জীৱন নাটৰ সংলাপ: দেৱব্ৰত গগৈ

নাটকৰ জীৱন আৰু জীৱনৰ নাটক বিশেষ

জীৱন নাটৰ সংলাপ

দেৱব্ৰত গগৈ

জীৱনটো নাটক। হয়নে বাৰু? হয় ,হয়। কিয় নহয় ? মাতৃ-গৰ্ভ নামৰ ছোঁ-ঘৰটোৰ পৰা ওলায়ে আমিবোৰ অভিনয়ত নামি পৰোঁ আৰু যেতিয়ালৈকে শশ্মান নামৰ ৰেষ্ট ৰূমটোত নোসোমাওগৈ তেতিয়ালৈকে আমি অভিনয় কৰিয়েই থাকোঁ, মুখত থাকে লাখ লাখ সংলাপ । ইয়াৰে কোনোবাটো দৰকাৰী, কোনোবাটো অদৰকাৰী।মঞ্চত থকা আন সহ-অভিনেতা বা অভিনেত্ৰীসকলেও অসংখ্য দৰকাৰী অ-দৰকাৰী সংলাপ কৈ থাকে।যিবোৰৰ কিছুমানে আমাৰ মনত দোল দি থাকে বহুদিনলৈকে। কেতিয়াবা এনেকুৱাও হয় যে নিজৰ প্ৰিয়জনৰ অনেক সংলাপ কাণত পৰি থাকে কিন্ত কোনোটোৱেই আমাৰ মনত নালাগে পিছে এদিনীয়া অভিনেতা এজনৰ এষাৰ সংলাপেই আমাৰ বাবে যথেষ্ঠ হয়, জীৱনটোক বুজিবলৈ, অলপমান নতুনকৈ চাবলৈ, ক্ষন্তেক ৰৈ ভাবিবলৈ —–

ক)

কলেজত পঢ়ি থকা সময়ৰ কথা । দেওঁবাৰৰ দিন এটাত পুৰণা বাতৰি কাগজ বিক্ৰি কৰি আছো । কাগজ কিনা বেপাৰীটোৱে কাগজবোৰ জুখি আছে । এনেতে দেউতাক লগ কৰিবলৈ অলপ আঁতৰৰ আলহী এজন আহিল । মোক ভাল বেয়া সুধিলে আৰু বেপাৰীটোলৈ চাই ক’লে– “ভালকৈ মন কৰি থাকিবা, ইহঁতে দহ কেজিৰ কাগজ পাঁচ কেজি কৰিব পাৰে।’’ মানুহজনৰ কথা শুনি বেপাৰীটোৱে আমালৈ চাই ক’লে – “বাবু, এনেকুৱা যাদু জানিলে মই ইমান কষ্ট কৰি পেপাৰ বিচাৰি ঘুৰি নুফুৰিলোহেঁতেন।’’

খ)

বেংক এটাত শাৰী পাতি আছোঁ। অসহ্যকৰ গৰম। আমনি লগাকৈ দীঘলীয়া শাৰী। কাউণ্টাৰৰ ভিতৰত বহি থকা মহিলা কৰ্মচাৰী গৰাকীৰ ৰূক্ষ ব্যৱহাৰে পৰিৱেশ আৰু বেয়া কৰি পেলাইছিল।তথাপিও সহ্য কৰি শাৰীত থিয় হৈ আছো আৰু প্ৰায় দুঘণ্টামানৰ মুৰত কাউণ্টাৰৰ খিৰিকীখনৰ ওচৰ পালোগৈ । মোৰ আগত প্ৰায় চল্লিশোৰ্ধৰ মানুহ এজন আছিল । তেখেতৰ কামটো শেষ হোৱাত আঁতৰিবলৈ লৈও পুনৰ ৰৈ গ’ল আৰু কাউণ্টাৰৰ ভিতৰত থকা বেংকৰ মহিলা গৰাকীক কোৱা শুনা পালোঁ- “মই পষ্ট অফিচত চাকৰি কৰোঁ আৰু কাউণ্টাৰত বহো আৰু বেলেগ অফিচৰ কাউণ্টাৰৰ বাহিৰত লাইন পাতো।আপুনিও অকল এইটো কাউণ্টাৰৰহে ভিতৰত থাকে, বাকীবোৰততো লাইনেই পাতে।আপোনাক যদি মই পষ্ট অফিচত এনেকুৱা বিহেভ কৰোঁ আপোনাৰ কেনেকুৱা লাগিবহে ?”

 

গ)

তেজপুৰলৈ গৈ আছিলোঁ । বাটত নগাঁওৰ আমনিত গাড়ীখন ৰখাই চাহ একাপ খাও বুলি হোটেল এখনত সোমালোঁ । পুৱাৰ সময়, সেয়ে হোটেলখনত মানুহৰ সমাগম সেৰেঙা আছিল। চাহ আৰু মিঠাই এটাৰ অৰ্ডাৰ দিলোঁ। অলপ পাছত গানৰ কলি এটা গুণ গুণাই ল’ৰা এটাই ফুৰ্তি মনেৰে চাহ কাপ দিলেহি আৰু ধুনীয়া হাঁহি এটাৰে মোক সুধিলে – “দাদা কি মিঠাই খাব ?” মই মিঠাই থকা আলমীৰাটোলৈ চাই কিবা ভাল মিঠাই এটা আনিবলৈ ক’লোঁ । ল’ৰাটোৱে পুনৰ হাঁহি মুখেৰে আহি মোক মিঠাইটো দিলেহি  ল’ৰাটোৰ ব্যৱহাৰে মোক অলপ আৰ্কষণ কৰিলে । সেয়ে তাক ঘৰ ক’ত সুধিলোঁ । তিনিচুকীয়া জিলা কাকপথাৰত বুলি ক’লে । মই অলপ আচৰিত হৈ সুধিলো – “ইমান দুৰৰ পৰা ইয়াত কাম কৰিবলৈ আহিছা?” ল’ৰাটোৱে মোলৈ অলপ সময় চাই ৰ’ল আৰু মুখৰ হাঁহিটো আৰু অলপ ডাঙৰ কৰি মোক হোটেলৰ মালিকৰ ফালে দেখুৱাই ক’লে –“ দাদা আমাৰ এই মালিকটো উত্তৰ প্ৰদেশৰ হয়, সেই ৰান্ধনিটো বিহাৰৰ হয় আৰু ই (কাষৰ টেবুলখন চাফা কৰি থকা ল’ৰাটোৰ ফালে দেখুৱাই)শিলিগুৰিৰ হয় । ইহঁত অসমৰ বাহিৰৰ পৰা আহি যদি ইয়াত কাম কৰিব পাৰে তেন্তে মইনো কাকপথাৰৰ আহি ইয়াত কাম কৰিলে কেলেই ইমান আচৰিত হব লাগে ? অকল আপুনিয়েই নহয় বেলেগ মানুহো আচৰিত হয়”।
ঘ)

কৰ্মসূত্ৰে চিনাকী আৰতি বৌ অলপ নাভাৰ্ছ হৈ আছে। লগতে বিপুলদাও। হ’বৰে কথা।কাৰণ তেওঁলোকৰ যে অহা এমাহৰ পাছতে দুজনীয়া সংসাৰখন বাঢ়ি গৈ তিনিজনীয়া হ’বগৈ। আৰতি বৌৰ ডাক্তৰ ভিনীয়েকে নিশ্চিত হৈ কৈছে যে বৌৰ নৰ্মেলেই হ’ব৷ বৌয়ে কিন্ত নামানে, কাৰণ নৰ্মেল মানেই যে পেইন, অসহ্যকৰ বিষ! আগতে সেই বিষয়টোৰ সোৱাদ নাপালে কি হ’ব? যোৱা সাত মাহে আৰতি বৌৰ দুয়োজনী বায়েকে নিজৰ ভাগৰ একেসোপা কাহিনীকে কৈ কৈ বৌৰ নোহোৱা বিষটোও হোৱা কৰি দিছে। তেনে এটা দিনতে বৌৰ খবৰ এটা কৰিবলৈ গ’লো। সেইদিনা গাঁৱৰ ঘৰৰ পৰা বৌৰ আইতাকও আহিছিল। যথাৰীতি বৌৰ কথাবোৰেই ওলাল। মানে, কোনো কিন্ত নাই, বৌয়ে ছিজাৰিন অপাৰেচনেই কৰাব। বিপুলদাক সাৱধান কৰি দিছে যাতে নৰ্মেলৰ কথা নুলিয়াই।বৌৰ মাক আলসুৱা নুমলীয়া জীয়েকৰ ফালে। দেউতাকক মাত্ৰ নাতি লাগে। নৰ্মেল কি, ছিজাৰিন কি এইবোৰ একো নাজানে তেখেতে। আলোচনাবোৰ আইতাকে শুনি আছিলে। অলপ পাছত মোক চেপা মাতেৰে কাষলৈ মাতি নিলে আৰু ক’লে –“দেখিছা, এটা পাবলৈ লওতেই এনেখন, পোৱতীয়ে বিষৰ সোৱাদ নাপালে কিহৰ কেঁচুৱাৰ মাক হ’ব হে? এতিয়া সেই পকা কঠাল ফলাদি পেটতো ফালি মানুহ পোৱালিটো উলিয়াই আনিব।আমাৰ দিনত আমিবোৰে হাঁহৰ কণী পৰাদি পাৰিছিলো বুজিছা?”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক