জীৱন… (নিজস্ব দৃষ্টিভংগীৰে) (আব্দুছ ছাজিদ)

জীৱন… তিনিটা আখৰৰ সমষ্টি৷ জীয়াই থকাৰ প্ৰবৃত্তিমূলক ইচ্ছাই জীৱন৷ জীৱন মানেই সংগ্ৰাম৷ এক ক্ষমাহীন, নিৰ্মম, অবিৰত সংগ্ৰাম৷ সহজ বুলি ভবা হয় যদিও জীৱন-সংগ্ৰাম ইমান সহজ নহয়৷ কঠোৰ যুদ্ধ দিবলগীয়া হয় মানুহে উন্নতিৰ শীৰ্ষত আৰোহণৰ উদ্দেশ্যে৷ মনোবল, ধৈৰ্য, সাহস, দৃঢ়তা, বুদ্ধিমত্তাই হ’ল ইয়াৰ সাৰথি৷ পিঠিত চপৰিয়াই কোনোবাই সঁচা মৰমৰ মাতেৰে শুনোৱা আশাৰ বাণীয়ে প্ৰেৰণা৷

জীৱন-যুদ্ধত মানুহৰ জয়-পৰাজয় থাকিবই৷ পৰাজয় বিমুখতাৰ কাৰক নহয়৷ সেইদৰে কৃতকাৰ্যতাই প্ৰচেষ্টাৰ একমাত্ৰ মাপকাঠিও নহয়৷ সমস্যাৰ সন্মুখীন হ’বলৈ শিকাটোতহে সাহস লুকাই থাকে, পলায়নত নহয়৷ মানুহৰ প্ৰবল ইচ্ছাশক্তিৰ আগত কোনো ধৰণৰ বাধাই তিষ্ঠি থাকিব নোৱাৰে৷ চেষ্টাৰ ত্ৰুটী নহ’লে কোনো প্ৰচেষ্টাই সমাদৰ নেহেৰুৱায়৷ মানুহৰ আনন্দ সাফল্যত নহয়, প্ৰচেষ্টাতহে৷ মন, বুদ্ধি, চিত্তক শুদ্ধ কৰি ৰাখি সেই শুদ্ধ মন, বুদ্ধি আৰু চিত্তৰে অন্তৰ বিশুদ্ধ কৰি জীৱনৰ কৰ্মক্ষেত্ৰত সাহস, ধৈৰ্য আৰু আন্তৰিকতাৰে অগ্ৰসৰ হ’লে জয় সদা-নিশ্চিত৷ সহজ কাম কৰি কোনেও জীৱনত একো ডাঙৰ কাম বা বিশেষত্বপূৰ্ণ একো কৰিব নোৱাৰে৷ সময়েও মানুহক সদায় ভাল লগা বস্তুবোৰকে উপহাৰ দি নাথাকে৷ অৱধাৰিতভাৱেই যৌৱনৰ ভোগৰ শেষত আহে বাৰ্ধক্য৷ নিবিচৰাকৈয়ে এদিন আহে মৃত্যু৷ লগে লগে এটা জীৱনৰ সময়ৰ পৰা অৱলুপ্তি৷ কিছুমান মানুহৰ মৰণোত্তৰ জীৱনো নথকা নহয়৷

মানুহ যিমানেই সংগ্ৰামী হয় সিমানেই সজ গুণ আয়ত্ত কৰে৷ নিজৰ ওপৰত নিৰ্ভৰ কৰি যিদিনা জীয়াই থকাৰ সংগ্ৰাম আৰম্ভ কৰা যায় সিদিনাহে জীৱনৰ প্ৰকৃত অৰ্থ উপলব্ধি কৰিব পাৰি৷ ‘জীৱনক ভয় নকৰোঁ’ বুলি দৃঢ় হৈ সাহসেৰে জীয়াই থাকিব পৰাজনহে প্ৰকৃত মানুহ৷ এজন মানুহ প্ৰকৃত সভ্য, বৌদ্ধিক, সংস্কৃত হ’বলৈ হ’লে কিছুমান সৰলতা তথা সহজলভ্য আনন্দ ত্যাগ কৰিবই লাগিব৷ সহজাত প্ৰতিভাক জীয়াই ৰাখি তাৰ সৈতে কঠিন পৰিশ্ৰম আৰু দৃঢ়তা যোগ দিলে জীৱনত সফলতা আহিবই৷ দুঃসাহসী আৰু তেজস্বী গুণে মানুহক সফলতাৰ দুৱাৰডলিত থিয় কৰোৱায়৷ শ্ৰম, সাধনা কেতিয়াও অথলে নাযায়৷ সঁচা শ্ৰম ফলৱতী হওঁতে কিছু সময় লাগে৷ সেইখিনিতে মানুহক অকণমান ধৈৰ্যৰ প্ৰয়োজন৷

জীৱনটোক উপভোগ কৰিব জনাটো এটা ডাঙৰ কথা৷ কেৱল খাই-শুই, আনন্দ-উপভোগ কৰি জীয়াই থকাটোৱেই জীৱনৰ লক্ষ্য হোৱা অনুচিত৷ আনক শোষণ কৰি, দুৰ্নীতিৰে টকা-পইচা ঘটি, গাড়ী-ঘৰ কৰিব পৰাটোকেই সফল জীৱন নোবোলে৷ জীৱনৰ লক্ষ্য হ’ব লাগে নিজকে মহান ৰূপত গঢ়ি তোলা৷ এইখিনি কৰিবলৈ যাওঁতে মানুহে বৰ্ণনাতীত তথা অকল্পনীয় কষ্ট আৰু ত্যাগৰ সন্মুখীন হ’বলগীয়া হয়৷ কোনো মহান প্ৰাপ্তিৰ বাবে নিজকে ক্ষুদ্ৰ ৰূপলৈ মানসিক আৰু শাৰীৰিকভাৱে ৰূপান্তৰিত কৰিব লাগে৷

জীৱন কোনো অদৃশ্য শক্তিৰ দ্বাৰা প্ৰতিপালিত নহয়৷ আমাৰ নিজৰ ইচ্ছাশক্তি, কৰ্ম তথা অধ্যৱসায়ৰ দ্বাৰাহে প্ৰতিপালিত৷ মানুহৰ জীৱনত দুখ-বেদনাৰ সাগৰ আছে৷ তাতেই সুখ-আনন্দৰ মণি-মুকুতাও আছে৷ বেদনাক সৃষ্টিৰ আনন্দলৈ ৰূপান্তৰিত কৰিব জানিলেহে জীৱনৰ প্ৰকৃত অৰ্থ, প্ৰকৃত ৰস পোৱা যায়৷ দুখ-সাগৰত বুৰ মাৰি সুখৰ মাণিক বুটলিবলৈ মানুহ সক্ষম হ’বনে নহ’ব সেইটো নিৰ্ভৰ কৰে মানুহৰ দৃষ্টিভংগীৰ ওপৰত, জীৱন-দৰ্শনৰ ওপৰত৷

তেনেহ’লে জীৱনক কেনেকৈ অৰ্থপূৰ্ণ আৰু উপভোগ্য কৰা যায়?

একমাত্ৰ কামেই মানুহৰ জীৱনটো সহনীয় আৰু অৰ্থবহ কৰি তুলিব পাৰে৷ প্ৰেমময় কৰ্মৰে মানুহে এখন সুন্দৰ পৃথিৱী গঢ়ি তুলিব পাৰে৷ কৰ্মৰ জৰিয়তে ধৰি ৰখা সময়ৰ দীঘল আঙুলিৰে মানুহে সোঁৱৰণিৰ সোণালী আখৰ লিখি থৈ যাব পাৰে, পৃথিৱীলৈ অহাৰ চিন থৈ যাব পাৰে৷ ‘মই মোৰ যোগ্য নতুন পুৰুষৰ যোগ্য পুৰণি পুৰুষ’ বুলি একালত বুকুত হাত দি বিনাদ্বিধাৰে ক’বলৈ হ’লে মানুহে জীৱনক বুজি পাব লাগিব ‘নতুন পুৰুষ’ হৈ থকা অৱস্থাতে আৰু আত্ম-উপলদ্ধি কৰিব লাগিব এই বুলি… যেতিয়া মই পৃথিৱীলৈ আহিছিলোঁ তেতিয়া মই কান্দিছিলোঁ, ওচৰ-চুবুৰীয়াই হাঁহিছিল; জীৱনত মই এনে কাম কৰিব লাগিব যাতে মই পৃথিৱী এৰি গুচি যোৱাৰ পিচত কেৱল ওচৰ-চুবুৰীয়াই নহয়, সকলোৱে হিয়া ঢাকুৰি কান্দে আৰু মই যাব পাৰোঁ হাঁহি হাঁহি৷

**************************

“যব তু আয়ে জগ মে, লোগ হাঁছে তু ৰ’য়ে

এইছি কৰণি কৰ্‌ ছ’লো, কি তু হাঁছে লো্গ ৰ’য়ে”।। (কবীৰৰ দোহা, সংগ্ৰহ: প্ৰতিম প্ৰতাপ বৰুৱা)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments