জীৱন এষণা – ড: নন্দিতা দেৱী

বায়পছি্ ৰিপোৰ্ট লৈ শিবু ডাঃ চলিহাৰ ওচৰে পালেগৈ৷ এডিন’কাৰচিন’মা অব লাংঙচ৷ বেছ চিন্তিত ভাবে ডাঃ চলিহাই কলে – “ডেঞ্জাৰাচলি ফালমিনেটিং৷“ মুহূৰ্ততে তাৰ ডিঙিটো শুকাই গল৷ কোনোমতে এবাৰ সেপ ঢুকি সি সুধিলে “মানে ছাৰ?
“লংগিভিটি খুব কম৷ কেম’থেৰাপি আৰু ৰে”- এই দুয়োটাই একমাত্ৰ চিকিৎসা৷ জীয়াই থাকিলে বৰ বেছি এবছৰ৷ ছাৰ্জাৰিৰ স্ক’প সাধাৰণতে নাথাকেই৷ “দেউতাকৰ বায়পছি্ ৰিপোৰ্টটো সি ছাৰ্টৰ পকেটত ভৰাই ল’লে৷ ৰিপোৰ্ট নহয় যেন তাৰ কলিজাখন পুৰি ছাই কৰি দিব পাৰা এটা জ্বলন্ত আঙঠা৷ ছেণ্ডেল পাট চোঁচৰাই চোঁচৰাই শিবুৱে ঘৰলৈ খোজ ল’লে৷ আচল কথাটো মাকক ক’ব নে নক’ব বাটে বাটে সি ভাবি গ’ল৷ থাওক নালাগে৷ মাক জনীয়ে গম পালে অযথা কন্দা-কটাখন আৰম্ভ কৰি দিব৷ ৰে’ল বিভাগৰ চাকৰিয়াল দেউতাকৰ চাকৰি আছেগৈ মুঠেই পাঁচ মাহ৷
এম এছ চি পাছ কৰিও তাৰ আজি পৰ্য্যন্ত এটা গতি নালাগিল৷ বি এছ চি পাছ কৰি টিউশ্যন কৰি ফুৰা বায়েক জনীৰো দৰা এটা নোলাল৷ আজি পৰ্য্যন্ত এই দুটাই সিহঁতৰ ঘৰ খনৰ প্ৰধান সমস্যা আছিল৷ কিন্তু আজিৰ পৰা তাতকৈও ডাঙৰ সমস্যা এটাই মুখ মেলি সিহঁতৰ সন্মুখত থিয় হল৷

থাকোঁতে সিহঁতৰ আপোন মানুহ চহৰখনত ভৰি আছে৷ কিন্তু সকলোকে সকলো কথা কৈ লাভ নাই৷ খবৰ পালে অৱশ্যে প্ৰত্যেকেই খবৰ এটা ল’বলৈ আহিব৷ বাপেকৰ চিকিৎসাৰ বাবেনো কি কৰিবলৈ লৈছে, সিহঁতে তাৰ গম-গতি ল’ব৷ কিন্তু মুম্বাইলৈকে লগত যাবলৈ ওলোৱা অথবা টকা-পইচাৰে কিবা সহায় কৰা ইত্যাদি কামত সেইসকল নাই৷ সি খং উঠিলে প্ৰায়েই মাকক কয়, ’তই বৰকৈ মিতিৰ-কুটুম্বৰ নাম লৈ নাথাকিবি৷ এইবোৰ হল তহঁতৰ সামাজিক বাধ্যবাধকতা পালন কৰি বিয়া-সবাহ, কাজ-কৰ্ম খোৱাহে মিতিৰ৷ ’
সেই দিনটোৰ কথা সি আজিও পাহৰিব পৰা নাই৷ তাৰ বেংকত চাকৰি কৰা একমাত্ৰ ককায়েকটোৰ শিলচৰৰ পৰা আহি থকাৰ পথত হঠাৎ নৈশ বাছৰ এক্সিডেণ্টত মৃত্যু হ’ল৷ বিধৱা বৌয়েকজনী এবছৰীয়া লৰাটোকলৈ কান্দি কাটি বেহুচ৷ দেউতাকো পুত্ৰ শোকত মৃত-প্ৰায়৷ সিয়েই ক্ৰিয়াধৰা লৰাটোৱে উপায়ন্তৰ হৈ চৌদিশ দৌৰি ফুৰিব লগীয়া হল৷ মৰা খবৰটো পায়েই দূৰ দূৰণিৰ আত্মীয়সকলে পাক এটা মাৰি মৃতকৰ খবৰ এটা লৈ গ’লহি৷ সকলোৰে যেন এটা পাৰিবাৰিক দায়িত্ববোধ৷ কিন্তু সেই সকলৰ মাজৰ এজনেও নকলে ’এইখিনি ৰাখি থ’চোন পাছে-পৰে পাৰিলে ওভতাই দিবি৷ ’ সেই সকল আছিল দিব পৰা অৱস্থাৰ মানুহ৷ কিন্তু কথা হল– বেকাৰ লৰা এটাক কি ভৰসাত ল’ব! হা, পাৰিব জানো সি ওভতাই ধাৰ শুজিবলৈ! এনেতে সিহঁতৰ ফুটবল ক্লাবটোৰ ট্ৰেজাৰাৰ পল্টুৱে যে কি বিশ্বাসত তাৰ হাতত ক্লাবৰ ফান্দৰ পৰা টকা আঠ হেজাৰ তুলি দিলেহি! ককায়েকৰ অফিচৰ পৰা পাবলগীয়া টকা-চকাবোৰ পোৱাৰ পাচত, প্ৰায় ছমাহমানৰ মূৰত হে সি সেই ধাৰখিনি মাৰিলেগৈ৷ এইখিনিতে আন এটা কথা মনত পৰিহে এটা ক্ষীণ হাঁহিৰ ৰেখা তাৰ ওঁঠেৰে বাগৰি গল৷ অলপতে তাৰ লগৰ এটাই ছাপ্লাই ইন্সপেক্টৰৰ চাকৰি এটা পালে৷ পি ডাব্লিউ ডিৰ কনটেক্টৰ বাপেকে ক’ত ক’ত ঢালিব লাগে শুংসূত্ৰ উলিয়াই কেইবা লাখো ঢালিলে৷ চাকৰি পাই ছাপ্লাই ইন্সপেক্টৰৰ বেক পকেট একেবাৰে গৰম৷ অনবৰতে দহ মান জেপত থাকেই৷ এনেয়ে শিবুৰ এনেবোৰ চাকৰিৰ প্ৰতি কোনো আকৰ্ষণ নাই৷ কিন্তু বংশ পৰিয়ালৰ আগত নিজৰ স্থিতিটো দেখুৱাবৰ বাবেই তাৰ কেতিয়াবা এনেকুৱা ধৰণৰ চাকৰি এটা কৰিবলৈ মন যায়৷ হা, কি বুলি ভাবে তাক পৰিয়ালৰ মানুহে! বেকাৰ হ’ল বুলি ককায়েকৰ মুখৰ ছাই গুচাবৰো সামৰ্থ্য নাথাকিবনে?
সি এশ শতাংশই নিশ্চিত যে বাহাদুৰি মাৰিব পৰাকৈ চাকৰি এটা ল’ব পাৰা আশা তাৰ ভাগ্যত একেবাৰেই নাই৷ এবাৰ এটা নিম্নবৰ্গৰ সহায়ক পদৰ সাক্ষাৎকাৰ দিওঁতে ব’ৰ্ডত থকা এজন মেম্বৰৰ প্ৰশ্ন সোধাৰ ধৰণ-কৰণত সি বৰ আকৃষ্ট হৈছিল৷ তেখেতে সোধা সকলোখিনি প্ৰশ্নৰ সি বুদ্ধিদীপ্ত উত্তৰো দিব পাৰিছিল৷ পাছত এদিন সেই অফিচাৰ জনক চেম্বাৰত সি পোনপটীয়াকৈ লগ ধৰিছিল৷
ঃ ছাৰ, কিবা আশা আছেনে?
ঃ নাই, একো আশা নাই – তেখেতেও স্পষ্টকৈয়ে উত্তৰ দিছিল৷ এই যে অসমৰ ইমূৰৰ-সিমূৰৰ পৰা অহা হাজাৰ হাজাৰ প্ৰাৰ্থীক আমি আজি সাত দিন ধৰি সাক্ষাৎকাৰ লৈছোঁ, এয়া এক ভেঁকো-ভাওনা৷ আমি হৈছোঁ পুতলা নাচৰ পুতলা কেইটা, আমাক শিখণ্ডী ৰূপে আগত ৰাখি চাকৰি পাবলগীয়া প্ৰাৰ্থীৰ তালিকা ৰাজনৈতিক ভাবে চূড়ান্ত কৰি পেলোৱা হৈছে৷ ওপৰৰ পৰা অহা তালিকাত আমি মাত্ৰ অনুমোদন কৰি চহী কৰিব লাগিব৷ আমাৰ কাম সিমানেই৷
এৰা চৌপাশৰ এনে পৰিস্থিতিত তাৰ বেকাৰ লেবেলটো সহজে মচ খোৱাৰ আশা একেবাৰেই নাই৷ এনে অৱস্থাত নিজৰ মুখৰ জুই নিজেই নুমুৱাব লাগিব৷ যিমানেই দুৰ্যোগ নাহক, মিতিৰ কুটুম্বৰ আগত পেন পেনাও একো লাভ নাই৷ সেই সকলৰ পৰা সি সাৱধানে আঁতৰি থাকিল৷
আঃ! এজন মানুহৰ কথা অৱশ্যে ক’ব পাৰি৷ ভদ্ৰেশ্বৰ কছাৰী৷ দেউতাকৰ সহকৰ্মী তথা এজন বন্ধু মানুহ৷ অপ্ৰিয় হলেও তেখেতে এটা বৰ সাংঘাতিক কথা কৈছে৷ দেউতাৰৰ চাকৰি আছে মাত্ৰ পাঁচ মাহ৷ তহঁতে কথাটো বেলেগ অৰ্থত নল’বি৷ এইবোৰ বেমাৰত মৃত্যু অৱশ্যম্ভাৱী৷ কোনোজন বাচি থাকে ছমাহ আৰু কোনোজন এবছৰ৷ মাথোঁ সময়ৰ আগ-পিছ৷ মৃত্যুৱেই যেতিয়া শেষ কথা, তেনে ক্ষেত্ৰত আগনো কি, পাছ নো কি? কিন্তু কথাটো হ’ল অৱসৰৰ যদি এদিন আগতো- ভগবানে নকৰক- কিবা এটা হ’বলৈ হয় দেউতাৰৰ চাকৰিটো কোনোবা এটাই অন্ততঃ পাবি৷

কি কথা শুনিলে সি! কথা নহয় যেন জমিদাৰৰ পিয়দাই কোৰোকীৰ চমন এখন হে দি থৈ গল৷ এটা নিৰ্মম বাস্তৱ সত্য৷ খাৰাংখাচ মানুহজনে খাৰাংখাচকৈ কৈ দিলে৷ সি হতভম্ব হল৷ তাৰ বুকুৰ ভিতৰত কলঘৰৰ মেচিনটোহে যেন ঘৰঘৰকৈ চলিবলৈ ধৰিলে৷
সি সৰুৰে পৰাই সংখ্যা বোৰৰ লগত আপোন মনে উমলি বৰ ভাল পাইছিল৷ ৯ সংখ্যাটোক সি বৰ গহীন গম্ভীৰ খঙাল বুলি ভাবিছিল৷ তাৰ মতে ৩ সংখ্যাটো বৰ ধেমেলীয়া৷ তাৰ খুব ভাল বন্ধু আছিল ৫ সংখ্যাটো৷ ৭ সংখ্যাটো দেখি তাৰ ভাব হৈছিল ইও যেন তাৰ লগত বন্ধু হ’বলৈ আগ্ৰহী৷ জীৱনটো এক সংখ্যাৰ খেল আৰু সি ভালপোৱা এই সংখ্যাবোৰৰ লগত খেলি খেলিয়েই সি অংক বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী এটা ল’লগৈ৷ অৱশ্যে এই ডিগ্ৰীটো বৰ্তমানে চাকৰিৰ বজাৰত এক ভালুকৰ সাঙী হৈ পৰিছে৷
ইতিমধ্যে সি মুম্বাইলৈ যাবলৈ ৰে’লৰ আসন সংৰক্ষণ কৰি পেলালে৷ ডাক্তৰৰ পৰা প্ৰয়োজনীয় ৰেফাৰেল লেটাৰ আদি চমজি লৈ মুম্বাইৰ টাটা মেমৰিয়েল হস্পিটাললৈ যাবলৈ সাজু হল৷ কথাটো সি আৰু বায়েকেহে জানে৷ মাকক এতিয়াও জনোৱা হোৱা নাই৷ আজলী মাকজনীয়ে সৌৱা মৌ-জোলৰ লগত মিহলাই খুৱাবলৈ তুলসীৰ পাত কেইখিলামান কিস্তি খনতে লৈ মাৰি আছে৷ শেৱালি ফুলৰ গছডালৰ মাজেৰে ৰান্ধনী বেলিৰ ৰ’দ এচেৰেঙা হেলনীয়াকৈ আহি মাকৰ পিঠিতে পৰিছে৷ ৰ’দৰ পটিটো জিলিকি উঠিছে ধূলিকণা পৰি৷ পিঠি খন ঢাক খাই আছে কপাহী চাদৰখনৰ আঁচলটোৰে৷ চাদৰৰ ওপৰত সিঁচৰতি হৈ পৰি আছে খোল খাই পৰা গুটি খোপাটোৰ আধাপকা আধাকেঁচা কেঁকোৰা – কেঁকুৰি চুলিখিনি৷
ৰিজাৰ্ভেচন, টকা-পইচাৰ জা-যোগাৰ, ডাক্তৰৰ কাগজ-পত্ৰ ইত্যাদি কামবোৰ ইটোৱে সিটোৱে জোঁট-পোটখন লাগি পলম হৈছে গৈ৷ মাজে মাজে সি কথাবোৰ তাৰ একমাত্ৰ বায়েক জনী, তাৰ বন্ধু পল্টু আৰু কছাৰী খুৰাকৰ লগত আলোচনা কৰিছে৷ যিকোনো বেমাৰৰ চিকিৎসাৰ ক্ষেত্ৰত পলম হোৱাটো বেয়া, কেঞ্চাৰৰ ক্ষেত্ৰতটো আৰু বেয়া৷ মাজে মাজে সি ক’ৰবাত জালুকগুটি গাঁৱৰ সেই আই গৰাকীৰ কথা শুনিছে৷ আয়ে পানী জাৰি দিয়ে, আইৰ জৰা পানী খালে হেনো টাটাৰ পৰা মুমূৰ্ষু অৱস্থাত সকলো আশা হেৰুৱাই ঘূৰি অহা ৰোগীয়েও উঠি বহিব পৰা হয়গৈ৷ সেই পানীটোপাৰ অপাৰ মহিমা৷ তিনি দিন তিনি বাৰকৈ সেই পানী খাব লাগিব৷ ৷ আকৌ সি ধেমেলীয়া বুলি ভবা তিনি সংখ্যাটোৰে চক্কৰ দেখোন৷
দেউতাকৰ কথা ভাবি তাৰ বুকুখন মোচৰ খাই যায় কেতিয়াবা৷ তাৰ দেউতাক তাৰ বাবে কত মৰমৰ৷ কেতিয়াবা জাৰকালি গধূলি অফিচৰ পৰাই ওভোতাৰ পথত বায়েক মানুৱে ভালপোৱা গৰম গৰম চিঙৰা আনি তাইৰ হাতত তুলি দিয়েহি৷
ঃ যা মাতো, চাহ একাপ কৰগৈ৷
পুঁৱতি নিশা পৰীক্ষাৰ সময়ত পঢ়িবলৈ উঠি পঢ়া টেবুলত টোপনিয়াই থকা সময়ত বাপেকে উঠি টেবুলতে চাহ দি যায়হি৷ মেট্ৰিকত অংকত লেটাৰ পোৱা বায়েকে বি এছ চিত অংকত ফেল কৰাত আন অবুজন বাপেকৰ দৰে গালি এষাৰো পাৰিলেনে?
ঃ উঠ উঠ ফেল কৰিলি আকৌ দিবি৷ ভাত আক’ কিয় নাখাবি? হেৰা, ভাতৰ কাঁহীখন ইয়ালৈকে লৈ আনাচোন৷ মই খুৱাই দিও আমাৰ কেঁচুৱা জনীক! ঘনে ঘনে জিকাৰ খাই উঠা বায়েকজনীক ওৰে ৰাতিটো সাৱটি বুকুৰ মাজত শুৱাই থলে৷ এয়াই সিহঁতৰ দেউতাক৷ এতিয়া এইজন দেউতাকৰে মৃত্যু সমাগত৷ উঃ! এনে কথা ভাবিবও নোৱাৰে৷ তাৰ মূৰটো আচন্দ্ৰাই কৰা যেন লাগিল৷ , বমি বমি ভাব এটাই তাৰ পেটটো পকাই আনিলে৷ এক বোবা কান্দোনে যেন তাক উশাহ ল’ব নোৱাৰাকৈ হেঁচা মাৰি ধৰিছে৷ হাউ হাউ কৈ চিঞৰি চিঞৰি তাৰ কান্দিবৰ মন গল৷ সেই তাহানি লে’জাৰত তেঁতেলী গছত উঠাৰ বাবে ত্ৰিগুণ ছাৰৰ চেকনিৰ কোব খাই চিঞৰি চিঞৰি কন্দাৰ দৰে এতিয়াও কান্দিবলৈ কিবা এটা অজুহাত পোৱা হলে!
ঃ দেউতা দাদাৰ এক্সপ্ৰেচত ৰিজাৰ্ভেচন কৰা হৈ গৈছে৷ অহা মংগল বাৰে আমি যাম৷ তোক এবাৰ চেক-আপ কৰাই আনোঁগৈ
সি দেউতাকক কথাখিনি কলে৷
ঃ তহঁতে যে তলে তলে ইমানখিনি কৰিলি ৰিজাৰ্ভেচন কৰাৰ আগতে মোৰ লগত এবাৰ আলোচনা কৰিব লাগিছিল৷ বেমাৰত পৰি থাকিলেও মই এতিয়াও ঘৰৰ মুৰব্বী৷ ’ ইয়াৰ পাছত দেউতাকে স্পষ্টভাৱে সিহঁতক জনাই দিছিল, তেও মুম্বাইলৈ নাযায়৷ তেওঁৰ একো হোৱা নাই৷ মানুহজন আঁকোৰগোজ হৈ খুঁটি পুতি বহিছিল৷ সি আৰু বায়েকে মিলি বহুত জোৰ কৰি দেউতাকক বুজাইছিল৷ নাই দেউতাকে যোৱাৰ নামেই নুশুনে৷
আজি কালিহে মানুহৰ কাহটো মাৰিলেই, হাঁচিটো মাৰিলেই কথাই কথাই মুম্বাইলৈ যোৱা, চেন্নাইলৈ যোৱা ওলাইছে৷ আমাৰ আই-বোপায়ে ডাক্তৰৰ হাতে ঔষধ এপালি নোখোৱাকৈয়ে চকু মুদিলে; – এইবোৰ দেউতাকৰ যুক্তি৷
আঁও! মানুহজনে এনে ওলোটা-ওভোতা কথা কিয় ক’বলৈ লৈছে? দেউতাকৰ এনে দৃঢ় স্থিতি দেখি সিহঁত ভিতৰি ভিতৰি কপি উঠিছে৷ কালি বাপেকে ৰিজাৰ্ভেচন পৰ্যন্ত ৰদ কৰিবলৈ শিবুক নিৰ্দেশ দিলে৷ বাপেকৰ কাঢ়া নিৰ্দেশ শুনি শিবু ভেবা-চেবা লাগিছে৷ বেমাৰৰ খা-খৰচক লৈও দেউতাক দিনে দিনে অত্যন্ত হিচাপী হৈ পৰিছে৷ বাপেকৰ কথাৰ ওপৰত মাত মাতিবলৈ আজি যেন সিহঁতৰ কণ্ঠত দৃঢ়তাৰ অভাৱ৷
আৰু দেউতাকে নাযাওঁ বুলি যেনিবা কলেই৷ বেমাৰী মানুহটোৱে ইমান কি গুৰুত্ব দিবলগীয়ানো? গুৰুত্বপূৰ্ণ সিদ্ধান্ত এটা ল’ব পৰাকৈ মগজুৰ ভাৰসাম্য দেউতাকৰ এতিয়াও আছেনে? নে কছাৰী খুৰাৰ সেই কথা কেইষাৰে অৱচেতন মনত ক্ৰিয়া কৰি থকাৰ বাবেহে দেউতাকৰ যুক্তিবোৰ খণ্ডন কৰিবলৈ তাৰ কণ্ঠত আজি দৃঢ়তাৰ অভাৱ৷ এয়াও অসম্ভৱ নহয়৷ এয়াও হব পাৰে৷ নিজৰ ওপৰতে আত্মবিশ্বাস যেন শিবুৰ খহি আহিব ধৰিছে৷ ঘৰঘৰ শব্দ কৰি কলঘৰৰ মেচিনটো আকৌ তাৰ বুকুৰ ভিতৰত চলিব ধৰিলে৷ হাতুৰিৰ একো একোটা প্ৰচণ্ড কোবৰ দৰে এই কথাবোৰ তাৰ বুকুত ধ্বনিত-প্ৰতিধ্বনিত হল৷ অৱসৰৰ এদিন আগতেও যদি দেউতাকৰ মৃত্যু হয় ঘৰখনলৈ এক ভাবিব নোৱাৰা পৰিৱৰ্তন আহি পৰিব৷ তাৰ চাকৰি হব ৰে’ল বিভাগত৷ কোৱাৰ্টাৰটো তাৰ নামলৈ হস্তান্তৰিত হব৷ দেউতাকৰ মৃত্যুক লৈও অত কথা দিনে দিনে জড়িত হৈ পৰিছোঁ৷ কি এক কষ্টকল্পিত বিভৎসতা! কি এক হাহাকাৰ! শৰীৰৰ পৰা অলপ গেছ
বুকুৰ ওপৰত কিতাপখন লৈ শুই পৰিছে৷ মহে তাক আগুৰি ধৰিছে৷ লাইটটো জ্বলিয়েই আছ৷ দেউতাকৰ খোজৰ শব্দ শুনা গৈছে৷ বোধহয় দেউতাক বাথৰুমলৈ গৈছে৷ তাক মহে কামোৰা দেখি আঁঠুৱাখন পেলাই দিছেহি৷ কিন্তু দেউতাক কেনেকৈ উঠি আহিব? অলপ আগতে আহি ডেকা ফাৰ্মাচিষ্টে দেউতাকৰ চেলাইনটো লগাই থৈ গৈছে৷ গোটেই ৰাতি টোপ টোপ কৈ সেই জীৱনদায়িনী জলধাৰা সিৰাৰে বাগৰি গৈ থাকিব৷ সপোনে-দিঠকে সি কি দেখিছে? খকমককৈ সাৰ পাই সি উঠি বহিল৷ দৃষ্টি ভ্ৰম৷ এৰা দৃষ্টি ভ্ৰম৷
নাই, কছাৰী খুৰাক ক’ব লাগিব৷ এইজন মানুহেহে হেঁচা মাৰি ধৰিব পাৰিব দেউতাকক৷ এখেতৰ কথা পেলোৱা সাহস দেউতাকৰ নাই৷ নহ’লে দেউতাকৰ বাবে একো এটা কৰিব নোৱাৰা যন্ত্ৰণাই তাক খুলি খুলি খাব গোটেই জীৱন জুৰি৷ এটা চাকৰিৰ বিনিময়ত এই যন্ত্ৰণা ওৰে জীৱনটো সি কেনেকৈ ভাৰ বব? তাতকৈ সি বেকাৰ হৈ থাকিব৷ দেশৰ লাখ লাখ নিবনুৱাৰ মিচিলত সিও চামিল হব৷ কেতিয়াবা লাষ্টগেটত ধৰ্ণা দিব৷ ইনক্লাব জিন্দাবাদ৷ চলি যাব জীৱন৷ এনেকৈয়ে চলি যাব৷
সৰুতে দেউতাকৰ কান্ধত উঠি ভিৰৰ মাজত দুৰ্গা গোসাঁনীৰ বিসৰ্জন চোৱা তাৰ আজিও মনত পৰে৷ ঠেলা হেঁচাত সি যেতিয়া দেখা নাপায়, তেতিয়া চা চা বুলি দেউতাকে দাঙি তাক কান্ধত উঠাই লয়৷ কথাবোৰ তাৰ চাট্ চাট্ কৈ মনলৈ আহিবলৈ ধৰে৷ আঃ! আৰু কত কথা৷ আৰু কত কথা৷ তাক হোষ্টেলত থ’বলৈ যাওঁতে ট্ৰাংকটোৰ তলত সৰু বটল এটাত শুকান আমলখি অলপ ভৰাই দি দেউতাকে নিজেই নিজকে কয় – কেতিয়াবা পেট বেয়া লাগিলে লৰাটোৱে এটুকুৰা মুখত দিব পাৰিব৷ সি হোষ্টেললৈ যাবৰ দিনা তিনি আলিয়েদি যোৱা গঁড়ৰ ছাব থকা বাছখন হাত দাঙি ৰখাই তাক উঠাই দিওঁতে কাষৰ পাণ দোকানখনৰ পৰা চূণ এলেপা লৈ আঙুলিৰে ট্ৰাংকটোত সানি দিছিল দেউতাকে৷ ক’ৰবাত ট্ৰাংকটো আনৰ লগত সলনা সলনি হব৷ ট্ৰাংকটো নেহেৰাল, দেউতাকৰ আঙুলিৰ ছাবটো আজিও আছে৷ এইবোৰ জীৱনজোৰা ছাব, সময়ে মচিব নোৱাৰা ছাব৷ কছাৰী খুৰাৰো দুদিন মানৰ পৰা দেখা দেখিয়েই নাই৷ জোঁৱায়েকৰ অসুখ৷ হঠাতে যাব লগা হল তেওঁ ছোৱালীৰ ঘৰলৈ৷ দুই – এদিনতে আহি পোৱাৰ কথা৷ আহি পালেই চিধাই ওলাবহিয়ে সিহঁতৰ ঘৰ৷ সি খবৰ লৈ আছে৷ তেওঁহে কিবা এটা হেস্তনেস্ত জৰুৰ কৰিবহি পাৰিব৷
নাই দেউতাকে কছাৰী খুৰা আহি পোৱালৈ বাট নাচালে৷ হঠাৎ পালম’নেৰি ইডিমা হৈ উশাহ ঘূৰাব নোৱাৰি মানুহটো অজ্ঞান হৈ পৰিল৷ হস্পিটালত আই চি ইউত এদিন এৰাতি থাকি সিফলীয়া হল৷
চতুৰ্থাৰ দিনাখনহে কছাৰী খুৰা পালেহি৷ জ্ঞাতালিৰ ভোজ হৈ যোৱাৰ অন্তত দূৰ দূৰণিৰ পৰা অহা আত্মীয়-স্বজন ভাগে ভাগে দিহা-দিহি গল৷ এদিন সন্ধিয়া কছাৰী খুৰাই কেইবাখনো চৰকাৰী কাগজ পত্ৰ লৈ সিহঁতৰ ঘৰত হাজিৰ হ’লহি৷ কাগজ পত্ৰবোৰত শিবু আৰু মাকে ভাগে ভাগে চহী কৰিবলগীয়া হল৷ অফিচিয়েল কামখিনি যাতে সঠিকভাৱে সময় মতে আগবাঢ়ে, সেই কথাত লৈ কছাৰী খুৰা অত্যন্ত ব্যস্ত হৈ পৰিল৷
দেউতাকৰ চাকৰিটোত সি যোগদান কৰিলে৷ এখনেই টেবুল এখনেই চকী৷ তিনি মাহৰ আগতে এইখন টেবুলতে দেউতাকে জাপ জাপ ফাইলৰ মাজত ডুব গৈ আছিল৷ দেউতাকৰ লগৰ খিনি! আহি তাৰ খা-খবৰ লৈ গ’লহি৷ সিও প্ৰতিজন পিতৃসম সহকৰ্মীক বহাৰ পৰা উঠি নমস্কাৰ জনালে৷ প্ৰত্যুত্তৰত প্ৰত্যেকেই বহা বহা বুলি আশীৰ্ব্বাদ দি চাকৰি সম্বন্ধীয় কামৰ ইটো সিটো উপদেশ দিলে৷ প্ৰত্যেকেই ক’বলৈ নাপাহৰিলে দেউতাকৰ কথা৷ এজন সোঁতৰ বিপৰীতে চলা মানুহ৷ যিজনে সুযোগ পায়ো এপইচাও নঘটিলে
ক’তজনক নানান সহায় কৰিও প্ৰতিদান নিবিচাৰিলে৷ দুই দুই সদায় তেওঁৰ বাবে চাৰি য়েই হৈ থাকিল, পাঁচ নহ’ল৷
সৰ্বশেষত আহিল কছাৰী খুৰা৷ তাৰ টেবুলৰ ওচৰলৈ আহি তেওঁ কলে,
ঃ মোৰ আজি তোক কোনো উপদেশ দিবলৈ নাই৷ তোক মই এটা সাধুহে শুনাম, দধীচিৰ সাধু৷ কিন্তু আজি নহয় দেই৷ কোনোবা দিনা কম আৰু৷
সি ভিতৰি ভিতৰি অবাক হল, কি সাধু শুনায় আকৌ খুৰাই! কছাৰীৰ কথাৰ প্ৰত্যুত্তৰত সি হাঁহি এটা মাৰি থৈ দিলে৷ কিন্তু খুৰাকৰ সেই সাধু শুনোৱা কোনোবা দিনটো আৰু কোনোকালে নাহিল৷ এনেকৈ প্ৰায় এবছৰ মান পাৰ হল৷ প্ৰথমতে দুদিন মান সি তেখেতক সাধুটোৰ কথা মনত পেলাই দিছিল৷ পাছলৈ সিও নোকোৱা হল৷ লাহে লাহে সি এই প্ৰসংগত ভাবিবলৈ ল’লে, খুৰাকে সাধু কম বুলি তাৰ লগত অলপ ধেমালিহে কৰিলে চাগৈ, আচলতে কৰ নো সাধুটো আছে শুনাবলৈ৷ আমোদজনক ভাবে ইয়াৰ মাজতে তেও নিজেই এদিন উপযাচি আকৌ সাধুৰ প্ৰসংগ উলিয়ালে, কিন্তু মূৰকত গৈ কিবা কথাত লাগি সাধুৰ কথা আকৌ তল পৰিল৷
সাধুটো ক’বলৈ লৈ বাৰেপতি সামৰি থলেও সাধুটোৱে ভদ্ৰেশ্বৰ কছাৰীক প্ৰতি মুহূৰ্ততে লগ নেৰা হ’ল৷ সাধুটো কাৰোবাক ক’লেহে যেন তেও মনত শান্তি পাব৷ কছাৰীৰ অৱস্থাও সাধুকথাৰ সেই মানুহজনৰ নিচিনা তদ্ৰূপ হল, যিজনে ৰজাৰ ভয়ত কাকো ক’ব নোৱাৰা কথাষাৰ গাঁত এটা খান্দি গাঁতটোৰ মুখত কৈহে শান্তি পাইছিল৷ কছাৰীয়ে প্ৰতি পলে-অনুপলে অনুভৱ কৰিবলৈ ধৰিলে, শিবুৱে যেন জনা উচিত তাৰ দেউতাকৰ ইচ্ছা মৃত্যুৰ কথা৷
অৱশেষত তেওঁ এদিন শিবুৰ আগত সাধুটো ক’বলৈ আৰম্ভ কৰিলে৷ কিন্তু সাধুটো কৈ থাকোঁতে আধামানতে সামৰিব লগীয়া অৱস্থা এটা আহি পৰিল৷ কছাৰীয়ে সাধুটো আধা কওঁতেই সি তেওঁৰ গাত ধৰি ফেকুৰি ফেকুৰি কান্দোনত ভাঙি পৰিল, শিবুৰ বুজিবলৈ বাকী নাথাকিল সেই দধীচিজন আন কোনো নহয়, স্বয়ং তাৰ দেউতাক জগবন্ধু চক্ৰৱৰ্ত্তী৷
জীৱনৰ সকলো কথা চক্ৰৱৰ্ত্তীয়ে তেওঁৰ প্ৰিয় বন্ধু সহকৰ্মী ভদ্ৰেশ্বৰ কছাৰীক সদৰী কৰি থৈ গৈছিল, লগতে প্ৰিয় বন্ধুক এক বধ শপতো দি গৈছিল যাতে কথাবোৰ তেওঁ নিজৰ ভিতৰত ৰাখে৷ কিছুমান প্ৰতিশ্ৰুতি, কিছুমান শপত ৰক্ষা কৰাটো সহজ নহয়৷ কছাৰীয়েও নোৱাৰিলে৷
আহ দেউতাকৰ জীৱন-মৃত্যুৰ যুদ্ধখনত কিবা এটা কৰাৰ সুযোগ মানুহজনে লৰা-ছোৱালী কেইটাক কিয় নিদিলে? নিজৰ সন্তুষ্টিৰ দিশেৰেহে কথাবোৰ চিন্তা কৰি গল৷ এই ক্ষেত্ৰত সিহঁতৰ মনৰ শান্তিৰ কথা তেওঁ যেন নিৰ্দয় ভাবে উপেক্ষা কৰিলে৷ প্ৰচণ্ড হাহাকাৰ আৰু দুখবোধে শিবুক নিতৌ খুলি খুলি খাবলৈ ধৰিলে৷
অথচ গতানুগতিক ভাবে সি তাৰ জীৱন চলাই গল, চাকৰি কৰি গল৷ জীৱনৰ প্ৰতি যেন সি নিস্পৃহ, উদাসীন হৈ পৰিল৷ ইয়াৰ মাজতে এদিন তাৰ বায়েকৰো বিয়া হৈ গল৷ বছৰ বাগৰিল, অফিচলৈ অহা যোৱা কৰি, কলম পিহি পিহি সি চলাই থাকিল তাৰ কেৰাণীৰ একঘেমায়ী জীৱন৷ মাকে তাৰ বিয়া-বাৰুৰ কথা মাজে মাজে উলিয়াই৷ বোৱাৰী, বন কৰা, নাতিৰ মুখ দেখা ইত্যাদি ইত্যাদি জীৱনৰ সৰু সৰু আশাবোৰৰ কথা আকাৰে-ইংগিতে উল্লেখ কৰে আৰু সি আওকাণ কৰি যায় মাকৰ এইবোৰ কথা, ইচ্ছাকৃতভাৱে৷ ভাল নালাগে, তাৰ একোৱেই ভাল নালাগে৷ তাক কিমান সুখ দিবলৈ, তাৰ জীৱনৰ কিমানখিনি নিৰাপত্তা দিবলৈ তাৰ দেউতাকে বাৰু ইচ্ছামৃত্যু ল’লে? ইয়াৰ উত্তৰ তাক কোনে দিব? হাপানীত ভুগি থকা, চিৰ ৰুগীয়া, কেটেং-মেটেং শৰীৰৰে হাড়-ছাল ওলোৱা মাক জনীও এদিন সিফলীয়া হল৷ কাৰ ওপৰত অভিমান কৰি, আক্ষেপ কৰি সি তাৰ মাকজনীৰ জীৱনৰ সৰু সৰু আশাবোৰ একেবাৰেই উপেক্ষা কৰি গল? ন-বোৱাৰী এজনী তথা থুনুক-থানাক মাতেৰে নাতি এটাৰ সপোনটো বেচেৰী মানুহজনীয়ে মৰিশালিলৈকে কঢ়িয়াই লৈ গল৷ তাৰ লগৰ সমনীয়া বেছি ভাগেই বাপেক হল, অফিচৰ সহকৰ্মীবোৰেও তাক আজিকালি বিয়াৰ কথা নোকোৱা হল৷
ইতিমধ্যে শিলচৰত জিৰিবাম প্ৰজেক্টৰ নতুন অফিচ হৈছে৷ অপেন লাইনৰ ভালেমান মানুহক হেড অফিচৰ পৰা কনষ্ট্ৰাকশ্যনৰ নতুন প্ৰজেক্ট অফিচলৈ লৈ গৈছে৷ সকলো লৈকে প্ৰশাসনৰ তৰফৰ পৰা কাঢ়া নিৰ্দেশ আহিছে, যাবই লাগিব, অৱশ্যে ইয়াৰ মাজতে দুজনমানে ইউনিয়ন বাজি কৰি হেড অফিচতে থাকি যোৱাৰ ব্যৱস্থা নকৰাও নহয়৷ শিবু কিন্তু যাব লগা হল৷ জিৰিবাম প্ৰজেক্ট অফিচত জইন কৰিলেগৈ৷ গল যি গলেই ভালেমান দিনলৈ তাৰ কোনো খা-খবৰ নাইকিয়া হল৷ ফাগুন মাহ আয়তাকাৰ খিৰিকী খনেৰে দেখা গল অদূৰত পলাশ ফুলিছে, মদাৰ ফুলিছে৷ ধূলিয়ৰি বতাহে উৰুৱাই নিছে গছৰ সৰা পাত৷ এনে সময়তে ডাকোৱালে আহি পেলাই গল হেড অফিচৰ টেবুলে টেবুলে সোণোৱালী গুণাৰ জৰীৰে বন্ধা কিছুমান চেৰি ৰঙৰ খাম৷ কোনে জানো গুণাৰ জৰীডাল লাহেকৈ চিঠিখনৰ ভাঁজটো খুলি দিলে, জিলিকি উঠিল চেৰি ৰঙৰ কাৰ্ড খনত সোণোৱালী ইটালিক কেইটামান আখৰ,
শিবু ৱেডছ বৰ্ণালী……….
বৰ্ণালী বৰ্ণালী বৰ্ণালী অ’ মনত পৰিছে, তায়োতো হেড অফিচৰ পৰাই জিৰিবামলৈ ট্ৰেন্সফাৰ হৈ গৈছে৷ গগৈ ডেকা বৰুৱাহঁতে কোৱা-কুই কৰিলে৷ ফাগুনৰ বোকোচাত উঠি অহা কমোৱা তুলাৰ দৰে সোণোৱালী জৰীৰে বন্ধা অসংখ্য চিঠিয়ে শিবুৰ বিয়াৰ বাতৰিটো হেড অফিচৰ টেবুলে টেবুলে বিলাই দিবলৈ উথপথপ লগালে৷ ফাগুনৰ বতাহজাকে কাণে কাণে ফুচফুচাই কৈ গল—
জীৱন এনেকুৱাই গতিশীল! ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক