জীৱন উপন্যাসৰ আন এক পৃষ্ঠা — খজেন ডেকা

 

এপিএচচিৰ কেলেংকাৰী উদ্ঘাটনৰ ক্ষেত্ৰত অসম পুলিচ বিশেষকৈ ডিব্ৰুগড় পুলিচে যি ভূমিকা গ্ৰহণ কৰিলে সেই ভূমিকাই অসম পুলিচৰ হৃত গৌৰৱ বহু পৰিমাণে ঘূৰাই আনিলে৷ এই ঘটনাই প্ৰমাণ কৰি দেখুৱালে ৰাজনৈতিক হস্তক্ষেপ বিহীনভাৱে কাম কৰিব পাৰিলে অসম পুলিচে কৰিব নোৱাৰা কাম একো নাই৷ এই ক্ষেত্ৰত ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক সুৰজিত সিং পানেশ্বাৰৰ সততাক শলাগিবই লাগিব৷ এই কথাখিনি অৱতাৰণা কৰাৰ কাৰণ হ’ল ময়ো তেনে এগৰাকী আৰক্ষী বিষয়াৰ জেৰাৰ সমূখীন হৈছিলো ১৯৯৪ চনৰ মাৰ্চ মাহত৷ তেওঁৰ নাম আছিল গোলাপ ডেকা৷ ঘৰ নগাঁৱত বুলি গম পাইছিলো৷ ওদালগুৰি জিলাৰ চক্ৰ আৰক্ষী বিষয়া আছিল তেওঁ৷ অতি সৎ, দক্ষ আৰু মৰমিয়াল বিষয়া আছিল তেওঁ৷ সেই সময়ত আলফাৰ বিৰুদ্ধে চলি থকা অভিযানত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল৷ ১৯৯০ চনত আলফাৰ বিৰুদ্ধে সেনাবাহিনীৰ দ্বাৰা বজৰং আৰু ৰাইনো অপাৰেচন হৈছিল যদিও ১৯৯৪ চন পৰ্য্যন্ত গাঁও অঞ্চলত তেতিয়াও আলফাৰ সবল গণভিত্তি আছিল৷ তেতিয়াৰ অবিভক্ত দৰং জিলাও ইয়াৰ ব্যতিক্ৰম নাছিল৷ দুয়োটা অপাৰেচনত ভাগি যোৱা সংগঠনটো পুনৰ সংগঠিত কৰিবলৈ আলফাৰ নেতাসকলে যৎপৰোনাস্তি চেষ্টা কৰিছিল৷ গাঁৱে গাঁৱে সভা সমিতিবোৰ গোপনে চলি আছিল৷ তেনে সভাবোৰত মাজে মাজে আমিও যোগদান নকৰা নহয়৷ ডেকা তেজৰ পিৰপিৰনি৷ মুহূৰ্ততে সকলো সলনি কৰি দিবৰ মন যায়৷ সেই সময়ত মোৰ চাকৰি কৰা দুবছৰ হৈছে৷ কলেজত থাকোঁতেই চে গুৱেভাৰাৰ জীৱনী, ফিডেল কাষ্ট্ৰ’, মাৰ্ক্সবাদৰ লেখনি, ৰুছ বিপ্লৱ, ফৰাচী বিপ্লৱ আদিৰ কথা পঢ়ি শেষ কৰিছোঁ৷ কলেজ এৰাৰ পিছতো এইবোৰ পুনৰাই পঢ়িছিলো৷ এইবোৰ কথাকে সদব্যৱহাৰ কৰিছিলো সভাবোৰত৷ গতিকে মই সহজতে সংগঠনৰ নেতৃবৃন্দৰ চকুত পৰিলো৷ সংগঠনত যোগদানৰ প্ৰস্তাৱ দিয়া হ’ল৷ একেবাৰে শীৰ্ষ পদবীৰ প্ৰস্তাৱ৷ মই পোনচাটেই না কৰি দিলো৷ সময় সুবিধা বুজি সহায় কৰাৰ প্ৰতিশ্ৰুতি দিলো৷ কাৰণ ভৱিষ্যত পৰিণতি কি হ’ব মই ইতিমধ্যেই বুজি উঠিছিলো৷ আৰু আজি তাৰ প্ৰতিফলন দেখিবলৈ পাইছো৷ তদুপৰি এইক্ষেত্ৰত আৰু দুটা কাৰকে ক্ৰিয়া কৰিছিল৷ প্ৰথমটো হ’ল — মোৰ ঘৰখনে মোক যথেষ্ট কষ্ট স্বীকাৰ কৰি পঢ়োৱাইছিল৷ গতিকে মই ঘৰখনক বিশ্বাস ঘাটকতা কৰিব নোৱাৰো৷ ইতিমধ্যে শিক্ষকৰ চাকৰিৰ বাবে সাক্ষাৎকাৰ দিছিলো আৰু চাকৰি পোৱাটো নিশ্চিত হৈছিল৷ দ্বিতীয় কাৰণটো আছিল — মই মোৰ লগত একেলগে পঢ়া তেজপুৰৰ এগৰাকী যুৱতীৰ প্ৰেমত পৰিছিলো আৰু বিয়াৰ কথা চলি আছিল৷ তেওঁ মাত্ৰ মোৰ প্ৰেয়সী নাছিল৷ ইতিমধ্যে মোৰ অন্তৰৰ নিভৃত কোণত মোৰ সাহস আৰু কৰ্ম প্ৰেৰণাৰ এক সত্ত্বাত পৰিণত হৈছিল তেওঁ৷ গতিকে সেই সত্ত্বাক অপমান কৰি মই সংগঠনত যোগদান কৰাৰ কথা ভাবিব নোৱাৰো৷ তদুপৰি সেই সময়ত সংগঠনত থাকিলে বিয়া কৰোৱাৰ নিয়ম নাছিল৷ যাহওক ইতিমধ্যে মোৰ শিক্ষকৰ চাকৰিটো হৈছিল আৰু সংগঠনৰ চিন্তা চৰ্চা বাদ দিলো৷ তথাপি সংগঠনৰ নেতাসকলে মাজে মাজে মোক লগ ধৰিবলৈ আহে কাৰণে মই অলপ অস্বস্তিত পৰিলো৷ মই ইফালে অৰ্থনীতি বিজ্ঞানত প্ৰিভিয়াচ দিয়াৰ প্ৰস্তুতি চলাই আছিলো৷ সেয়ে মই ঘৰ এৰি বৰ্তমানে থকা মফচলীয় চহৰখনৰ এটা ভাড়াঘৰত থাকিবলৈ ল’লো৷
যাহওক সেই সময়তে পুলিচৰ হাতত সংগঠনৰ এজন নেতা ধৰা পৰিল৷ নেতাজনে পুলিচৰ জেৰাত আন বহুজনৰ লগতে মোৰ নামো ক’লে৷ লগতে মোক এজন ডাঙৰ নেতা বুলি পৰিচয় দিলে৷ পিছত গম পাইছিলো সংগঠনত যোগদান নকৰাৰ প্ৰতিশোধ হিচাপে এই কাম কৰা হৈছিল৷ মোৰ অজ্ঞাতে মোক যিকোনো প্ৰকাৰে গ্ৰেপ্তাৰৰ বাবে প্ৰস্তুতি চলিল৷ এদিন ৰাতি চিআৰপি আৰু অসম পুলিচৰ বেটেলিয়নৰ এটা বিশাল বাহিনী লৈ নিশা ১২ বজাৰ পৰা গোপনে মোৰ জন্ম গাঁও ঘেৰাও কৰিলে৷ নেতৃত্বত আছিল ওদালগুৰিৰ চক্ৰ আৰক্ষী বিষয়া গোলাপ ডেকা, ওদালগুৰি থানাৰ অচি আৰু ৰৌতাৰ আৰক্ষী৷ শেষ নিশাৰ আন্ধাৰত গাঁওখনত তন্ন তন্নকৈ তালাচী চলিল৷ প্ৰতি ঘৰে ঘৰে৷ সন্দেহজনক একোৱেই নাপালে৷ মই ঘৰত নথকা বুলি গম পাই লগে লগে আৰক্ষী আহি মই থকা ভাড়াঘৰৰ চৌহদৰ চাৰিওফালে ঘেৰাও কৰি ধৰিলে৷ মই তেতিয়ালৈকে একো গম নাপাওঁ৷ মই দুই এজন ছাত্ৰ ছাত্ৰীক টিউচন কৰিছিলো৷ ইতিমধ্যে মই শোৱাৰ পৰা উঠি মুখ-হাত ধুই এটা গিলাচত লাল চাহ খাই আছো৷ টিউচনৰ ছাত্ৰ আহি ৰৈ আছে৷ চাহ খাই টিউচনত বহিবলৈ সাজু হৈছো৷ তেনেতে দুৱাৰত টোকৰ পৰিল৷ দুৱাৰ খুলি বাহিৰলৈ চাই দেখো দুই চাৰিজন অস্ত্ৰধাৰী পুলিচ সহ আৰক্ষী বিষয়া গোলাপ ডেকা৷ মোক সুধিলে আপুনি খজেন ডেকা? মই হয় বুলি কোৱাৰ লগে লগে তেওঁ ভিতৰত প্ৰৱেশ কৰি মোৰ পঢ়া মেজৰ চকীখনত বহিল৷ বাকী পুলিচবোৰে মোৰ ট্ৰাংক, বিছনা-পত্ৰ খানাতালাচ কৰিলে৷ কিতাপ -পত্ৰৰ বাহিৰে একো নাপালে৷ গোলাপ ডেকাই মোৰ মেজৰ ড্ৰয়াৰ খুলি চাই প্ৰথমতে মোৰ পঢ়াৰ প্ৰমাণ পত্ৰ, মাৰ্কচিট আদি চালে৷ সেইবোৰ চাই মোৰ ৰিজাল্ট দেখি সন্তুষ্টি প্ৰকাশ কৰিলে৷ তাৰ পিছত তেও প্ৰেয়সীৰ চিঠিবোৰ উলিয়াই দুই এখন পঢ়ি চালে৷ পঢ়ি মিচিকিয়াই হাঁহিলে৷ তাৰ পিছত ষ্টিল ফ্ৰেমত বন্ধাই থোৱা প্ৰেয়সীৰ ফটোখন উলিয়াই সুধিলে –এওঁ কোন? মই চিধাই ক’লো — গাৰ্ল ফ্ৰেইণ্ড্৷ জীৱনত প্ৰথমবাৰৰ বাবে মুখৰ পৰা গাৰ্ল ফ্ৰেইণ্ড্ শব্দটো ওলাল৷ তেওঁ পুনৰাই হাঁহি সুধিলে — বিয়া কৰাব? মই অহা বছৰ কৰিম বুলি ক’লো৷ এইখিনিতে উল্লেখ কৰিবলৈ মই অলপো দ্বিধাবোধ নকৰো যে মোৰ কোঠাত অইন মানুহ নথকাৰ সময়ত মই প্ৰেয়সীৰ ফটোখন অনবৰতে মোৰ পঢ়া মেজৰ ওপৰত থৈ দিছিলো৷ কাৰণ ইতিমধ্যে মই উল্লেখ কৰিছো যে তেওঁ মোৰ কাৰণে এক সত্ত্বাত পৰিণত হৈছিল৷ আৰু মই নিজকে অত্যন্ত সুখী বোধ কৰিছো যে এই কথা বিলাক মই আপোনালোকৰ আগত মুক্তমনে প্ৰকাশ কৰিব পাৰিছো৷ যাহওক আৰক্ষী বিষয়া গোলাপ ডেকাৰ ব্যৱহাৰত ইতিমধ্যে মোৰ মনৰ পৰা পুলিচৰ প্ৰতি থকা অহেতুক ভয় আঁতৰি গৈছিল৷ তালাচীৰ আনুষ্ঠানিকতাখিনি সম্পূৰ্ণ কৰাৰ পিছত তেওঁ মোক ক’লে যে, আপুনি কাপোৰ-কানি পিন্ধি লওক থানালৈ যাব লাগিব৷ মই কাপোৰ-কানি পিন্ধি বাহিৰত ওলোৱাৰ লগে লগে চাৰিওফালৰ পৰা পুলিচ চিআৰপিয়ে আহি মোক ঘেৰাও কৰি ধৰিলে৷ তেতিয়াহে মই সম্বিৎ ঘূৰাই পালো৷ মোক ধৰিবলৈ ইমান পুলিচ৷ মোক ৪০৭ গাড়ী এখনত উঠাই ল’লে৷ সেইখন গাড়ীত এজনো অসম পুলিচৰ মানুহ নাছিল৷ গোটেইবোৰ চিআৰপি৷ মোক ধমকি মাৰি তলত বহিবলৈ দিলে৷ গোটেই ৰাস্তাটো সিহঁতে মোক ঠাট্টা মস্কৰা কৰি গৈ থাকিল৷ অলপ দূৰ যোৱাৰ পিছত সিহঁতে মোক পিছৰ চিটত মাজত বহুৱাই লৈ দুয়োফালৰ পৰা এনেদৰে চেপিবলৈ ধৰিলে যে ভয়ত মোৰ অৱস্থা নোহোৱা হ’ল৷ ওদালগুৰি থানা পোৱাৰ পিছত গাড়ীখন থানাৰ সমুখত ৰখাই থলে৷ বহু দেৰীলৈ থানালৈ নোযোৱাত আৰক্ষী বিষয়া গোলাপ ডেকাই পুলিচ পঠিয়াই মোক মাতি পঠিয়ালে৷ কিন্তু চিআৰপি কেইটাই মোক নামিবলৈ নিদি সিহঁতৰ কেম্পলৈ নিব খুজিলে৷ কিন্তু পুলিচে একপ্ৰকাৰ জোৰ কৰিয়েই মোক থানাৰ ভিতৰলৈ লৈ গ’ল৷ থানাৰ ভিতৰত মই এখন টুলত বহি থাকিলো৷ গোলাপ ডেকা আৰু অ’চিজন গুচি যোৱাৰ পিছত তলখাপৰ পুলিচ কেইজনে মোক তই তই সম্বোধন কৰি নানা ঠাট্টা মস্কৰা কৰি আলফা কৰিবলৈ আহিছ, পিঠি ফালি দিম ইত্যাদি কৈ কটু কথা শুনাই থাকিল৷ মই কেৱল নীৰৱে শুনি থাকিলো৷ দুপৰীয়া ১২ মান বজাত থানালৈ এটা ডকাইতিৰ মাৰ্ডাৰ কেচ আহিল৷ গোচৰীয়াৰ লগত কোনো এজাহাৰ নাছিল৷ সেই সময়তে থানাৰ অ’চিজন আহিল আৰু ডকাইতিৰ কেচটোৰ সম্পৰ্কে বুজ লৈ এজাহাৰ বিচাৰিলে৷ এজাহাৰ নাই৷ এজাহাৰ লিখিবলৈয়ো কোনো মানুহ বিচাৰি নাপালে৷ শেষত তেওঁ মোক দেখুৱাই ক’লে – এওঁ বিএচছি শিক্ষক৷ এওঁ লিখিব পাৰিব৷ এজন পুলিচে এখন চকীত বহিবলৈ দি মেজ এখন আনি দিলে৷ কাগজ কলমো দিলে৷ মই ধুনীয়া হাতৰ আখৰেৰে এজাহাৰখন লিখি দিলো৷ লগে লগে তলতীয়া পুলিচ কৰ্মচাৰীবোৰৰ মোৰ প্ৰতি থকা ধাৰণা সলনি হৈ গ’ল৷ সম্বোধন ‘তই’ ৰ পৰা ‘আপুনি’লৈ পৰিৱৰ্তন হৈ গ’ল৷ এনেদৰে দিনটো পাৰ হৈ গ’ল৷ নিশা প্ৰায় ৯ মান বজাত আৰক্ষী বিষয়া গোলাপ ডেকা আহিল৷ এটা আছুতীয়া কোঠালৈ নি মোক জেৰা আৰম্ভ কৰিলে৷ মই কোনোদিনে পুলিচৰ জেৰাৰ সমুখীন হৈ পোৱা নাছিলো৷ তেওঁ অতি ভদ্ৰ ভাৱে আৰু মৰমেৰে নানা প্ৰশ্ন সুধি গ’ল৷ মই ফাঁকি মৰাৰ কোনো সুবিধা নাপালো৷ মই যি জানো আৰু যি কৰিছিলো এফালৰ পৰা কৈ গ’লো৷ প্ৰায় এক ঘণ্টা জেৰা কৰাৰ অন্তত মোৰ কথাত তেওঁ সন্তুষ্ট হোৱা যেন লাগিল৷ তেওঁ মোৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু নকৰাকৈ নিশা ১০-৩০ বজাত ব্যক্তিগত জামিনত মুকলি কৰি দিয়ে৷ তাৰ পিছদিনাৰ পৰাই অঞ্লটোত মই এক প্ৰকাৰ হিৰ’ হৈ পৰিলো৷ কোনোদিনে নমতা ধনী মানুহবোৰেও মোক মাতিবলৈ ল’লে৷ একাংশই মোক অলপ সমীহ কৰি চলা পৰিলক্ষিত হ’ল৷ বহুতেই ভাবি ল’লে মই সংগঠনৰ এজন সচাকৈয়ে ডাঙৰ লীডাৰ৷ গোলাপ ডেকাৰ দৰে সৎ আৰক্ষী বিষয়া এজন নথকা হ’লে মই নিশ্চয় চিআৰপিৰ কোব খাই আধামৰা হ’লোহেঁতেন৷ উল্লেখযোগ্য যে সেই সময়ত অত্যাচাৰী বিহাৰী এচডিপিঅজন ছুটিত আছিল৷ গতিকে মোৰ ভাগ্য ভাল আছিল৷ বিহাৰী আৰক্ষী বিষয়াজনে বহুতকে কোবাই ঘূণীয়া কৰিছিল৷ অতি দুখৰ বিষয় যে এই গৰাকী সৎ, দক্ষ আৰু কৰ্তব্যপৰায়ণ আৰক্ষী বিষয়াৰ ভৈৰৱকুণ্ডলৈ যোৱাৰ পথত এখন দলঙত হোৱা এনডিএফবিৰ এক বোমা বিস্ফোৰণত মৃত্যু হয়৷ মোৰ জীৱনত ই এক পাহৰিব নোৱাৰা ঘটনা হিচাপে লিপিবদ্ধ হৈ ৰ’ল৷ বৰ্তমান একাংশ আৰক্ষীৰ কৰ্মকাণ্ড দেখি এই সৎ আৰক্ষী বিষয়া গৰাকীৰ কথা মাজে মাজে মনলৈ আহে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments