জীৱন এনেকৈয়ে… (পৰশমণি কাশ্যপ)

ছোৱালীজনীয়ে বিভাগটোত নতুনকৈ জইন কৰিছে৷ মৰমলগা¸ চিম্পল ছোৱালীজনীক মোৰ ভাল লাগে৷ হয়তো মোতকৈ চাৰিবছৰমান সৰু৷ একেটা অফিচতে হলেও মোৰ ব্ৰাঞ্চত নহয় বাবে তেনেকৈ কথা-বাৰ্তা হোৱা নাই৷ প্ৰায় তিনিশ কৰ্মচাৰীৰ আমাৰ বৃহৎ উদ্যোগটোৰ মই মাৰ্কেটিং হেড৷ এতিয়াও তাইৰ নাম নাজানো ৷ তাই জুনিয়ৰ এনালাইচিষ্ট ৷ পদমৰ্য্যদাত মোতকৈ জুনিয়ৰ৷
এই কৰ্পোৰেট ফিল্ডত এয়াই সমষ্যা৷ আবেগবোৰক ডবাই ৰাখি কৃত্ৰিম গাম্ভীৰ্য্য মেইনটেইন কৰিব লাগে৷

মোৰো বিয়াৰ বয়স হৈ আহিছে ৷ আজিলৈকে গাৰ্লফ্ৰেণ্ড নাই৷ ভাল ছোৱালী এজনী পালে সোনকালে বিয়াখন পাতিম৷

ৰাজশ্ৰী¸ তোমাৰ এচিষ্টেণ্টজনীক ভাল লাগিছে৷ ৰাজশ্ৰীক কৈ উঠে বান্ধবী ৷ কম্পেনীত দুয়ো একেলগে জইন কৰিছিলো৷ তাইক ইউনিভাৰচিটিতে লগ পাইছিলো ৷ দুয়ো একেলগে এম বি এ কৰিছিলো৷ মোতকৈ এটা বেটচ্ তলৰ ছোৱালীজনী৷ বিৰাট ফ্ৰী ভাল ছোৱালী তাই৷ আমি দুয়ো অসমৰে বাবে দুয়োৰে মাজত আন্তৰিকতা বেছি৷

মই এতিয়াও চিংগল৷ ইয়াৰে ল’ৰা এজনক তাই ভাল পায়৷ তাইৰ ঘৰৰ পৰা সম্পৰ্কটো মানি লোৱা নাই¸ সেয়াই দুখ৷ এই ক্ষেত্ৰত ময়ো বিশেষ সহায় কৰিবলৈ অপাৰগ৷

: তুমি বেলেগ ছোৱালী চোৱা পলাশদা৷ তাই তোমাৰ বাবে ভাল নহ’ব৷ -সেমেকা হাঁহি এটা মাৰি কৈ উঠে তাই৷

: কিয়? ? – মই আচৰিত হও৷ জাতি-ধৰ্ম¸ উচ্চ-নীচ এইবোৰ বাছ-বিচাৰ মোৰ নাই৷ মোৰ পচন্দই মা-দেউতাৰো পচন্দ৷ ভাল চাকৰী মোৰ৷ বেয়া স্বভাব একো নাই৷ দেখাতো মই ধুনীয়া৷ কাৰোবাৰ বাবে অযোগ্য হোৱাৰ প্ৰশ্নই নাহে৷

মোৰ মুখৰ প্ৰশ্নবোধক বুজি পাই ৰাজশ্ৰীয়ে৷

: জানা পলাশদা¸ তাই এটা ল’ৰাক ভাল পাইছিল৷

ৰাজশ্ৰীৰ কথা শুনি মোৰ মনটো আকৌ মৰি গ’ল ৷ কাৰোবাৰ চকুত সপোনটো সজাব খুজিছিলোহে¸ আহিল আকৌ বাধা৷ ছেহ: মোৰ লাইফটো কিয় এনেকুৱা বাৰু!

প্ৰাপ্তিৰ মুহুৰ্তত আকৌ দুৰলৈ আঁতৰি যায়৷

মোৰ সৰু কেবিনটোত ৰাজশ্ৰী বহি আছে৷ কাম নাথাকিলে দুয়ো আড্ডা দিও এইদৰে৷ লেপটপটো আধা জপোৱা আছে৷ অকমাণ আগতে ছ’চিয়েল চাইট ফেচবুকত বিচৰণ কৰিছিলো৷

: পলাশদা¸ তাইৰ নাম স্নেহা৷ – তাই কৈ উঠে৷ ময়ো হয়তো উদগ্ৰীব হৈ পৰিছো তাইৰ বিষয়ে জানিবলৈ৷ এনে কি বিশেষ গুণ আছে তাইৰ প্ৰেমিকৰ যিটো মোৰ নাই৷ এই মুহুৰ্তত নিজকে আকৌ এবাৰ নিজকে সৰু যেন লাগে৷
*********************************
স্নেহাই নিজৰ জীৱনতকৈয়ো বেছিকৈ অংকিতক ভাল পাইছিল ৷ কলেজৰ দিনৰে প্ৰেম ৷ সিয়ো তাইক বহুত বেছি ভাল পায়৷ দুয়ো দুয়োৰে বাবে অভিন্ন৷ দুটি দেহ এটি মন৷ স্নেহাৰ পৰিয়ালে অংকিতক মৰম কৰে৷ একমাত্ৰ ছোৱালীজনীৰ সুখেই তেওলোকৰো সু্খ৷ অংকিতো বেয়া লৰা নহয়৷ দুয়োমেনেজমেণ্ট ট্ৰেইনী ৷ অংকিত তাইতকৈ দুটা বেটচ্ চিনিয়ৰ৷ ধুনীয়া মৰমলগা লৰাটোৰ প্ৰস্তাবত একেবাৰতে মান্তি হৈছিল তাই৷

: অংকিত¸ তোমাক নাপালে মই মৰি যাম জানা৷ – আকুল হৈ কৈ উঠে তাই৷

: ধেৎ আকৰীজনী¸ নাপায় মৰাৰ কথা কব৷ তোমাক মোৰ পৰা কোনেও আতৰি নিব নোৱাৰে৷ – সি তাইক সাবতি ধৰে৷

অংকিতৰ মৰমত স্নেহা সুখী৷

হঠাৎ যেন অমানিশা নামি আহিল৷ যদি বাধাই নাই সেয়া কি প্ৰেম! ৰোমিঅ’-জুলিয়েট¸ লাইলা-মজনু চবেই সংগ্ৰাম কৰিব লগা হৈছিল৷ স্নেহাই ভয় নকৰে৷ অংকিত লগত থাকিলে মৃত্যুলৈকো ভয় নকৰে তাই৷

স্নেহাহঁতৰ তুলনাত অলপ ধনীঘৰৰ লৰা অংকিত৷ তাতে উচ্চবৰ্গৰ৷ কোনো পধ্যেই অংকিতৰ পৰিয়ালে বোৱাৰী মানি নলয় তাইক৷ তাই উপাই বিহীন৷ অংকিতাৰ ককায়েক¸ দেউতাকে বেয়াকৈ অপমান কৰে দেউতাকক! নিম্ম বৰ্গৰ ছোৱালী বিয়া কৰাই হাঁহিয়াতৰ পাত্ৰ হব নোৱাৰে সমাজত৷ অংকিতে প্ৰতিবাদ কৰিব খুজিও নোৱাৰে৷ ঘৰৰ সৰু লৰা সি৷ মাক-বাপেকৰ অবাধ্য হব নোৱাৰে৷

: প্লিজ স্নেহা¸ মন বেয়া নকৰিবা৷ সময়ত চব ঠিক হৈ যাব! আচলতে আমাৰ ঘৰখন অলপ পুৰণি কলীয়া যে সেয়েহে মানি লোৱা নাই৷ – অংকিতে বুজাই তাইক৷

: কিন্তু অংকিত¸ কোনো পধ্যেই মই তোমাক হেৰুৱাব নোৱাৰো৷ – অংকিতৰ বুকুত সোমাই ফেকুৰী উঠে তাই৷ অংকিতৰো বেয়া লাগে! চলচলীয়া হৈ পৰে দুচকু৷

: স্নেহা¸ বলানা আমি বিয়া পাতো৷ তেতিয়া কোনেও আমাক আঁতৰাব নোৱাৰে৷ – হঠাৎে কৈ উঠে অংকিতে৷

: কিন্তু…এইদৰে৷ – চিন্তাক্লিষ্ট হৈ পৰে স্নেহা৷

: একো নহয়¸ ঘৰত এতিয়াই নকবা৷ চব ঠিক হলে কম৷

পিছদিনাই স্নেহাৰ আৰু তাৰ বন্ধু বান্ধবী কেইজনমানৰ উপস্থিতিত সিঁহতে অনুষ্টুপীয়া বিয়াখন পাতে ৷ ভগবানক সাক্ষী কৰি অংকিতে তাইৰ শিৰত সেন্দূৰ আকি দিয়ে ৷

এতিয়া বহুত সুখী তাই৷ কোনেও আৰু সিঁহতক আঁতৰাব নোৱাৰে৷

দিনবোৰ গৈ থাকে৷ উপযুক্ত সময়ৰ অপেক্ষাত দুয়ো অপেক্ষাৰত৷ অংকিতৰ ভাড়াঘৰলৈ মাজে মাজে তাই আহে৷ ঘণ্টাৰ পিছত ঘণ্টা দুয়ো কথা পাতে¸ হাঁহে৷

: স্নেহা¸ শুনাচোন৷ অংকিতৰ অসুখ৷ হস্পিটালত ভৰ্তি কৰিছো৷ – হঠাৎে অংকিতৰ ৰুমমেট নিহালৰ ফোনটো পাই বাউলী হৈ ওলাই আহে তাই৷ হস্পিটালৰ বেডত অংকিত শুই আছে৷ কান্দোনত ভাঙি পৰে তাই৷ এয়া কি হৈ গল হঠাৎে৷ নিহালে কোৱামতে মুখেৰে হলাহল তেজ ওলাইছে তাৰ৷ তাৰ যদি কিবা এটা হৈ যায়…৷ আৰু ভাবিব নোৱাৰে তাই৷ চকুৰে একো নেদেখা হৈ ঢলি পৰে৷
কোনোবাই পানী চটিয়ালে তাইৰ মুখত৷

: স্নেহা¸ চিন্তা নকৰিবাচোন৷ অংকিত ভাল হব নহয়৷ মাথো এটা মাইনৰ অপাৰেচন৷ – তাইৰ বান্ধবী গৰাকীয়ে কৈ থাকে তাইক৷ জাষ্ট টিউমাৰ আৰম্ভ হৈছেহে তাৰ৷ সৰু অপাৰেচনৰ দ্বাৰা ঠিক হৈ যাব৷ মাথো কেইমাহমান ৰেষ্টত থাকিব লাগিব৷

: আই এম হিজ ৱাইফ৷ -মেডিকেল ফৰ্মখনত চহী কৰি ডক্টৰজনক কৈ উঠে তাই৷ ইতিমধ্যে অংকিতৰ ঘৰৰ মানুহবোৰ পগলা হৈ দৌৰি আহিছে৷ নিহালে খবৰ দিছে৷

: ৰাক্ষসী¸ পিশাচী¸ তয়ে মোৰ ভাইটোক খালি৷ – দুৱাৰ মুখতে অংকিতৰ বায়েকে গালি পাৰে তাইক৷ নিহকুলীয়া ছোৱালীজনী ভায়েকৰ আশেপাশে থকাটোও তেওঁৰ সহ্য নহয় ৷ নিজৰ চকুলো মচি ৰৈ থাকে স্নেহা৷ অংকিতৰ বাবে এইখিনি সহ্য কৰিবই লাগিব৷ অংকিত তাইৰ হিয়াৰ এফাল৷

: মা¸ মই তাইক বিয়া কৰাইছো৷ তহঁতে গালি নিদিবিচোন৷ মই তাইক এৰিব নোৱাৰো৷ – স্পষ্টকৈ সকলোৰে আগত কৈ উঠে অংকিতে৷ অপাৰেচনটোৰ পিছত তাৰ গা অলপ ভাললৈ আহিছে৷ স্নেহা তাৰ ওচৰতে বহি আছিল৷ হাজাৰ গালি পাৰক¸ মাৰক তাই তাৰ পৰা আতৰি থাকিব নোৱাৰে৷ শিৰত তাইৰ সামান্য সেন্দূৰ৷ হয়তো ভালকৈ চালে ধৰিব পাৰি৷ ডিঙিত অংকিতে পিন্ধাই দিয়া মংগলসুত্ৰডাল এপাকত কুৰ্টিৰ ভিতৰৰ পৰা ওলাই আহিছে৷

দীঘল হুমুনিয়াহ এটা ওলাই আহিল অংকিতৰ মাকৰ৷ লৰাই মনে মনে বিয়া পাতিলে যেতিয়া উপাইতো নাই৷ সিহে তাইৰ লগত থাকিব৷ অংকিত সুস্থ হলেই আকৌ এবাৰ সমজুৱাকৈ বিয়া পাতি দিব দুয়োৰে৷

স্নেহাৰ মন আনন্দত নাচি উঠিল৷ তাৰ লাগে মুখে মৰমেৰে হাত বুলাই অংকিতক ঘৰলৈ লৈ গ’ল ৷ আকৌ উভতি অহাৰ প্ৰতিশ্ৰুতিৰে অংকিত গলগৈ৷ চকুত তাৰ দুটোপাল চকুপানী৷ হয়তো প্ৰিয়াক এৰি যোৱা বিৰহত¸ হয়তো যুদ্ধ জয়ৰ আনন্দত৷

তিনিটা মাহ যেন তিনিটা যুগ স্নেহাৰ৷ নিতৌ বহুসময় কথা পাতে তাৰ লগত ফোনত৷ তাই যেন পক্ষী হৈ উৰি যাব সাতশ কিলোমিটাৰ দুৰৰ অংকিতৰ ঘৰলৈ৷ আজিকালি তাৰ মাক-ভনীয়েক সকলোৱে তাইৰ লগত সহজ হৈছে ৷

: বৌ¸ তুমি কি কি কাম কৰিব জানা ? আমাৰ কিন্তু ডাঙৰ পৰিয়াল৷ ডেইলী বিশজন মানুহৰ খানা বনাব লাগিব তুমি৷ -অংকিতৰ ভনীয়েকে জোকাই তাইক৷ তাইৰ লাজ লাগে৷ শিৰত দিঘলকৈ সেন্দূৰ লৈ ওৰণিখন লৈ লাজ লাজকৈ চাই তাই দ্ৰেচিং মিৰৰখনলৈ৷

স্নেহাই লক্ষ্য কৰে¸ আজিকালি যেন অংকিত সলনি হৈছে৷ তাইৰ লগত ভালদৰে কথা নাপাতে৷ ফোনত তাৰ ঘৰৰ মানুহেও যেন তাইক পাত্তা দিব নোখোজো৷ ইতিমধ্যে কেইবাদিনো হল অংকিত ঘূৰি অহা৷ অথচ এবাৰলৈয়ো তাইক লগ কৰিব অহা নাই৷ কাৰণ বিচাৰি হাঁহাকাৰ লাগে তাইৰ মনটো৷

: অংকিত¸ তুমি কিয় মোৰ পৰা পলাই ফুৰিছা? – তাৰ অফিচতে তাই লগ ধৰে তাক৷

: স্নেহা প্লিজ¸ আমাৰ মাজত যি আছিল এটা বেয়া সপোন বুলি পাহৰি যোৱা৷ – হঠাৎে কৈ উঠে সি

: এয়া তুমি কি কৈছা অংকিত? – সপোন নে দিঠক ধৰিব নোৱাৰে স্নেহাই৷ অংকিতৰ মুখৰ ফালে চালে চাই¸ সি ধেমালি কৰিছে নেকি! কিন্তুু তাৰ মুখখন গহীন৷ খেলিমেলি লাগে তাইৰ৷

: ধেমালি নকৰিবানা অংকিত৷ – তাইৰ মাতত আব্দাৰৰ সুৰ৷

: মই ধেমালি কৰা নাই স্নেহা৷ সেয়া ভুল আছিল৷ প্লিজ মোক পাহৰি যোৱা৷ – উচাৎ মাৰি আতৰি গল সি৷
স্থানুৰ হৈ ঠাইতে বহি পৰিল তাই৷ এয়া কি হৈ গল! এইবোৰ কি কৰিছে অংকিতে৷ পিছে পিছে দৌৰি গল তাই৷

: ছৰী মেডাম¸ অংকিত চাৰ আপচে মিলনা নহী চাহতে৷ – চিকিঅৰিটিয়ে গেটৰ পৰাই ওভতাই পঠালে তাইক৷ অংকিতে মানা কৰিছে৷ হতাশাত ভাঙি পৰে তাই৷ অপমানিত হোৱাতকৈয়ো তাইৰ দুখ লাগে বেছি৷

অংকিত ভণ্ড৷ অংকিত প্ৰতাৰক৷

অংকিতে তাইক ঠগিলে৷
তাৰ ঘৰৰ মানুহে ব্ৰেইন ৱাছ কৰাই পেলাইছে তাৰ৷
জোৰকৈ চকুপানীখিনি চেপি ধৰে তাই৷
উহ অসহ্য !
: কতা¸ মইতো তাইক বিয়া কৰোৱা নাই৷ অ’ ভাল পাইছিলো৷ কিন্তু ব্ৰেকআপ কৰিছোতো৷ – প্ৰথমতে মিছা মাতিছিল সি৷ বিয়াৰ পিছত স্বামীৰ দ্বাৰা পৰিত্যক্তা নাৰীৰ জীবন দুৰ্বিষহ হৈ পৰে৷ মৰমৰ ঘৰখনে গালি পাৰিছিল তাইক৷ তাই ভুল কৰিছিল মনে মনে বিয়া পাতি৷ কথাবোৰ লুকাই নাথাকে৷ গৰ্ভধাৰণ নকৰিলেও তাই অংকিতৰ স্ত্ৰী৷ কিন্তু অংকিতে¸ তাৰ ঘৰখনে তাইক কটু কথা শুনাইছিল ৷ মানসিক অশান্তি দিছিল৷ নাৰীৰ সুৰক্ষা মঞ্চৰ কৰ্মীয়ে জবাবদিহি কৰিছিল অংকিতক৷ স্নেহাৰ মাহীয়েক সেই গোটৰ নেতৃ৷

: চাওক¸ মোৰ ল’ৰাক ব্লেকমেইলিং কৰি জোৰ জবৰদস্তি মংগলসুত্ৰ পিন্ধাব দি ফটোখন উঠালেই বিয়া হৈ নাযায়তো৷ – অংকিতৰ মাকে দপদপাই উঠিছিল৷ অংকিতে হয়ভৰ দিছিল৷ তাৰ মতে স্নেহাই টকাৰ বাবে ব্লেকমেইলিং কৰিছিল তাক৷ আত্মহত্যাৰ ভাবুকি দিছিল৷

: ছি: ঘিণ লাগে তাইৰ৷ অন্তত অংকিত এনেকুৱা হব বুলি তাই ভবা নাছিল৷ আধুনিক যুবতী নাই৷ জৰাফুকা মন্ত্ৰৰে কাৰোবাৰ মন সলাব পাৰে বুলি বিশ্বাস নকৰে৷

: মাজনী¸ আমি নোৱাৰিলো৷ বেলেগ উপাই নাই৷ তই কেচ ফাইল কৰি দে৷
– অসহায় মাহীয়েকে মুৰত হাত ফুৰাই কৈ উঠিছিল৷ ছোৱালীজনীৰ ভবিষ্যতটোক লৈ তেওৰ চিন্তা হৈছিল৷

: জীবনৰ প্ৰতি বিতৃষ্ণা আহে তাইৰ৷ কিয় এনে কৰিলে অংকিতে৷ বিয়াৰ প্ৰস্তাব সিহে দিছিল৷ পত্নীৰ মৰ্য্যদা দিবলৈ তাইৰ শৰীৰটো সি স্পৰ্শ কৰিছিল৷ বিয়াৰ ফটোকেইখনক বাদ দি একোৱেই নাই তাইৰ ওচৰত প্ৰমাণ বুলিবলৈ৷ তাইতো টকা বিচৰা নাছিল৷ অংকিতৰ মৰম বিচাৰিছিল৷

ঘৰখনৰ বদনাম হৈছে৷ মাক-বাপেকক দুখ দিবলৈ তাই আত্মহত্যা কৰিবও নোৱাৰে৷ ভনীয়েকজনীয়ো ডাঙৰ হৈ আহিছে৷ মাক-দেউতাকে ইতিমধ্যে কথা পাতিছে উকিলৰ লগত৷ ফ্ৰড কেচত অংকিত জেইলত সোমাবলগীয়াও হব পাৰে৷ উকিলজনে কৈছে৷ ক্ষতিপুৰণো দিব বাধ্য হব৷

সকলোবোৰ অৰ্থহীন যেন লাগে স্নেহাৰ৷ অংকিত ফ্ৰড হলেও¸ তাইতো হৃদয়হীনা নহয়!

তাই বুজিছে জোৰকৈ কাকো ধৰি ৰাখিব নোৱাৰি৷ কাৰো বোজা নহয় তাই৷ এম বি এ কৰা ছোৱালী৷ চাকৰিতো আছে যেতিয়া চিন্তা কিহৰ৷

তাই সিদ্ধান্ত লয়¸ অংকিতৰ ওপৰত কেচ নকৰে৷ সিয়ে সুখত থাকক৷
*********************************
মোৰ হুমুনিয়াহ এটা ওলাই আহে ৷ ৰাজশ্ৰী ইতিমধ্যে ওলাই গৈছে৷ কেবিনত মই অকলে৷
স্নেহাৰ জীবনৰ দুখে যেন মোকো আবৰি ধৰিছে৷

সচাকৈয়ে বিচৰাবোৰ সদায় দুৰলৈ গৈ থাকে¸ নিবিচৰাবোৰহে কাষচাপি আহে৷
কোনাবা মহান দাৰ্শনিকে কৈছিল¸ ’সুখবোৰ আমাৰ আলহী¸ কাচিৎহে আহে জীবনলৈ৷ দুখবোৰ নিচেই আপোন¸ প্ৰতিনিয়ত আবৰি থাকে৷ ’

হা হা হোহোৱাই হাঁহি দিবলৈ মন গল৷

: মোৰ জীবনটোও তাছপাতৰ জোকাৰৰ নিচিনা হৈ গল অ’ বাবা৷ – কান্দি কান্দি সমৰ দাই ফোন কৰিছিল৷

সমৰা দা¸ মোৰ জেঠীমাৰ লৰা৷ জলসিঞ্চন বিভাগৰ সহকাৰী অভিযন্তা৷ পঢ়াত খুব চোকা সৰুৰে পৰা৷ খুবেই শান্ত৷

নগাওঁত পোষ্টিং তাৰ৷ তাতেই লগ পাইছিল নিম্ৰিতাক৷

নিম্ৰিতা চলিহা৷ বিবাহিতা¸ লৰাটো স্কুল পাইছেহে মাথোন৷ গিৰিয়েক বেলেগ এটা বিভাগৰ কেৰাণী৷
বন্ধুত্ব গৈ কেতিয়া প্ৰেমৰ ৰূপ ললে সি কবই নোৱাৰিলে৷ নিম্ৰিতাই গিৰিয়েক মানুহটো ভাল নহয়৷ কথাই প্ৰতি সন্দেহ¸ তাইক মাৰধৰ কৰে ৷

সমৰ দা¸ তাইৰ একমাত্ৰ শুভাকাংক্ষী৷ সমৰদাৰ ওচৰত তাই কান্দে৷ সি তাইক বুজাই¸ সাহস দিয়ে৷ খুউব অনুভূতিশীল লৰাটো৷ সৰুৰে পৰা সি আবেগপ্ৰৱন৷ নিম্ৰিতাৰ দুখবোৰে তাই দুয়োগালে দুধাৰি চকুলো বোৱাই আনে৷

: বাবা¸ মই কি কৰো অ’৷ তায়ো মোক ভালপায়¸ ময়ো তাইক…৷
গিৰিয়েকে তাইক ডিভোৰ্চ দিয়াৰ কথা কয়৷

: তই কি বিচাৰ’? – কি কম মই৷ মোৰ চিধা কথা৷ নিজৰ জীবন¸ সিদ্ধান্ত নিজৰ৷ সমাজৰ ভণ্ডামি¸ পায়-নাপায়¸ লোকৰ বাবে গোটেই জীবন হুমুনিয়াহ কাঢ়ি থকা এইবোৰ মোৰ সহ্য নহয়৷
: ময়ো তেওঁক বিচাৰো৷
: চা সমৰদা¸ ভাললগা ভালপোৱা বেলেগ বস্তু৷ তই মোকতৈ ডাঙৰ৷ পৃথিবীখন বেছিকৈ দেখিছ৷ মই তোক কি কম! যি কৰ ভাবি চিন্তি কৰিবি৷
: মই তাইক বিয়া কৰাম বাবা৷ তাইৰ লৰাটোক মই পিতৃৰ মৰম দিম৷ – তাৰ মাতটো থোকাঠুকি৷ হয়তো সি বেছিকৈ আবেগিক হৈ পৰিছে৷
: কথাটো এবাৰ জেঠীমাহঁতৰ লগত আলোচনা কৰিবি সমৰদা৷ তই ঘৰৰ একমাত্ৰ লৰা৷ – বয়সত তাতকৈ সৰু হলেও মই প্ৰেক্টকেল৷ আবেগেৰে চব কাম নহয়৷ প্ৰমাণ বহুবাৰ ময়ো পাইছো৷
: মাৰ আপত্তি নাই অ’ বাবা৷ মোৰ সুখেই সকলোৰে সুখ৷ – মাতত তাৰ উচ্ছাস৷
: ঠিকেই আছে তেনে৷ আগবাঢ়¸ মোৰ শুভকামনা থাকিল৷ – ফোনটো কাটি দিয়ে সি৷ মোৰ দাদা হলেও¸ বয়সত মোতকৈ অলপ ডাঙৰ হলেও সি বন্ধুৰ নিচিনা৷
দুদিনমান গৈছিল৷ কৰ্মব্যস্ততাত তাৰ কথাবোৰ মই পাহৰিয়ে পেলাইছিলো৷ ৰাতি শুবলৈ ওলাইছিলো¸ হঠাৎে তাৰ ফোন আহিল৷

: সমৰ দা¸ ক৷ নিম্ৰিতা বৌৰ কি খবৰ? – তাক জোকাবলৈ কৈ উঠো মই৷
: মই হাৰি গলো অ’ বাবা৷ – ফোনৰ সিতো পাৰে উচপি উঠিল সি৷ উচপ খাই উঠো৷ কি হল¸ কি হল তাৰ!
: সমৰ দা¸ ক চোন! কি হৈছে৷ কিয় কান্দিছ তই?
: তাই নাহো বুলি কলে আজি বাবা৷ গিৰিয়েকক ডিভোৰ্চ নিদিয়ে৷ পাহৰি যাব দিছে মোক…
: হা কি…- আচৰিত হও৷ যিখিনি শুনিছিলো তাৰ মুখত¸ তায়ো তাক খুউব ভাল পাইছিল৷
: তাই মোৰ লগত অভিনয় কৰিলে নেকি অ’৷ – হয়তো চকুপানী মচিছে সি৷
: যি হল ভালেই হল
: নহয় অ’¸ তেওৰ অবিহনে মই কেনেকৈ থাকিম অ’৷ মই আত্মহত্যা কৰিম৷ চূড়ান্ত সিদ্ধান্ত৷
: তই পাগল হলি নেকি? কি বাজে কথা বকি আছ৷ – হয়তো অলপ খঙত ডবিয়াই উঠিছিলো৷ পিছমুহুৰ্ততে বেয়া লাগিল৷ পয়ত্ৰিশ বছৰ বয়সত বেয়াকৈ হাৰি গল সি৷ হয়তো তাৰ প্ৰেমৰ পাত্ৰ শুদ্ধই নাছিল৷ হাজাৰ হওক তাই পৰস্ত্ৰী৷ সমাজৰ কথা নহয় হয়তো তাইৰ পাচবছৰীয়া সন্তানটোৱেই সহজভাবে লব নোৱাৰিলেহেতেন৷
: চা সমৰদা¸ চব কথা আবেগেৰে নহয়৷ সময়ৰ হাতত এৰি দে চব৷ ভগবানে যি কৰে ভালেই কৰে৷ মোলৈ চা¸ ৰামঠগন খাই নিজৰ চহৰ এৰি বেংলোৰত আছোহি৷ – নাজানো কিমামখিনি বুজাব পাৰো তাক৷ তথাপি চেষ্টা কৰো মৰমৰ দাদাটোক সহজ কৰিব৷
ৰাতিটো টোপনি নাহে মোৰ৷ তাৰ কথাবোৰেই পাকঘুৰণি খাই থাকে৷

*********************************
: গুড মৰ্নিং পলাশ ভাইয়া¸ কেচে হে আপ৷
: মে ঠিক হু৷ তুম কেছে হো৷
– মিচিকিয়া হাঁহি এটা মাৰে তাই৷
আজিকালি স্নেহাৰ লগত দুই এটা কথা পাতো৷ হাই¸ হেল্ল’কৈ মাত দিও৷ ৰাজশ্ৰীয়ে চিনাকি কৰাই দিছিল৷ খুউব গহীন ছোৱালীজনী৷ ময়ে কৈছিলো¸ চাৰ তাৰ নুবুলিবলৈ৷ বেছি ফৰ্মেল লাগে৷ আজিকালি হাঁহিবলৈ শিকিছে তাই৷ এৰি অহা ভয়লগা অতীত পাহৰিবৰ চেষ্টা কৰিছে৷
অফিচতে আছিলো৷ লেপিত প্ৰজেক্টৰ শ্বিট এটাৰ ফৰ্মেটটো বনাই আছিলো৷ হঠাৎে জেঠীমায়ে ফোন কৰিলে৷
: হেল্ল’ জেঠীমা¸ কোৱা৷
: বাবা¸ ভালে আছ? – সুদুৰ গুৱাহাটীৰ পৰা জেঠীমাৰ মাতটো ভাহি উঠিল৷
: এটা ভাল খবৰ আছে৷ আমাৰ ইয়াৰ বিয়া পাতিছো অ’৷ কইনা ইয়াৰে৷ – জেঠীমাৰ মাতত উচ্ছাস৷
: অই বাবা¸ তই এসপ্তাহ আগতে আহিবি দেই৷ – হাঁহি হাঁহি সমৰদাই মাকৰ ফোনটো কাঢ়ি কৈ উঠে৷ জাপ মাৰি উঠো মই৷
: খুউব ভাল খবৰ সমৰদা৷ মই এসপ্তাহ নহয় দুসপ্তাহ আগতে যাম৷ – মনটো ভাল লাগি গল৷
সমৰদা হাৰি যোৱা নাই৷
জলি পুৰি শেষ হৈ যোৱা নাই৷
স্নেহাও হাৰি যোৱা নাই৷
ৰাজশ্ৰীও হাৰি যোৱা নাই৷
ময়ো হাৰি যোৱা নাই৷
জীবন থমকি ৰোৱা নাই৷ ৷

☆★☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments