জীৱন কি, জীৱনৰ লক্ষ্য বা উদ্দেশ্য কি? ইচ্ছা, অপেক্ষা ইত্যাদি – মৌচুমী নেওগ

জীৱনৰ বিচিত্ৰ ৰং৷ সেই ৰং সুখ-দুখ হাঁহি -কান্দোনৰ, জীৱন সফলতা-বিফলতাৰ ভৰা৷ কৃতকাৰ্যতাৰ কাৰণে আমি মৰণ পণ লৈ কাম কৰোঁ৷ যেতিয়াই সফল নহওঁ, তেতিয়াই হতাশ হৈ পৰোঁ, ভাগৰি পৰোঁ, হতাশ হওঁ৷ সেই মুহূৰ্তত সফলতাৰ কথা মনলৈ নাহে, যদিহে মই জীৱনত কি বিচাৰিছোঁ, জীৱনৰ অৰ্থ কি, তাৰ কিয়টো যদি বিচাৰি পাওঁ, তেনে কোনো হতাশা, বিফলতাই বাধা দিব নোৱাৰে৷

জীৱনৰ বৃহৎ কিয় টোৰ উত্তৰ পালে অৰ্থাৎ লক্ষ্য স্থিৰ হলে জীৱনত সমস্যাৰ সৃষ্টি নহয়, লক্ষ্য স্থিৰ হলে পুৱাৰ এলাৰ্ম ক্ল’কৰো প্ৰয়োজন নাই৷ সকলো সময়তে আমাৰ অৱচেতন মনক সজীৱ আৰু সক্ৰিয় ৰাখিব৷ কিন্তু, এই কিয় আৰু লক্ষ্য স্পষ্টকৈ মনৰ চকুৰে দেখিব লাগিব৷ ঠিক যেনেকৈ মহাভাৰতৰ অৰ্জুন আৰু মাছৰ কাহিনীটো উল্লেখ কৰিব পাৰি৷ কাহিনীটো এনে ধৰণৰ- কৌৰৱ আৰু পাণ্ডৱ গুৰু দ্ৰোণাচাৰ্যৰ ওচৰত ধনু বিদ্যা শিকিছিল, গুৰুৱে এদিন তাৰ পৰীক্ষা ল’ব খুজিছিল৷ সেয়ে, গুৰুৱে এজোপা গছত এজনী বাঁহেৰে সজা চৰাই ৰাখিছিল আৰু সকলোকে চৰাই জনীৰ চকু ভেদ কৰা কথা কৈছিল৷ এজন এজনকৈ আটায়ে ধনু জুৰিছিল আৰু প্ৰত্যেকৰে কাঁড় ডাল চৰাইৰ গাত, গছজোপাৰ ডাল, পাততে লাগিছিল, সকলো বিফল হৈছিল৷ শেষত দ্ৰোণাচাৰ্যৰ প্ৰিয় শিষ্য তৃতীয় পাণ্ডৱ অৰ্থাৎ অৰ্জুনে চৰাই জনীৰ চকুলৈ একান্তমনে লক্ষ্য স্থিৰ কৰে, বিশাল গছজোপাৰ ডাল পাত লৈ আওকাণ কৰি চকুত শৰ পাত লগাব পাৰিছিল, গতিকে, লক্ষ্য স্থিৰ হ’লে সফল হব পাৰি৷

ইচ্ছা

ভাৰতৰ পূৰ্বৰ ৰাষ্ট্ৰপতি আব্দুল কালামে কৈছিল যে, যি সপোনে ৰাতি শুবলৈ নিদিয়ে সেয়াহে সপোন৷

ইচ্ছা, আশা, আকাংক্ষা, সপোন এইবোৰ মানৱ সমাজৰ চালক৷ যদি আপুনি প্ৰশ্নৰ মুখামুখি হয়, কি বিচাৰে জীৱনত৷ উত্তৰ হয়তো এটা শব্দত দিব নোৱাৰিব৷

ইচ্ছাই জীৱনৰ সকলো৷ ইচ্ছা কৰিলে সকলো কাম কৰিব পাৰি৷ তথাপি, পোৱা নোপোৱাৰ মিশ্ৰনে জীৱন৷ বেছিভাগ মানুহে ভিতৰি মানসিক ভাৱে ভাগি গ’লেও ইচ্ছা জী থাকে, ইচ্ছাই তেওঁক লক্ষ্যত উপনীত কৰিবলৈ সক্ৰিয় কৰি তোলে৷

প্ৰকৃততে আমি গুলামি কৰোঁ নিজৰ ওচৰত, নিজে নিজৰ শত্ৰু হওঁ বহু সময়ত, মনৰ ইচ্ছাক দমন কৰি ৰাখি৷ কাৰণ, মানুহৰ মনৰ চিন্তা বিচিত্ৰ৷ দুবিধাই ব্যাকুল কৰে মন, মনক যুদ্ধ ভূমিলৈ ৰূপান্তৰ কৰে৷

যুদ্ধ চলি থাকিলে মনে সিদ্ধান্ত ল’ব নোৱাৰে৷ শুদ্ধ মনে শুদ্ধ চিন্তা আৰু জ্ঞান দিয়ে৷ যিমানে আনৰ চিন্তা, কথা, মন্ত্ৰণা, সমালোচনাত গুৰুত্ব দিয়া হয়; সিমানে মন বিফল হয়৷

অন্যৰ হাতৰ পুতলা নহয় আমাৰ জীৱন৷ ধৰ্মই আমাক আনন্দ দিয়ে, ভৱিষ্যত সুৰক্ষিত হবলৈ, নিৰ্ণয় ল’বৰ বাবে ভৱিষ্যত হ’ল সপোন আৰু কল্পনাহে৷

অপেক্ষা

আকৌ, মানুহৰ জীৱনৰ আধাৰ অপেক্ষা৷ পত্নী সদায় পতিৰ সমৰ্পিত, পতিয়ে সদায় সকলোৰে শুশ্ৰুষাত ব্যস্ত৷

আমি ভাবোঁ, সন্তানে এটা সময়ত আমাৰ সেৱা কৰিব, আদেশ মানিব৷ বেছিভাগ দেখা যায় অপেক্ষা পূৰণ কৰা লৈকেহে প্ৰেম৷ তাৰ বাবে সংঘৰ্ষ হয়৷ সেয়ে অপেক্ষা আৰু সমন্ধ এক কৰিব নালাগে৷ পৰিৱৰ্তন সংসাৰৰ নিয়ম, সমন্ধই কেতিয়াবা সুখ, কেতিয়াবা দুখ দিয়ে৷

মানুহৰ জীৱন ভয়, দুৰ্দশা, শংকা, সুখ সমৃদ্ধিৰ সমষ্টি৷ মহাভাৰত, ৰামায়ণ যুগৰে পৰা জীৱন আৰু জগতৰ বিভিন্ন উত্থান- পতন সময়ে সময়ে হৈ আহিছে৷

মৃত্যুৰ ভয় আৰু চিন্তাই বাৰে বাৰে উত্তেজিত কৰে মনক৷ তথাপি সাহসেৰে জীয়াই থাকিবলৈ শিকোঁ৷ কেতিয়াবা ভুল হয় আৰু কোনোৱে ভুলৰ পৰা শিক্ষা লয়৷ এনেদৰেই, সুখ-দুখ, ঘটনা, হাঁহি -কান্দোন, সংঘাত ইত্যাদিৰে জীৱন আগুৱাই যাব৷ তথাপি, জীৱন অনুপম৷

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
9 months ago

বহুত সুন্দৰ লেখনি।

Anonymous
9 months ago

সুন্দৰ লেখা, খন্তেকতে মন ফৰকাল হোৱা

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক