জীৱন কথাঃ অনুভৱৰ দোহাইদি – হিৰিম্পা শইকীয়া

জীৱনে ক’লে, ‘সমূখৰ বাট বৰ দীঘল৷ সেই দীঘলীয়া বাটেৰে খোজ দিওঁতে সাৱধানে দিবা৷ প্ৰথমে খোজবোৰ সবল কৰা৷ যি বাটেৰে আগবাঢ়িছা জীৱনৰ লক্ষ্যাভিমুখে সফল হোৱাৰ আশাৰে সেই বাটত হাজাৰ বাধা আহিব৷ কেতিয়াবা মসৃণ হৈ ….কেতিয়াবা ধূলিয়ৰি হৈ দেখা দিব জীৱনৰ বাট৷ যি বিশ্বাসৰ বাটেৰে তুমি আগবাঢ়িছা কেতিয়াবা হয়তো অপ্ৰত্যাশিত অবিশ্বাসৰ ধুমুহাই ৰূদ্ধ কৰিব পাৰে তোমাৰ সেই বাট৷ কেতিয়াবা অকলশৰে গৈ থকা তোমাৰ বাটত মৰম..ভালপোৱা..প্ৰেম…বন্ধুত্ব….আত্মীয়তা নামৰ বিজুলীও হয়তো ধুমুহা-বৰষুণৰ সৈতে জীৱনৰ বাটত প্ৰাচীৰ হৈ দেখা দিব পাৰে৷’

সেয়েহে হয়তো সময়ে ক’লে, ‘তুমি তোমাৰ খোলাটোৰ পৰা ওলাই আহা; মৰম..ভালপোৱা..প্ৰেম-বিশ্বাস..বন্ধুত্ব…আত্মীয়তা নামৰ অবিশ্বাসৰ কোনো ধুমুহাই যাতে তোমাৰ আত্মবিশ্বাসৰ ভেটি খহাব নোৱাৰে, তাৰ বাবে নিজকে প্ৰস্তুত কৰা৷’

পৰিস্থিতিয়ে ক’লে, ‘মনটো দৃঢ় কৰা, জীৱন সুন্দৰ, অনন্য৷ প্ৰথমে তুমি নিজক চিনি লোৱা৷ তোমাক তোমাতকৈ ভালকৈ আন কোনোৱে নাজানে৷’

হঠাৎ মই ক’লোঁ, ‘হয়, মই মোক ঘূৰাই পালোঁ৷’
য’ত মই মোক হেৰুৱাৰ উপক্ৰম হৈছিল তাতেই মই মোক বিচাৰি পালোঁ৷ আলসুৱা মই জনীক চিনি পালোঁ৷ জীৱনটো মোৰ৷ মই বিচৰা ধৰণে গঢ়িম৷ মোৰ জীৱনৰ লক্ষ্যত আগতেও নাছিল এতিয়াও নাথাকিব কাৰো প্ৰতি কোনো অভিযোগ, কোনো বিদ্বেষ, কোনো তিক্ত অনুভৱ৷

আনৰ দুখ দেখিলে লোতক বৈ অহা, আনৰ দুখত ভগৱানক প্ৰাৰ্থনা কৰা ‘হে ভগৱান, কাকো ইমান কষ্ট নিদিবা, সহিব নোৱাৰাকৈ৷’ মানুহ হিচাপে সকলোকে জীয়াই থাকিবলৈ শক্তি দিয়া, যোগ্যতা দিয়া বোলা মই জনীক পুনৰ ঘূৰাই পালোঁ৷

জীৱনে হাঁহিলে মোৰ
সুখত৷
খিৰিকীৰে সোমাই আহিল এজাক কোমল ৰ’দালি.
এয়া প্ৰত্যাশাৰ ৰ’দ…৷
খিৰিকীখন খুলি দিলোঁ…
পুৰাতন চিনাকি প্ৰিয় গোন্ধ
খৰিকাজাঁইৰ..৷
এজাক মৃদু সমীৰণ
দুপাহি ফুল …স্নিগ্ধতাৰ
প্ৰশান্তিৰ হাঁহি বিৰিঙি গ’ল৷
ধন্য জীৱন, ধন্য সময়, ধন্য আজি মোৰ মন৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments