰামী চকীখনত দেহটো এৰি দি কিছুপৰিমাণে সুস্থিৰ হ’ল মালিনী। চকুৰ আগেদি ঢৌৰদৰে পাৰ হৈ গ’ল ভৰ যৌৱনৰ কিছুমান টুকুৰা ছবি। খুলি থৈ অহা খিৰিকীখনেৰে এছাটি ব’তাহ সুমাই আহিল। একেবাৰে চেঁচা বতাহ। বতাহজাকৰ পৰশ পাই গা-মন শীতল পৰিল তাইৰ। পুহমহীয়া জাৰৰ মাজতো মাজে মাজে প্রয়োজন হয় তাইক এনে এজাক মুকলি বতাহৰ। গা-মূৰ গৰম হৈ আহেছোন সময়ে সময়ে। বাহিৰত এন্ধাৰ। এই এন্ধাৰবোৰ এতিয়া তাইৰ আমৰণ সঙ্গী। মূৰৰ ওপৰত ছাল এখন হৈ সিহঁত তাইৰ সতে ঘূৰি ফুৰে।

: আস্।
বৰকৈ বিষাই উঠিছিল তাইৰ বুকু। মানুহজনৰ চকুতযে এচকু পানী আছিল। এনেদৰে বাৰু তেওঁ ভাগি পৰিব লাগেনে? হতাশা ভাল নালাগে। মতা মানুহ এজন হৈ ৰক্তিম এনেদৰে নিৰাশ হ’লে, উচুপি উঠিলে তাই জানো শান্ত কৰিব পাৰে? তাইকহে প্রয়োজন বিপদে-আপদে আশ্রয় ল’ব পৰাকৈ এক নির্ভয় আশ্রয়স্থলৰ।

ব’তাহীৰ বুকুত মূৰ থৈ তাই নীৰৱে চকুলো টুকা দিনটোলৈ তাইৰ প্রায়েই মনত পৰে। মালিনীৰ সমানে উচুপিছিল ব’তাহীও। দুয়োজনী অভিন্ন হৃদয়ৰ বান্ধৱী এটা দিনৰ পাছতে যে বিচ্ছেদৰ জুইত জাহ যোৱাৰ কথা। এখন দেৱাল উঠি আহিব দুয়োজনীৰ সম্পর্কৰ মাজত, আৰ-বেৰ কিছুমানে হয়তো সিহঁতৰ মিঠা সম্পর্কটো গ্রাস কৰি পেলাব। কথাবোৰ ভাবি দুয়োৰে চকু দুহাল সেমেকি উঠিছিল। কিন্তু সময়! সময়ৰ পাকচক্ৰৰপৰা পৰিত্রাণৰ উপায় জানো কাৰোবাৰ থাকে? মনে বিচৰা মানুহজনৰ লগত পাছদিনাখনেই গুচি গৈছিল ব’তাহী। সেই দিন ধৰি আলেঙে আলেঙে ব’তাহীৰ খবৰ পাইছে যদিও সম্মুখত তাইক লগ পোৱাৰ সৌভাগ্য আৰু হোৱা নাই মালিনীৰ। ক’ত যে হেৰাই গ’ল তাই? কিছুদিনলৈ চিঠি-পত্রৰ যোগাযোগ এটা আছিল। কিন্তু সেয়াও সাময়িক। অৱশ্যে তাকলৈ আক্ষেপ নকৰে মালিনীয়ে; সাংসাৰিক জীৱনৰ ব্যস্ততাৰ কথা বুজে বাবে। তাইওতো তাৰ কিছুদিন পাছতে সাংসাৰিক লেঠাবোৰৰ মাজত সোমাল। আজিৰপৰা কেইটামান মাহ আগলৈ তাই নিজেইনো কমখন ব্যস্ত আছিলনে? সময়বোৰে কি হাৰত বাগৰ সলাই সন্ধিয়াৰ দুৱাৰডলিত ভৰি থৈছিল, তাৰ উমান ল’ব পৰাকৈওচোন তাইৰ সময় নাছিল। কিন্তু হঠাৎ সময়বোৰ যেন স্তব্ধ হৈ গ’ল। নিশা দুপৰলৈ চকু টিপিয়াই টিপিয়াই তাই আজিকালি পুৱাৰ অপেক্ষা কৰে। পুৱাৰ আগমনেযে এন্ধাৰবোৰক খেদি পঠিয়ায়; সেয়ে। তেনে এটি পুৱালৈ আজিকালি তাই অপেক্ষা কৰে, যিবোৰ পুৱাত পূর্বতে এলাহ নামৰ বীজবোৰে শেতেলি এৰিবলৈ সাঁজু হোৱা মালিনীজনীক আগভেঁটি ধৰিছিল। প্রায়েই খং উঠিছিল তাইৰ- ‘ইমান সোনকালে নিশা এটা বাৰু শেষ হ’ব লাগেনে?’ ৰক্তিমৰ সতে টোপনিৰ আমেজ লৈ ৰোৱা মালিনীয়ে বাধ্য হৈ শোৱাপাটী এৰিছিল। কেৱল কামৰ তাগিদাত। তথাপি বৰ সুন্দৰ দিন আছিল সেইবোৰ। কথাবোৰ ভাবিলেই আজি তাইৰ চকুলো সৰে। ব’তাহীক ওচৰত পোৱাহেঁতেন বহু কথাই পাতিলেহেঁতেন তাই। তাইৰ সুখ-দুখবোৰ ব’তাহীৰ বাদে আনৰ আগত বর্ণাই সেইসকলৰ পুতৌ বুটলাৰ ইচ্ছা তাইৰ নাই। তাইৰ চুবুৰীৰ মানুহবোৰে কেৱল দেখে, এটা জহি-খহি যোৱা আওপুৰণি ঘৰত এজনী বিবর্ণা মানুহ থাকে। সেই মানুহজনী সন্ধিয়াৰ শেষ পোহৰত ঘৰৰ বাহিৰ ওলায়। কোন সময়ত সেই ঘৰটোত বিজুলীবাতিবোৰ জ্বলি উঠে তাৰ খবৰ আৰু কোনেও নাৰাখে। সেইখন ঘৰলৈ এগৰাকী মানুহেই মাত্র সঘনাই অহা-যোৱা কৰে। সেয়া ব’তাহীৰ সম্পর্কীয় ভায়েক- ৰত্ন। মালিনীৰ প্রয়োজনীয় এপদ-দুপদ বস্তু সি তাইক যতনায় দিয়েগৈ। পোষ্ট অফিচত তাইৰ বাবে আহি জমা হোৱা পেঞ্চনৰ টকাকেইটা? সি আনি নিদিলে সেইখিনি আনি মালিনীৰ হাতত তুলি দিওঁতা আৰু কোনো নাই। টকা-পইচাৰ প্রতি বৰ উদাসীন তাই।

চকুৰ ভিজি উঠা কোণটো চাদৰখনৰ আচলেৰে মালিনীয়ে মচিলে। আকাশখন লাহে লাহে উজ্বলি উঠিছে। ক’লাৰপৰা ৰঙা হ’ব ধৰিছে। এইছোৱা সময়েই হেনো ঊষাকাল। এদিন এনে এটা সময়তেই সকলো সপোন খহি পৰিছিল মালিনীৰ। খহি পৰিছিল তাইৰ জীৱনৰ ৰংবোৰ। প্রচণ্ড ধুমুহাৰদৰে বিষাদবোৰ নামি আহিছিল তাইৰ জীৱনলৈ। শিশুৰদৰে আস্ফালন কৰি উঠিছিল তাই। ছটফটাই উঠিছিল ৰক্তিম।
:মই এইবাৰ মানুহ লগাম।
কামিলা লগাই খেতি কৰাৰ পৰিকল্পনা কৰিছিল ৰক্তিমে। কেঁচা শস্যৰ মূল্য বহু বাঢ়িছে। বস্তা ভৰাই শাক-শস্য বজাৰলৈ উলিয়াই নিব পাৰিলেই লাভ। নিজে লাগি থাকিব পাৰিলেতো কথাই নাই। অসমৰ মাটিত খেতি কৰি বিদেশী ধনী হ’ব, সহ্যসীমাৰ ভিতৰত মুঠেই নহয় তেনে কথা। ৰক্তিমক বাধা দিয়া নাছিল মালিনীয়ে, বৰঞ্চ অনুপ্রেৰণা যোগাইছিল। খেতিৰ নিচা মানুহজনৰ বহুদিনীয়া। আগ্রহীজনক বাধা দিয়া মানুহ মালিনী নহয়; অনুপ্রেৰণাহে সুলভ তাইৰ চৰিত্রত।

ব’তাহীৰ সংসাৰ হেনো এতিয়া ভৰপূৰ। সাক্ষাৎ কৰাই দিব নোৱাৰিলেও ৰত্নই ব’তাহীৰ প্রায়বোৰ খবৰেই দিয়ে মালিনীক। শুনি সুখী হয়নে দুখী হয় সেয়া তাই নিজেও নাজানে। কিন্তু ঈর্ষা নজন্মে তাইৰ। অভিব্যক্তিবোৰ কিবা বেলেগ ধৰণৰ হৈ পৰিছে আজিকালি মালিনীৰ। সকলো সময়তে ভাবুক হৈ ৰয় তাই। কিন্তু চিন্তা কৰিবলগীয়াওনো তাইৰ আছে কি? কোনোয়েইতো নাই তাইৰ এই সংসাৰত আপোন বুলি চিনাকি দিবলৈ। কিমান স্তৰলৈ কাৰোবাক ভাল পালে বাৰু তেওঁৰ অৱর্তমানত মানুহৰ এনে চাৰিত্রিক পৰিৱর্তন হয়? নাজানে তাই। নাছিলতো তাই কোনোদিনে ইমান শান্ত আৰু সুস্থিৰ। চঞ্চলা নদীখনৰ দৰেই চঞ্চল মালিনীৰ হাঁহিৰ শব্দত ৰজনজনাইছিল ৰক্তিমৰ ঘৰৰ চোতাল।

অপতৃণ আঁতৰাই চাফ কৰি উলিওৱা বাৰীখন বৰ সুন্দৰ দেখা হৈছিল। বান্ধ দি পানী জমা কৰি ৰখাৰ ব্যৱস্থা কৰিছিল ৰক্তিমে তাত। আৰু তৰহে তৰহে আনি থোৱা শস্যৰ বীজবোৰ? সেইবোৰ বেলেগ বেলেগ বটলৰপৰা উলিয়াইছিল তাই। এবাৰ ৰ’দ লগাবলৈ। মাক-দেউতাকহঁতেও তেনেদৰে শস্যৰ গুটিত ৰ’দ লগোৱা দেখা মনত পৰে তাইৰ। মাক-দেউতাকহঁতৰ কোনো এজনো বর্তমান এই সংসাৰৰ বাসিন্দা নহয়, তথাপিও প্রতিটো বস্তুৰ মাজত তেওঁলোকৰ অস্তিত্ব অনুভৱ কৰে মালিনীয়ে।
:দুই-এদিনতে হয়তো বাইদেউ আহিব। ঘৰলৈ আজি খবৰ পঠিয়াইছে।
কথাষাৰ শুনা মাত্রকেই আনন্দত উত্রাৱল হৈ পৰিছিল মালিনী। বহুদিন ব’তাহীক তাই লগ পোৱা নাই। তাইৰ জীৱনলৈ নামি অহা অমানিশাৰ ভূ বাৰু তাই পায়নে? নাপায় নিশ্চয়! ব’তাহী অথবা ৰক্তিম-কোনো এজনেও আজিকালি খবৰ নাৰাখে তাইৰ। দুয়ো যেন দুটা বেলেগ উপগ্রহৰ প্রাণীতহে পৰিণত হৈছে। আৰু এখন ক্ৰন্দনশীলা নৈৰ এটা পাৰ হৈ তাই অকলে ৰৈ গৈছে যেন। কথাষাৰ মনলৈ অহাৰ লগে লগে আগৰদৰেই আকৌ নিশ্চুপ হৈ পৰিল তাই।

বৰ মনত পৰিছে ৰক্তিমলৈ মালিনীৰ। আস্, কেনে মৰমিয়াল ৰক্তিম নামৰ মানুহজন। লম্পট পুলিচজনৰ বাদে আন কাৰো সতে তেওঁৰ বিদ্বেষ আজিলৈ তাই দেখা নাই। এই এজন মাত্র মানুহৰ বাবে..। বৰ খঁক পুলিচৰ মাটি-সম্পত্তিৰ। পিতৃপুৰুষৰ ভেঁটিটো এৰি দিবলৈ ৰক্তিম সম্মত নোহোৱাটোত আচৰিত হ’বলগীয়া কিবা জানো আছে? নাই। কোর্ট-কাছাৰী য’তেই যাবলগীয়া হ’ল গ’ল তেওঁ। কিন্তু ফলহে একো নধৰিল। ধৰিবইবা কিদৰে? পইচাৰ বলত সঁচাক মিছা আৰু মিছাক সঁচা কৰা মানুহ পৃথিৱীখনত অধিক নহ’লেও কমোতো নহয়। সেই নিশা মানুহজনৰ চকুত চকুপানী আৱিষ্কাৰ কৰিছিল মালিনীয়ে। দেখি তাইৰ অন্তৰে হাঁহাকাৰ কৰি উঠিছিল।
:কথাবোৰ একেবাৰেই বেয়া হ’ল জানা?
ভগা মাতষাৰেৰে বিচনাখনৰ এচুকত বহি উচুপনিত ৰঙা পৰা চকুৰে মানুহজনে মালিনীলৈ চাই কথাষাৰ কৈছিল। আৰু বহু কিবাকিবি কৈছিল মোকর্দমাত হাৰি আৱেগিক হৈ পৰা মানুহজনে। কিন্তু মানুহজনৰ কথাবোৰ তাইৰ কাণৰ পর্দা ভেদ কৰি কিয় জানো ভিতৰলৈ সুমাব পৰা নাছিল? তাইৰ চকুৰ আগত কেৱল ভাঁহি উঠিছিল বোকাময় হৈ পৰা এখন পথাৰ। সেই পথাৰখনত মিহলি হৈ পৰা কেইজনমান কামিলাৰ শ্রম। আৰু? আৰুযে ৰক্তিমে সিঁচিবলৈ আনি থোৱা শস্যৰ গুটিবোৰ..। ৰঙা-বগা সাফৰৰ বটলত সেইবোৰ বৰ সুন্দৰকৈ সামৰি থৈছিল তাই।

এবাৰলৈ মালিনীৰ চকুৰ আগত ৰাজেন দাইটিৰ ভাগিনীয়েকৰ মুখখন ভাঁহি উঠিল। সিও খেতিৰ বাবে বৰ সুন্দৰকৈ মাটি অলপ উলিওৱা সিদিনা দেখি আহিছে তাই। দেখি চেৰেং চেৰেংকৈ তাইৰ ৰক্তিমলৈ মনত পৰিছিল। এনে লাগিছিল সেইখনেই যেন সিহঁতে হেৰুৱাই পেলোৱা পথাৰখন। আৰু সেইজন যেন পথাৰৰ মাজত মহেশ নহয়; ৰক্তিম। এপথাৰ সপোন সাৱতি তেওঁ তাত ৰৈ আছে।

টুপ্ টাপ্ কৈ বাহিৰত নিয়ৰ সৰিছে। ছালখনত পৰি মাটিত পৰিছে নিয়ৰৰ কণাবোৰ। ভিজি উঠিছে মাটিৰ বুকু। নিয়ৰৰ লগতে মালিনীৰ চকুৰেও টপাটপে সৰিছে নিয়ৰ। প্রায় আঠোটা মাহ তাই একেদৰেই চকুৰ কোণেদি অশ্রু নিগৰালে তাইৰ শেষ ঠিকনা হৈ ৰোৱা এই ঘৰখনৰ মজিয়াত। কিমানযে অকলশৰীয়া হৈ পৰিছে তাই। মাকৰ ঘৰখন অক্ষত অৱস্থাত আছে বুলিহে। মানুহ-দুনুহ নথকাকৈ ঘৰ এটা তেনেদৰে বাছি থকা বৰ কঠিন। চকু জপালেই মালিনীৰ চকুৰ আগত প্রাণ পাই উঠে লেলিহান শিখাৰে জ্বলি উঠা একুৰা জুইৰ ছবি। আৰু সেই কেঁচা তেজৰ ডোঙাটো? আস্! আৰু ভাবিব নোৱাৰে তাই। কথাষাৰ মনলৈ আহিলেই অসহ্য যন্ত্রণা এটা অনুভৱ হয়; বৰ কষ্ট হয় তাইৰ। কিদৰে বাৰু মানুহ ইমান হিংস্র হ’ব পাৰে?
ধাপ্ ধাপ্, ধাপ্ ধাপ্..।

মাটিৰ বুকুত পৰা কোববোৰৰ শব্দ বহু দূৰলৈ ভাঁহি আহিছিল। টোপনিৰ আৱেশ তেতিয়াও ভালদৰে আঁতৰা নাছিল মালিনীৰ চকুৰপৰা। তাই খেপিয়াই চালে। ৰক্তিম কাষত নাছিল। লগে লগে ক’ৰ টোপনিযে তাইৰ ক’লৈ উৰি গ’ল। বিনষ্ট চাদৰখন থানথিত লগাই কোবাকোবিকৈ দৌৰিছিল তাই। দুটা দিন ধৰি ৰক্তিমৰ মগজ গৰম। চাকৰি-সংসাৰ একোতেই মন বহা নাই মানুহজনৰ। পৈতৃক ভেঁটি ছলে-বলে কোনোবা মহাপাতকে কাঢ়ি নিব; কিদৰে বাৰু তেওঁ মানি লয় তেনে অন্যায়! কিন্তু, উপায়োযে নাই। আদর্শ আৰু মস্তিষ্কৰ সংঘাতত ক্ষত-বিক্ষত হৈছিল মানুহজন। ক্ৰমে ক্ৰমে যেন চিন্তাশক্তি হেৰুৱাই পেলাইছিল মানুহজনে। ৰক্তিমৰ ওচৰ পায় তাই দেখিছিল, তেওঁ দুয়োটা ঘৰৰ সীমা উলিয়াই কোৰখনেৰে মাটি খান্দিছে; মাজত বেৰ এখন দিবলৈ। কিন্তু নিমিষতে যেন সেইপাত অস্ত্র তেওঁৰেই বুকুত বাগৰি পৰিল। তেজৰ ডোঙাত পৰি ৰোৱা শান্ত-মৰমিয়াল মানুহজন? হায়! মালিনীয়ে কিয় বাৰু তেনে এক আশংকা আগেই কৰিব নোৱাৰিলে..। অন্ততঃ মাটি-ভেঁটিৰ নামত মানুহৰ তেজৰ শ্রাদ্ধ হ’ব নিদিলেহেঁতেন তাই। বহুদূৰলৈ আঁতৰাই লৈ গ’লহেঁতেন ৰক্তিমক। একেটা দিনতে মাজৰাতিলৈ মালিনীৰ ঘৰৰ ভেঁটিটোও গ’ল। ৰঙা হৈ জ্বলা জুইকুৰা? কেনে তপ্ত! সেই উত্তাপ বহুদূৰলৈ অনুভৱ কৰিছিল তাই। বেগাই দৌৰোতে তাইৰ উশাহে ঘনাই উঠা-নমা কৰিছিল। মাৰৰ পাছত তাইৰ ওপৰত মাধমাৰ শোধালে অসৎ পুলিচজনে। পৈতৃক ভেঁটিত মানুহজনক শেষ বিদায়টোও জনোৱা নহ’ল তাইৰ।

পুৱাৰ পোহৰে জগতখন পোহৰাই তুলিলে। চকীখনৰপৰা গাটো কোনোমতে ডাঙি ঠিয় হ’ল মালিনী; লাহেকৈ তাই দুৱাৰখন খুলিলে। বাহিৰত ফটফটীয়া পোহৰ। মালিনীয়ে অনুমান কৰিলে, তাইৰ গাটো যেন ঘপকৈ বেয়া লাগিব ধৰিছে। কি জানো হৈছে? চিন্তাবোৰ কিবা ৰক্তিমৰপৰা আৰম্ভ হৈ ব’তাহী, ৰাজেন দাইটি, মহেশহঁতৰ মাজত ঘূৰি ঘূৰি পুনৰ ৰক্তিমতে শেষ হ’ব ধৰিছেচোন। কষ্টকৈ আঙুলিৰে হেঁচি হেঁচি মালিনীয়ে নিমখ অকনেৰে দাঁতকেইটা ঘঁহিলে। চাহ একাপ খালে হয়তো গাটো ভাল লাগিব। ফুঁৱাই ফুঁৱাই তাই চৌকাৰ জুইকুৰা জ্বলাবলৈ চেষ্টা কৰিলে। পেটৰ চিন্তাওতো কম নহয় মানুহৰ। শেষ হৈ হৈও শেষেই নহয়চোন। ব’তাহীলৈ মনত পৰিল তাইৰ। তাইতো অহাৰ কথা আছিল দুই-এদিনতে..। মালিনীৰ পাৰাপাৰহীন চিন্তাবোৰৰ মাজতে চৌকাৰ ধোঁৱাই নিমিষতে গোটেই কোঠাটো অধিকাৰ কৰি পেলালে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments