জীৱন, ব্ৰহ্মাণ্ড আৰু সকলো (দ্বিতীয় অংশ) (উদ্দীপ তালুকদাৰ)

জীৱন, ব্ৰহ্মাণ্ড আৰু সকলো
(দ্বিতীয় অংশ)

উদ্দীপ তালুকদাৰ

“কিহৰ দুঘণ্টা?”

“শেষ হ’বলৈ।”

“কি শেষ হ’বলৈ?”

“পৃথিৱীখন।” খ্ৰীঙে তেনেই নিস্পৃহভাৱে ক’লে।

“মানে আৰু দুঘণ্টা পাছত পৃথিৱীখন শেষ হ’ব?” চকুদুটা প্ৰায় অমৰা গুটিৰ মান ডাঙৰ কৰি অনন্তই সুধিলে।

“মানে, মানে, মানে… মই মানে ঠিক সেই কথাটোকে কৈছোঁ মানে।” খ্ৰীঙে অনন্তৰ ‘মানে’টোক পেংলাই কৰি কলে।

“শেষ মানে?”

“শেষ মানে – শেষ, দা এণ্ড, সমাপ্ত, ধূলিস্যাৎ!” প্ৰথমখিনি ভেকাহি মাৰি পিছৰখিনি বৰ নাটকীয় ভাৱে ভুৰু দুপাৰি ননচুৱাই (ভুৰু নাছিলেই আকৌ নচুৱাবলৈ! থকা হ’লে নাচিলেহেঁতেন) খ্ৰীংকোৱে ক’লে, “দা ৱৰ্ল্ড ইজ গোয়িং টু এণ্ড ইন টু আওৱাৰ্ছ! তোমালোকক আকৌ আটাইতকৈ দৰকাৰী কথাখিনি ইংৰাজীত ক’ব লাগে নহয়! নহ’লে ইমপেক্ট নাহে!”

অনন্তৰ মুখখন মেল খাই খাই থুঁতৰিটোৱে বুকু চুইছিল। সেইফালে চাই সামান্য হাঁহি এটা মাৰি খ্ৰীঙে কলে, “এতিয়া যাব লাগে, কুইক, কুইক!!”

“যাব লাগে? ক’লৈ?”

“ইয়াৰপৰা যাব লাগিব। নহ’লে বৰবাদী। পৃথিৱীখন ধ্বংস হৈ যাব মাই ডিয়েৰ! গতিকে বাচিব খুজিছা যদি মোৰ লগত ওলোৱা।”

“কিন্তু যাম ক’লৈ?”

“ক’লৈ যাম সেইটো ময়ো ক’ব নোৱাৰোঁ। পিছে যাব লাগিছিল নিউ এক্স ফৰ্টি ছেভেন থ্ৰী ৱাইলৈ। কিন্তু লগে লগেই যাব পৰা নাযাব। এতিয়া য’লৈকে পাৰোঁ ওলাই যাওঁ। পিছত দেখা যাব।”

“মই নাযাওঁ।”

“যাব তো লাগিবই। নহ’লে জোৰ কৰি নিব লাগিব। আৰু যোৱাত নো তোমাৰ অসুবিধা কি? দুঘণ্টা পাছত এনেয়ো মৰিবা, তেনেয়ো মৰিবা।”

“কিন্তু মাক এৰি থৈ?”

“মাৰাকো লৈ লোৱা। কোনো অসুবিধা নাই। দুজন হ’লে আমাৰেই ভাল।”

অনন্তৰ হাতত কোনো উপায় নাছিল। মাছটোৱে যি ধৰণে কথাবোৰ কৈ আছিল, সেইবোৰৰ এটাও মিছা বুলি ভাবিবৰ কোনো কাৰণেই অনন্তই বিচাৰি নাপালে। মাকক ক’বলৈ সি ভিতৰলৈ গ’ল। দুঘণ্টাৰ ভিতৰত বস্তু বাহানি বান্ধি-কুন্ধি পৃথিৱী এৰি যোৱাটো সহজ কথা নহয়। এবছৰ আগতে তেনেকুৱাকৈ সি চাৰিঘণ্টাত সাজু হৈ চাকৰীৰ ইণ্টাৰভিউ দিবলৈ বঙাইগাঁও পাইছিলগৈ আৰু পিছদিনা সি নোকোৱাকৈ যোৱাৰ কাৰণে উৰ্মিয়ে তাৰ লগত দুৰ্বাদল কাজিয়া কৰিছিল। আজি হঠাৎ কথাটো মনত পৰি তাৰ আচৰিত লাগিল। পৃথিৱীখন যদি ধ্বংস হৈ যায়, উৰ্মিমালাও মৰি থাকিব। বৰ ভাল হ’ব, থাক মৰি! সেইদিনা হ’ব লগা গিৰিয়েকৰ ছেণ্ট্ৰোৰপৰা ক’লা গগ্‌লছ পিন্ধি নামি বৰ তাও মাৰিছিল নহয়। এতিয়া পাতি থাক বিয়া! কিন্তু অনন্তৰ মনটো অলপ বেয়াও লাগিল … বেচেৰীৰ গাত নো কি দোষ? তাৰ চাকৰীটো হওঁতে ইমান দেৰী হ’ল বুলিহে! নহ’লেতো তাই সেই হায়াৰ ছেকেণ্ডাৰী পঢ়ি থাকোঁতেই পলাই আহিবলৈ ৰাজী হৈছিল। ঘৰত গম পাই দেউতাকে ফলা খৰিৰে চুবুৰীটোত দৌৰাই দৌৰাই তাৰ পিঠিত কেলেংকাৰীটো নঘটোৱা হ’লে তেতিয়াই তাই মিছেছ এ.কে. দাস হৈ থাকিলহেঁতেন।

‘বেচেৰীকো লৈ যাব লাগিব। দুজন যদি পাৰে, তিনিজন হ’লে নো কি অসুবিধাটো হ’ব!’ অনন্তই ভাবিলে।

মাকে তেতিয়া তাৰ কাৰণে ৰাতিপুৱাৰ ভাত ৰান্ধিবলৈ পাচলি কাটি আছিল। বঠীখনেৰে স্কোৱাছ এটা চাৰি টুকুৰা কৰি সেইটোৰ আৰু সৰু টুকুৰা কৰাৰ যো-জা কৰোঁতেই অনন্ত সোমাল। “মা, সোনকালে ওলোৱা… এটা ডাঙৰ কথা হৈছে।”

“তই সোনকালে গাটো ধুই ল। সদায়ে পাছত চিঞৰ-বাখৰখন লগাৱ।” মাকে তাৰ কথাত অকণো গুৰুত্ব নিদি চালগোম এটাক কোৱাৰ নিচিনাকৈ ক’লে।

 

অনন্তৰ মাকক বুজাওঁতে বহুত সময় লাগিল। ডিটেইল্‌ছ কোৱাৰপৰা বিৰত থাকিলোঁ (এনে ধৰণৰ কথাই গল্পটো আগবঢ়াই নিওঁতে সহায় নকৰে বুলি গল্প সমালোচক এজনে কৈ থৈছে!) মাত্ৰ ইয়াকে কৈ থওঁ – মাকে কথাখিনি ঠিক বুজিলেনে নাই মই নুবুজিলোঁ। পৃথিৱী ধ্বংস হোৱাৰ কথা শুনি তেওঁ সুধিলে, কলি যুগ শেষ হ’ল নেকি? বাহিৰত বহি থকাজন কল্কি অৱতাৰ নেকি? প্ৰথমে মাকে ঘৰটো আৰু থোক পেলোৱা কলজোপা এৰি ক’লৈকো যাবলৈ ৰাজী হোৱা নাছিল। পিছত যেনিবা হ’ল। পিছে তেওঁৰ আৰু দুঘণ্টা লাগিব জনাই দিলে, আৰু তাৰে এঘণ্টা কোনযোৰ কাপোৰ পিন্ধিলে ভাল হ’ব সেইটো চিন্তা কৰি কটালে। বাটত খাবলৈ ভালেকেইখন তামোল-পান বান্ধি ল’লে আৰু ঘূৰি আহি যাতে বেছি ধূলি-বালি পৰিস্কাৰ কৰিবলগীয়া নহয়, সেই কাৰণে ভেণ্টিলেছন কেইখনো টানি টানি বন্ধ কৰিলে। (কেইজনমানে নিশ্চয় কলথোকাৰ কি হ’ল জানিবলৈ উদগ্ৰীৱ হৈ আছে। তেওঁলোকক জনাই থওঁ কলৰ থোকাটো তেওঁ বস্তা এখনেৰে বান্ধি থৈ দিলে।)

 

সেইখিনি সময়তে অনন্তই নিজৰ লাম-লাকটুখিনি মোনা এখনত বান্ধি ললে। চাকৰীৰ প্ৰথম দৰমহাৰে কিনা হালধীয়া ৰঙৰ ছাৰ্টটো পিন্ধিলে আৰু কিবা এটা ভাবি আগফালে বহি থকা (মানে ওপঙি থকা) খ্ৰীংকোৰ ওচৰলৈ আহি ক’বলৈ ধৰিলে, “এটা কথা ক’লে বেয়া পাব নেকি?”

খ্ৰীংকোৱে নিজৰ মূৰটো ইফালে-সিফালে লৰাই বুজাই দিলে— নাপায়। “মানে আৰু এজন মানুহ যাব পাৰিব নেকি?”

“আৰু এজন? এক মিনিট… মই অংক কৰিব লাগিব।” এইবুলি খ্ৰীঙে সেই মোবাইলৰ নিচিনা কিন্তু চেপেটা  বস্তুটো আকৌ উলিয়ালে আৰু সেইটোৰ আগত কিবা কিবি অংগী-ভংগী কৰাত লাগি গ’ল। মাজতে এনেয়ে সুধিলে, “আৰু কোন যাবনো?”

“ছোৱালী এজনী…”

“কোন ছোৱালী?”

“উৰ্মি… মানে উৰ্মিমালা ডেকা।” অনন্তই লাজ-লাজকৈ কোনোমতে নামটো ক’লে। কিন্তু”
“সেইজনী গ’লে মই নাযাওঁ।” গেজেৰা মাৰি কোৱা কথাষাৰ মাকৰ। কেতিয়া যে আহি কোঠাটোত সোমাল ময়েই গম পোৱা নাছিলো। “সেইজনীয়ে ঘৰলৈ আহি তোক অপমান কৰি গুচি গ’ল আৰু তই এতিয়াও তাইক এৰিব পৰা নাই! কি কৰি ৰাখিছিল তোক সেইজনীয়ে…” মাকে খঙত কৈ গ’ল, “মই ঠিক জানিছিলোঁ, তাইৰ মাকেই চব। মাকৰ আগৰ কথা আমিহে জানো! মাকে মঙলা বুঢ়ীৰ ওচৰলৈ যোৱা মই কিমান দিন দেখিছোঁ।” এইখিনি কথা ওলালে অনন্তই বৰ লাজ পায়। কাৰণ ক্লাছ নাইনত থাকোঁতে সিহে বুঢ়ী আইৰ মন্দিৰলৈ গৈ তাইৰ কাৰণে এপোৱা চেনী দি আহিছিল। আৰু তাইৰ মাকে তাক দেখিবই নোৱাৰে।

“সেইবিলাক বাদ দিয়া মা…”

“তাই গ’লে মই ইয়াতে ছুইছাইড কৰিম।” মাকে ঘোষণা কৰি দিলে।

“নালাগে যাব, নাযায়, হ’লতো!” অনন্তই খঙতে কলে।

খ্ৰীংকোৱে তাৰ গণনা-ফণনা বাদ দি মাক-পুতেকৰ কুৰুক্ষেত্ৰ চাই আছিল। সি লাহেকৈ মাকক ক’লে, “ধুনীয়া যদি লৈ যাব পাৰি, জেগা ওলাব।”

মাকে নিজৰ বিজয় উদ্‌যাপন কৰিবলৈ এখন তামোল উলিয়াই মুখত দিছিল। খ্ৰীংকোৰ কথাৰ উত্তৰত ক’লে, “ফোঃ ধুনীয়া! দিনে-ৰাতি মুখত স্নো-পাউডাৰ ঘঁহি থাকিলে বৰ নামঘৰৰ বান্দৰী কেইজনীয়ো দেখাত সুন্দৰী হ’ব।” এইখিনি কথা ঠিকেই কৈ হঠাৎ “ঐ আই! এইটো কি ঐ!” বুলি তেওঁ ধাচ্‌কৈ মাটিত পৰি মূৰ্ছা গ’ল। (নে মূৰ্ছা গৈ মাটিত ধাচ্‌কৈ পৰিল? আগতে কোনটো হ’ল বুজিবলৈ মাকে সময়েই নিদিলে।) মাছ এটাইহে তেওঁৰ লগত কথা পাতিছে সেইটো তেওঁ তেতিয়াহে গম পালে।

অনন্তই ‘হে হে কি হ’ল’ বুলি মাকক ধৰিবলৈ আগ বাঢ়িল। সেই সময়তে ক’ৰবাৰপৰা গুম্‌গুম্‌কৈ শব্দ এটা আহিবলৈ ধৰিলে। ভূমিকম্পৰ সময়ত যে শুনা যায় তেনেকুৱা শব্দ এটা। চাৰিওফালে হো-হোৱাই বতাহ বলিবলৈ আৰম্ভ কৰিলে। চিক্‌মিকাই বিজুলী মাৰিবলৈ ধৰিলে। গৰজনিৰ শব্দত একো নুশুনা হ’ল।

“কুইক, কুইক, আৰু সময় নাই। সাজু থাকা।” খ্ৰীংকোৱে চিঞৰি ক’লে। অনন্তই মাকৰ হাতৰ নাড়ী পৰীক্ষা কৰি চালে। খ্ৰীংকোৱে নিজৰ ফানৰ তলৰপৰা চাইকেলৰ বলৰ সমান ৰূপালী ৰঙৰ বল এটা উলিয়াই মজিয়াত থ’লে। তাৰ পাছত সেই মোবাইলৰ নিচিনা বস্তুটোৰ (নাম এটা দি থোৱা হ’লে ভাল আছিল! কিমান আৰু মোবাইলৰ নিচিনা বস্তু বুলি লিখিম!) আগত ধামধুম কিবাকিবি অংগী-ভংগী কৰাত লাগিল, আৰু অলপ পাছতে … ঝাপ্‌…!

 

 

[ক্ৰমশঃ]

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments