জীৱন, ব্ৰহ্মাণ্ড আৰু বাকী সকলো (উদ্দীপ তালুকদাৰ)

জীৱন, ব্ৰহ্মাণ্ড আৰু বাকী সকলো


উদ্দীপ তালুকদাৰ

(৭)

(ইয়াৰে ষষ্ঠ অংশত কি হৈছিল ৰাইজে পাহৰিলে কিজানি।  চমুকৈ মনত পেলাই দিওঁ। ৰেষ্টুৰেণ্টত খাবলৈ সোমাই খ্ৰীংকো সমন্বিতে অনন্ত আৰু অনন্তৰ মাকে দেখিলে টিভিত ব্ৰেকিং নিউজ: বেদনা-২৩৪-ত ভগৱান গ্ৰেপ্তাৰ। ওলাইছে আকৌ এটা ইউ.এছ.বি. পোৰ্টৰ ভিতৰত। নিদিআ-নামৰ গ্ৰহ এটাক কৃষ্ণ গহ্বৰত পৰিণত কৰাৰ বাবে ভগৱানৰ নামত আদালতে চমন জাৰী কৰি থৈছিল। কিন্তু ইমান দিনে ভগৱানক ধৰা পেলাব পৰা হোৱা নাছিল। খবৰটো দেখিয়েই খ্ৰীংকোৱে ততাতৈয়াকৈ ৰেষ্টুৰেণ্টৰপৰা ওলাই আহিল। আৰু নিজৰ মহাকাশযানত উঠিবলৈ মোবাইলৰ দৰে ব্সতুটোৰ আগত অংগী ভংগী কৰিবলৈ ধৰিলে। তাৰ পাছত ‘ঝাপ’ বুলি শেষ কৰিছিলো। কিন্তু…)

সেইটো ভুল! মানে আপোনালোকে যদি ভাবিছিল এইবাৰ ‘ঝাপ’ৰ পাছত খ্ৰীংকো, অনন্ত, মাক আটায়ে আহি যানখনৰ ভিতৰ সোমাবহি বুলি, তেন্তে আপুনি ভুল। নম্বৰ শূণ্য! কাৰণ তেনে নহ’ল। ‘ঝাপ’ৰ পাছত টে-টে-টে-কৈ খ্ৰীংকোৰ ফানৰ তলৰপৰা শব্দ এটা ওলাবলৈ ধৰিলে। কাণ-তাল মৰা শব্দ! শুনিলে ‘মৰি যাম’ ‘মৰি যাম’ যেন লগা শব্দ। খ্ৰীংকোৱে মুখখন বিকটাই দিলে। ‘ধেই! এইডালৰ আৰু কিবা গণ্ডগোল হ’ল,’ এইবুলি সি ফানৰ তলৰ পৰা সেই ৰূপালী বলটো উলিয়াই আনিলে। বলটোৰপৰাই ৰঙা পোহৰ ওলাই আছিল আৰু টে-টে শব্দটোও। ‘কি হ’ল আকৌ?’ বলটোলৈ চাই খ্ৰীংকোৱে ভেকাহি মাৰিলে।

‘হে: হে:’ বলটোৰ ভিতৰৰপৰা সেই টেবুলখনৰ মাতটো ওলাই আহিল, ‘টকা মাৰি পলোৱাৰ ফন্দী! পাইছ মজাটো!’
‘কিহৰ টকা?’
‘ৰেষ্টুৰেণ্টত যে ডবলা পিটি খাইছা? পইচা দিছা?’
‘ছেহ!’ মুখখন বিকটাই দিলে খ্ৰীংকোৱে, ‘পইচা নিদিলে তই নচলিবি নেকি?’
‘নতুন ছিকিউৰিটি ছিষ্টেম! ৰেষ্টুৰেণ্টত পইচা দিলেহে লক্‌ খোলা যাব। অন্যথা এইখন নচলে।’

খ্ৰীংকোহঁত আকৌ ৰেষ্টুৰেণ্টৰ ভিতৰলৈ গ’ল। পুৰণি কেলকুলেটৰৰ সেউজীয়া আখৰ কেইটাৰ দৰে মেনেজাৰজনে মিঠাকৈ হাঁহি মাৰিলে আৰু বিলখন উলিয়াই দিলে। অনন্তই আঁৰ চকুৰে চালে কিমান উঠিছে বিল। ইমান লম্বা সংখ্যা দেখি অনন্তৰ মূৰ ঘূৰি গ’ল। কিমান হেজাৰ কোটিমান হ’ব অনন্তই ফুটকে নেপালে। খ্ৰীংকোৱে প্ৰথমে বিলখন চালে, তাৰ পাছত জেপৰপৰা দুটকীয়া এটা উলিয়াই লৈ মেনেজাৰৰ সন্মুখত থকা ফোনটো উলিয়াই কাৰোবালৈ ফোন কৰিলে। তাৰ পাছত মেনেজাৰক ফোনটো দিলে। মেনেজাৰে কথা পাতি খ্ৰীংকোৱে দিয়া দুটকীয়াটো ৰাখি ৰছিদ লিখি দিলে। খ্ৰীংকোহঁত দৌৰি বাহিৰলৈ আহিল। আচলতে কি হ’ল ৰাইজে বুজি নাপালে চাগৈ। সেয়ে বুজাই দিছোঁ। একেবাৰে প্ৰথম কথা: সমগ্ৰ বিশ্বতে যিটো মুদ্ৰা চলে, সেইটোৰ নাম গাদজবা ডলাৰ। কিন্তু ইমান কোটি কোটি গ্ৰহৰ মাজত আদান-প্ৰদানৰ কোবত গাদজবা ডলাৰৰ মূল্য ছেকেণ্ডত কেইবাহাজাৰ মানকৈ উঠা-নমা কৰে। ধৰি লওঁক, এইমাত্ৰ আমাৰ এটকাত এক গাদজবা ডলাৰ, কিন্তু ছেকেণ্ডৰ এক সহস্ৰাংশ পাছতেই সেইটো এহেজাৰ কোটিত এক গাদজবা ডলাৰমান হৈ যাব পাৰে। কিন্তু এইটোত এটা মস্ত অসুবিধা আছে। যদি লগত থকাতকৈ দিবলগীয়া টকাৰ মূল্য বেছি হৈছে, তেনে টকা দিয়াৰ আগতে কেইছেকেণ্ডমান হোঁহকা-পিছলা কৰি থাকক, গাদজবা সলনি হৈ দিব পৰা মানলৈ আহি যাব। কিন্তু তাতো এটা মস্কিল। গ্ৰাহকৰ হাতৰপৰা মেনেজাৰৰ হাত পায় মানে আকৌ সলনি হৈ বেছি হৈ যাব পাৰে, তেতিয়া আকৌ মেনেজাৰে কম হোৱা বুলি ঘূৰাই দিব। আকৌ ৰৈ থাকক, আকৌ কমোতে দিয়ক। এনেকৈ বহুতো কৃপণ গ্ৰাহকে আজিলৈ ৰেষ্টুৰেণ্টত বিল দিবই পৰা নাই। সেয়ে এই অসুবিধাটো দূৰ কৰাৰ বাবে এটা আন সহজ উপায় উলিয়াই হৈছে। ধৰি লওক, আজি আপুনি বেংকত এটকা দি এটা একাউণ্ট খুলিলে, ৪% হাৰত এহেজাৰ বছৰৰ মাজত সূদে-মূলে কিমান হ’ব? অংকটো ময়েই কৰি দিছো ৰ’ব। 107978999416660020.00 টকা! গতিকে আপুনি বেংকত এটকা থওঁক। সময়যান এখনত উঠি এহেজাৰ বছৰ আগুৱাই যাওঁক। সূদে-মূলে এইখিনি টকা লৈ ঘূৰি আহি যাকে য’তে যি লাগে বিলাই দিয়ক। আজিকালি আকৌ এই সময়-ভ্ৰমণ চ্ৰমণো কৰাৰ দৰকাৰ নাই। এজেন্সী আছে। সিহঁতেই টকা জমা লৈ ভৱিষ্যতলৈ গৈ টকা আনি আপোনাৰ বিলবিলাক দি দিয়ে। গতিকে আপুনি যি মন যায়, কিবা এটা দি আহিলেই হ’ল। ওপৰত খ্ৰীংকোৱে তাৰ এজেন্সীলৈ ফোন কৰি দিলে। তাৰ পাছত কাম শেষ। এটা কথা কিন্তু! ইমান সহজ হ’লেও টকা নিদিয়াকৈ ৰেষ্টুৰেণ্টত খোৱা-বোৱা কৰাটো এতিয়াও বেআইনী।

যি নহওঁক। খ্ৰীংকোহঁতে এইবাৰ সঁচাকৈয়ে ‘ঝাপ’ মাৰিলে। আৰু আটাইকেইটা আকৌ যানৰ ভিতৰত। সোমায়েই খ্ৰীংকোৱে ক’লে, ‘তৎক্ষণাৎ বেদনা-২৩৪-লৈ ব’লা!’ টেবুলখনে কিবা এটা ক’বলৈ মুখ মেলিছিল। কিন্তু খ্ৰীংকোৰ হন্ত-দন্ত দেখি একো নামাতিলে। মেলা মুখ মেলাতে থাকিল। কথাবিলাক আখৰে আখৰে নুবিজিব। কাৰণ, টেবুলখনৰ মুখেই নাই। তাৰ মুখেই নাই, মেলিব ক’ৰা পৰা! মুখ মেলাটো ইয়াত খণ্ড-বাক্য হিচাপেহে ব্যৱহাৰ কৰা হৈছে। খ্ৰীংকোৱে অস্থিৰ হৈ টেবুলখনৰ সন্মুখেৰে অহা-যোৱা কৰিবলৈ আৰম্ভ কৰিলে। অনন্তই সুধিলে, ‘আমি এতিয়া ক’লৈ গৈ আছো?’

-বেদনা-২৩৪ গ্ৰহলৈ।
-কিয়?
-তাত যে ভগৱান ওলাইছে, সেইকাৰণে।
-কিয়?
-ভগৱানক সিহঁতৰ হাজোতৰপৰা মুকলি কৰি আনিব লাগিব।
-কিয়?
-এ: বৰ পেক্‌পেকাই থাকাহে!

অনন্ত মনে মনে থাকিল। এনেতে অনন্তৰ মাকে সুধিলে, ‘কোন জন ভগৱান বাৰু?’ খ্ৰীংকোৱে চকু দুটা বহলকৈ মেলি অনন্তৰ মাকলৈ চালে। ‘কোনজন ভগৱান মানে?’

‘মানে আমাৰ বহুত ভগৱান আছে তো, সেইকাৰণে মায়ে সুধিছে কোনজন ভগৱানক আমি ধৰিবলৈ গৈ আছোঁ।’ অনন্তই মাকৰ কথাখিনিৰ অৰ্থ খ্ৰীংকোক বুজাই দিলে। খ্ৰীংকো যেন সৰগৰ পৰাহে পৰিল। ‘বহুত ভগৱান আছে! কি কোৱাহে! আমি এই এজন ভগৱানকেই ধৰিব পৰা নাই। এতিয়া আকৌ বহুত ভগৱান!’ অলপপৰ ৰৈ টকালি এটা মাৰি খ্ৰীংকোৱে ক’লে, ‘ভালেই হ’ল তেন্তে। আমি আৰু কেবা হেজাৰ কোটি বছৰ ধৰি কাম কৰি থাকিব পাৰিম। দুজনমান ভগৱান ধৰা পেলোৱাৰ পাছতো নতুন নতুন ভগৱান ওলায়েই থাকিব। ইফালে আমাৰ কোম্পানীৰো বিজনেছো চলিয়েই থাকিব।’

‘সেই বদমাছ দেৱতা-চেৱতা ভগৱান হ’লে নহ’ব কিন্তু! সেইবিলাক ভগৱানৰ পূজাৰ প্ৰসাদো নাখাওঁ মই। শ্ৰীকৃষ্ণৰ বাহিৰে বাকী ভগৱানৰ নাম লোৱাটো মিছা।’ অনন্তৰ মাকে নামঘৰত শুনা ভাগৱতৰ বাখ্যাৰপৰা মুখস্থ গাই দিলে। খ্ৰীংকোৱে ভগৱানৰ ওপৰত মাকৰ জ্ঞান দেখি স্তম্ভিত হৈ গ’ল। সসম্ভ্ৰমে ক’লে, ‘কোনজন ভগৱান আমিও নাজানো। ধৰা পেলোৱাৰ পাছতহে গম পাম।’ খ্ৰীংকোৰ কথাৰ সুৰ শুনি অনন্তৰ মাকৰ অলপ তাও মাৰিবলৈ মন গ’ল। ‘ভগৱান ভক্তৰ অন্তৰত সদায়ে বন্দী। তেওঁক বেলেগে ধৰা পেলোৱাৰ প্ৰয়োজন নাই।’ অনন্তৰ মাকে বৃ্ন্দাৱন গোঁসাইৰ ভাগৱত পাঠৰপৰা আকৌ মুখস্থ গাই দিলে। খ্ৰীংকোৱে দুখ মনেৰে ক’লে, ‘তেনে হ’লে কোনো কথাই নাছিল আই। (আই শব্দটো যে খ্ৰীংকোৱে ক’ত শিকিলে মই বুজি পোৱা নাই। আজিকালিৰ তিনি-চাৰিবছৰীয়া অসমীয়া ল’ৰা-ছোৱালীক আই ক’ত সুধিলে নিজৰ চকুদুটালৈ আঙুলিয়াই চকু টিপ মাৰি দিয়ে। তথাপিও যে সি ক’ত কেনেকৈ শিকিলে!) কিন্তু অন্তৰৰ ভগৱানেৰে যে আমাৰ নচলে। আমাক লাগে সঁচা-সচি ভগৱান।’ সঁচা-সচি ভগৱানক আমি ধৰি আনিব লাগিব।’

‘মানে?’ এই শব্দটো অনন্তই নকওঁ বুলিছিল যদিও নোৱাৰিলে। ওলাই গ’ল মুখৰপৰা।
-সেইবিলাক বহুত কথা। চিধা-চিধিকৈ জানি থোৱা যে আমি ভগৱানক ধৰি আনি ইণ্টাৰ-গেলেক্টিক আদালত-ত হাজিৰ কৰাব লাগিব। ভগৱানে নিদিআ-বাসীৰ এটা ডাঙৰ অপকাৰ কৰি ৰাখিছে। (কি অপকাৰ কৰিছে জানিবলৈ আগৰ অধ্যায়টো পঢ়ি ল’বই ল’ব।) তাৰোপৰি ভগৱানে ডাঙৰ প্ৰশ্ন এটাৰ উত্তৰো দিবলৈ আছে। ভগৱানক আজি ইমান লাখ নিযুত কোটি বছৰে কোনেও দেখা নাই। ভগৱানক ধৰি অনাৰ দায়িত্ব দিয়া আছে আমাৰ গ্ৰহটোক। যদি আমাৰ আগতেই কোনোবাই ভগৱানক ধৰি পেলায়, তেন্তে আমাৰ ইজ্জত নাথাকিব। লগতে ‘এক্সপ্লেনেছন কল’ও হ’ব। সেইকাৰণেই আমি এতিয়া বেদনা-২৩৪-লৈ গৈ আছোঁ। যিজনে নিজকে ভগৱান বুলি কৈছে, সেইজন যদি সঁচাকৈ ভগৱান, তেন্তে যেনে-তেনে আমি জেলৰপৰা উলিয়াই আনিব লাগিব।
-‘বাৰু!’ অনন্তই চুটিকৈ এৰিলে। মাকে একো বুজি নাপালে কিজানি, সুধিলে, ‘ভগৱান কোনোবা মানুহৰ নাম নেকি অ’?’ অনন্তই একো উত্তৰ নিদিলে।

‘আৰু কিমান দূৰ?’ খ্ৰীংকোৱে বতাহক সোধাৰ দৰে সুধিলে।
‘দূৰ.. বহু দূৰ.. সপোনৰ চিনাকি সুৰ..’ টেবুলখনে অলপ ৰাগ টানিলে। খ্ৰীংকোৱে মুখখন বিকটাই দিলে। বান্দৰটোৱে মানে পৃথিৱীৰ আটাইতকৈ সাংঘাতিক ৰব’টটোৱে খঙতে দেৱালত গৈ নিজৰ মূৰটো খুন্দিয়াই দিলে। টেবুলখনে লাজ পাই ক’লে, ‘নাই, নাই দূৰ মুঠেই নাই। পালোহিয়েই। নামিবলৈ সাজু হোৱা।’ খ্ৰীংকোৱে ক’লে, ‘আমি অলপ ষ্ট্ৰেটেজী কৰিব লাগিব। মই পূবে বিচাৰিম। অনন্ত, তুমি পশ্চিমে। আই, আপুনি উত্তৰে, আৰু অ’ই পাৰ! তই বিচাৰিবি দক্ষিণে। যিয়ে আগতে ভগৱানৰ খবৰ পায়, তেওঁ বাকীকেইজনক খবৰ দিব। অল ঔকে!’

অনন্তৰ মাকে একো বুজা নাপালে। লগত অনা তামোলখনকে সেয়ে মুখত ভৰালে। পাৰ, মানে বান্দৰটোৱে ক’লে, ‘সেইটো ষ্ট্ৰেটেজীৰে কাম নহ’ব। বেদনা-ত স্থান-কালৰ মাত্ৰা দুটা নহয়, সাতোটা। সেয়ে, তেনেকৈ বিচাৰিলে নহ’ব। লগতে এজন ব্যক্তিয়েই একে সময়তে দুটা সময় মাত্ৰাত থাকিব পাৰে। গতিকে, আইম চাৰিজনে বেলেগে বেলেগে বিচাৰিলে নহ’ব। এনেয়েও ভগৱান তাত নাই। বিচাৰি একো লাভ নাই।’

‘অ’ই! ইয়াৰ বছ কোন হা? ভগৱান তাত নাই বুলি সি আগতেই জানে!’ খ্ৰীংকোৱে ভেকাহি মাৰি ক’লে। ‘অৱশ্যে মাত্ৰাৰ কথাটো ঠিকেই কৈছ কিজানি। এনেকে অকলে অকলে বিচাৰি ফুৰিলে লাভ নহ’ব। তাতকৈ আমি দুটা দুটা ভাগত যাম। মই আৰু অনন্ত এটা ভাগত, আৰু তই আৰু আই যাই আনটো ভাগত।’

‘বাৰু!’ মুখখন ফুলা-লুচী হেন কৰি (এইটোও খণ্ড বাক্যহে দেই! ৰব’টটোৰ মুখখন ফুলাৰ কোনো স্কোপ আচলতে নাই!) পাৰে মূৰ জোকাৰিলে।

‘নামো নে?’ টেবুলখনে সুধিলে। খ্ৰীংকোৰপৰা সেউজ সংকেত পাই আকৌ ঝাপ!

-ক্ৰমশ:

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments