জীৱন আৰু কিছু প্ৰাসংগিক চিন্তা- গীতালী বৰপাত্ৰগোঁহাই

২০১৫ বৰ্ষত আনুষ্ঠানিক শিক্ষা শেষ হোৱাৰ পাছতহে বাস্তৱ জীৱনৰ লগত প্ৰতক্ষ্যভাৱে পৰিচয় ঘটিল৷ জীৱনৰ পৰৱৰ্তী পদক্ষেপ কি লোৱা উচিত তাৎক্ষণিকভাৱ সিদ্ধান্ত লব নোৱাৰি আৰু ব্যক্তিগত জীৱনত ঘটা ইটো সিটো দুৰ্ঘটনাৰ ফলস্বৰূপে কিছু অস্থিৰতা, কিছু দিকভ্ৰান্ত হৈ পৰিলো৷ হোষ্টলীয়া জীৱনত বহুতো সুখ -দুখৰ মুহূৰ্তৰ ভাগ –বতৰা কৰা অন্তৰ্ংগ বান্ধৱীবোৰৰ বেছিভাগেই যেতিয়া ঠায়ে ঠায়ে সিঁচৰতি হৈ পৰিল, একেলগে থকাৰ সিদ্ধান্ত লোৱা অন্তৰংগ বান্ধৱী, ৰুমমেট গৰাকীও যেতিয়া ব্যক্তিগত কাৰণত হঠাতে ডিব্ৰুগড়লৈ গুচি যাব লগা হল, তেতিয়াই গুৱাহাটী মহানগৰীৰ কৈলাসপুৰৰ মোৰ সৰু ৰুমটোত অকলশৰে, নিজৰ সতে মানসিক দন্দ আৰম্ভ হবলৈ ধৰিলে৷ জীৱন সম্পৰ্কে, বিশাল পৃথিৱীত নিজৰ অস্তিত্ব সম্পৰ্কে, সমাজ, দায়িত্ব তথা কৰ্তব্যৰ বিষয়ে যুঁজ -বাগৰ কৰি, নিজৰ আদালতত নিজক কেতিয়াবা দোষী কৰি, কেতিয়াবা বিচাৰক হৈ, নিজৰ পৰা কৈফিয়ৎ বিচৰা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হবলৈ লৈছিল৷ নিজৰ ক্ষুদ্ৰ অস্তিত্বৰ বিষয়ে জ্ঞাত হৈ কেতিয়াবা গোটেই ৰাতি উজাগৰে থাকি, কাহিলী পুৱা বেলকনীত ৰৈ যেতিয়া সমুখৰ পথটোলৈ থৰ হৈ চাই থাকিছিলো, ৰাতি মৃত সৰীসৃপৰ দৰে পৰি থকা নিজম পথটো যেতিয়া পুৱা হৈ অহাৰ লগে লগে প্ৰাত: ভ্ৰমণ কৰা লোক, বাতৰি কাকত, গাখীৰ আদি বিক্ৰী কৰা লোকৰ কোলাহলেৰে ভৰি আহিছিল, সেই সময়ত সকলোৰে গতিময়তা, চঞ্চল পৃথিৱীখন, নিজ লক্ষ্যত আগুৱাই যোৱা মানুহবোৰ দেখি মনটো উদ্ভাসিত হৈ উঠাৰ পৰিৱৰ্তে ভাগৰুৱা আৰু অসহায় হৈ পৰিছিল৷ এনে অনুভৱ হৈছিল – সকলো মানুহৰ কাৰণে এটা সুন্দৰ পুৱা, এটা নতুন দিনৰ আৰম্ভণি হৈছে আৰু মোৰ বাবে সেই পুৰণি ৰাতিটোৱেই তেতিয়াও শেষ হোৱা নাই! নিজৰ দক্ষতা সৰ্ম্পকে আমি যেতিয়াই সন্দিহান হৈ উঠো তেতিয়াই আমি অনিৰাপত্তাত ভুগিবলৈ আৰম্ভ কৰো আৰু লাহে লাহে কিছুমান নেতিবাচক চিন্তাই আমাৰ মন -মগজুক আক্ৰমণ কৰিবলৈ ধৰে৷

এনে দিনবোৰত মোৰ মনলৈ কেতিয়াবা শৈশৱৰ বন্ধু এজনৰ কথা ভাঁহি আহিছিল৷ নিম্ন শাখাৰ পৰা দশম শ্ৰেণীলৈকে একেলগে অধ্যয়ন কৰা এই বন্ধুজন এজন মেধাৱী ছাত্ৰ আছিল৷ শৈশৱত মোৰ দেউতাই আনি দিয়া ৰঙীণ স্কুলবেগটোৱে তেওঁক বৰকৈ আকৰ্ষণ কৰিছিল আৰু তেওঁ প্ৰায়ে কৈছিল, “গীতালী, তোমাৰ বেগটো যে ইমান ধুনীয়া”! পাছলৈ কোনো কাৰণ নোহোৱাকৈ আমাৰ মাজত কথা-বাৰ্তা কমি আহিছিল যদিও তেওঁৰ খবৰবোৰ পাই থাকিছিলো৷ ২০১২ চনৰ ডিচেম্বৰ মাহত হঠাতে দেউতাই ফোন কৰি সেই দু: সম্বাদটো দিছিল যে পৃথিৱীৰ ওপৰত ৰুষ্ট হৈ, সকলোৰে ওপৰত অভিমান কৰি, নিজাববীয়াকৈ সিদ্ধান্ত লৈ তেঁও চিৰদিনৰ বাবে আমাৰ পৰা আঁতৰি গৈছে৷ সেইসময়ত মই বাকৰুদ্ধ হৈ পৰিছিলোঁ, কিন্তুু অজস্ৰ প্ৰশ্নই মনত সাৰ পাই উঠিছিল৷ কিমান অসহায় হৈ পৰিলে, মনোজগতত কিমান এক গভীৰ ভয়াবহতা, শূন্যতা আৰু হাঁহাকাৰৰ সৃষ্টি হলে এজন ব্যক্তিয়ে এনে সিদ্ধান্ত লব পাৰে! শেষ মুহূৰ্তত এই বিশাল পৃথিৱীৰ অসংখ্য ব্যক্তিৰ মাজত তেওঁ কিমান অকলশৰীয়া অনুভৱ কৰিব পাৰে অথবা এনে এজন ব্যক্তি বিচাৰি উলিয়াবলৈ সক্ষম নহয় যাৰ ওচৰত তেওঁ অলপ নিৰাপত্তাবোধ কৰিব পাৰে, যাৰ কথা মনত পেলাই তেওঁ এই বিনন্দীয়া পৃথিৱীখনত খন্তেক থমকি ৰোৱাৰ কাৰণ বিচাৰি পাব পাৰে! এনে ব্যক্তিক সমাজে স্বাৰ্থপৰ বুলি কয়, গাঁৱে ভূঞে এওঁলোকৰ নাম লোৱাটোও ‘পাপ’ বুলি গণ্য কৰা হয়৷ হতাশা, নেতিবাচক চিন্তা, মানসিক অস্থিৰতাৰ বলি নোহোৱা ব্যক্তি খুব কমেই থাকে, এনে মুহূৰ্তবোৰত কিছুমানে নিজক চম্ভালি লয়, সাহসী হৈ সমস্যাবোৰৰ মোকাবিলা কৰে, কিন্তুু আন এজন এনেদৰে সাহসী নহবও পাৰে! সমস্যাবিলাকৰ মুখা মুখি হব পৰাকৈ মানসিক ভাৱে শক্তিশালী নহবও পাৰে! এই ব্যক্তিসকল আমাৰ দৰেই, আমাৰ মাজৰেই সমাজৰ একোজন আছিল; কিন্তুু আমি কিমানজনে এনে ব্যক্তিৰ মানসিক অন্তৰ্দন্দসমূহৰ বিষয়ে অনুভৱ কৰিব পাৰো?

বিশিষ্ট সমাজতত্ত্ববিদ ইমাইল দুৰখেইমে আত্মহত্যাক এক সামাজিক ক্ৰিয়া বুলি অভিহিত কৰিছে৷ সমন্বয়াত্মক চিন্তাধাৰাৰ পৃষ্ঠপোষক হিচাপে দুৰখইমে সামাজিক ঘটনা বিলাকৰ আন্ত: সম্বন্ধৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ দুৰখেইমৰ মতে সামূহিক কাৰ্যকলাপেহে ব্যক্তিৰ ওপৰত বেছিকৈ প্ৰভাৱ পেলায়৷ উদাহৰণ স্বৰূপে পৰিয়ালৰ বিঘটন বা প্ৰতিমানবিহীন অৱস্থা আদি সামূহিক কাৰকো আত্মহত্যাৰ অন্যতম কাৰক বুলি দুৰখেইমে কৈছে৷ পৰৱৰ্তী কালত বিভিন্ন সমাজ বিজ্ঞানীৰ দ্বাৰা দুৰখেইমৰ মতবাদ সমালোচনা হৈছে যদিও সমাজ বিজ্ঞানৰ প্ৰায়বিলাক মতবাদ যিহেতু আপক্ষিক তথা বহু বাদ -বিবাদ -মতামতৰ দ্বাৰা পৰিবেষ্টিত আৰু প্ৰায়বিলাক ধাৰণাৰেই আমি এটা নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হব নোৱাৰো, গতিকে সকলো মতবাদৰেই আংশিক গুৰুত্ব আমি নুই কৰিব নোৱাৰোঁ৷ চৌপাশৰ সমাজখনলৈ লক্ষ্য কৰিলে আমি দেখা পাম যে এজন ব্যক্তিৰ মানসিকতাৰ বিভিন্ন দিশত, আবেগ অনুভূতিৰ আঁৰত বহুতো সামাজিক কাৰক নিহিত হৈ থাকে৷ সামাজিক ঘটনা-পৰিঘটনাবিলাকৰ ফলশ্ৰুতিত ব্যক্তি এজনৰ মনত নেতিবাচক চিন্তাৰ সৃষ্টি হব পাৰে৷ উদাহৰণ স্বৰূপে -ব্যক্তিগতকৰণৰ ফলস্বৰূপে ভূমি হেৰুৱাই বা ঋণৰ বোজা সহিব নোৱাৰি মহাৰাষ্ট্ৰ আদিত কৃষকৰ আত্মহত্যা, দেশত নিবনুৱা সমস্যা বৃদ্ধিৰ ফলস্বৰূপে ভৱিষ্যত নিৰাপত্তহীনতা, কৰ্মহীনতাই ব্যক্তিৰ মনত সৃষ্টি কৰা নিৰাশা, নেতিবাচক চিন্তা এইবিলাক একো একোটা সামাজিক পৰিঘটনাৰ ফলাফল৷
ৰাজনীতি, প্ৰযুক্তিবিদ্যা আদিয়ে ক্ৰমান্বয়ে আমাৰ ব্যক্তিগত জীৱন নিয়ন্ত্ৰণ কৰিবলৈ ধৰিছে৷ ৷ গোলকীকৰণে আমাৰ জীৱন যিদৰে সহজ কৰি তুলিছে ঠিক সেইদৰেই বহু ক্ষেত্ৰত জটিল কৰিও তুলিছে৷ আধুনিক পৃথিৱীত তিস্থি থকাৰ তুমুল প্ৰতিযোগিতাই আমাৰ বহুতকে এক ভীৰৰ অংশ হবলৈ লৈ যায় আৰু ভীৰৰ মাজৰ হেঁচাঠেলাত আমি ক্ৰমাৎ নিজক হেৰুৱাই পেলাবলৈ ধৰোঁ, অস্তিত্বৰ সংকটত ভুগি বিশাল মহাসাগৰৰ মাজত দিশ হেৰুওৱা নাৱিকৰ দৰে জীৱনৰ সম্মুখত কিংকৰ্তব্যবিমূঢ় হৈ পৰো৷ এইদৰে আমাৰ মনত নেতিবাচক চিন্তাৰ সৃষ্টিৰ আঁৰত ব্যক্তিগত বা সামাজিক যি কাৰকেই নাথাকক কিয়; এইবিলাকৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কিন্তুু আমাৰ নিজৰ হাততহে নিহিত হৈ থাকে৷ আমি মন-মগজুৰে এটা কথা বিশ্বাস নকৰালৈকে, অনুভৱ নকৰালৈকে অইন এজনে সেই সম্পৰ্কত দিনেনিশাই কৈ থাকিলেও আমি গ্ৰহণ কৰিব নোৱাৰো৷ গতিকে নিজেই নিজৰ অভিভাৱক হব লাগিব, নিজেই নিজক শাসন কৰিবলৈ শিকিব লাগিব৷ সদায় নেতিবাচক চিন্তা কৰি থাকিলে আমাৰ মন তিক্ততাৰে ভৰি থাকিব৷ এনে নেতিবাচক চিন্তাবিলাকেই শেষলৈ আমাৰ অভ্যাস হৈ পৰে আৰু আমাৰ মনত স্থায়ীভাৱে হতাশা, উদ্বেগৰ সৃষ্টি কৰে৷ ইয়াৰ ফলস্বৰূপে আমাৰ মন প্ৰায়েই বিষন্ন হৈ থাকিবলৈ লয়৷ এক কথাত কবলৈ হলে আমি নিজেই নিজক সুন্দৰ জীৱনটো উপভোগ কৰাৰ পৰা বঞ্চিত কৰি পেলাওঁ৷ অৰ্থবহ জীৱনটো আমি দূৰ্বিসহ কৰি তুলো৷ আমাৰ সমাজত এনে বহু ব্যক্তি আছে যি সমাজলৈ অত্যন্ত ভয় কৰে৷ সমাজে কি কব বা আন মানুহে তেওঁৰ কথা কি ভাৱিব, তেওঁ যদি সমালোচনাৰ সমুখীন হয় এনে আশংকাই প্ৰতি মুহূৰ্ততে তেওঁক সন্ত্ৰস্ত কৰি ৰাখে৷ প্ৰকৃততে সমালোচনাৰ মুখামুখি নোহোৱা ব্যক্তি সমাজত আঙুলিৰ মূৰত গণিব পৰা৷ যীশু, ভগৱান শ্ৰীকৃষ্ণ, হজৰত মহম্মদ, মহাত্মা গান্ধী আদি বিশ্ব বৰেণ্য ব্যক্তিসকলকে ধৰি সাধাৰণ মানুহবিলাকৰো কোনো আজিলৈকে সমালোচনাৰ পৰা হাত সাৰিব পৰা নাই৷ সকলোতকৈ ডাঙৰ স্বাধীনতা হল মনৰ স্বাধীনতা, চিন্তাৰ স্বাধীনতা৷ আমাৰ চিন্তা-চৰ্চাৰে কৰা কোনো কাৰ্য্য, যত আমাৰ মানসিক সন্তুষ্টি জড়িত হৈ আছে, আনহাতে যি কাৰ্য্যৰ যোগেদি সমাজৰ কোনোজনৰে একো ক্ষতি হোৱা নাই, তেনে চিন্তাধাৰাত আন এজনৰ হস্তক্ষেপ আমি কিয় মানি লব লাগে? যিসকল লোকে আমাৰ ব্যক্তিসত্বাৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰিব নিবিচাৰে তেওঁলোকৰ লগত সম্পৰ্ক ৰখা মানে নিজক অপমানিত কৰা৷ আত্মসন্মান বিক্ৰী কৰি কাৰোবাৰ ওচৰত শিৰনত কৰিলে আমাৰ নিজৰ ওচৰত নিজৰ শ্ৰদ্ধা লুপ্ত পাবলৈ ধৰে৷

অনবৰতে উদ্বেগত ভূগি থকা সমস্যাক মনোবিজ্ঞানী সকলে compulsive obsessive anxiety syndrome বা বাধ্যতামূলক উদ্বেগ আচ্ছন্নতা বোলে৷ এনে মানুহে এক হীনমন্যতাবোধৰ চিকাৰ হয় আৰু এঁওলোকে ভাবে যে জীৱনৰ কোনো ক্ষেত্ৰতে এওঁলোক সফল নহব৷ উদ্বেগ দূৰ কৰাৰ একমাত্ৰ উপায় হল নিজৰ ওপৰত বিশ্বাস ৰাখা৷ নিজৰ যি বিশেষ গুণ আছে সেইয়া বিচাৰি ওলিওৱা আৰু তাৰ চৰ্চা কৰি নিজৰ আত্মবিশ্ৱাস বঢ়োৱা৷ দিনে ৰাতিয়ে উদ্বেগত ভুগিলে ক্ষতি মাথো নিজৰ৷ কোনো কাৰো নিচিনা নহয়৷ প্ৰতিজন মানুহেই বেলেগ বেলেগ৷ প্ৰকৃতিৰ এই নিয়ম, এই বৈচিত্ৰ্যতা যদি আমি মানি চলিব পাৰোঁ তেন্তে বহুগুণে হীনমন্যতাবোধৰ চিকাৰ হোৱাৰ পৰা হাত সাৰিব পাৰি৷ প্ৰত্যেকৰে মাজত কিবা নহয় কিবা বিশেষত্ব থাকে৷ আমি আমাৰ মাজত থকা ইতিবাচক গুণবোৰৰ ওপৰত যদি অধিক গুৰুত্ব দিওঁ তেতিয়া জীৱন আমাৰ বাবে বহুগুণে সহজ হৈ পৰে৷ ৷ জীৱনমুখী হৈ পৰিবলৈ আমি আমাক অনুপ্ৰাণিত কৰিব পৰা গ্ৰন্থসমূহ অধ্যয়ন কৰিব পাৰো৷ এয়া খুবেই সুন্দৰ অভ্যাস৷ কিন্তুু জ্ঞান কেৱল কিতাপৰ মাজতেই নিহিত হৈ নাথাকে৷ আমাৰ সমুখতে বহু এনে লোক থাকে যাৰ জীৱন দৰ্শন কেতিয়াও লিপিৱদ্ধ হোৱা নাই অথচ এইসকল লোক জীৱনৰ বাস্তৱ অভিজ্ঞতাৰে আন দহজনক অনুপ্ৰাণিত কৰিব পৰাকৈ সমৃদ্ধ৷ প্ৰত্যেকৰে অভিজ্ঞতা অনন্য৷ এই সকলোবিলাকৰ পৰাই আমাৰ কিছু নহয় কিছু শিকিবলগীয়া থাকে৷ আমাৰ নিজৰ জীৱনৰ অভিজ্ঞতা বিলাকেও আমাক জীৱনৰ কোনো এটা খোজত উজুটি খাই পৰিলে পিছমুহূৰ্ততে থিয় হৈ পৰৱৰ্তী খোজটো দিব পৰাকৈ কিছু নতুন কথাৰে অভিজ্ঞ কৰি তুলে৷ জীৱনৰ কোনো কোনো মুহূৰ্তত আমাৰ মন যদি ভাৰাক্ৰান্ত হৈ উঠে সেইসময়ত আকাশখনলৈ মূৰ তুলি চালে, আকাশৰ বিশালতাই আমাক বহু কথাই শিকায় যায়৷ একেখন আকাশৰ তলতে আমাৰ চিনাকি –অচিনাকি অসংখ্যজনে বাস কৰে৷ আমাৰ জ্ঞাতে-অজ্ঞাতে তাৰে বিভিন্নজন পৃথক পৃথক সমস্যাৰে ভাৰাক্ৰান্ত৷ বেলেগৰ সমস্যাবোৰ আমাৰ কাৰণে সৰল যেন লাগে, নিজৰ সমস্যাবোৰ আমাৰ বৃহৎ আৰু জটিল যেন লাগে৷ আনজনেও সমস্যাবিলাকৰ বিষয়ে একে দৃষ্টিভংগীয়েই গ্ৰহণ কৰে৷ সমুখৰ যি বহুজনক আমি সুখী আৰু ভাগ্যবান বুলি ভাবি লওঁ৷ তেওঁলোক বাৰু সচাঁকৈয়ে সুখীনে? প্ৰকৃততে সমস্যা থাকিলেও তেওঁলোকে সুখী হৈ থকাৰ মূলমন্ত্ৰটো জানে৷
সাফল্য আৰু ব্যৰ্থতা –মানুহৰ জীৱনৰ অতি গুৰুত্বপূৰ্ণ এই দুয়োটা শব্দই প্ৰকৃততে স্থায়ী প্ৰতিপাদ্য নহয়, সেইয়া অনুভৱ কৰিব পৰাটো এজন ব্যক্তিৰ কাৰণে খুবেই প্ৰয়োজনীয়৷ জীৱনক এক ঠেক গণ্ডীৰ ভিতৰত আৱদ্ধ কৰি নাৰাখি আমি বহল আৰু গভীৰ ভাৱে বিচাৰ-বিবেচনা কৰিবলৈ শিকিব লাগে৷ জীৱন অসংখ্য সমস্যা, অসংখ্য প্ৰতিযোগিতা, অসংখ্য সুখৰ বা দুখৰ সমষ্টি৷ কিন্তুু এই সকলোবোৰেই ক্ষণস্থায়ী৷ সময়ে জীৱনৰ সকলোবোৰ ঘটনাই এদিন সোঁৱৰণি কৰি তোলে৷ আমাৰ জীৱনৰ প্ৰতিটো ঘটনাই সাময়িক, যদিহে ইয়াৰ পৰিণামসমূহ আমি নিজে দীৰ্ঘস্থায়ী কৰি নলওঁ৷ গতিকে কোনটো ঘটনাক আমি আমাৰ জীৱনত কি স্থান দিম সে্যা নিৰ্ণয় কৰাৰ ক্ষমতাও আমাৰ নিজৰ হাততেই সন্নিবিষ্ট হৈ থাকে৷
জীৱনৰ কঠিন দিনবোৰত আমি এটা কথা সদায় মনত ৰাখিব লাগে যে দ্ৰুতবেগী, পৰিৱৰ্তনশীল সময়ে শীঘ্ৰেই এই দিনবোৰ আমাৰ পৰা আঁতৰাই নিব আৰু ভৱিষ্যতে এই দিনবোৰলৈ যেতিয়া আমি উভতি চাম তেতিয়া হতাশাৰ পৰিৱৰ্তে আমাৰ মুখত এটা সন্তুষ্টিৰ হাঁহি বিৰিঙি উঠিব৷ জীৱনৰ এনে জটিল পৰিস্থিতি বিলাকত আমি নিজকে চম্ভালি লৈ, আগুৱাই যাব পৰাকৈ সাহসী আছিলোঁ, এই কথাই আমাক এক মানসিক পৰিতৃপ্তি দিব৷ জীৱনৰ ৰহস্য, জীৱনৰ মাদকতাও প্ৰকৃততে তাতেই নিহিত হৈ থাকে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক