জীৱনৰ ৰং : সাঁকো পাৰ হোৱা কাহিনী – ৰূপম ঠাকুৰীয়া

আমাৰ বিয়াৰ আগৰ কথা৷ লখিমী (এতিয়াৰ পত্নী)ৰ ঘৰত এনিশা কটোৱাৰ পিছদিনা৷ ৰাতিপুৱা লখিমীৰ দেউতাক আৰু মই ঘৰৰ সন্মুখৰ ফালে বহি কথা পাতিছো৷ বাটেৰে এখন ট্ৰেক্টৰ পাৰ হৈ গ’ল৷ ট্ৰেক্টৰখনৰ ফালে চাই চাই দেউতাই ক’লে,

–ট্ৰেক্টৰ এখন ল’ম বুলি ভাবিছো৷ হওঁতে আমাৰ খেতিৰ মাটিখিনি চহাবলৈ আমাৰ পাৱাৰ টিলাৰ খনেৰেই হৈ যায়৷ কিন্তু গাঁৱত সৰহকে মাটি থকাবোৰে ট্ৰেক্টৰ ভাড়াত আনে খেতিৰ বতৰত৷ খেতিৰ বতৰত ট্ৰেক্টৰৰ বৰ ডিমাণ্ড৷ ইয়াৰ বাহিৰেও আন সময়তো শিল, বালি আদি কঢ়িওৱা ভাড়া পোৱা যায় দুই চাৰিটা৷ সেয়ে কথাটো ভাবিছো৷ লওৱেই নেকি এখন৷
–কথাটো ঠিকেই ভাবিছে আপুনি৷ ল’ব পাৰে এখন- মই ক’লো৷
–কিমান মান পৰে বাৰু দাম? জানানে?
–(মই অলপ ভাবি) কিমাননো পৰিব? ডেৰ লাখ মানত হৈ যাব আপোনাৰ৷
–অ’ হয় নেকি? এহ্ ল’ৰা এজনে আকৌ তিনি লাখ পৰিব বুলি ক’লে৷ সি নাজানে নেকি একো৷

মোৰ চিন্তা লাগিল৷ মই আচলতে ট্ৰেক্টৰৰ দামৰ বিষয়ে নাজানো৷ তথাপি আনুমানিক এটা কৈছিলো৷ কথাটো কনফাৰ্ম কৰাৰ কাৰণে মোবাইলটো উলিয়াই লগৰ ল’ৰা (তাৰ ডীলাৰ আছে) এজনলৈ মনে মনে এচ এম এচ এটা পঠিয়ালো৷ উত্তৰ আহে মানে মই কৈ গ’লো
— সবে সব কথা নাজানে দেউতা৷ ওপৰে ওপৰে কিছুমানে কথা কয়৷ ভাল নালাগে৷
— তাকেই৷ মই জনাত সি দেখোন কোনো ডীলাৰত কাম কৰা বুলি কয়৷ তুমি ভালকৈ খবৰ এটা ল’বাচোন৷

মেছেজ টোনটো কাণত পৰিল৷ ব্যস্ত ভাবে এছ এম এচটো খুলিলো৷ উত্তৰ আহিল “তিনি লাখৰ পৰা আৰম্ভ৷” কাণ মূৰ গৰম হ’ল৷ এতিয়া কোন সতেনো কওঁ যে সেই ল’ৰাটোৱে কোৱা কথাটোৱে শুদ্ধ! কিবা এটা মনত পৰা যেন দেখুৱাই হাঁহি এটা মাৰি ক’লো, ’অ’ চ’ৰি চ’ৰি, ময়ো যে কি কওঁ৷ আই মিন, মানে মই ৰিচেলত পোৱা ট্ৰেক্টৰৰ কথাহে কৈছিলোঁ আচলতে৷ তেনেবোৰ ট্ৰেক্টৰহে আপুনি ৱান পয়ণ্ট ফাইভ লাখ মানত পাব৷ বাকী নতুন কিনিলে থ্ৰী লাখ মান পৰিব৷ টুৱেণ্টি-থাৰ্টি থাউজেণ্ড প্লাচ-মাইনাচ৷ পাৰিলে ডীলাৰৰ পৰা লোৱাই ভাল৷ মাটচ্ মোৰ ফেচিলিটি পাব৷ টু-থ্ৰি ইয়াৰ্চৰ ওৱাৰেণ্টি উইথ ফ্ৰি চাৰ্ভিচিং ফৰ মোৰ দেন ৱান ইয়াৰ টু….৷”

অলপ তাৰাতাৰি কৈ শেষ কৰিলোঁ যাতে দেউতাই কথাখিনি ভালকৈ ধৰিব নোৱাৰে বা বুজি নাপায় আৰু ফলত মোৰ নজনাখিনিও দেউতাৰ আগত ধৰা নপৰে৷
–তুমি কোৱা কথাখিনি মই বুজি পাইছো বা জানোও গোটেইখিনি৷ এডভাৰটাইজো চাইছো৷ সেয়ে মই ডিচাইড কৰিছো -“আই উইল অনলি বাই এ নিউ ৱান৷”

হে হৰি৷ বুজি নাপাব বুলি ভবা মানুহজনে দেখোন ইংলিছ ক’বও পাৰে! সাউতকৈ চকীৰ পৰা উঠিগৈ আমলখি গছদালৰ তলত পৰি থকা আমলখি এটা বুটলি মুখত ভৰালো আৰু দেউতাৰ পিনে চাই ক’লো, “এই বস্তুটো দিনত চাৰিটামান খাব পাৰিলে স্বাস্থ্যৰ পক্ষে বৰ উপকাৰী৷”

দেউতাই ইতিমধ্যেই পেপাৰখনেৰে মুখখন ঢাকি লৈছে৷

দুপৰীয়া ভাত খাই অলপ বিছনাত পৰিছিলো৷ ৰিতু (মানে এতিয়াৰ খুলশালি) দৌৰি আহি ক’লে যে দেউতাই মোক মাতিছে৷ (মনতে, এই মানুহজনে মোক কিয় মাতি থাকে বাৰু? মোক ভালপাই মাতি থাকে নে কিবা লাজ দিবৰ বাবে? ) লাহে লাহে উঠি গ’লো৷
–এই গছজোপা আজি বিকিম৷ অলপ পিছতে বেপাৰী আহিব৷ নিজে কাটি লৈ যাব৷ চোৱা গছজোপাত এইবোৰ পোকে ধৰিছে৷ পোকে ধৰিলে গছজোপাত মাল হোৱা বুলি কয়৷ –খেৰৰ পুঁজিৰ কাষত থকা প্ৰায় এটা ফুটবলৰ সমান ব্যাসাৰ্ধৰ কাণ্ডৰ গছ এজোপাৰ কাষলৈ নি মোক দেউতাই কৈ গ’ল৷
–কিন্তু আপুনিযে একে একে গছবোৰকে ইমানকৈ ৰুইছে? কিছুমান মূল্যৱান গছো ৰোৱক৷ ভবিষ্যতে কামত আহিব৷ কাঠ, তক্তা নিজকো লাগে আৰু দৰকাৰ হ’লে বিকিবও পাৰিব৷ পইছা পাতিৰ কেতিয়া কি দৰকাৰ হয় কোনেও ক’ব নোৱাৰে৷ আপোনাৰ ঠাই আছে৷ গতিকে ৰুই দিয়ক৷
— তুমি এইবিলাক কি গছ বুলি ভাবিছা? (দেউতাৰ মুখত হাঁহি৷ মই আকৌ কিবা হাঁহি উঠা কথা ক’লো নেকি! ….. নিজকে সুধিলো৷ )

এনেতে জপনাখন খুলি ডাড়ি গোঁফেৰে ভোবোকাৰ দুজন লোক সোমাই আহিল৷ দেউতাই গছজোপা দেখুৱালে৷ মানুহ দুজনে খুব নিৰীক্ষণ কৰিলে গছজোপা৷ এজনে দা এখনেৰে অত ত’ত সৰুকে ঘপিয়াই কিবা পৰীক্ষা কৰিলে৷
— আপুনি কিমান বিচাৰে? এজনে সুধিলে৷
— পঁচাশী হাজাৰ৷

দেউতাৰ কথাষাৰ ভুলকৈ শুনিলো নেকি মই? ধেমালি কৰিছে নেকি দেউতাই?
— নাই আমি…..পঞ্চাচ এটা দিম৷
— আশীৰ এঠকাও নকমাও৷ নিলে নিবা৷ নিনিলে নাই — দেউতা আকোৰগোঁজ৷
— ……………….
— ………………
— ……………….
— ঠিক আছে৷ তেসত্তৰ হাজাৰ দিম৷

দেউতাই সন্মতি জনোৱাত বেপাৰী দুজনে গণি গণি নগদ তেসত্তৰ হাজাৰ টকা মোৰ চকুৰ আগত দেউতাৰ হাতত তুলি দিলে (মই তবধ মানিলো)৷
–এইজোপা সাঁচি গছ৷ বহুত মাল হৈছে এইদালত৷ বৰ সুন্দৰ আঁতৰ হ’ব ইয়াৰ পৰা …এইবুলি দেউতাই পইচাখিনি থবলৈ ভিতৰলৈ খোজ ল’লে লাহে লাহে……..৷

মোৰ হাতযোৰ কৰি ক’বলৈ মন গ’ল, “দেউতা মোৰ আগৰ কথাখিনি মই উঠাই ল’ব বিচাৰো৷ আপোনাৰ জ্ঞান আৰু আঁচনি মোৰ চালুকীয়া মগজুই ঢুকি নাপায়)৷”

আবেলি লখিমীক ক’লো, – “ব’লা তোমালোকৰ পথাৰৰ পিনে ফুৰিব যাওঁ৷”
–নাযাওঁ৷ গাঁৱৰ মানুহে দেখি কি বা ভাবে!

এতিয়া সকলোৱে গৰু ছাগলীবোৰ আনিবলৈ যাব পথাৰলৈ৷ ইফালে আকৌ দেউতাই যদি কিবা কয়? মুঠতে মোৰ লাজ লাগে৷ নাযাওঁ৷
–ধেৎ আঁকৰিজনী গাঁৱৰ মানুহে কি ভাবে তাত আমাৰ কি আহে যায়? আৰু দেউতাৰাই দুদিন পিছত হোমৰ গুৰিত তোমাৰ দায়িত্ব মোকে সঁপিব৷
–তোমাৰ অকণো লাজ নাই দেই৷
(মনতে ভাবিলো, সেই চাৰিশ কিলোমিটাৰ দূৰৰ পৰা আহি ইয়াত লাজ দেখুৱাই অতি ভদ্ৰৰ ভাও ধৰি নিজৰ লচ কৰিবলৈ মোৰ ইচ্ছা নাই) অগত্যা ৰিতুকো আমাৰ লগত লৈ যাবলৈ প্ৰস্তাব দিয়াত যেনিবা তাই যাবলৈ মান্তি হ’ল৷

জপনা খুলি আলিবাটত উঠি পুনৰ উলটি সিহঁতৰ চৌহদৰ কাষে কাষে খোজ ল’লো৷ বহল পথাৰখনৰ দীঘলীয়া আলিবাট৷ পথাৰখনৰ আলিটোৰ শেষচোৱাতেই আৰম্ভ হৈছে এখন হাবি৷ হাবিখন আৰম্ভ হোৱা ঠাইকণ অলপ ওখ৷ ৰিতুৱে দৌৰিগৈ আলিটোৰ পৰা জাপ মাৰি ওখ ঠাইডোখৰত উঠি ল’লে৷ তাৰ পিছে পিছে লখিমী৷ এইবাৰ মই৷ মই প্ৰথমে সোঁভৰিখন আগবঢ়াই মোৰ খামোচটোৰ ব্যবহাৰিক স্থিৰতাৰ পৰীক্ষণ এটি চলালো লাহেকৈ …দুয়ো গম নোপোৱাকৈ! ধনাত্মক ইন্দ্ৰিয়বোধ এটা লাভ কৰি লাহেকৈ বাঁওভৰি খনো তুলি দি নিজকে আলিটোৰ পৰা হাবিখনৰ প্ৰাৰম্ভিক দফাত উপস্থাপন কৰালো৷

আগবাঢ়ি গ’লো৷ এটা প্ৰায় লুংলুঙীয়া বাট৷ বাটটোৰ দুয়ো কাষে সৰু বৰ গছ বিৰিখ৷ বনৰীয়া লতাবোৰে গছবোৰক সাবট মাৰি ধৰি আছে৷ ঠায়ে ঠায়ে বাঁহগছৰ জেং বোৰে বাটটোৰ মাজলৈ আগবাঢ়ি আহি মৃদূ অন্তৰায়ৰ সৃষ্টি কৰিছে৷ পথাৰ ভালপোৱা, সেউজীয়াৰ প্ৰেমত বন্দী মোৰ মনটো পলকতে কমোৱা তুলা হৈ উৰি গ’ল হাবিখনৰ যেনিয়ে তেনিয়ে৷

ৰিতুৱে মাজে মাজে পিছলৈ ঘূৰি চাইছে৷ বৰষুণত কোমল হৈ থকা বাটটোৰে মই ঠিকেই খোজ দিব পাৰিছোনে নাই৷ মোৰ ন’কিয়া ফোনটোৰ ফ্ল্যাসটো গৈ থকাৰ মাজে মাজে জ্বলি থাকিল লখিমীৰ দুহাতৰ মাজত৷ লুংলুঙীয়া বাটটোৰে প্ৰায় দুশ মিটাৰ মান যোৱাৰ পিছত বিশালতাৰে আগুৰা মুকলি পথাৰ৷ অলপ ৰ’লো তিনিও৷ লখিমীয়ে মোক দেখুৱাই দিলে সিহঁতৰ ভড়াল চহকী কৰা সোণগুটি ফুলোৱা, বুকুৰ ধমনীত প্ৰবহমান হৈ থকা সিহঁতৰ মাতি কেইডৰা৷

ৰিতুৱে পূৱমুৱাকৈ ঘূৰিব ক’লে৷ তিনিও ঘূৰি অলপ আগবাঢ়িলো৷ প্ৰায় পঞ্চাশ মিটাৰ মান আতৰত পাঁচ-ছয় বিঘা মান ঠাই আগুৰি এটা চাপৰি৷
-সেই চাপৰিটো আমাৰ৷ তালৈ ব’লক৷ ৰিতুৰ লগে লগে আমিও আগবাঢ়িলো৷
চাপৰিটো চাৰিওফালৰ পৰা জেওৰা দি বেৰি থোৱা আছে৷ বিভিন্ন প্ৰকাৰৰ সৰু বৰ গছৰ লগতে কেইবা প্ৰজাতিৰো বাহ গছ আছে বেৰানিটোত৷ বিভিন্ন চৰাইৰ কলৰবত প্ৰাণ পাই উঠিছে গোটেই এলেকাটো৷

ৰিতু জঁপিয়াই জেওৰা পাৰ হ’ল৷ মই ইফালে সিফালে মূৰটো ঘূৰাই জপনাখন বিচাৰিলো৷ নাই চকুত নপৰে৷ বায়েকো স্কাৰ্ট কোঁচাই জেওৰা বগাই সিটো ফাল পালে৷ মই চেণ্ডেলত কিবা লাগি থকা দেখুৱাই আতৰত গৈ বনত চেণ্ডেলযোৰ খুব ঘঁহিলো আৰু এই চেগতে জপনাৰ আকৌ সন্ধান কৰিলো৷
–নাহে কিয় ৰৈ আছে যে?

ৰিতুৰ মাতত মই আৰু অলপো পলম নকৰি জেওৰাত উঠিলো৷ তাৰ পিছত সিহঁতে চাই থকা দেখি ওপৰৰ পৰা দিলো এটা জাঁপ৷ …. …জেওৰাখনো মোৰ লগত হালি আহিল৷ মাটিৰ পৰা দুফুট মান ওপৰত মই ওলমি ৰ’লো পাঁচ চেকেণ্ড মানৰ কাৰণে৷ ৰিতুৱে লৰালৰিকৈ আহি ওখ খুটিটোৰ পৰা কষ্টকৰি মোৰ স্পোৰ্টিঙটো এৰুৱাই দিলে৷ …..জেওৰাখন আগৰ ঠাইলৈ উভতি গ’ল৷ দুয়োৰে খিলখিলীয়া হাঁহিত মই ৰঙা চিঙা পৰিলো৷ গোটেই মুহূৰ্ত কেইটা মোৰ নকিয়া ফোনটোত বন্দী কৰিলে লখিমীয়ে৷

চাপৰিত চাহবাগিছা এখন সম্পূৰ্ণ মোৰ খৰচত খোলাৰ প্ৰস্তাৱ দেউতাৰ আগত আগবঢ়াম বুলি সৰ্বসন্মত সিদ্ধান্ত এটা লৈ তাৰ পৰা উভতিলো৷

সন্ধিয়া লাগিবৰ হৈছে৷ ৰিতু আৰু লখিমীয়ে সিদ্ধান্ত ল’লে এইবাৰ বেলেগ বাটেৰে যাব৷ মই মানি লোৱা নোলোৱা প্ৰশ্ন উত্থাপনৰ অৱকাশ নাই৷ চাপৰিৰ পৰা উত্তৰ দিশে ঘূৰি পথাৰৰ মাজে মাজে আমি আগবাঢ়িলো৷ কিছুদুৰ অহাৰ পিছত আমি এটা জানৰ পাৰত উঠিলো৷ মনটো বৰ ভাল লাগি গ’ল৷ ইমান মনোমোহা পৰিবেশ৷ দূৰৰ পৰা জানটোৰ অস্তিত্ব ধৰিব নোৱাৰি৷ অকোৱা পকোৱা জানটোত খুব ধীৰ গতিৰে পানীভাগে গতি কৰিছে৷ জানটোৰ পাৰত যেন কোনোবাই ইমান সুন্দৰ ভাবে ওখ চাপৰ গছবোৰ ৰুই দিছে!
–আমি এইটো পাৰ হৈ যাম এতিয়া৷
— কিন্তু কেনেকৈ? ৰিতুৰ কথাত ওলোটাই প্ৰশ্ন কৰিলো৷
— কেলেই এইদাল সাঁকো আছে নহয়, দেখা নাই? এইদালৰ ওপৰেৰে৷
এইবাৰহে এদলীয়া বাঁহৰ সাঁকো দাল চকুত পৰিল মোৰ৷ এইদালৰ ওপৰেৰে মই ভুলতো পাৰ হ’বলৈ চেষ্টা নকৰো৷ ইহঁতে যিমান কয় কওক৷
— মই আহো৷ মোৰ পিছে পিছে আহক আপোনালোক৷ এইবুলি এডাল বাঁহৰ ওপৰেৰে নিমিষতে ৰিতু ইপাৰৰ পৰা সিপাৰ পালে৷ তাৰ পিছত চিঞৰিব ধৰিলে, আহক আহক৷
— ৰিতু, মই বাৰু কিবা এটা কৰিব পাৰিম৷ কিন্তু বায়েৰা ছোৱালী মানুহ৷ তাইৰ কথা এবাৰ ভাবা৷ কিবাকে পিচলিব লাগিলে কি হ’ব৷ আমি অহা বাটেৰে উভতি যাওঁ ব’লা৷
–মোৰ কথা চিন্তা কৰিব নালাগে৷ তোমাৰটো ভাবা৷ লখিমীৰ ডাংকোপ মাৰা কথা৷
— তামচা কৰা কথা নহয় লখিমী৷ তোমাৰ কিবা এটা হ’লে মোৰ বেয়া লাগিব৷ দেউতাৰাইও মোকহে…..
মোৰ কথা শেষ নহওঁতেই লখিমী গৈ বাঁহ দালত উঠিলেগৈ আৰু লাহে লাহে গৈ জানটোৰ সিটো পাৰ পালেগৈ৷ মোৰ ভৰি কঁপিব ধৰিলে৷ এইবাৰ তেন্তে মোৰ পাল?
–আহক আপুনি৷ ভয় খাইছে নেকি? এনেই আপুনি ‘বা’ক পাব নে? অলপতো সাহস দেখুৱাওক৷

ৰিতুৰ কথাত মোৰ তেজ উতলিল৷ এই বাপেক পুতেক হালে মোক বিপদত পেলাই ৰং চায়৷ কিহৰ বাবে মোক বাৰে বাৰে পৰীক্ষা কৰে৷ ছোৱালীক বিয়া দিম বুলি কৈছেই৷ তাৰ পিছত কিহৰ ইমান পৰীক্ষা? মই অলপ ৰৈ থকা দেখি বায়েকে ৰিতুক বুজালে, “অই চা৷ এডাল লাঠি যোগাৰ কৰি দে৷ কিবাকৈ পানীত পৰিব লাগিলে বিৰাট গণ্ডগোল এটা হ’ব৷ দেতাই আমাকহে দিব মজা৷”

ৰিতুৰ কাণত প্ৰথমতে কথাষাৰ সোমোৱা নাছিল যদিও পাছত নাতি-দূৰৈত পৰি থকা গছৰ শুকান দীঘল ডাল এটা আনি মোৰ পিনে দলিয়াই দিলে৷ মই মৰণত শৰণ দি গছৰ ডালটোৰ ওপৰত ভৰ দি বাঁহদালৰ ওপৰত উঠিলো

এখোজ…দুখোজ…তিনিখোজ…গছৰ ডালটো ভাঙি মই নিজকে আবিষ্কাৰ কৰিলো জান টোৰ বুকুত৷ কান্ধৰ তলৰ পৰা বাকীখিনি পানীৰ তলত৷ দুয়োৰে হুৱাদুৱা লাগিল৷ মই বোলো পানীত যিহেতু পৰিলোৱেই এতিয়া খৰ খেদা কৰি লাভ কি? লাজ মান বুলিবলৈ এতিয়া আৰু কিবা বাকী আছেনে?

ইতিমধ্যেই সন্ধিয়া নামি আহিছিল৷ বাটত কাৰো মুখত মাত নাই৷ কিবা এটা অপৰাধবোধে বায়েক-ভায়েকক কিছু অস্থিৰ কৰিছে৷

ঘৰৰ জপনা খুলি হাতত সাৰে ভৰিত সাৰে আমি বাহিৰে বাহিৰে ঘৰৰ পিছফাললৈ আগবাঢ়িলো৷ ৰিতু আৰু বায়েকৰ কথা মতে মই চোতালৰ আম জোপাৰ তলত ৰ’লো৷ দেউতা যদি ভিতৰত আছে তেন্তে মোক মাতিব বুলি বুজাই সিহঁত মোৰ পৰা আতঁৰি যোৱাৰ পিচমুহূৰ্ততে দেউতাৰ ভৰাঁল ঘৰটোৰ কাষত আবিৰ্ভাৱ ঘটিল৷ কিবা চিন্তা কৰি ইফাল সিফাল কৰি থাকোঁতেই আমগছ জোপাৰ তলত ছায়ামূৰ্তি এটা ঠিয় দি থকা দেখিলে দেউতাই৷ তাৰ পিছত মোক উদ্দেশি চিঞৰিলে, “কোনঔ সেইটো? কি কৰিছ তাত?” মই উত্তৰ নিদি ভালকৈ গছজোপাৰ আঁৰ হ’বলৈ চেষ্টা কৰিলো৷ গাৰ পৰা টোপ টোপকৈ পানী পৰিয়েই আছিল তেতিয়াও৷ দেউতাৰ আকৌ একেই প্ৰশ্ন৷ মই কিন্তু নিমাত৷ দেউতাৰ চিঞৰত ঘৰৰ গোটেই কেইগৰাকী ভঁৰাল ঘৰটোৰ ওচৰ পালেহি৷ তিনি চাৰিবাৰ চিঞৰাৰ অন্তত একো উত্তৰ নোপোৱাত দেউতাই ভঁৰাল ঘৰৰ মুধচৰ পৰা হালোৱা এচাৰিদাল একেকোবে টানি উলিয়াই লৈ ভোৰভোৰাই মোৰ পিনে খেদি আহিল …….বিপদৰ আগজাননী পাই নিজৰ দেহাটোৰ মংগল কামনা কৰি, মই আৰু অলপো সময় নষ্ট নকৰি মন্থৰ গতিৰে গছজোপাৰ তলৰ পৰা ওলাই আহি হাতদুখন আগফালে বান্ধি লৈ তলমূৰকৈ দেউতাৰ সন্মুখত ঠিয় দিলো৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক