জীৱনৰ ৰামধেনুঃ খনিন্দ্র ভূষণ মহন্ত।

 

কেবখনৰ পৰা লৰালৰিকৈ নামিলোঁ। অফিচৰ পৰা ওলাওঁতে নিশা প্রায় ১০ মানেই বাজিছিল। প্রাইভেট কোম্পানীৰ কাম। ‘বছ’ক সন্তুষ্ট কৰি ৰাখিব নোৱাৰিলে চাকৰিৰ পৰা খেদা খাবলৈ যে বেছি সময় নালাগে সেই কথা প্রাইভেট কোম্পানীৰ চাকৰিয়ালে ভালকৈয়ে জানে। আমি গাঁৱত থাকোঁতে সেইটো কামক “তেল মৰা” বুলি কৈছিলোঁ। লগৰে অংকুৰ, ডিম্পীহঁতে সেই কলেজৰ দিনতে তেল মৰাৰ কৌশল আয়ত্ব কৰি লৈছিল বাবে ‘ইণ্টার্ণেল মার্ক’ বেছিকৈ পাইছিল। তেতিয়া আমি সিহঁতক জোকাইছিলোঁ তেল মাৰি মাৰি নম্বৰ লোৱা বুলি। আনৰ কথা নাজানোঁ, মই কিন্তু এনেকৈ তেল মাৰিয়েই যে সংসাৰ চলাব লাগিব সেই কথা সপোনতো ভবা নাছিলোঁ। এতিয়া ময়ো অভ্যস্ত। লাগিলে পুৱা ৫ বজাৰ ডিউটিয়েই হওক বা অভাৰ নাইট ডিউটিয়েই হওক, সকলোতে “Yes Sir, I will take care of it.” জাতীয় কথাৰে বছক আশ্বস্ত কৰি ৰাখিব পৰা হ’লোঁ। লিফ্টত সোমাই 3 সংখ্যাটোত হেঁচা এটা মাৰি দিলোঁ।

দুৱাৰ খুলি দি জোনালীয়ে ক’লেঃ “মনে মনে সোমোৱা। তাই অলপ আগতে শুইছেহে। একেবাৰে গাত ততেই নোহোৱা হৈ আছে।”

: তুমি সকলো সামৰি থৈছা নহয়? – তাইৰ পৰা এটা ধনাত্মক উত্তৰৰ আশাৰে মই প্রশ্নটো কৰিলোঁ।

: ও। মনত পৰাখিনি লৈছোঁ আৰু। কিবা থাকিলে কাইলে লৈ ল’ম। ভাত বাঢ়ি থৈছোঁ। ঠাণ্ডা হ’ব এতিয়া। তুমি মুখ-হাত ধুই আহা।

বিছনাত পৰি মনতে ভাবিলোঁ, “কাইলৈ এইখিনি সময়ত গাঁৱত থাকিম। আস্! নিজৰ আপোন গাঁওখন! চেনেহৰ মানুহখিনিৰ লগত উৰুকাৰ ভাতসাঁজ খাম। অংকুৰক লগ পাম, কিজানি ডিম্পীকো! তাইক নেদেখা যে কিমান বছৰ হ’ল!”

গাঁৱৰ ঘৰখনলৈ আহি পোৱাৰ পৰা পৰা আমাৰ টিনাৰ আনন্দৰ সীমা নাই। কিমান যে নতুন নতুন বস্তু দেখিছে তাই! গৰু গাড়ী, ওখোন, জাকৈ, খালৈ… আৰু সেইবোৰক লৈ কিমান যে প্রশ্ন! মায়ে তাইক লৈ এইবোৰ বুজাওঁতেই সময়বোৰ গৈ আছে। নাতিনীও সুখী, আয়েকো। চৌকাটোৰ উধানকেইটা ভগ্নপ্রায়। সত্তৰ ঊর্ধ্বৰ মায়ে অকলশৰে আৰু কিমান কৰিব; নিজৰ নিত্ত-নৈমিত্তিক কামবোৰ কৰিবলৈকে অসুবিধা হয়। দেউতাও এতিয়া প্রায় বিছনাতে। গতিকে বাকীবোৰলৈ চকু দিবলৈ দেহাই নটনা হৈছেগৈ। সেইবোৰ কথা বুজিব পৰাকৈ অৱশ্যে নাতিনীয়েক ইমান বুজনো নহয়।

চৌকাটোৰ কাষত এটা পুৰণি টেলৰ টিং। টিঙটোৰ ওপৰ ফালটো কাটি লৈ দুফালে দুটুকুৰা সৰু কাঠ লগাই থোৱা আছে। কোৰোকা এটাৰ এফালত সৰু, মিহি বাৰি এডাল ইফালৰ পৰা সিফাললৈ সুমুৱাই ৰখা হৈছে ,যাতে টিঙটোৰ পৰা পানী উলিয়াবলৈ সুবিধা হয়। ধোঁৱা লাগি লাগি টিঙটোৰ বেৰবোৰ আৰু কোৰোকাটো ছাইৰঙী হৈ পৰিছে।

টিনাই আয়েকৰ লগত সকলো বস্তু মন দি চাই গ’ল। আঁতৰৰ পৰা মই আৰু জোনালীয়ে সিহঁতক চাই আছিলোঁ। হঠাৎ আয়েকক পাছফালৰ চোতালতে এৰি তাই দৌৰি মোৰ কাষত ৰৈ ক’লেহি, “পাপা, এইবাৰ exhibitionত মই আইতাক ঘৰৰ পাছফালৰ বস্তুখিনি দেখুৱাম। চাবা, First Prize ময়েই পাম।” গাঁৱৰ ল’ৰা হৈয়ো তাইক এইবোৰৰ লগত চিনাকি কৰি দিব নোৱাৰাৰ বাবে আমি দুয়ো নিৰুত্তৰ হৈ ৰ’লোঁ। আচলতে লাজ পাইছিলোঁ।

দুপৰীয়াৰ সাঁজ খাই সকলো ভাগে ভাগে বিছনাত পৰিল। তেনেতে পাৰ হৈ গ’ল গাড়ীখন।

“শ্রদ্ধেয় নাট্যপ্রেমী ৰাইজ, অহা ইংৰাজী ১২ অক্টোবৰ, শুক্রবাৰৰ পৰা হৰি-মন্দিৰৰ প্রাঙ্গনত ৰাজ-তিলক থিয়েটাৰ আৰম্ভ হ’ব………”

ছেঃ ! দুদিনমান আগত হোৱা হ’লে এখন নাটক চাবই পৰা গ’লহেঁতেন। কিমান বছৰ যে থিয়েটাৰ চোৱা নাই ! গাটোহে দেখোন কিবা বেয়া বেয়া লাগিছে । গেষ্ট্রিকৰ প্রব্লেম নেকি! সাধাৰণতেটো এনেকুৱা নহয় মোৰ । কালি ওৰেটো ৰাতি টোপনিৰ লগত যুঁজি যুঁজিয়ে পাৰ কৰিলোঁ। দিনৰ দিনটো একো খাবও পৰা নাই। আনকি মোৰ প্রিয় শ’ল মাছৰ আঞ্জা আৰু ঢেঁকীয়া ভাজিখনটো আজি অলপো সোৱাদ নাপালোঁ। যেন এইমাত্র এপেট কিবা খাইহে লৈছোঁ! “মনৰ লগত শৰীৰৰ ওতঃপ্রোত সম্পর্ক আছে” – সেই কথা বুজি পাবলৈ মোৰ এই সময়খিনিয়েই যথেষ্ট আছিল ।

প্রায় চাৰিবছৰৰ মূৰত এইবাৰ ১৫ দিনীয়া ছুটি লৈ আহিছিলোঁ। কাইলৈ ছুটীৰ শেষ দিন। পুৱা ৭-৩০ বজাতে ফ্লাইত। ‘পেকিং’ সম্পূর্ণ হোৱাই নাই। আৰু কি কি ল’বলৈ আছে মনতে হিচাপ এটা কৰি মই লাহেকৈ বিছনাখনৰ পৰা নামিলোঁ। তেতিয়ালৈকে জোনালী আৰু টিনা টোপনি গৈছে। মা-দেউতা শুই থকা কোঠাটোৰ দুৱাৰখন খুলি সোমাই গ’লোঁ। বিছনাতে বহি দেউতা প্রান্তিকৰ পাতত মগন। মায়ে খিড়িকীখনেৰে দূৰৰ আকাশখনলৈ চাই কিবা ভাবি আছে । প্রায় ৩৫ বছৰ আগৰ অকমানিটোৰ দৰে মই মা-দেউতাৰ মাজতে শুবলৈ গ’লোঁ। দেউতাই প্রান্তিকখন মূৰৰ শিতানতে থৈ মোৰ পিঠিখন খজুৱাই দিবলৈ আৰম্ভ কৰিলে। মই ক’ব খোজা কথাটো যেন দেউতাই নিজেই বুজি পালে। মায়ে লাহে লাহে চুলিৰ মাজত মমতাময় আঙুলিৰে হাত বুলাই দিবলৈ ধৰিলে। উফ্ ! জীৱনৰ চৰম সুখ কিজানি এইখিনিয়েই! “অকণমান জোৰেৰে দিয়াচোন। আকৌ বা এনেকুৱা সময় পাবলৈ কিমান বছৰ লাগে?” কথাষাৰ কওঁতে মোৰ মাতটো থোকা-থোকি হৈ গৈছিল।

কথাষাৰ কোৱাৰ লগে লগে দেউতাই চকুত কিবা সোমোৱা বুলি বাথৰুমলৈ উঠি গ’ল। বহুত চেষ্টা কৰিও মায়ে চকুপানীখিনি ধৰি ৰাখিব নোৱাৰিলে। চাদৰৰ আঁচলখনৰেই পাৰে মানে মচিছে, আকৌ বৈ আহিছে, মচিছে, আকৌ বৈ আহিছে…

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক