জীৱন, ব্ৰহ্মাণ্ড আৰু বাকী চব (৮) (উদ্দীপ তালুকদাৰ)

(আচলতে অক্ষয় কুমাৰৰ প্ৰথম মাষ্টাৰচেফৰ প্ৰোগ্ৰাম ব্ৰ’ডকাষ্ট কৰোঁতে পৃথিৱীৰপৰা ওলাই যোৱা টিভিৰ ছিগনেল এতিয়াহে বেদনা-২৩৪ পাইছেগৈ। গতিকে তাত এতিয়া প্ৰতি সপ্তাহে নতুন নতুন ভাৰতীয় খানা ওলাই থাকে। অনন্ত আৰু মাকে প্ৰথমেই চিঙৰা একোটাকৈ খাই ল’লে।)
এইবাৰ কোনো এণ্টিক্লাইমেক্স নাই। সঁচা-সচিকৈয়ে অনন্ত, খ্ৰীংকো, অনন্তৰ মাক আৰু পাৰ (মানে সেই বান্দৰৰ দৰে ৰবটটো, কিয় বাৰু? কিয় বাৰু? কিয় বাৰু? কিয় বাৰু বাৰে বাৰে মোৰ এনেকুৱা লাগে যে আপোনালোকে পাৰৰ নামটো মুঠেও মনত নাৰাখে? বেলেগ এটা নাম দিও নেকি? এনেয়ে সি ৰঞ্জিত বুলি মাতিলেও ভাল পায়। মই হে সেইটো নাম তাক দিয়া নাই!)) সঁচা-সচিকৈয়ে জাঁপ মাৰি পৰিল বেদনা-২৩৪ নামৰ গ্ৰহটোত। গ্ৰহটো পৌৰজগতৰ ৩৩ নম্বৰ গ্ৰহ। এই পৌৰজগতত মুঠতে ৯১ ± ১২ টা গ্ৰহ আছে। এই ১২টাৰ কাৰবাৰটো হৈছে এনেকুৱাঃ এই ১২টা বেদনা-২৩৪ৰ বিজ্ঞানীৰ মতে গ্ৰহ নহয়, ধূমকেতুৰ দৰেহে। কিন্তু তাৰে ১২টাৰ এটাত থকা প্ৰাণীজগতে ভাবে সিহঁতহে আচল গ্ৰহ, বাকীবিলাক ধূমকেতু। গতিকে তেওঁলোকৰ মতে পৌৰজগতত মুঠতে গ্ৰহ ১২ টা, বাকীবিলাক চব ধূমকেতু! সেই লৈ ব্ৰহ্মাণ্ড গ্ৰহ বিশ্বকোষক কেইবাবাৰো চিঠি লিখালিখি কৰা হৈছে (প্ৰতিবাদ আৰু বন্ধৰ কথা জানিবা নকলোৱেই।), কিন্তু কোনো কামত অহা নাই। লাভৰ মূৰত এই ১২ টা গ্ৰহত বছৰেকত ৩৫৬ দিনেই বন্ধ চলি থাকে। ইয়াৰে ১০টাত আকৌ কোনো প্ৰাণী নায়েই। কিন্তু বাকী দুটাৰ প্ৰতিবাদকাৰী দলবিলাকে বন্ধ দিলে, এই ১০টাৰ নামো সাঙুৰি দিয়ে। জনপ্ৰাণহীন গ্ৰহকেইটাৰো বন্ধ পালন কৰাত কোনো হেমাহি নাই। বেদনা-২৩৪ক শক্তিৰ যোগান ধৰা গ্ৰহটোৰ নাম পূৰ্য্য। (সাহিত্যৰ বৰ্ণাশুদ্ধি কমিটিয়ে যদি ওপৰৰ পৌৰজগতটো সৌৰজগতলৈ শুদ্ধ কৰি দিছিল, তেন্তে অনাহক কষ্ট দিয়াৰ বাবে মই দুঃখিত। সেইটো আপুনি অনুগ্ৰহ কৰি পৌৰজগত কৰি দিয়ক।) এই পূৰ্য্যৰ এটা ডাঙৰ লেঠা আছে। সি পাঁচ মিনিটৰ মূৰে মূৰে টুপকৈ ডাঙৰ হৈ আকৌ সৰু হৈ যায়। সেইকাৰণে বেদনা-২৩৪-ত এবাৰ ভুমুককৈ গৰম লাগে, আকৌ অলপ পাছতে টুপুককৈ ঠাণ্ডা লাগি যায়। সেইটোৰ কাৰণে অৱশ্যে বিশেষ কোনো অসুবিধা নাই, বেদনাবাসীয়ে সদায় গাত এটা ফুটা ছূৱেটাৰ পিন্ধি থাকে। ঠাণ্ডাৰ সময়খিনিত ছুৱেটাৰটোৱে উম দিয়ে, গৰম সময়খিনিত ফুটাকেইটাৰে হাৱা সোমাই গাটো ঠাণ্ডা কৰে। ইয়াৰ বাহিৰে বেদনা-২৩৪ আমাৰ পৃথিৱীৰ দৰেই।

আমাৰ চাৰিজনে গৈ নামিল বেদনাৰ ৰাজধানী চহৰ অতিমাত্ৰাবেদনাৰ জে’লৰ সন্মুখত। জে’লৰ সন্মুখৰ ৰাস্তাটোৰ ফুটপাথতে ওলালগৈ চাৰিও। ৰাস্তাত তেতিয়া বেদনাবাসীৰ ভীৰ। ফুটপাথৰ কাষৰ দোকানবিলাকৰ দোকানীয়ে মানুহ মাতিবলৈ বিভিন্ন ধৰণে চিঞৰ-বাখৰ কৰিছে। আটাইতকৈ বেছি ভীৰ হৈছে মাংসৰ চিঙৰা বেচা দোকানখনত। চিঙৰা বিধৰ নাম দিয়া হৈছে অক্ষয় চিঙৰা। আচলতে অক্ষয় কুমাৰৰ প্ৰথম মাষ্টাৰচেফৰ প্ৰোগ্ৰাম ব্ৰ’ডকাষ্ট কৰোঁতে পৃথিৱীৰপৰা ওলাই যোৱা টিভিৰ ছিগনেল এতিয়াহে বেদনা-২৩৪ পাইছেগৈ। গতিকে তাত এতিয়া প্ৰতি সপ্তাহে নতুন নতুন ভাৰতীয় খানা ওলাই থাকে। অনন্ত আৰু মাকে প্ৰথমেই চিঙৰা একোটাকৈ খাই ল’লে। পইচা খ্ৰীংকোৱেই দিলে। এইখিনি সময় খ্ৰীংকোৱে ষ্ট্ৰেটেজি বনালে। কাৰাগাৰৰ দুৱাৰমুখত কোনো দুৱৰী-চুৱৰী নাই। গতিকে সোমোৱাটো সিমান টান কাম নহয়। বেদনাত আচলতে মন জে’লত চাৰি দিনমান থাকি আহিব পাৰি। আমাৰ দৰে জে’লৰ ভাত খাবলৈ চুৰি-ডকাইতি-হত্যা-দুৰ্নীতিৰ দৰে টান টান কাম কৰাৰ কোনো দৰকাৰ নাই। অৱশ্যে সোমাবহে পাৰি। লেঠাটো লাগে ওলাওতেহে। ওলাই অহা দুৱাৰমুখতে চাৰিটা প্ৰকাণ্ড প্ৰকাণ্ড আৰু এটা আমাৰ মেকুৰীজনীমান সৰু ৰবট। আটাইকেইটাই ভিতৰলৈ চাই থাকে। কোনোবা ওলাই অহা দেখিলেই ‘ঠিচিউ’ ‘ঠিচিউ’কৈ গুলী মাৰে। গতিকে ওলাই আহিব নোৱাৰি। (ভিতৰুৱা খবৰমতে, ৰবটকেইটা সজা কোম্পানীটোৱে গৃহমন্ত্ৰীক ঘোচ-ঘাচ দি কামটো লৈছিল। কিন্তু চাকৰি কৰা ইঞ্জিনীয়াৰক দৰমহা দিছিল একেবাৰে কম। সেইবাবে প্ৰথমে টানত পৰি সোমালেও চব ইঞ্জিনীয়াৰে সোনকালেই চাকৰি বাদ দি বেলেগ কোম্পানীলৈ গুচি গৈছিল। তেনেকৈ কোনেও মনপূতি কাম নকৰাৰ বাবে প্ৰায় দুশজন ইঞ্জিনীয়াৰ বাগৰি যিকেইটা ৰবট ওলাল, সেইকেইটাই গুলী মাৰিব পাৰিলেও দেখা এফালেহে পায়। গৃহমন্ত্ৰীয়ে উপায় নাপাই, ৰবটকেইটাক দুৱৰী কৰি দেশৰ আইনকে সলাই পেলালে যে ইচ্ছা কৰিলেই মানুহ জে’ললে যাব পাৰিব। এনেকৈ বৃহৎ ৰবট কেলেংকাৰীটোৰ কথা কোনেও ফুটকে নাপালে!)

খ্ৰীংকোৰ ষ্ট্ৰেটেজী হ’ল তেওঁলোক দুটা দল হ’ব। এটাত সি আৰু অনন্ত। আনটোত থাকিব মাক আৰু পাৰ। প্ৰথমে সিহঁত দুয়ো জে’ললৈ সোমাই  গৈ ভগৱানক বিচাৰিব। তাৰে অলপ পাছত মাক আৰু পাৰ সোমাব। গৈ তেওঁলোকে অনন্ত আৰু খ্ৰীংকোক বিচাৰিব। তাৰ পাছত ভগৱানক লৈ একেলগে চাৰিওজনে ওলাই আহিব। খ্ৰীংকোৱে ষ্ট্ৰেটেজীটোৰ এটা নামো দিলে—‘আঁচনি হে প্ৰভু!’
অনন্তই সুধিলে—’আঁচনি কিয়?’
: তোমালোকৰ অসমত আঁচনি দেখি দেখি মোৰ মন গৈ আছিল। সেই কাৰণে।
: ওলাই আহোঁতে যেতিয়া ৰবটকেইটাই গুলীয়াব, তেতিয়া কি কৰিম?
: সেইটো সময়ত দেখা যাব।
: ‘বাৰু!’ খ্ৰীংকোৰ আঁচনি দেখি ইয়াতকৈ বেছি কিবা ক’বলৈ অনন্তৰ সত্‌ নগ’ল। মাক লগে লগে মান্তি হ’ল। পাৰে আঁচনি শুনি মূৰটো ঢপ্‌কৈ তললৈ পেলাই এটা দীঘল হুমুনিয়াহ কাঢ়িলে মাত্ৰ। হয়, নহয় একো উত্তৰ নিদিলে। সি জানেই কিবা কৈও লাভ নাই। ‘আঁচনি হৈছেই যেতিয়া!’

ৰাইজে এটা কথা মন কৰিছে কিজানি। অনন্তৰ মাক একেবাৰে ‘কুল’ টাইপৰ। এই যে ইমানবিলাক কাণ্ড ঘটি আছে, সেইবিলাক এতিয়াও অনন্তই বিশ্বাস কৰিব পৰা নাই। কিন্তু মাকৰ কোনো অসুবিধাই নাই। কিয়? কথাটো মোৰো মনলৈ আজিহে আহিল। মাককে সুধিলো, “বোলো খুৰী!” চিঙৰা খাই উঠি সেলেঙী লগাই খোৱা তামোলখনৰ এমোকোৰা পিক বেদনা-২৩৪-ৰ ৰাস্তাত বিসৰ্জন দি মাকে উত্তৰ দিলে,
: কি হ’ল অ’?
: এই যে আপুনি পৃথিৱীৰ বাহিৰত ঘূৰি ফুৰিছে, ইমানবিলাক পৃথিৱীৰ বাহিৰৰ প্ৰাণী মানে যাক ইংৰাজীত এলিয়েন বুলি কয়, লগ পাই আছে, দেখি আছে, আপুনি দেখোন অলপো আচৰিত হোৱা নাই। কিয়?
: উৱা! ইয়াত আকৌ আচৰিত হ’বলগীয়া কি আছে?
: কিয় নাই? ইমান দিনে মানুহে ভাবি মৰিছে পৃথিৱীৰ বাহিৰত প্ৰাণী আছে নে নাই। আনকি বিজ্ঞানীসকলৰো বেলেগ বেলেগ মত। আৰু আপুনি এইবিলাক চব দেখি-শুনিও আচৰিত হোৱা নাই যে?
: পৃথিৱীৰ বাহিৰত প্ৰাণী আছে নে নাই সেইটো বিজ্ঞানীসকলে কিয় ভাবি মৰিছে। পৃথিৱীৰ বাহিৰত প্ৰাণী আছেই।
: আছেই! আপুনি আগতেই জানে?
: অ’তো!
: ‘হা!’ মোৰ মুখখন মেল খাই ৰবাব টেঙা এটা সোমাব পৰা হৈ গ’ল। কোনোমতে সেপ ঢুকি আকৌ সুধিলো—’কেনেকৈ জানে আপুনি?’
: কিয় আমাৰ ধৰ্মৰ কিতাপতে লিখা আছে দেখোন।
: ধৰ্মৰ কিতাপত? (মই আকাশৰপৰা পৰিলো।)
: অ’তো। এই যে ভগৱান, সেইজনা ক’ত থাকে?
: ক’ত থাকে? (ময়ো নাজানো!)
: ময়ো নাজানো। কিন্তু পৃথিৱীত নাথাকে। গতিকে পৃথিৱীত নাথাকিলে ভগৱানবিলাক পৃথিৱীৰ বাহিৰতে ক’ৰবাত থাকে। তাৰ মানে পৃথিৱীৰ বাহিৰত প্ৰাণী আছেই।
: !! (কিনো ক’ম আৰু!!)
: ‘এইখিনিকে নাজান আৰু গল্প লিখিবলৈ আহিছ?’ অনন্তৰ মাকে সৰু-সুৰা ধমকি এটাই দিলে মোক। মই উপায় নাপাই থোতা মুখ ভোঁতা কৰি গুচি আহিলো। সিফালে অনন্ত আৰু খ্ৰীংকো জে’লত সোমালেই। মই অহাৰ পাছত মাক আৰু পাৰো সোমাই গ’ল।

আগতেই কৈছোঁ জে’লত সোমোৱাত কোনো বাধা নাই। চাৰিওটা ৰবটে ভিতৰৰ ফালে মুখ কৰি ঠিয় দি আছিল। মাক আৰু পাৰ গুজং গুজুংকৈ ভিতৰলৈ সোমাই গ’ল। তেনেতে মাকৰ কিবা এটা মনত পৰিল। তামোলৰ হাঁচটিখন কিজানি সেই অক্ষয় চিঙৰাৰ দোকানতে এৰি আহিলে। তাকে ঘূৰাই আনিবলৈ বুলি ওলাই আহিব খোজোতেই মেকুৰীৰ দৰে ৰবটটোৱে খটং খটঙকৈ খেদি আহিল।

‘হেই এইটো! চুঃ চুঃ’ মাকে ৰবটক খেদিলে। ‘যা ঐ! জহনীত যোৱাটো! চুঃ চুঃ!’ নাই ৰবটটোৱে নেৰে। বাৰে বাৰে জাঁপ মাৰে। ‘কি আপদ ঐ এইটো! বুঢ়ী মাৰক চিনি পোৱা নাই! এক থাপৰত হাবিলংকা পাবিগৈ!’ সঁচাকৈয়ে এবাৰ সুবিধাত পাই মাকে ৰবটটোক ভাল ঢকা এটা দিলে। ঢকা খাই ৰবটটোৱে কু-কুৱাই উভতি দৌৰ মাৰিলে। কুকুৰ খেদা অভ্যাসমতে ফৰ্মুটি এডাল দলিয়াবলৈ হাতৰ ওচৰতে একো নাপাই, মোনাখনতে কিবা পাই নেকি চাবলৈ হাত সুমুৱালে। অ’ তামোলৰ হাঁচটিখন দেখোন মোনাটোৰ ভিতৰত! যি নহওঁক। ফৰ্মুটিৰ কথা সমূলি পাহৰি তামোলৰ হাঁচটিখন থান-থিত লগাই ভালদৰে সুমুৱাবলৈ ধৰোঁতেই বাকলি এৰুৱাই থোৱা গোটা তামোল এটা পৰি বাগৰি গ’ল। বাগৰি বাগৰি পালেগৈ প্ৰকাণ্ড ৰবট এটাৰ কাষ। ৰবটটোৱে গুলীয়াবলৈ ছেগ চাই আছিল। আচলতে কথাটো মিছা! সেই কোম্পানীটোৰ ইঞ্জিনীয়াৰ এজনে ৰবটটোৱে গুলীওৱাৰ আগতে মেনেজাৰৰ নামত যাতে এশ পয়ত্ৰিছটা বেয়া গালি পাৰে, তাৰে প্ৰ’গ্ৰাম এটা সুমুৱাই থৈ গৈছিল। পাছৰ ইঞ্জিনীয়াৰকেইজনে সেইটো বুজিছিল যদিও ঠিক মুঠেই নকৰিলে। বৰং নিজৰ ভাগৰ পৰা আৰু কেইটামান গালি যোগ দি দিলে। এনেকৈ দিওঁতে দিওঁতে প্ৰায় ৩৭,২৩২ টা গালিৰ এটা মস্ত ফাইল হৈ গ’ল। এই ৩৭,০০০ গালি পাৰি উঠিহে ৰবটটোৱে গুলীয়াবলৈ আৰম্ভ কৰে। সিয়ান ইঞ্জিনীয়াৰকেইজনে সেইখিনি সময় ৰবটটোৱে জিপিএছ, থ্ৰী-ডি ইমেজিং, লেজাৰ কাৰেকচন আৰু ‘ভগৱান ভৰষা’ প্ৰ’গ্ৰাম কেইটা চলাওঁতে লগায় বুলি মেনেজাৰজনক বুজাই থৈ গ’ল!

৩৬,৮৭৭ নম্বৰ গালিটো দিওঁতেই ঘটনাটো ঘটিল। ৰবটটোৰ ওচৰতে পৰা তামোলটো গুৰুমকৈ ফুটি গ’ল। ৰবটটো টুকুৰা-টুকুৰি হৈ গ’ল। ভিতৰৰ তাঁৰ-চাৰ ওলাই গ’ল। কেনেবাকৈ ছিগা তাঁৰ এডাল আহি ৰবটটোৰ ভয়চ প্ৰডিউচাৰত লাগিল। গালিৰ প্ৰ’গ্ৰামটো তেতিয়াও চলি আছিল। সেইকাৰণে ৰবটটোৰ ভঙা ভয়চ প্ৰডিউচাৰ পৰা মেনেজাৰজনৰ নাম ধৰি ধৰি খোনাই খোনাই ভয়ংকৰ বেয়া বেয়া গালি ওলাবলৈ ধৰিলে, যেনে,…। (লিখিছিলো, যদিও সম্পাদকে বেয়া পাব বুলি কাটি দিলো।) গালি শুনি অনন্তৰ মাকে কাণত সোপা দিলে। আনকি পাৰৰো মেচিন মগজুটোও অতিষ্ঠ হৈ পৰিল। বিপদৰ পিছে অন্ত পৰা নাছিল। বাকী তিনিটা ৰবটৰ গালি পৰা শেষ হ’ল। এইবাৰ সিহঁতে গুলীয়াবলৈ আৰম্ভ কৰিলে—ধাৰাম, ধাৰাম, ধাৰাম। গুলী হ’লে এটাও নালাগিল। ক’ত লাগিব? ইঞ্জিনীয়াৰকেইজনৰ কথা ক’লোৱেই! মাকে ভিতৰৰ ফালে দৌৰিলে। লগে লগেই গুলী মৰা বন্ধ । সোমালে কোনো আপত্তি নাই সিহঁতৰ। মাকে পাৰ ক’লৈ গ’ল বুলি এবাৰ ঘূৰি চাব খুজিছিল। আকৌ ধাৰাম ধাৰাম ধাৰাম। পিছে পাৰ আৰু সিয়ান। সি ভিতৰৰ ফালে মুখ কৰি পিছফালে আহি আছিল। ৰবটকেইটাই গুলী মৰা বন্ধ কৰিলে। চব নিস্তব্ধ হৈ পৰিল। তেনেতে, ‘মেনেজাৰৰ মূৰত শগুনে হাগে! মেনেজাৰৰ ঘৈণীয়েকৰ …’—ভঙা ৰবটটোৱে আকৌ গালিৰ কেছেটখন বজাবলৈ আৰম্ভ কৰিলে। মাকৈ গালি শুনিব নোৱাৰি ভিতৰলৈ দৌৰ মাৰিলে। পাৰে নিজৰ বেতাঁৰ যন্ত্ৰচালিত কৰি ৰবটটোৰ গালি পৰা প্ৰ’গ্ৰামটো বন্ধ কৰিব পৰা যায় নেকি চেষ্টা কৰাত লাগিল।

–**–

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments