জীৱন জেলেপীৰ পাক (উজ্জ্বল ফুকন)

ধুতিখন ঠিক কঁকালত পিন্ধিছে নে পেটত পিন্ধিছে বুজিব নোৱাৰি। কঁকাল আৰু পেটৰ মাজৰ সীমা উলিয়াবলৈ এজন অভিজ্ঞ মণ্ডল লাগিব। দিখৌৰ বাঢ়নি পানী যেনেকৈ সকলো দিশে আগুৱাই যায় ৰমেন দাৰ দেহৰ মঙহবোৰো যেনি তেনি বাঢ়ি গৈছে। ম’বাইলটোৱে ৰমেন দাৰ পেটটোক ডানল’পৰ দৰে ব্যৱহাৰ কৰি শুই আছে। “মাইয়া মৌৰি মে নাহি মাখন খায়ি” হঠাৎ ম’বাইলটো বাজি উঠিল। পেটটো দেখিলে মাখনৰ ডাঙৰ পেকেটটো ৰমেন দাই এবাৰতে খোৱা যেন লাগে। আচলতে ভগৱান কৃষ্ণইও ৰমেন দাৰ দৰে মানুহৰ কথা ভাবি ইখন দুৱাৰো খুলি ৰাখিছিল “মাইয়া মৌৰি মেইনে হি মাখন খায়ি”। ম’বাইলটো পেটৰ ওপৰত ভাইব্রেচন মুডত বাজি উঠিলেই ৰমেন দাৰ হাঁহি উঠে। পেটটো পিৰপিৰাই চাগৈ। হাঁহিৰ কোবত মুখত থকা পাণৰ দুটোপাল মান চিটিকনি আহি ধুতিত পৰিছেহি। এইখন পূজা কমিটিৰ সম্পাদক ৰমেন দা। কিমান বছৰৰ পৰা হৈ আছে মনত নাই। ৰমেন দাই প্রত্যেক বছৰে পূজা কমিটিৰ বছেৰেকীয়া মিটিঙত নিজেই কয় “উপযুক্ত উত্তৰাধিকাৰীৰ অভাৱত এই বছৰ সম্পাদকৰ আসন আকৌ এবাৰ শুৱনি কৰিব শ্রী ৰমেন ডেকা মানে মই।” তাৰপিছত সকলোলৈ চাই ইঙ্গিতেৰে হাত চাপৰি বজাবলৈ কয়। নোৱাৰাত পৰিও সকলোৱে সমৰ্থন কৰে। কেইবছৰ মানৰ আগৰ পিলিঙাবোৰ এতিয়া চফল ডেকা হ’ল যদিও ৰমেন ডেকাই এতিয়াও হাৰ মনা নাই। মাজে মাজে ৰমেনদাই কয় “ৰমেন সদায় ডেকা। কেতিয়াও বেকা মানে কুঁজা আৰু বুঢ়া নহয়”। পিলিঙাবোৰে ৰমেনদাই নুশুনাকৈ ফিচিঙা ফিচিং কৰে “সেইদাল পেট আৰু সেই মস্ত পিছফালটোৱে যিটো বেলেন্স ৰাখিছে কুঁজা হ’ব কেনেকৈ। বিষ্ণুৰ বৰাহ অৱতাৰটো পেটত লৈ ঘূৰি ফুৰিব আৰু ক’ব ৰমেন ডেকা সদায় ডেকা, হুহ।”
“হেল্ল, কোনে কৈছে।” ৰমেন দাই কাণৰ কাষত আউঁজাই থোৱা নিৰ্মালিখিনি পকেটত ভৰাই ম’বাইলটো ধৰি কলে।
“ৰমেন দা, হেপ্পি পূজা। ভালনে আপোনাৰ?” ৰাজে ফোনৰ সিপাৰৰ পৰা মাত দিলে। ৰাজহঁতে সৰুৰেপৰা পূজা ঘৰত ৰমেন দাক দেখি আহিছে। প্রত্যেক বছৰে কিবা এটা কৰি ৰমেন দাৰ খং উঠাই ৰাজ আৰু দীপে। এবাৰ ৰমেন দাৰ ধুতিৰ পোনত দুটা গেছ বেলুন বান্ধি দিছিল দীপে।
পিছপিনে দাঙ খাই যোৱাতহে ৰমেন দাই বুজি পাইছিল কিবা এটা ঘটিছে বুলি। যদিও পিছপিনে কি ঘটিছিল নিজে দেখা নাছিল যেনেকৈ হাতীয়ে নিজৰ পিছপিনটো দেখা নাপায়। চৈধ্য গোষ্ঠী উজাৰি গালি দিছিল সেইদিনা। কিন্তু কাণ্ডটো সিহঁতেই কৰিছিল বুলি ধৰিব পৰা নাছিল ৰমেন দাই। কাৰণ সিহঁতেও ৰমেন দাৰ সুৰত সুৰ মিলাই গালি দি আছিল। পিছত ৰাজে বেলুন কেইটা খুলি আনি ৰমেন দাৰ হাতত দি কৈছিল “ৰমেন দা, আজি পূজাৰ শেষ দিন, দশমী। বেছি খং নকৰিব। শান্তিৰ পাৰ চৰাই বুলি ভাবি উৰুৱাই দিয়ক বেলুন দুটা আকাশলৈ।”
“তই বৰ ভাল লৰা অ’। ল’ ১০ টকা, মিঠাই খাবি।” ৰমেন দাই ৰাজৰ পিনে ১০ টকীয়া নোট এখন আগবঢ়াই কৈছিল সেইদিনা। পিছপিনে লুকাই থকা দীপে মাত লগাইছিল “দদদদহ টকাইদি কি হব ৰমেন দা। আজিকালি এএএএকো নাপায়।”
“অ’ তইও আছ হবলা। ল’ এইটো ২০ টকা।” ৰমেন দাই দুয়োটালৈ ২০ টকা আগবঢ়াই দি কৈছিল।
“অ’ হেপ্পী পূজা। কোৱা কেনে চলিছে তোমালোকৰ পূজা?” ৰমেন দাৰ মাতত ৰাজ আকৌ উভটি আহিল স্মৃতিৰ দুৱাৰ বন্ধ কৰি।
“আমাৰ ভালেই চলি আছে। কিন্তু আপোনালোকৰ নিচিনা আৰু ক’ত” ৰাজে কলে।
দীপে ৰাজক হেচুকি ৰমেন দালৈ আঙুলীয়াই কলে “ইইইইইইমান নিচিঞৰিবি। অলপ মনে মনে কথা ক। নহলে শুশুশুনি যাব সি।”
দীপৰ কথাত ৰাজে মূৰ দুপিয়াই সঁহাৰি জনালে।
“কিয়? আমাৰ আকৌ কি হ’ল। ” ৰমেন দাই সুধিলে।
“আপোনালোকৰ পেণ্ডেলেই চাব নে গোঁসানীয়েই চাব। আৰু এইবাৰ সাংস্কৃতিক সন্ধিয়াও পাতিছে। কেনেকৈ ইমানবোৰ কাম কৰিব পাৰে বাৰু। আকৌ উৰুলি প্রতিযোগিতা, নাম প্রতিযোগিতা, শঙ্খ বজোৱা প্রতিযোগিতা এইবোৰ আছেই। মানি গৈছো দেই আপোনাক। আপুনি সম্পাদক কাৰণেই পূজা ভাগ ইমান ভাল হয় প্রত্যেক বছৰে।” ৰাজে ৰমেন দাক কথাৰে দাঙি উৰুৱাই দিলে।
দূৰৰ পৰা সিহঁতে দেখিলে ৰমেন দাই ম’বাইলটো স্পীকাৰত দিছে। মুখৰ হাঁহিটোত বিজয়ৰ উল্লাস। পেটটো লৰাই লৰাই ৰমেন দা সভাপতিৰ কাষত বহিলগৈ। কমিটিৰ বহু কেইজন সদস্য তাত উপস্থিত আছিল।
“অ’ কি কৈ আছিলা তুমি?” ৰমেন দাৰ সকলোকে শুনোৱাৰ আগ্রহ।
“দাদা, আপোনালোকৰ পূজা ভাগৰ কথা কৈছো। ইমান চকুত লগা হৈছে। পেণ্ডেলেই চাব নে গোঁসানীয়েই চাব। আকৌ সাংস্কৃতিক সন্ধিয়া আছেই।” ৰাজে আকৌ কলে।
ৰমেন দাই কোঁৱাৰি ফালি হাঁহি আত্মগৌৰৱেৰে সকলোলৈ চালে। পেটটো যিমান পাৰি সুমোৱাই বুকুখন ফুলাবলৈ চেষ্টা কৰিলে। কিন্তু পেটটো সোমাব ক’ত? উশাহ এৰি দিয়াৰ লগে লগে প্রচণ্ড জোৰত পেটটো আকৌ ওলাই আহিল।
“পিছে দাদা, আমাৰ এজনৰ গা বেয়া। সেইকাৰণেহে মনটো বেয়া লাগি আছে।” ৰাজে আকৌ কলে।
“কাৰ গা বেয়া হে? কমিটিৰ কোনোবা সক্রিয় সদস্য নেকি?” ৰমেন দাই সূধিলে।
“গনেশ দাৰ গাটো ভাল নহয়।” ৰাজে কলে।
“অ’ গনেশ। চিনি পাইছো। দৰৱ পাতি লৈছেনে? ডক্টৰক দেখুৱাই আহিব দিয়া এবাৰ।” ৰমেন দাই চিনি পোৱাৰ ভাও ধৰি কলে।
“প্রদীপ ডক্টৰে আহি চাই গৈছে। কিন্তু ভালকৈ পৰীক্ষা কৰি কলে তেওঁ হেনো এইটো বেমাৰৰ চিকিৎসা কৰিব নোৱাৰিব। ” ৰাজে কলে।
“কিয়? বেছি চিৰিয়াচ নেকি? ডিব্রুগড়লৈ লৈ যোৱা নহ’লে।” ৰমেন দাই চিন্তিত হৈ কলে।
“নাই সমস্যা সেইটো নহয়। সমস্যা হ’ল বেমাৰ তলৰ পাৰ্টটোত নাই ওপৰৰ পাৰ্টটোতহে হৈছে। সেইকাৰণে প্রদীপ ডক্টৰে কলে প্রবীন ডক্টৰক খবৰ দিবলৈ।”ৰাজে উত্তৰ দিলে।
“হৌৰা মই একো বুজি পোৱা নায়। ওপৰৰ পাৰ্ট মানে? মূৰত দুখ পাইছে নেকি? কোন গনেশ কোৱাছোন ভালকৈ। মই চিনি পোৱাজন হলে বৰ বেয়া কথা হব। আৰু এই প্রবীন ডক্টৰ কোন?”ৰমেন দাই সুধিলে।
“প্রবীন ডক্টৰ ভেটেনেৰী হস্পিতালত বহে। গনেশ দাক আপুনি চিনি পায়েই। শুৰ দালত অলপ ইনফেকছন হৈছে বুলি কৈছে প্রবীন ডক্টৰে।” ৰাজে গহীনকৈ কলে।
ইফালে দীপ হাঁহিত ৰ’ব নোৱাৰা হ’ল।
“অই কোনে কৈছ? নাম কবিনে? চৰ লাগে। কি চুপতি কৰিব আহিছ।” ৰমেন দাৰ মুখখন খঙত ৰঙা হৈ আহিল।
“দাদা, পূজা বুলি ধেমালিও কৰিব নোৱাৰো নেকি অকনমান। আৰু আপোনাক আপোন বুলি ভাবিহে অলপ ধেমালি কৰিছো।” ৰাজে যিমান পাৰে ভদ্র হৈ কলে।
“ধেমালি কৰিবলৈ মানুহ নাপালি আৰু বিছাৰি। থ’ এতিয়া ফ’নটো। মোৰ কাম আছে।” ৰমেন দাই গহীন হৈ ওচৰত মিচিক মাচাক হাঁহি বহি থকা মানুহখিনিলৈ চাই কলে।
“দাদা, আমাৰ ইয়াত সঁচাকৈয়ে এটা সমস্যা হৈছে। সেইকাৰণেহে আপোনাক ফোন কৰিছিলোঁ। আমাৰ সভাপতিয়েও আপোনাক এবাৰ সুধি চাব কৈছিল।” ৰাজে আকৌ আৰম্ভ কৰিলে।
“ক’ কি সমস্যা” ৰমেন দাই সুধিলে।
“আমাৰ মহিষাসুৰটো অলপ ভাঙি গৈছে। কি কৰিম একো ভাবি পোৱা নায়। আজি তাতে বিজয়া দশমী। পূজাৰ শেষৰ দিন। উটুৱাবলৈ নিওঁতে ভঙা অসুৰটো ৰাইজক দেখুৱাবলৈ বেয়া হয় দিয়কছোন।” ৰাজে কলে।
“কেনেকৈ ভাঙিলে? বেয়া কথা হ’ল নহয়। মূৰ্তি সজাজনক মাতি আনি সোধ। মোক সুধি কি লাভ।” ৰমেন দাই কলে।
“নহয় মানে আপুনি পাৰিব নেকি? অলপ দেৰি হে বহিব লাগে। গোঁসানী উটুৱাবলৈ বেছি সময় নাই। আশীৰ্বাদ দিব মায়ে।” ৰাজে আকৌ গহীন হৈ কলে।
দূৰৰ পৰা সিহঁতে দেখিলে ৰমেন দাই স্পীকাৰ ম’ডটো বন্ধ কৰিছে। খঙত কপি ফোনটো দলিয়াই ৰমেন দাই চিঞৰি উঠিল “কুকুৰ চব চাল্লা। বাপেৰৰ লগত চুপতি কৰিছ।”
চিম কাৰ্ড, বেটেৰি উৰি মবাইলটো নিমিষতে শ্বহীদ হ’ল।
হাঁহি হাঁহি বাগৰি থকা দীপক ৰাজে নিজৰ হাতত থকা ম’বাইলটো দি কলে “যা কমিটিৰ মানুহখিনিৰ ওচৰে পাজৰে কৰবাত এই ম’বাইলটো থৈ আহগৈ। কোষাধক্ষ্যৰ ম’বাইল।”
“তোতোতোক কিন্তু ‘চিআইডি’ৰ ইন্সপেক্টৰ পপপপপ ” দীপে পপপপ কৰি থকা দেখি ৰাজে কলে “প্রদ্যুম্ন”
“অ’ প্রদ্যুম্নইও ধৰিব নোৱাৰিব।” দীপে হয়ভৰ দি কলে।
“ৰমেন দা, কি হ’ল আপোনাৰ?” ৰাজ দৌৰি আহি ৰমেন দাৰ ভাঙি যোৱা মবাইলটো গোটাই পিটাই দিলেহি।
ৰমেন দা তেতিয়াও খঙত কঁপি আছিল। ওচৰতে থকা কোনোবা এজনে আদ্যোপান্ত বিৱৰি কলে ৰাজক। ৰমেন দাৰ জ্বলা জুইত ঘিউ ঢালিবলৈ তেওঁ অলপ মছলা সানি বিৱৰণ দিলে।
চাৰিওফালৰপৰা আকৌ ফিচিঙা ফিচিং হাঁহি শব্দ ভাঁহি আহিল।
“হ’ব দিয়ক ৰমেন দা কোনোবা দুষ্ট ল’ৰাই অলপ ধেমালি কৰিলে আপোনাৰ লগত। বাদ দিয়ক সেইবোৰ। পূজা বুলি ক্ষমা কৰি দিয়ক। এতিয়া বলক গোঁসানী উটুৱাৰ সময় হৈ গল। অলপ মূৰ্তি ধৰা ধৰি কৰি উলিয়াই আনিব লাগে।” ৰাজে ৰমেন দাৰ হাতত ধৰি আগবঢ়াই লৈ গল।
মূহুৰ্ততে সকলো গোঁসানী উটুৱাবলৈ যোৱাত ব্যস্ত হৈ পৰিল।
“বলৌ বলৌ জয় দূৰ্গা মাই কি।” ৰাজে মাজে মাজে গোঁসানী ধৰিবলৈ আগবাঢ়ি অহা মানুহখিনিক উৎসাহ দিবলৈ চিঞৰি উঠে।
সকলোৱে একেলগে চিঞৰি সঁহাৰি দিয়ে “জয়।”
দীপেও এবাৰ চিঞৰিব চেষ্টা কৰিছিল “জয় দূদূদূদূদূ..”
পিছপিনৰ পৰা ৰাজে তাৰ মূৰত লাহেকৈ মৰাত হে দূৰ্গা মাৰ জয় হ’ল।
এজাকমান বিহাৰৰ ফালৰ বনুৱা নাচি নাচি আহি আছে। ভৰিৰ পাকৰ পৰাই বুজি পোৱা যায় প্রত্যেকটো এতিয়া মহিষাসুৰৰ ৰূপ লৈছে। দীপ আৰু ৰাজেও সেই জাকটোৰ ভিতৰত সোমাই নাচিব ধৰিলে। সৰুতে দীপে গোবিন্দাৰ ষ্টাইলত খুব নাচিছিল। ষ্ট্রিটটো মুখত নুফুটে বাবে টিট বুলি কৈ গাইছিল “আই এম এ টিটিটিট দেনচাৰ। টিট টিট টিয়েও।”
কিন্তু এতিয়া গোবিন্দা মিথুন ঋত্বিক সকলো মিহলি হৈ বৰ বেলেগ নাচ এটা চলি আছে। অলপ আগতে ঋত্বিক ৰূপী দীপে হাত খনেৰে থেলি থেলি “তিনেট তিনেও ..তিনেট তিনেও” কৰি নাচি আছিল যদিও পিছ মূহুৰ্ততে কঁকাল ভাঙি বিহু নচাত লাগি গ’ল।
মহিষাসুৰে গাড়ীৰ ওপৰৰ পৰা ট ট কৈ চাই ভাবি আছে “পৃথিৱীত মোৰ নিচিনা দেখোন বহুত আছে। মোক নো কিয় বছৰে বছৰে মাতি আনিব লাগে।” বিহাৰৰ বনুৱা কেইটাই নাচি নাচি মহিষাসুৰৰ ভৰিত সেৱা কৰি চিঞৰি উঠিল “জয় দুৰ্গা মাই কি।”
মহিষাসুৰে খং লাজ অপমানত দগ্ধ হৈ ইঙ্গিতেৰে দুৰ্গাক কলে “তোমাৰ ভৰিটো আগবঢ়াই দিয়া এইকেইটাৰ ফাললৈ। এনে অপমান মই সহ্য নকৰো।” আন এটাই এইবাৰ ধুনাৰ মলা লৈ নৃত্য আৰম্ভ কৰিলে। একেবাৰে তাণ্ডৱ নৃত্য।
শিৱই ওপৰৰ পৰা চাই ভাবিলে “এইদালে দেখোন মোতকৈও ভাল নাচিছে হেৰৌ।”
“ইয়াৰ ডান্স মাষ্টৰ কোন খবৰ ল। এই ‘ডান্স ইণ্ডিয়া ডান্স’ ‘জাষ্ট ডান্স’ আদি এশ এবুৰি ডান্সৰ প্রগ্রাম উলিয়াই আমাক টেনছন দিয়াত ওষ্টাদ এই মানুহবোৰ। কথা নাই বতৰা নাই এনি টাইম আপদেট হৈ থাকিব লাগে। আৰু এটা চিলিম সাজি লৈ আহিবি।” ভোলানাথে টেনচনত নন্দীক ফোন কৰি ক’লে।
তলৰপৰা সৰস্বতীয়ে মাত লগালে “ঠিক কৈছে প্রভু। মোকো এই ‘চা ৰে গা মা পা’ ‘ইণ্ডিয়ান আইডল’ এইবোৰে পাগলি কৰি দিছে। আগতে এজনী মাত্র লতাই মোক মাজে মাজে চেলেঞ্জ দি থাকে। এতিয়া দেখোন অলিয়ে গলিয়ে মোৰ প্রতিদ্বন্দী।
মোৰ কেতিয়াবা নিজৰ মানুহজনৰ ওপৰতে সন্দেহ হয়। মোৰ খং উঠাবলৈ চাগৈ মাজে মাজে এই ভাল ভাল কন্ঠবোৰ সৃষ্টি কৰি থাকে।
নাচ গানৰ আলোচনাৰ সুযোগ লৈ গনেশৰ বাহন নিগনিটোৱে কাষতে পৰি থকা বুণ্ডিয়া লাড়ুটোৰ ফালে চুচুক চামাক কৈ আগবঢ়া দেখি গনেশে গৰগৰাই উঠিল “ছটু, লোভ সামৰি থ। পিছত একেলগে খাম। বেছি দেৰি নাই পালোহিয়েই আৰু।”
কাৰ্তিকে গনেশলৈ চাই কলে “দাদা, আজিকালি মোৰ দাম নোহোৱা হ’ল বুজিছে। ধুনীয়া ধুনীয়া ছোৱালীবোৰে দেখোন মহিষাসুৰৰ চুলি, বডী এইবোৰহে বেছি পচণ্ড কৰা হৈছে।”
গনেশে হাঁহি হাঁহি কলে “ফেশ্যন সলনি হৈ থাকে। এতিয়া মহিষৰ দিন। কলি কাল। সত্য যুগত আকৌ তোমাক লৈ পাগল হ’ব ভাইটি চিন্তা নকৰিবা।”
কথা বতৰাৰ মাজতে অঘটনটো ঘটি গল। ধূনা লৈ নাচি থকাজনে নচাৰ কোবত এপাকত ধূনা আহি দুৰ্গাৰ সিংহৰ চুলিত পৰিল। নিমিষতে জুইয়ে সিংহৰ হেয়াৰ ষ্টাইল নাইকীয়া কৰি পেলালে। মহিষে যিমান পাৰে ডিঙিটো বেকা কৰি নিজক বচাব ধৰিলে।
“পানী ঢাল। পানী ঢাল” চিঞৰবোৰ ভাঁহি আহিল।
দীপ আৰু ৰাজ পানী ঢলাত ব্যস্ত হৈ পৰিল। অলপ সময়ৰ পিছত জুই নুমাল যদিও মহিষৰ মোচকোছাৰ আধা জ্বলি গল। কাৰ্তিক, গনেশ সকলোৱে মহিষক চাৰ্লি মহিষ বুলি জোকাই হাঁহিব ধৰিলে। মহিষ খঙত ৰঙা পৰি গল। ইফালে দুৰ্গাই টকলা হৈ যোৱা সিংহটোক দেখি সান্তনা দিব ধৰিলে “লিঅ’ তুমি চিন্তা নকৰিবা। মই তোমাক ডক্টৰ বাট্রাৰ ওচৰলৈ লৈ যাম। সকলো ঠিক হৈ যাব।”

গোঁসানীৰ গাতো অলপ জুই লগা দেখি ৰাজহঁত চিৰিয়াছ হল অলপ। কাষত নাচি বাগি উৎপাত কৰি থকা মানুহবোৰ থেলি আঁতৰাই দিলে। তাৰ মাজৰে এটাই ৰাজক বেয়াকৈ চাই গালি পাৰিব ধৰিলে। ৰাজেও তাৰ বুকুত প্রচণ্ড থেলা এটা মাৰি পেলাই দিলে। সিও নিমিষতে উঠি ৰাজক এটা প্রচণ্ড গটা মাৰিলে। দীপ দূৰৰ পৰা দৌৰি আহিল। ৰাজে গটা খাই ভাবিলে “বহুদিনৰ পিছত কাঠে কাঠে পৰিছোঁ।” দুয়োটা এইবাৰ আগবাঢ়ি আহিল। নাচি থকা মানুহবোৰ অলপ সময়ৰ বাবে ৰৈ গ’ল।মহিষেও চকুৰ টিপ নমৰাকৈ চাই থাকিল। ইটো ল’ৰাই ৰাজৰ ফলে একেৰাহে অলপ সময় চাই চিঞৰি উঠিল “ৰাজ?”। ৰাজেও ভালকৈ চাই আনন্দত চিঞৰি উঠিল “চন্দন”।দুয়ো স্কুলীয়া বন্ধুৱে ইটোৱে সিটোক সাৱটি ধৰিলে। “হিন্দী চিচিচিনেমাৰ দৰে লাগিছে একবাৰে” দীপেও সিহঁত দুয়োটাকে সাৱটি কলে। দৰ্শক ৰাইজে একেলগে চিঞৰি উঠিল “জয় মা দুৰ্গা”। “জয়” সিহঁত কেইটাইও একেলগে চিঞৰি উঠিল। মহিষে বুজি পালে একো নহ’ব। সময় নষ্ট নকৰি সি মোচকোছাত টাও দিয়াত লাগিল।

গোঁসানী উটুৱাই তিনি স্কুলীয়া বন্ধু ভাগৰে জোগৰে আহি আছে।
“অই জেলেপী খাওঁ আহ। পূজাত জেলেপী খাব লাগে।” চন্দনে কলে।
জেলেপীৰ কথা শুনি ৰাজ এইবাৰ হোষ্টেলৰ দিনবোৰলৈ ঘূৰি গ’ল। সেইবাৰ কলেজত সিহঁতৰ শেষৰ বছৰ। নতুন বেটচ্ আহিছে হোষ্টেললৈ।পূৰ্ণোদ্যমে চিনা পৰিচয় ৰেগিং চলি আছে।
“তই বেয়া বস্তু কি খাৱ?” নতুনকৈ অহা ল’ৰা এটাক ৰাজে সুধিলে।
“বেয়া বস্তু মানে দাদা বিশেষ একো নাখাওঁ” ল’ৰাটোৱে তললৈ মূৰ কৰি কলে।
“ড্রীংকচ কৰ নেকি? মিছা কথা নক’বি। পিছত গম পালে কিন্তু খুব পিটিম।” ৰাজে কৃত্রিম খং দেখুৱাই কলে।
“অকেজনেলি কৰোঁ দাদা।” লৰাটোৱে কলে।
“ৰ’দ দিয়াটো এটা অকেজন আৰু বৰষুণ দিয়াটো এটা অকেজন ন? আৰু নিয়মীয়াকৈ কি খাৱ, চাধা?” ৰাজে হাঁহি হাঁহি সুধিলে।
“হয় দাদা চাধা ৰেগুলাৰলী খাওঁ।” ল’ৰাটোৱে মিচিক মাচাক হাঁহি কলে।
“আৰু ভাল বস্তু মানে মিঠাই কি ভাল পাৱ?” ৰাজে আকৌ সুধিলে।
“জেলেপী দাদা” ল’ৰাটোৱে উত্তৰ দিলে।
“ঠিক আছে তই তোৰ লগৰবোৰৰ সন্মুখত থকা অদৃশ্য থালবোৰত গৰম গৰম জেলেপী পৰিৱেশন কৰিব লাগিব। বহি লৈ পিছফালটো ঘূৰাই ঘূৰাই জেলেপী সাজিবি। আৰু মাজে মাজে ঘূৰি চাবি ভাল হৈছে নে নাই। আৰু হাত দুখনেৰে অনবৰত চাধা মাৰি থাকিবি।” ৰাজে কলে
ল’ৰাটোৱে লাজ লাজ কৈ বহি পিছফালটো ঘূৰাই ঘূৰাই জেলেপী সাজিব ধৰিলে।
“জেলেপী পৰিৱেশনৰ সময়ত চাধা মুখত ভৰাই লবি। মিহলি নকৰিবি চাধা আৰু জেলেপী।” ৰাজে সঁকিয়াই দিলে।
“ঠিক আছে দাদা।” লৰাটোৱে কলে।
“গৰম হৈছে নে নাই চা” ৰাজে আকৌ ক’লে লৰাটোক।
“গৰম গৰম জেলেপী লওক দাদা। পূজা স্পেচিয়েল।” দোকানৰ ল’ৰাটোৱে প্লেট তিনিখনত দুটা দুটা জেলেপী আনি ৰাজহঁতৰ সন্মুখত থোৱাত ৰাজ আকৌ ঘূৰি আহিল বাস্তৱলৈ।
জেলেপীটো হাতত লৈ সি সেই ল’ৰাটোৰ পাক কেইটা মনত পেলাই চন্দনক কলে ” পেটটোৱে মিছকল দি আছে। অই মই নাখাওঁ দে। তয়েই খা।”
“ঠিক আছে।” চন্দনে কলে।
ৰাজে সেই ল’ৰাটোৰ কথা মনত পেলাই দূৰলৈ চাই ভাবি থাকিল “সৌ সিদিনাৰ চাধা মাৰি জেলেপী সাজি থকা ল’ৰাটো আজি টাইৱানত চাকৰি কৰি আছে। নাজানো তাত সি কি জেলেপী সাজিব লগা হৈছে। সঁচাই জীৱনটো এটা জেলেপীৰ পাক। কোন ক’ত যাব লগা হয় একো ঠিক নাই।”

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments