জীৱন বাটত (সত্যজিৎ কাকতি)

(এক মিনিটৰ গল্প)

বন্ধুৰ ট্ৰেজেদি দিনক দিনে বাঢ়িহে গৈছে।সচাঁয়তো সি দুখীয়া।দেউতাকে চাৰিবিঘা মাটি আধি লৈ খেতি কৰে।খুব কষ্টেৰে নিজৰ ল’ৰাক কলেজত পঢ়ুৱাইছে।আমাৰ আই বোপাইবোৰে ভাবে চাগে, বি এ পাছ কৰিলেই চাকৰি এটা পাবই।বি এ পাছ কৰালৈকে কেইজনীৰ ঠগন খাব লাগে অ? অ সিঁহতৰ লগত প্ৰথমে হোটেল ৰেষ্টোৰেণ্টৰ বিল তাৰ পাছত মোবাইলৰ ৰিচার্জ। মুঠৰ ওপৰত খৰচ আৰু টেনচন।মই গম পাওঁতো।গাঁৱত থাকোতে এজনীয়ে কলিজাখন সাতখন আঠখন কৰি থৈ গ’ল।তাৰ পাছৰ পৰা যেনিবা ৰাম নাম সত্য ভাই।
বন্ধুৰ যেনিবা এটা ভাল গুন আছিল।সি মদ্যপান কদাপিও নকৰিছিল।অৱশ্যে বিশেষ দিনত দুই-এপেগ দিয়ে।ৰঙাটো কক কলা বুলিহে গিলে।
এফালে বৰষুণজাক আনফালে তাৰ দুখ সপ্তম পাইছেগৈ।আনকালে যে সি তাইৰ লগত ৰামলীলা কৰি থাকে।
মই এদিন তাক কৈছিলোঁ, “চা ভাই,ভাই বুলিয়েই কৈছোঁ এই গালফ্ৰেইন্দ জাতীয় বস্তুবিধে আমাক টমেতৌ চচ বুলিয়েই ভাবে।মৰম নামৰ নুডেলৰ সৈতে চচ সানি খাই মজা লৈ থাকিব পাছত যেতিয়া মার্কেটলৈ অলপ স্পেচিয়েল এটা আহিব তোমাক আৰু আধাতে এৰি এৰেহা কৰি থৈ যাব।”
সি দেৱদাসে তপৰাই উত্তৰ দিছিল, “মই তাইক সচাঁ ভাল পাওঁ অ।তাইয়ো পায়।আৰু সঁচা ভালপোৱাত এইচব নাথাকে।”
:হ’ব দে থাক।তাক নিৰাশ কৰাৰ ইচ্ছা নাই।প্ৰেমত পৰি হাবু-ডুবু খাবলৈ বহুত বাকী আছে তাৰ।
-মই সঁচাকে মৰি থাকিম।
-ৰ’ মই ৰচী এডাল যোগাৰ কৰি দিছোঁ।
-তই দোস্ত নে দোচমন?
-দোস্ত কাৰণেই সহায় কৰিবলৈ লৈছোঁ।
কথাবোৰ ধেমালীৰ দৰেই হৈ থকা হ’লেই ভাল আছিল।কিন্তু সময়ে নিলয়ক হৰুৱাই দিলে।সি বি এ পঢ়িবলৈ আহি প্ৰেমত পৰিবলৈ শিকিছিল।তাৰ পাছত মাক বাপেকক মিছা অজুহাত দেখুৱাই টকা হস্তান্তৰ কৰিবলৈ শিকিছিল।তাৰ পাছত এদিন চিগাৰেট হুপিছিল।এদিন বিয়েৰ।টকা কমি গ’লত এদিন চুলাই।তথাপি দুখবোৰ কমি যোৱা নাছিল।
দুটা চিমেষ্টাৰৰ পৰীক্ষা দিব নোৱাৰিলে সি।বিমোৰ আৰু দুচিন্তাৰ পৰা সি মুকলি হ’ব পৰা নাছিল।
“প্ৰেম প্ৰেৰণাৰ প্ৰতীক” কথাষাৰ চকুৰ আগতে সলনি হোৱা হৈ।”প্ৰেম ধবংসৰ আলিঙ্গনহে” হৈ পৰিছে।
সেইদিনা সি একেবাৰে আঁতৰি গৈছিল।সি জানো সঁচাকৈয়ে দুখৰ পৰা মুক্তি পালে।মাকে তাইৰ শৱটো আগত লৈ গালি পাৰিছিল।দেউতাকেকৈছিল, “এইটো মোৰ ল’ৰা হ’বই নোৱাৰে।লৈ যোৱা ইয়াক চকুৰ আগৰ পৰা”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments