জীৱন এক প্ৰহেলিকা – মূল: ধাঁধা মাধৱী ভট্টাচাৰ্য – অনুবাদ: নীলাক্ষী দেৱী ডেকা

পাকঘৰত ভাত ৰান্ধি থাকোঁতে তৃষাৰ খিৰিকীৰ জালনাৰ ফাঁকেদি দেখা পোৱা আকাশখনলৈ চকু গ’ল৷ আকাশত এটুকুৰা কজলা আলসুৱা মেঘ৷ আবেলিলৈ হয়তো বৰষুণ এজাক আহিব পাৰে৷ কথাটো ভাবিয়েই তৃষাৰ মন আনন্দত নাচি উঠিল৷ অমল দুদিনৰ মূৰত ঘৰলৈ উভতিব৷ দুয়ো একেলগে খিৰিকীমুখত বহি ৰিমঝিম বৰষুণৰ আমেজ লব৷ বৰষুণৰ এচাৰকণিয়ে হয়তো দুয়োৰে গাল মুখ তিয়াই পেলাব৷ সেই সময়তেই হয়তো তাই হৃদয়ৰ সমগ্ৰ আকুলতাৰে সাৱটি ধৰিব তাইৰ মৰমৰ মানুহজনক আৰু ওঁঠৰ উমাল স্পৰ্শৰে শুহি ল’ব তেওঁৰ দুয়োগালত লাগি ৰোৱা কণ কণ বৰষুণৰ টোপাল!

ভাবটো মনলৈ অহাৰ লগে লগেই তৃষাৰ নিজলৈকে লাজ লাগিল৷ মধুৰ আবেশত গাল মুখ ৰঙচুৱা হ’ল৷ সপোন ৰাজ্যত ভ্ৰমি থকা তৃষাৰ ভাৱনাত যতি পৰিল এটা কৰ্কশ মাতত৷

“ঐ আপী এতিয়ালৈকে তোমাৰ ৰন্ধা বঢ়া শেষ হবৰ হোৱাই নাই ন? দুপৰীয়া ভাতমুঠি খাই শান্তিত এঘুমটি মাৰিম বুলি ভাবিলেও আজিকালি তাৰো উপায় নাইকিয়া হৈছে৷ পাকঘৰৰ ঘটং মটং শব্দত শুব পাৰিলেহে কিবা! অলপ খৰকৈ হাত চলোৱা বুজিছা, এনেকৈ লেহেম গতিত নচলিব তোমাৰ৷“

“এই হ’লেই আৰু জেঠাই৷ অকণমান কামহে বাকী আছে মাত্ৰ!“

“এই নাওমান ৰান্ধোতেই দিনৰ এবেলা যায়! পৃথিৱীৰ গোটেই জঞ্জাল আহি পৰেহি মোৰহে মূৰৰ ওপৰত৷ কিহেযে পাইছিল মোক অমলক বিয়াৰ পাছতো ইয়াত থাকিবলৈ দিবলৈ! গাত নাই চাল বাকলি, মদ খায় তিনি টেকেলি৷ তাৰ নিজৰে দুইমুঠি যোগাৰ কৰাৰ হাঁহাকাৰ তাতে বিয়া পতাৰ চখ লাগিল! নাকত যদি অলপো লাজ চৰম থাকিল হয়!“ লেথাৰি নিচিগাকৈ বকি বকি বীথিকা চিড়িয়েদি ওপৰতলালৈ উঠি গ’ল৷ বীথিকা অমলৰ নিজৰ জেঠায়েকো নহয়, অলপ দূৰ সম্পৰ্কীয়হে৷ মুখখনো একেবাৰে লাওপাত কচুপাত৷ আনক বিনাদোষত জগৰীয়া কৰি নিজৰ বাক্যবানেৰে ধৰাশায়ী কৰাত তেওঁ সিদ্ধহস্ত৷ নিজৰ কেও কিছু নোহোৱা অমলে জেঠায়েকৰ ঘৰতেই অতদিন ধৰি আছে৷ তৃষাক বিয়া কৰোৱাৰ পাছতো ঘৈণীয়েকক লৈ ইয়াতেই আছে সেইটোৱেই চাগে জেঠায়েকৰ অশান্তিৰ মূল৷ আৰু ‘উৰহত খং ভগাঢাৰিত’ নিয়মকে সাৰোগত কৰি সকলো দায় আহি পৰে ন-বোৱাৰী তৃষাৰ ওপৰতেই৷ তৃষাই সকলো বুজি পায়ো জেঠায়েকৰ সকলো অপমান চকু মুদি সহ্য কৰে৷ সহ্য কৰি চলি যোৱাৰ বাহিৰেনো উপায় আছে কি! তেখেতে যে দয়া কৰি তৃষা আৰু অমলক তেওঁৰ ঘৰৰ এটা কোণত থাকিবলৈ দিছে সেয়াও বহুত৷ এইখিনি নথকা হ’লে এই চহৰত দুয়োৰে মূৰ গুজিবলৈকোতো সামান্য ঠাই নাছিল৷

খৰধৰকৈ সকলোখিনি অঁতাই পিতাই তৃষা লৰালৰিকৈ পাকঘৰৰ পৰা ওলাল৷ ভাত আৰু তৰকাৰী আগতেই নি নিজৰ ঘৰত থৈ আহিছেগৈ৷ ঘৰ বুলি কবলৈ
তৃষাহঁতৰ ভাগত এটাই মাত্ৰ কোঠা৷ খোৱা, শোৱা সকলোবোৰ তাতেই৷ তলৰ মহলাত আৰু বহুতো কোঠা খালী হৈ পৰি আছে যদিও জেঠায়েকে ব্যৱহাৰৰ অনুমতি দিয়া নাই৷ গোটেইবোৰ তলাবন্ধ হৈ পৰি থাকে৷ এটা সৰু কোঠা, বাথৰূম আৰু ৰান্ধনিঘৰৰ এফাল অমলক ব্যৱহাৰ কৰাৰ অনুমতি দিছে জেঠায়েকে৷ গোটেই ওপৰ মহলাটোত জেঠায়েক আৰু জেঠায়েকৰ আদৰৰ লাড়ুৱা গোপালৰ ৰাজত্ব৷ পাৰ্ট টাইম কাম কৰা বাই এজনীও আছে৷ অৱশ্যে তাই এইটো ঘৰত নাথাকে৷ এটা সময়ত আহি ঘৰৰ অন্য কামৰ লগতে দুবেলাৰ ৰন্ধা বঢ়াখিনিও কৰি দি থৈ যায়৷ ৰন্ধাটোনো কি, খাৱৰীয়া বুলিবলৈয়ো কেৱল এগৰাকী মানুহ মাত্ৰ৷ জেঠায়েকে হাত ধুই ভাতকেইটা খালেই হ’ল কেৱল৷

বিয়াৰ পাছত যোৱা ছমাহ ধৰি তৃষা অমলৰ লগত এইটো ঘৰতেই আছে৷ অমলৰ জেঠায়েকক তাই মুঠেও সহ্য কৰিব নোৱাৰে৷ ঐশ্বৰ্য আৰু আভিজাত্যৰ অহংকাৰে আৱৰি ৰখা বীথিকাই সাধাৰণ মানুহক ভৰিৰ ধূলিহেন গণ্য কৰে৷ তেখেতৰ গিৰিয়েক আছিল উচ্চপদস্থ ইঞ্জিনীয়াৰ৷ দুয়োটা ল’ৰাই থাকে বিদেশত৷ কোন ঠাইত থাকে তৃষাই ভালকৈ নাজানে৷ টৰণ্টো, নিউ জাৰ্চি তেনেহেন কিবা ঠাইতেই৷ বিদেশৰ পৰা মাকৰ নামত প্ৰতিমাহে মোটা অংকৰ টকা পঠিয়ায়৷ অভাৱৰ অ টোও নাই জেঠায়েকৰ সংসাৰত৷ তথাপিও তাকে লৈ ইমান অহংকাৰ কৰিবলগীয়া কি থাকিব পাৰে তাকে বুজি নাপায় তৃষাই৷ যিমান দূৰ সম্ভৱ ভদ্ৰমহিলাক এৰাই চলিবলৈকে যত্ন কৰে তৃষাই৷ ইমানসোপা ধন সম্পত্তি থকা সত্ত্বেও অনবৰতে টকা পইছা লৈ কিহৰ ইমান হাঁহাকাৰ সেইটোৱেই বৰ অদ্ভুত কথা আচলতে! অমলক পৰিবাৰৰ সৈতে তেওঁৰ ঘৰত থাকিবলৈ দিয়াটোতেই কত জ্বালা তেওঁৰ তাকেই কথাই কথাই তৃষাক শুনাবলৈ নেৰে কাহানিও৷ অমলক থাকিবলৈ নিদি ঘৰটো ভাড়ালৈ দিয়াহলেও কিমান টকা ভাড়া পালেহেতেন সেইটো শুনি শুনি কাণ পকি গৈছে তৃষাৰ৷ এনেয়ে থাকিবলৈ দিলেও কথা নাছিল, সম্পৰ্কীয় হোৱা সত্ত্বেও অমলৰ পৰা প্ৰতিমাহে ভাড়াৰ বাবদ টকাকেইটা নোলোৱালৈকে তেওঁৰ নুকুলায়েই!

তৃষাক বিয়া কৰোৱাৰ আগলৈকে অমলে জেঠায়েকৰ লগত একেলগেই খোৱাবোৱা কৰিছিল৷ যেতিয়াই তৃষাক বিয়া কৰোৱাৰ কথা ওলাল তেতিয়াই জেঠায়েকৰ আপত্তিৰ আদি অন্ত নোহোৱা হ’ল৷ তেওঁ অমলক এটা কথা স্পষ্ট কৰি কৈ দিলে যে নিজৰ পৰিবাৰক লৈ সেই ঘৰত আগৰ হিচাবত চলাটো সম্ভৱপৰ নহব আৰু৷ অমলৰো তেতিয়া থাকিবলৈ অন্য ঠাইৰ ব্যৱস্থা কৰা সম্ভৱ নাছিল৷ গতিকে উপায়বিহীন হৈ জেঠায়েকৰ ঘৰতে আৰু কিছুদিনৰ কাৰণে থাকিবলৈ দিয়াৰ কাৰণে অনুৰোধ কৰিলে৷ জেঠায়েকৰো চিধা কথা যে বিয়া কৰাই পৰিবাৰকো আনি জেঠায়েকৰ ঘৰত ৰাখিবলৈ হলে থকা আৰু খোৱাৰ বাবদ ভাড়া দিব লাগিব অমলে৷ তেখেতৰ ভাড়া লোৱাৰ যুক্তি আছিল যে অমল বেছিভাগ সময় ঘৰৰ বাহিৰতেই থাকে কিন্তু বিয়া পতাৰ পাছত অমলৰ ঘৈণীয়েকেতো দিনে ৰাতিয়ে কোঠাটো দখল কৰি বহিয়েই থাকিব গতিকে বিনা ভাড়াত দুয়োকে থাকিবলৈ দিবলৈ তেওঁ মুঠেই ৰাজী নহয়৷ তদুপৰি এজনৰ ঠাইত দুজন খাৱৰীয়া হলে সেইফালেও খৰচ বহুত বাঢ়ি যাব৷ গতিকে খোৱাৰ বাবদো তেওঁ অমলৰ পৰা টকা লবলৈ বাধ্য৷ অমলে কেনেকৈ কোনফালে মিলাব তাকে ভাবি পাৰ নোপোৱা হৈছিল৷ ভাগ্যভাল সেই সময়তে তৃষাৰ মনত বুদ্ধিটো খেলাল বুলিহে৷ তৃষা থাকিলে অমলৰ জেঠায়েকৰ লগত একেলগে খোৱাবোৱা কৰাৰ প্ৰয়োজনেই বা কি! তৃষাই নিজেই দেখোন দুয়োৰে খোৱাখিনিৰ যোগাৰ কৰিব পাৰে৷ এইখিনিলৈকে ঠিকেই আছিল কিন্তু সমস্যাটো হ’ল অমলৰ থকাৰ কোঠা মাত্ৰ এটা৷ সেইটো কোঠাতেই ৰন্ধাবঢ়া কৰিলে ৱালত তেলচিকটি লাগি নষ্ট হোৱাৰ ভয়ত জেঠায়েকে তাত পাকঘৰ পাতিবলৈ মুঠেও নিদিয়ে৷ উপায় নাপাই তৃষায়েই জেঠায়েকক অনুৰোধ কৰিলে যে, জেঠায়েকে যদি তেখেতৰ পাকঘৰৰ এটা কোণৰ সামান্য ঠাই এৰি দিয়ে তেন্তে তৃষাই নিজৰ ৰন্ধা বঢ়াখিনি তাতেই কৰি লব পাৰিব৷ তৃষাই ভবা নাছিল যে জেঠায়েকে এই প্ৰস্তাৱত মান্তি হব কিন্তু তৃষাক আচৰিত কৰি তেখেতে একেষাৰে ৰাজী হৈ গ’ল৷ তৃষায়ো স্বস্তিৰ নিশ্বাস পেলালে৷ তাৰফলত যোৱা ছয়মাহে অমলে কেৱল ভাড়াৰ টকাকেইটাই জেঠায়েকৰ হাতত দি দায় সাৰিছে৷ অমল বাহিৰত থাকিলে তৃষাই নিজৰ কাৰণে বৰ বেছি এটা ৰন্ধা বঢ়া নকৰে গতিকে সামান্য খৰচতেই দুয়োৰে নতুন সংসাৰখন আৰামত চলি গৈছে৷

অমলে এটা মেডিচিন কোম্পানীত মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ কাম কৰে৷ কোম্পানীৰ নামটো শুনিবলৈ ভব্যগব্য হলেও তাৰ তুলনাত অমলৰ আয়ৰ পৰিমাণ নিচেই সামান্য৷ অন্য ডাঙৰ কোম্পানী হলেও কোনো কথা নাছিল কিন্তু এনে চালুকীয়া কোম্পানীৰ চাকৰিত বেছি দৰমহাৰ আশা কৰাটোও বৃথা৷ বেছিভাগ সময়তেই বেচেৰাৰ কান্ধত বেগ ওলোমাই ইখনৰ পাছত সিখন হস্পিতাল, ইজন ডাক্তৰৰ চেম্বাৰৰ পৰা সিজন ডাক্তৰৰ চেম্বাৰলৈ দৌৰাদৌৰি কৰোঁতেই যায়৷ ইয়াৰ উপৰিও ফাৰ্মাচীবোৰতো ঘূৰাঘূৰি কৰিব লগা হয়৷ ইমান কষ্টৰ মাজতো অমলে আৰু অলপ ভালকৈ কৰিবলৈ চেষ্টা কৰি নথকা নহয় কিন্তু সকলো কামতে অলপ হলেও সময় লাগেই৷ তাত অমলে কৰিব কি!

তৃষাৰো অমলৰ লগত চিনাকি হোৱা বছৰচেৰেকহে হ’ল মাত্ৰ৷ অমল তেতিয়া নতুনকৈ চাকৰিত সোমাইছেহে৷ তৃষাৰ দেউতাকৰ চাকৰি আছিল এখন হস্পিতালতেই লগতে সেই হস্পিতালৰ এজন ডাক্তৰৰ চেম্বাৰত ব্যক্তিগত সহায়কাৰী হিচাপেও কাম কৰিছিল৷ হস্পিতাল, চেম্বাৰলৈ অহাযোৱা কৰোঁতেই অমলৰ তেখেতৰ লগত চিনা জনা আৰু সেই সূত্ৰেই তৃষাৰ লগতো প্ৰথম পৰিচয়৷ প্ৰথম দৰ্শনতেই অমলৰ দুচকুৰ মুগ্ধ দৃষ্টিৰ পৰিভাষা বুজোতে সময় লগা নাছিল তৃষাৰ৷ দুয়োৰে মাজত ঘনিষ্ঠতা তেনেদৰেই বাঢ়ি উঠিছিল৷

ইফালে তৃষাৰ ঘৰতো সমস্যাৰ শেষ নাছিল৷ তৃষাৰ মাক ঢুকোৱাৰ পাছত দেউতাকে পুনৰ বিয়া কৰাইছিল৷ দিনে নিশাই মাহীমাকৰ কেটেৰা জেঙেৰা শুনি শুনি অতিষ্ঠ হোৱা তৃষাৰো সেইখন সংসাৰত টিকি থকাই টান হৈ পৰিছিল৷ পানীত ডুবিব ওলোৱা মানুহে সামান্য খেঁৰকুটা এডালকো সম্বল কৰি লোৱাৰ দৰে তৃষায়ো এনে এটা অৱলম্বনৰ সন্ধানত আছিল যিয়ে তাইক সেই নৰকৰ পৰা মুক্তিৰ পথ দেখুৱাব পাৰে৷ সেই যন্ত্ৰণাকাতৰ সময়চোৱাতেই তৃষাৰ অমলৰ লগত দেখাদেখি৷ চিনাকিৰ কেইমাহমান পাছত এদিন সকলো লাজ মান কাটি কৰি তৃষাই নিজেই এদিন অমলক কৈছিল:

“মোক এই নৰকৰ পৰা কৰবালৈ লৈ যোৱা অমল৷ মই আৰু নোৱাৰিছোঁগৈ৷“

“কিন্তু তোমাক ক’লৈ লৈ যাম কোৱা? মোৰ নিজৰেই কোনো থিতাপি নোহোৱা হৈছে জীৱনত৷ মোক অলপমান সময় দিয়া৷ তুমিও অলপ অপেক্ষা কৰাচোন৷ সময়ত সকলোবোৰ ঠিক হৈ যাব৷“ ঘটনাৰ আকস্মিকতাত বিব্ৰত হৈ অমলে উত্তৰ দিছিল৷

“তুমি যলৈকে লৈ যোৱা তালৈকে যাম মই৷ আৰু অপেক্ষা কৰাটো মোৰ বাবে অসম্ভৱ হৈ পৰিছে৷ মই আৰু কোনোপধ্যেই নোৱাৰিছোঁ৷“ কথাখিনি কৈয়েই অমলৰ আগত ফেঁকুৰি ফেঁকুৰি কান্দি পেলাইছিল তাই৷

“আৰে, তুমি কান্দিছা কিয় কোৱাচোন? তোমাৰ ভালৰ কথাই চিন্তা কৰিয়েই আচলতে কৈছিলোঁ মই৷ মোৰ লগত তেনেকৈ থাকিবলৈ কষ্ট পাবা তুমি৷“ অমলে আথেবেথে কৈছিল তৃষাক৷

“কষ্ট হলেই যেনিবা অলপ তথাপিও তুমিতো থাকিবা লগত৷ আৰু একো নালাগে মোক৷“ এযুৰি গভীৰ সলজ নয়নেৰে অমলৰ মুখলৈ আশাৰে চাই ৰৈছিল তৃষাই৷ তৃষাৰ মৰমৰ এই আহ্বানক উপেক্ষা কৰিব পৰা শক্তি অমলৰ নাছিল৷

একমাত্ৰ তৃষাৰ ভালপোৱাখিনিৰ বাহিৰেনো অমলৰ জীৱনত আৰু আছিল কি! সৰুতেই ঘাটমাউৰা হোৱা অমলৰ জীৱন যুদ্ধৰ আৰম্ভণি তেতিয়াই৷ জীৱনৰ পদে পদে সংঘৰ্ষৰ সন্মুখীন হওঁতে সি হয়তো পাহৰিয়েই গৈছিল যে জীৱনত খোৱা পিন্ধাৰ কাৰণে সংগ্ৰাম কৰাৰ উপৰিও অন্য কিছু ভাললগা অনুভূতিও থাকিব পাৰে৷ এখনি লৱণু কোমল হাতৰ মায়াময় স্পৰ্শয়ো জীৱনৰ অৰ্থই সলনি কৰি পেলাব পাৰে৷ কাৰোবাৰ দুচকুৰ মিঠা চাৱনিয়ে জীয়াই থকাৰ মোহ জগাব পাৰে৷ দিনটোৰ যুদ্ধত ভাগৰুৱা মনে কাৰোবাৰ কাষলৈ আহি পাহৰিব পাৰে সকলো ক্লান্তি৷ সেই সময়ত মনলৈ এটাই ভাব আহে, “এইখিনিৰ নামেইতো জীৱন! এইখিনিৰ অবিহনে ইমান দিন কেনেকৈনো বাচি আছিলোঁ মই! “

তৃষাই এইখন ঘৰত আহি ভৰি দিয়াৰ পাছত অমলৰ জেঠায়েকে এদিন নতুন কইনা চাবলৈ আহিছিল৷ তৃষাক দেখি বিদ্ৰূপ মিহলি সুৰত কৈছিল তেওঁ:

“কি হে আপী, মায়েৰৰ ঘৰত খোৱা বোৱাত কষ্ট হৈছিল হেন পাওঁ৷ নহলেনো কেওঁ কিছু নথকা এনে চালভিকহু এটালৈ বিয়া দি খেদায়নে!“

লাজ, অপমানত তৃষা মুক হৈ ৰৈছিল৷ অমলেও একো মতা নাছিল তেতিয়া৷ জেঠায়েক যোৱাৰ পাছত অমলে তৃষাক বুজনি দিছিল:

“জেঠীমা মানুহজনী এনেকুৱাই বুজিছা৷ তেখেত আগৰপৰাই অলপ খিংখিঙিয়া স্বভাৱৰ কিন্তু মনটো ইমান বেয়া নহয়৷ তেওঁৰ কোনো কথাত তুমি ধৰি নাথাকিবা দেই৷“

অমলৰ জেঠায়েক কেৱল খিংখিঙিয়া হোৱাৰ কথাটো বৰ হজম হোৱা নাছিল তৃষাৰ৷ তাইৰ মনত ভাব হৈছিল যে অমলৰ জেঠায়েকে যেন ইচ্ছা কৰিয়েই অমলৰ নিঃস্ব অৱস্থাক বিদ্ৰূপ কৰিছে৷ অমলৰ দুখে তাইকো দুখী কৰিছিল৷ মানুহ কিমান দুৰৱস্থাত পৰিলে বাৰেবাৰে চুপচাপ এনে অপমান সহ্য কৰি যায় সেইখিনি বুজি পাবলৈ সময় লগা নাছিল তৃষাৰ৷ তেতিয়াৰ পৰাই তাৰপৰা অন্য কৰবালৈ গুচি যোৱাৰ ইচ্ছাটো দিনে দিনে প্ৰবল হৈ উঠিছিল তাইৰ মনত৷ সুবিধা পালেই অমলক কৈছিল আন কৰবাত বেলেগকৈ ঘৰ ভাড়া লোৱাৰ কথা৷ অমলে মৰমেৰে বুজাইছিল তাইক:

“ঘৰ ভাড়া লোৱাটো ইমান সহজ নহয় তৃষা৷ প্ৰথমতে টকা জমা কৰিব লাগিব আমি৷ আৰু কেৱল ঘৰভাড়াদিয়েই হব জানো কোৱা? এখন সংসাৰৰ সৰু সুৰা সকলো প্ৰয়োজনীয় বস্তু কিনিব লাগিব আমি৷ আৰু জেঠীমায়ে যিমান ভাড়া লৈ আছে তেনে ভাড়াত আন কতো থাকিব পৰাকৈ ভাল ঘৰ ভাড়া বিচাৰি নোপোৱা তুমি৷ কিছুদিন অপেক্ষা কৰাচোন তুমি৷ কিবা নহয় কিবা এটা ব্যৱস্থা নিশ্চয়কৈ হবই৷“

টকা জমা কৰিব, নতুন ঘৰ ভাড়া লব, সেইটো এতিয়ালৈকেও সম্ভৱপৰ হৈ নুঠিল৷ দৰমহাৰ টকা কেইটা ক’ত যে কেনেকৈ খৰচ হৈ যায় ভগৱানেহে জানে৷ তথাপিও তৃষাই ধৈৰ্য্য ধৰি আছে কেৱল এইটো ভাবিয়েই যে এদিন নহয় এদিন এই অৱস্থাৰ পৰিৱৰ্তন হবই৷

ভাৱনাৰ সাগৰৰ পৰা বাস্তৱ পৃথিৱীলৈ উভতি আহিল তৃষা৷ ৰান্ধি বাঢ়ি লৈ, গা পা ধুই সেই তেতিয়াৰে পৰা অমলৰ প্ৰতীক্ষাত বহি আছে কিন্তু অমল এতিয়ালৈকে আহি নাপালেহি৷ দিনটো অকলে থকাৰ কাৰণে দুপৰীয়াও একো এটা মুখত দিয়া নহ’ল৷ ভাবিছিল অমল আহি পালে একেলগে বহি খাব৷ অমললৈ বাট চাওঁতে চাওঁতে এটা সময়ত হুৰহুৰাই বৰষুণ এজাক আহিল৷ তথাপিও অমল আহি নাপালেহি৷ ইফালে মোবাইল ফোনৰো চুইছ অফ৷ অমলৰ এপলক সান্নিধ্যৰ বাবে ব্যাকুল হৈ পৰিল তৃষা৷

ইফালে গধূলি পাৰ হৈ ৰাতি হ’ল৷ অমলৰ মোবাইলৰ এতিয়াও চুইছ অফেই দেখুৱাই আছে৷ প্ৰিয়জনৰ সান্নিধ্যৰ আকুলতাৰ স্থান হাজাৰটা দুশ্চিন্তাই লবলৈ ধৰিলে৷ আজেবাজে চিন্তাই হেঁচা মাৰি ধৰিলে তৃষাক৷ এই সময়ত কি কৰা উচিত তাৰ একো উৱাদিহ নাপাই তাই ভাবিলে যে অমলৰ জেঠায়েকক অমল এতিয়ালৈকে আহি নোপোৱাৰ কথাটো কোৱা যাওক৷ সাত পাঁচ গুণি ৰূমৰ পৰা ওলাবলৈ লওঁতেই দুৱাৰত কাৰোবাৰ টোকৰ পৰিল৷ দুৱাৰ খুলিয়েই দেখা পালে সন্মুখত অমল৷ ইমান সময়ৰ অৱৰ্তমানৰ পাছত গিৰিয়েকক দেখা পাই আবেগেৰে বুকুৰ মাজত সোমাই পৰিবলৈ লৈয়ো থমকি ৰ’ল তৃষা৷ এয়াটো সেই অমল নহয় যাৰ আগমণৰ প্ৰতীক্ষাত তৃষাই অতপৰে আকুলতাৰে বাট চাইছিল! তৃষাৰ চকুৰ আগত এয়া এজন যুদ্ধত পৰাজিত বিধ্বস্ত সৈনিক৷ শেঁতা, কৰুণ মুখমণ্ডল৷ বৰষুণত তিতাৰ কাৰণে কপালত তিতা চুলিখিনি খেলিমেলি হৈ লিপিত খাই আছে৷ উদভ্ৰান্ত দুচকুত গভীৰ বেদনা৷ চকুৰ গুৰিও ক’লা পৰিছে৷ অমলৰনো আচলতে হৈছে কি!

“কি হৈছে তোমাৰ?“ অজান আতঙ্কত প্ৰায় চিঞৰিয়েই উঠিল তৃষাই৷

লগে লগে অমলে ফেঁকুৰি উঠিল৷ “মোৰ চাকৰি আৰু নাই তৃষা!“ থোকাথুকি মাতেৰে কিবাকৈ ক’লে অমলে৷

“কিয়? কেনেকৈ?“ তৃষাৰ মূৰত যেন বিনামেঘে বজ্ৰপাত হে পৰিল!

অমলে থোকাথুকি মাতেৰে যিখিনি কথা ক’লে তাৰপৰা তৃষাই এইটোৱেই বুজি পালে যে অমলে চাকৰি কৰা ঔষধ কোম্পানীটো হেনো হঠাতে বন্ধ হৈ গৈছে৷ তাৰ লগে লগে তাত কাম কৰা সকলো কৰ্মচাৰীৰে চাকৰি গৈছে৷ সৰু চালুকীয়া কোম্পানীটোৱে অন্য বহুজাতিক কোম্পানী বিলাকৰ লগত ফেৰ মাৰিব পৰা নাছিল তাৰফলত লোকচানো হৈছিল প্ৰচুৰ৷ অৱশেষত মালিকপক্ষই কোম্পানীটো বন্ধ কৰি দিয়াৰে সিদ্ধান্ত লয়৷ সেইটো কৰাৰ বাহিৰে আন একো উপায়ো বাচি থকা নাছিল৷ অৱশ্যে তাত কাম কৰা ইমানবোৰ কৰ্মচাৰীৰ ভৱিষ্যত কি হব সেইবিষয়ে কিন্তু তেওঁলোকে একো চিন্তা কৰাৰ প্ৰয়োজন অনুভৱ নকৰিলে৷

আকস্মিক বিপদৰ আঘাতত তৃষা বাকৰূদ্ধ হৈ পৰিল৷ কিন্তু এই সময়ততো তাই ভাঙি পৰিলে নচলিব৷ তাইৰ সন্মুখত শিশুৰ দৰে ফেঁকুৰি ফেঁকুৰি কান্দি থকা মানুহজনকতো তায়েই চম্ভালি ৰাখিব লাগিব!

গভীৰ মমতাভৰা দুহাতেৰে অমলক বুকুত আঁকোৱালি ললে তৃষাই৷ কাণৰ কাষত ফিচফিচাই ক’লে:

“একো চিন্তা নকৰিবা সোণ! আমি দুয়ো আছোঁ নহয়৷ কিবা নহয় কিবা এটা উপায় ওলাবই৷ এতিয়া ভাঙি নপৰিবা তুমি৷ এটা চাকৰিহে গৈছে, অন্য কৰবাত কিবা নহয় কিবা এটা কাম বিচাৰি পাবাই চাবাচোন৷“

“সেইটোতো মই বিচাৰিমেই৷ কিন্তু তাতেওতো বহুত সময় লাগিব তৃষা৷ অন্য চাকৰি নোপোৱালৈকে অতদিন আমি কি কৰি চলিম তৃষা? কান্দোনত ভাঙি পৰা মাতেৰে অমলে সুধিলে তৃষাক৷

“চলি যাব ভালকৈ৷ মই আছোঁ নহয় তুমি অলপো চিন্তা নকৰিবা৷ “

তৃষাৰ অভয়বাণীত অমল শান্ত হ’ল অলপ৷ তৃষায়ো লৰালৰিকৈ ইতিমধ্যে চেঁচা পৰা ভাত তৰকাৰীখিনি পাকঘৰত গৰম কৰি আনিবলৈ গ’ল৷ জেঠায়েক পাকঘৰতেই আছিল৷ তৃষাক দেখা পাই তেৱেঁই আগতে মাত লগালে:

“অমল আহি পালেহি ন?“

ওঁ বুলি শলাগি তৃষাই যাবলৈ ওলাওতেই জেঠায়েকে পুনৰাই মাত দিলে:

“পৰহিলৈ কিন্তু মাহৰ শেষ দিন৷ এই মাহৰ ভাড়াতো অমলক সময়মতে দিবলৈ দিবা৷ সদায়েই দেৰী কৰে সি দিয়াত৷“

ভিতৰি ভিতৰি কঁপি উঠিল তৃষা৷ জেঠায়েকে যদি গম পায় অমলৰ চাকৰি যোৱা বুলি তেনেহলে কি হ’ব! যদি তেখেতে গম পায় যে বেকাৰ অমলৰ এইমাহ কি অহামাহতো ভাড়া দিবলৈ চিন্তা কৰিব লগা হব তেন্তে কি ঠিক তেওঁ হয়তো দুয়োকে ঘৰৰ পৰা বাহিৰ হবলৈকে দিব! গতিকে বৰ্তমান পৰিস্থিতিত তেখেতক সঁচা কথাটো নোকোৱাই মঙ্গল৷

চুপচাপ নিজৰ কোঠালৈ উভতি আহিল তৃষা৷ খাই বৈ লৈ শোৱাৰ পৰত অমলৰ কাষত বাগৰি তৃষাই ক’লে:

“ময়ো কিবা এটা কাম বিচাৰোঁ দিয়া৷“

“কি কাম? “

“যিকোনো কাম৷ টিউশ্যনৰ কাম বা অন্য কিবা৷ মোৰ লগৰ বান্ধৱী সংযুক্তাই নিজে বিউটি পাৰ্লাৰ এখন খুলিছে৷ ইনকামো বেছ ভালেই৷ ভাবিছিলোঁ তাইৰ ওচৰত গৈয়েই মই কৰিব পৰা কিবা কাম বিচাৰিম৷“

“বাৰু চোৱাচোন চেষ্টা কৰি৷“ অমলে উদাস সুৰত উত্তৰ দিলে৷

অমলে প্ৰতিদিনেই কাম বিচাৰি ওলাই যায়৷ এতিয়ালৈকে একো বিচাৰি নাপালেও তৃষাৰ বিশ্বাস যে কিবা নহয় কিবা এটাতো বিচাৰি পোৱা যাবই৷ তাই নিজেও সখীয়েক সংযুক্তাৰ ওচৰলৈ গৈছিল কাম বিচাৰি৷ কিন্তু পাৰ্লাৰত কাম কৰিবলৈ যোৱাটোও ইমান সহজ নহয়৷ প্ৰথমতে দুদিনমান কাম শিকিব লাগিব৷ তাৰ পাছত কিবা হয় যদি হব৷

ইতিমধ্যে নতুন মাহ আৰম্ভ হোৱাৰো চাৰি পাঁচদিন হ’ল৷ তথাপিও এতিয়ালৈকে একো এটা ভাল খবৰ নাহিল৷ যোৱা মাহৰ পাবলগীয়া দৰমহাখিনিও পোৱা নাই অমলে৷ কোম্পানীৰ অফিচত দৈনিক হাজিৰা দিও কোনো কামত অহা নাই৷ কোম্পানীয়ে মিছাতে দৌৰাই আছে কেৱল৷ ইফালে দৰমহা নোপোৱাৰ কাৰণে মাহেকীয়া বজাৰটোও কৰিব পৰা হোৱা নাই৷ ৰেচন পাতি ইতিমধ্যে প্ৰায় শেষেই৷ দোকানৰ পৰা বাকী কৰি আনিবলৈকো একো উপায় নাই৷ আগৰ ধাৰখিনি নমৰাকৈ দোকানীয়ে বস্তু নিদিয়ে বুলি কৈ দিছে ইতিমধ্যে৷ সংযুক্তাৰ ওচৰত ধাৰ বিচাৰিব পাৰি কিন্তু তেনে কৰিলেও বান্ধৱীৰ আগত অমলক হেয় কৰা হয়৷ অমলৰো এনে কোনো ঘনিষ্ঠ বন্ধু নাই যাৰ ওচৰত সহায় ভিক্ষা কৰিব পাৰি৷ শেষ পৰ্যন্ত কি সংযুক্তাৰ ওচৰতেই হাত পাতিব লাগিব নেকি!

পুৱাবেলা কামলৈ যোৱাৰ আগতে অমলক অলপ মুড়ি খাবলৈ দিছিল তৃষাই৷ তাই কোৱা নাই যে ঘৰত অন্নৰ এটা দানাও অৱশিষ্ট নাই৷ সকলো উদং হৈছে৷ অমল ওলাই যোৱাৰ পাছত তন্ন তন্নকৈ গোটেই কেইটা টেমা খুচৰি চাইছে তৃষাই৷ নাই, কতো একোৱেই নাই৷ তাই বাৰু ভোক সহ্য কৰি লব কিন্তু দিনটো দুখে ভাগৰে ঘূৰি ফুৰা অমলে আহি খাবলৈ বিচাৰিলে তাই দিব কি! অস্থিৰ হৈ উঠিছিল তৃষা৷ জেঠায়েকৰ ভঁৰালৰ ফালে কৰুণ দৃষ্টিত চালে তাই৷ একেটা পাকঘৰৰে দুয়োফালে দুটা বিপৰীত দৃশ্য৷ জেঠায়েকৰ ফালে খোৱাবস্তু উভৈনদী হৈ আছে আৰু তাহাঁতৰ ফালে সকলো খালী৷ তৃষাই তথাপিও এটা আশা কৰিছিলে যে আজি হয়তো অমলে পাবলগীয়া টকাখিনি পাব৷ অমলৰ আহি পোৱাৰ সময় হৈছে৷ নিজৰ লাজ মান কাতি কৰি জেঠায়েকৰ ওচৰত হাজিৰ হ’লগৈ তৃষা৷ তৃষাক দেখিয়েই জেঠায়েকে ক’লে,

“কি হ’ল আজি ৰন্ধাবঢ়া কৰা নেদেখিলোঁ যে! অমলে ৰেস্তোৰাঁৰ পৰা খোৱাবস্তু আনিছিল যেন পাওঁ৷ আমাৰ ঘৰভাড়া দিবৰ সময়তহে দৰমহা নহয় কিন্তু বাহিৰৰ খোৱাবোৱা পূৰামাত্ৰাই চলি থাকে ন?“

যোৱা ছয়মাহত কাৎচিত কেতিয়াবা অমলে চখতে বাহিৰৰ পৰা খোৱাবস্তু অনা কথাটো হয়৷ তাকো হিচাপ কৰি কৰি৷ সেই কথাটো লৈয়েই এতিয়া জেঠায়েকে ঠাট্টা মাৰিছে৷ তৃষাৰ টিঙিচকৈ খঙটো উঠিছিলেই৷ বহু কষ্টৰে নিজকে চম্ভালি লৈ ক’লে:

“নাই নাই, অমল এতিয়াও আহি পোৱাহিয়েই নাই৷ মোৰে গাটো কিবা ভাল লাগি থকা নাই৷ সেইকাৰণে ৰান্ধিবলৈকো মন নগ’ল একো৷“

“অহ, তেন্তে দুপৰীয়ানো খালা কি?“

“গাটো বেয়া লাগি থকাই খাবলৈ একো মন নগ’ল৷“

“তাৰমানে দিনটো একো নোখোৱাকৈয়ে আছা? এতিয়া পাকঘৰলৈ কি কৰিবলৈ আহিছা? চাহ বনাবলৈ?“

“নাই নাই৷ অমল আহি পালে একেলগে চাহ খাম৷ আচলতে চাহৰ লগত অলপ তিয়ঁহ আৰু মুড়ি সানি খাম বুলি ভাবিছিলোঁ৷ এতিয়া দেখিছোঁ তিয়ঁহ আছে কিন্তু মুড়ি নাই৷ দোকানলৈ যাবলৈয়ো ইচ্ছা যোৱা নাই৷ দুই মুঠি মুড়ি যদি দিলেহেতেন আপুনি..“

“লৈ যোৱা৷ “ জেঠায়েকে একেথৰে তৃষাৰ ফালে চাই আছে৷ তৃষাৰ অস্বস্তি লাগিবলৈ আৰম্ভ কৰিলে৷ কোনোমতে মুড়িখিনি লৈ নিজৰ কোঠালৈ পলাল৷ অলপ পাছত অমল আহি পালে৷ জেঠায়েকৰ পৰা আনি থোৱা মুড়িখিনিকে পানী এগিলাছৰ সৈতে খাবলৈ দিলে তাই৷

“চাহ দিয়া একাপ৷“ অমলে ক’লে৷

“চাহপাত শেষ হৈছে৷ আনিব লাগিব৷“ মৃদু সুৰত তৃষাই উত্তৰ দিলে৷

“অহ!“ অমলে থমকি ৰ’ল৷ “মোৰ ওচৰতো দুটকামানহে আছে৷ চাওঁচোন, কাইলৈ কিবা এটা ব্যৱস্থা কৰিব লাগিব৷“

তৃষাই নিশ্চুপ হৈ ৰ’ল৷ ঘৰত যে ৰাতিৰ সাজ ৰান্ধিবলৈ চাউলো নাই সেইটো এতিয়া তাই কোন সতে কয় অমলক! ঠিক তেতিয়াই দুৱাৰদলিত জেঠীমাৰ মাত শুনা পোৱা গ’ল:

“অমল, আহি পালিহি নেকি তই? “

লগে লগে অমল আৰু তৃষাই ইজনে সিজনৰ চকুলৈ চালে৷ জেঠীমা নিশ্চয় ভাড়া খুজিবলৈকে আহিছে৷ অমলে লাহেকৈ মাত দিলে:

“জেঠীমা, আহক আহক৷ ভিতৰলৈকে আহক৷“

কোঠাৰ ভিতৰলৈ সোমায়েই জেঠায়েকৰ অমলৰ মুড়িৰ বাতিলৈ চকু গ’ল৷ সেইফালে চাই চায়েই সুধিলে:

’কি ঐ আপী, তিয়ঁহ ক’ত? অমলক শুকান শুকান মুড়িয়েই দিলা নেকি খাবলৈ?“

অমলে অবাক হৈ চাই আছে৷ তৃষাৰ মুখৰ মাত নাই৷

“কি হ’ল? এতিয়া চুপচাপ কিয়? বৰ মিছা কথা কবলৈ শিকিছা দেখোন!“

“কি হৈছেনো জেঠীমা?“ অমলে প্ৰশ্ন কৰিলে৷ ইফালে তৃষাৰ অৱস্থা ফাট মেলা বসুমতী পাতালে লুকাওঁ!

“তোৰ ঘৈণীয়েৰক সোধ৷ দুপৰীয়া তিয়ঁহৰ লগত মুড়ি খাব বুলি মুড়ি খুজি আনিলে৷ দুপৰীয়া একো ৰন্ধাও নাই, একো খোৱাও নাই নিজে৷ গা বেয়া হেনো৷“

অমলে বিভ্ৰান্ত হৈ তৃষাৰ ফালে চাই প্ৰশ্ন কৰিলে:

“তুমি একো খোৱা নাই আজি?“

তৃষাই আৰু ধৈৰ্য্য ধৰি থাকিব নোৱাৰিলে৷ হুকহুকাই কান্দি পেলালে৷ অমলকো দুখে বেদনাই হেঁচা মাৰি ধৰিলে৷ থোকাথুকি মাতেৰে জেঠায়েকৰ ফালে চাই ক’লে:

“তাইৰ একো দোষ নাই জেঠীমা৷ তাই ইচ্ছা কৰি মিছা কোৱা নাই তোমাক৷ লাজ ঢাকিবলৈ যাওঁতে হয়তো…“ কিবা এটা কবলৈ খুজিও ৰৈ গ’ল অমল৷

“আচলতে হৈছেনো কি? ভাঙিপাতি কবিনে মোক?“

“মোৰ চাকৰিটো আৰু নাই জেঠীমা৷ তথাপিও চিন্তা নকৰিব আপুনি৷ অতি সোনকালেই কিবা এটা ব্যৱস্থা কৰিব পাৰিম হয়তো৷ “

জেঠায়েকে বহাৰ পৰা উঠি থিয় দিলে আৰু ক’লে,

“তহঁতৰ পৰা ভাড়া লৈ অপৰাধবোধত ভুগিছিলোঁ মই৷ এতিয়া ভাব হৈছে মই কামটো ঠিকেই কৰিছিলোঁ৷“

জেঠায়েক ৰূমৰ পৰা ওলাই গ’ল৷ অমল আৰু তৃষাৰ মেলা মুখ মেলাতেই থাকিল৷ অলপ পাছতেই তেখেত উভতিও আহিল হাতত একমুঠা টকা লৈ৷ তৃষাক টকাখিনি দি ক’লে তেওঁ:

“এইখিনি লোৱা৷ তোমালোকৰেই টকা৷ ভাড়াৰ টকা হিচাপে জমা হৈ আছিল মোৰ ওচৰত৷“

“মানে?“ এইবাৰ অমলৰ আচৰিত হোৱাৰ পাল৷

“অকলে অকলে এই প্ৰকাণ্ড ঘৰটোত থাকোঁতে মোৰ উশাহ বন্ধ হোৱাৰ উপক্ৰম হৈছিল৷ দিনৰ দিনটো মাত এষাৰ দিবলৈয়ো মানুহ এটা নাই৷ তেতিয়াই তই থাকিবলৈ আহিলি ইয়াত৷ অকণমান স্বস্তিৰ উশাহ লৈছিলোঁহে তেতিয়াই শুনা পালোঁ তই বিয়া কৰাবলৈ ওলাইছ৷ মনত ভয় সোমাল মোৰ৷ আনৰ ছোৱালী বিয়া হৈ আহি যদি এইখন সংসাৰত আশ্ৰিত হৈ থাকিবলৈ অপমানিত বোধ কৰে আৰু যদি তাকেই ভাবি ইয়াৰ পৰা গুচি যাবলৈ ওলায় তেতিয়া আকৌ মই অকলশৰীয়া নহম জানো ক? তেতিয়াই তহঁতৰ পৰা ঘৰভাড়া লোৱাৰ কথাটো মনলৈ আহে মোৰ যাতে তহঁতৰ আনৰ আশ্ৰিত হৈ থকাৰ কথাটো মনলৈ নাহে৷ আৰু নিজে ভাড়া দি থাকিলে তহঁতৰো হয়তো কেতিয়াও মোক অকলে এৰি যোৱাৰ ভাৱনা মনলৈ নাহিল হয়৷“

বৃদ্ধা জেঠায়েকৰ মুখলৈ অপলক দৃষ্টিত চাই ৰৈছিল তৃষাই৷ মানুহ চিনি পোৱাটো সঁচাকৈয়ে কি যে কঠিন কাম৷ আজি পুৰণি জনা কথাটোৱেই যেন নতুনকৈ বুজি উঠিছে তাই৷ এই পৃথিৱীৰ প্ৰতিজন ব্যক্তিয়েই যেন একো একোটা জটিল প্ৰহেলিকা৷ মনস্তত্ত্বৰ জঁট ভাঙি ভাঙি বুজি পোৱা যেন অনুভৱ হোৱাৰ লগে লগেই উপলব্ধি হয় যে ইমানদিনে যিখিনি বুজা গৈছিল সেই সকলোখিনি আচলতে ভুলহে আছিল৷ তাৰ লগে লগে আৰম্ভ হয় আকৌ নতুনকৈ বুজি উঠাৰ আন এক পৰিক্ৰমা৷

  ☆ ★ ☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক