জীৱন নাটত বক্তৃতা: ঈশান জ্যোতি বৰা

নাটকৰ জীৱন আৰু জীৱনৰ নাটক বিশেষ

জীৱন নাটত বক্তৃতা

ঈশান জ্যোতি বৰা

তেতিয়া মই তৃতীয় নে চতুৰ্থ শ্ৰেনীৰ ছাত্ৰ৷ খুৱ সম্ভৱ ১৯৯৭-৯৮ৰ কথা ৷ এদিন হেডছাৰে আহি শ্ৰেনীত ক’লেহি যে ওচৰৰ বাপুজী ভৱন পুথিভঁড়ালত এখন বক্তৃতা প্ৰতিযোগিতাৰ আয়োজন কৰিছে৷গতিকে আমি যোগদান কৰিব লাগে৷বিষয় আছিল: ভাৰতৰ স্বাধীনতা আন্দোলন (বিষয়টোৰ নাম ভালকৈ মনত পৰা নাই যদিও স্বাধীনতা আন্দোলনৰ ওপৰত যে আছিল সেইটো খাটাং)৷ মোৰ নামো দিয়া হ’ল প্ৰতিযোগীৰ তালিকাত৷ ঘৰতেই প্ৰস্তুতি চলিল পুৰাদমে৷ মা আৰু দেউতাই কাগজত কিবা-কিবি লিখি-মেলি দিলে ৷ লিখাখিনি মুখস্থ কৰি মোক বিচনাত উঠি বক্তৃতা দিবলৈ ক’লে ৷ মানে এক প্ৰকাৰৰ ৰিহাৰ্চেল বুলি ক’লেও ভুল নহয় ৷ লাহে লাহে প্ৰতিযোগিতাৰ দিনটো আহিল ৷ মঞ্চত উঠি বক্তৃতা দিলো ৷ দৰ্শক বহুত ৷ ছাত্ৰ-ছাত্ৰীয়ো বহুত আছিল ৷ বক্তৃতাত কি কৈছিলো এতিয়া মোৰ একো মনত নাই ৷ দেউতাই মাইকটোৰ পৰা অলপ আতঁৰত ৰৈ মোলৈ চাই আছিল ৷ নিৰ্দিষ্ট সময়ত মোৰ বক্তৃতা শেষ হ’ল ৷ যিমান বেছি নাৰ্ভাছ হ’ম বুলি ভাবিছিলোঁ সিমান ন’হলো ৷ পাছত গম পালো যে, প্ৰতিযোগিতাত মই পঞ্চম স্থান পাইছো ৷ কথাটো শুনি কিমান যে ভাল লাগিছিল বুজাব নোৱাৰো ৷ আবেলি পুৰস্কাৰ আনিবলৈ গ’লো দেউতাৰ লগতে৷ বিশিষ্ট ব্যক্তিৰ পৰা পুৰস্কাৰ লোৱাৰ সময়ত মই তেওঁক নমস্কাৰ দিবলৈ পাহৰি গ’লো৷ পুৰস্কাৰ লৈ উভটি আহোতে সভাত উপস্থিত থকা মোৰ ককাই ক’লে যে ‘সদায় এটা কথা মনত ৰাখিবি৷ পুৰস্কাৰটো লোৱাৰ আগমুহুৰ্তত সদায় পুৰস্কাৰ দিয়া মানুহজনক প্ৰথমে গৈ নমস্কাৰ দিবি৷ তাৰপিছতহে পুৰস্কাৰটো ল’বি ৷ বুজিছ ?’ মইয়ো ককাৰ কথাত সন্মতি দি মূৰ দুপিয়ালো৷
কিন্তু অতি দুখৰ কথা যে যিখন কিতাপ মোক পুৰস্কাৰ হিচাপে দিছিল, কিতাপখন হেৰাল৷ বৰ্তমান মোৰ লগত নাই৷ কাৰোবাক পঢ়িবলৈ দিছিলোঁ৷ ওভটাই নিদিলে আৰু৷বাৰু সি যি কি নহওক, মোৰ জীৱনৰ প্ৰথম বক্তৃতাটোৰ অভিজ্ঞতা কেতিয়াও পাহৰিব নোৱাৰিম৷ মোৰ বাবে সেইদিনটো এটা চিৰস্মৰণীয় দিন হৈ ৰ’ব৷ আজিও দিনটোৰ কথা মনত পৰিলে বহুত নষ্টালজিক হৈ পৰোঁ৷ এয়া যেন জীৱন নাটক এক সোণালী দৃশ্যাংশ হৈ মানসপটত ভাঁহি থাকে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments