জীৱন, ব্ৰহ্মাণ্ড আৰু সকলো – পঞ্চম খণ্ড

জীৱন, ব্ৰহ্মাণ্ড আৰু সকলো

ডা° উদ্দীপ তালুকদাৰ

পঞ্চম  খণ্ড

ঝাপ! শব্দটোৰ লগে লগেই সেই গোলাকাৰ কোঠালী, টেবুল, দেৱালত ওলমি থকা পাইপ চব নোহোৱা হৈ গ’ল। এতিয়া অনন্তহঁতৰ সম্মুখত এখন কলপটীয়া ৰঙৰ বালিৰ মৰুভূমি। তাৰ চাৰিওফালে য’তে ত’তে থিয় দি আছিল মাক, বান্দৰটো আৰু অলপ আঁতৰত বালিত পৰি আছিল খ্ৰীংকো। খ্ৰীংকো গিৰিসাই থিয় হ’ল। ক’লে, “এইখিনিতে ক’ৰবাত থাকিব লাগে ৰেস্তোৰাখন।” সি চাৰিওফালে চকু ফুৰাই চালে। “সেইফালে..”

অনন্তই পিছে সেইফালে চাই প্ৰথমে একো নেদেখিলে। ভালদৰে চোৱাৰ পাছত অৱশ্যে ওখকৈ সেউজীয়া বালিৰ ঢিপ এটা চকুৰ পৰিল। আটায়ে সেইফালে খোজ ল’লে। মাকআৰু বান্দৰটো অলপ পাছত, অনন্ত মাজত আৰু একেবাৰে আগত খ্ৰীংকো। অনন্তৰ ভেবা লাগি থকা মুখখনলৈ ঘূৰি চাই খ্ৰীংকোৱে সুধিলে, “কি হ’ল?”

“মই একো বুজা নাই।”

খ্ৰীংকোৱে অনন্তক বুজাবলৈ আৰম্ভ কৰিলে। মই তাৰ কথাৰপৰা যিখিনি বুজিলোঁ তাৰ অৰ্থটো এনেকুৱা—সিহঁত ইতিমধ্যে আহি মহাকাশযানত আহি পৃথিৱীৰপৰা ২০০০.০০০০০০৭ আলোকবৰ্ষ দূৰৰ জিনট্ৰণ গ্ৰহৰ এটা উপগ্ৰহত নামিছে। তাৰে ৰেস্তোৰা এখনত কিবা খাই যাবলৈ। ইমান পৰে সিহঁতে সোমাই থকা গোলাকাৰ ঘৰটো আচলতে এখন মহাকাশযানৰ ভিতৰখিনি। এই যে ঝাপ্‌কৈ বস্তুবিলাক সলনি হৈ যায়, সেইটো মহাকাশযানখনত উঠা-নমাৰ সহজ পদ্ধতি। আচলতে মহাকাশযান পাৰ্কিং কৰিবলৈ বিৰাট অসুবিধা বাবে কামটো আজিকালি অলপ বেলেগ। যানখনৰ অনু-পৰমাণুৰ বিলাকৰ মাজৰ দূৰত্ব একেবাৰে সংকুচিত কৰি এঠাইত থূপ খুৱাই (অৱশ্যে ইমানো সৰু নকৰে যাতে মহাকৰ্ষণ বল অতি বেছি হৈ যায়) এটা পিংপং বলৰ সমান কৰি জেপত সুমুৱাই থ’লেই হৈ গ’ল। আৰু সেই যে মোবাইলৰ দৰে বস্তুটো, সেইটো যানখনত উঠাৰ টেক্‌নিক। সেইটোৰ আগত অংগী-ভংগী কৰি যানৰ ভিতৰত ঘপ্‌কৈ সোমাই যাব পাৰি। কিন্তু সেইটোত কিবা এটা গণ্ডগোল হৈছে। সেইকাৰণে খ্ৰীংকো যানখনৰ ভিতৰত য’তে ত’তে ওলোৱা হৈছে। নিয়ম মতে খ্ৰীংকো ঠিক টেবুলখনৰ আগত থিয় হৈ ওলাব লাগিছিল।

আজিকালি বহুতে নিজৰ ঘৰটোও এনেকৈ অণু সংকোচন কৰি জেপত ভৰাই অফিচলৈ লৈ যায়। এনেকৈ ঠাইৰ নাটনিৰ সমস্যা একেবাৰে আঁতৰিল। কিন্তু কেতিয়াবা জেপৰপৰা ঘৰটো টুপুক্‌কৈ সৰি পৰি হেৰাই যোৱাৰ নতুন সমস্যা এটা উদ্ভৱ হ’ল। যি নহওঁক, এইখিন জ্ঞান দিওঁতেই আটাইকেইজন গৈ সোমাল ৰেস্তোৰাঁত।

ৰেস্তোৰাৰ ভিতৰত শাৰী শাৰী মেজ। কিছুমান চকী আছে, কিছূমানত নাই। কাৰণ খ্ৰীংকোৰ দৰে বহুতৰে বহাৰ কোনো ব্যৱস্থাই নাই। আৰু প্ৰায় আটাইকেইখন মেজেই ভৰ্তি। হৰেক ৰকমৰ প্ৰাণী, বিভিন্ন সিহঁতৰ আকাৰ-আকৃতি, ৰঙ, গঢ়। গোটেইখন কোৰ্হাল।

খ্ৰীংকো হঁতে বহিবলৈ খালী মেজ নাপালে। ছয়জনীয়া মেজ এখনৰ এটা মূৰে বহি দুটা মূৰ থকা ছোৱালী এজনীয়ে জিলাপী আৰু চাহ খাই আছিল। খালী দেখা পাই, আটাইকেইজনে তাতেই বহিল। আঠখন হাত থকা বন্ধাকবিৰ দৰে প্ৰাণী এটাই (ভৰি বা আছিল নে নাই মই গম নাপালোঁ) খোৱাৰ অৰ্ডাৰ ল’বলৈ আহিল। অনন্তহঁতক দেখিয়েই সি আনন্দত আত্মহাৰা হৈ বাহিৰৰ কেইখিলামান পাত মেলি মেলি বৰকৈ হাঁহিলে। ফূৰ্তিৰ প্ৰকাশ শেষ হোৱাৰ পাছত সি ক’লে, “পৃথিৱীৰ বাসিন্দাসকললৈ আমাৰ ৰেস্তোৰাৰপৰা স্বাগতম। আমি প্ৰায় দহ মিলিয়ন বছৰ ধৰি পৃথিৱীৰ বাবে মেনু তৈয়াৰ কৰি ৰাখিছোঁ, কিন্তু আজিলৈ কোনেও খাবলৈ অহা নাই। আপোনালোক অহাৰ বাবে আমি অতি সুখ পাইছোঁ। আপোনালোকে কি খাবলৈ পছ্ন্দ কৰিব বাৰু?”

অনন্তৰ মাকে চাফ চাফ কৈ দিলে চিকেনৰ একোৱে নচলিব। মাকৰ কথা শুনি বন্ধাকবিটো গহীন হ’ল। তাৰ পাছত আকৌ হাঃ হাঃ কৈ হাঁহিমাৰি ক’লে, “একো চিন্তা নাই, মেডাম। একো চিন্তা নাই। চিকেন খাব নালাগে। আমি জানো পৃথিৱীৰ বহুত মানুহ নিৰামিষভোজী। তেওঁলোকে প্ৰাণী হত্যা বেয়া পায়। কথাটো হয়ো ইচ্ছা নথকা জীৱবোৰক মাৰি খাব নালাগে। সেই কাৰণে আমি জেনেটিক ইঞ্জিনীয়াৰিং কৰি এনেকুৱা চিকেন, মাছ সাজিছোঁ, যাৰ জীৱনৰ লক্ষ্যই হৈছে কাৰোবাৰ পেটলৈ যোৱা। পৃথিৱীবাসীৰ বাবে প্ৰস্তুত কৰা আমাৰ মেনুখন চাই তাৰ পাছত সিদ্ধান্ত লওক।” সেইবুলি বন্ধাকবিটোৱে নিজৰ পাত দুটা মেলি হাত তালি দিলে। খ্ৰীংকোৱে পোন্দোৱাকৈ চাই ক’লে, এই মেনুখন আনিব নালাগে। বন্ধাকবিটোৱে ফেপেৰি পাতি উঠিল, “কিয় নালাগে? আমি কিমান কষ্ট কৰি মেনুখন কৰিলোঁ, আজিলৈ পৃথিৱীৰ কাকো দেখুৱাবই পৰা নাই্। তাতে পৃথিৱীৰ বাসিন্দা আমাৰ ইয়ালৈ প্ৰথম আহিছে গতিকে মেনুখন চাবই লাগিব।”

খ্ৰীংকোৱে আপত্তি কৰিবলৈ জেগাই নাপালে। ইতিমধ্যেই মেজৰ ওপৰত ৰঙা-নীলা ডিস্কো লাইটৰ পোহৰ আৰম্ভ হৈ গৈছিল। তাৰ পাছত টেবুলখন আন্ধাৰ। লাহে লাহে উজ্জল বগা পোহৰে মেজখন ভৰি গ’ল। ধাচ-ধাচ-ধাচ-ধাচকৈ সেনা-বাহিনীৰ মাৰ্চ-পাষ্টৰ বিট শুনা গ’ল। সেই শব্দৰ লগত গিৰিপ-গাৰাপ কৰি শাৰী পাতি ওলাই আহিল দৰিকণা, খলিহনা, বৰিয়লা আদি সৰু সৰু মাছৰ এটা সমদল। আটায়ে এটা শাৰি পাতি থিয় হ’ল, আৰু আৰম্ভ কৰি দিলে.. গান..

আমি সৰু মাছ.. (মিউজিক ধাচ্‌, ধাচ্‌, ধাচ্‌)
আমি বৰ খাচ্‌ (ধাচ্‌ ধাচ্‌ ধাচ্‌)
ভিটামিন আমাৰ দেহত
শক্তি আমাৰ প্ৰাণত
আমি সেয়ে খাচ্ (ধাচ্‌ ধাচ্‌ ধাচ্‌)
চকু থাকিব ভাল তেলৰো নাই চিন্তা
খাওক আমাক  দছটা, বিছটা, তিন্‌টা
হো, হো, হো, হো, হো, হো, হো হো,

হো, হো-খিনি গাওঁতে মাছকেইটা আমাৰ সমবেত সংগীত গাওঁতে যে নাকটো ওপৰ ফালে কৰি গায়, তেনেকুৱা কৰি গাই আছিল, তেনেতে…

কোনে খায় সৰু মাছ? নাই তাৰ লাজ!

এইবুলি ওলাই আহিল, এটা মস্ত চিতল! সি আহিয়েই হাকৈ মুখ মেলি দিলে। ভয়ত চব সৰু মাছ পলাল। সি তাৰপিছত হাত জোৰ কৰি অনন্তহঁতৰ ফালে চাই ভাষণ দিবলৈ লাগিল, “ৰাইজ, আমি চিতল মাছ। আপোনালোকে জানেই, আমাৰ বিৰাট দাম। পুঁজিপতিসকলে আমাৰ জীৱনক লৈ হেতালি খেলি আছে। আমি বিচাৰোঁ অসমৰ চব জনসাধাৰণেই আমাক খাওক। কিন্তু এই মাছ-বেপাৰী দালাল কেইজনৰ কাৰণে আমি আজি অকল ধনী মানুহৰ পাকঘৰতহে সোমাব পাৰোঁ। কিন্তু এনেকৈ আমাৰ উপযোগীতা কমি গৈ আছে। আমি বিচাৰোঁ আমাক মানুহে খাওঁক, ধনী-দুখীয়া, উচ্চ-নীচ, সৰু-ডাঙৰ, ল’ৰা-ছোৱালী, নিৰামিষ-আমিষ নিৰ্বিচাৰে সকলোৱে খাওক। কিনি খাব নোৱাৰিলে চুৰ কৰি হ’লেও খাওক। আমি আপোনালোকৰ সেৱাৰ বাবেহে জীৱন লৈছোঁ। আপোনালোকে বিচৰা ধৰণে ভাজি, কালিয়া কৰি, আলুৰ জোল কৰি যেনেকৈ মন যায় খাওক। বহুতে কয়, আমাৰ কাঁইট বৰ বেছি। কিন্তু ৰাইজ মনত ৰাখিব। ভাল বস্তুৰ বাবে অলপ কষ্ট কৰিব লাগিবই। যত্ন কৰিলেহে ৰত্ন পায়। বোকতহে পদুম ফুলে। কাইট আছে বাবেহে সোৱাদ আছে। অন্যথা চিতল আৰু চালানী ৰৌ (মুখখন বিকটাই দিলে চিতলে)-ৰ মাজত কোনো পাৰ্থক্য নাই। আমি বিচাৰোঁ…” শেষৰ ফালে চিতলৰ মাতটো থোকাথুকি হৈ গ’ল।

ইয়াৰ পাছত ওলাল এটা কুকুৰা। সি আহিয়েই ডাম্বেল ডাঙি ডাঙি দে্হশ্ৰী দেখুৱাবলৈ লাগিল। শেষত লোহাৰ শলা এডাল দুহাতেৰে বেঁকা কৰিলে, তাৰ পাছত চাৰিওফালে হাত জোকাৰি জোকাৰি ক’লে, “এই কাৰণেই কওঁ আমাক খাওঁক। চম্‌ঝা! চিকেন ইজ হেল্থী!” এই বুলি প্ৰচণ্ড হাততালিৰ মাজত সি ভিতৰলৈ সোমাই গ’ল। তাৰ পাছত এটা-এটাকৈ চিনা-হাঁহ, বন-মূৰগী, কাছ, ভেকুলী, সাপ চবেই নিজকে খাবলৈ অনুনয়-বিনয় কৰি যাবলৈধৰিলে। ছাগলী এটাই আকৌ একেবাৰে বেলেগ কায়দা ল’লে। বাকীবোৰে মেজত উঠি সিহঁতক খাবলৈ তৰ্জন-গৰ্জন কৰি থাকোঁতেই ছাগলীটোৱে মেজৰ তলেৰে লাহেকৈ অনন্তহঁতৰ ভৰিত খুন্দিয়ালে। উচপ খাই তললৈ চাওঁতে সি হাত জোৰ কৰি বে-বেবাই ক’বলৈ আৰম্ভ কৰিলে, “দাদা, এইবিলাক ৰঙা-নীলা পোহৰ দেখি ভোল নাযাব। খাবলৈ আমাৰ সমান ভাল একো নাই। মোকে অৰ্ডাৰ কৰিব দেই..প্লিজ, প্লিজ, প্লিজ,…।” “হ’বদে তোকে খাম দে!” বুলি নোকোৱালৈকে সি প্লিজ-প্লিজায়েই থাকিল। কিন্তু বাজী মাৰি লৈ গ’ল শাক-চবজি পাৰ্টিয়েহে। কেবাবিধো পাচলিয়ে লগ-লাগি এটা ভেৰাইটি শ্ব’ কৰিলে। মচমচীয়া সেউজীয়া জলকীয়া এটাই (এজনীয়ে বোলা ভাল আছিল কিজানি! কাৰণ দেখাত তাইক বিপাশা বসু হেন লাগিছিল।) কেট-ৱাক কৰিলে, ৰাণী মূখাৰ্জীৰ দৰে দেখাত ছিলঙীয়া জ্বলা এটাই ‘আতি ক্যা খাণ্ডালা’ নাচিলে, আৰু একেবাৰে শেষত ওলাল বগা কাপোৰেৰে মেৰ খাই থকা গোল কিবা এটা। নাচৰ মাজে মাজে কাপোৰৰ পেচ খুলি গৈ থাকিল। নাচো শেষ, কাপোৰৰ মেৰো শেষ। ওলাই পৰিল এটা বিলাহী। দেখাত সাইলাখ…! এঃ বাদ দিয়ক! নিজে ভাবি লওক।

বন্ধাকবিটো ইমান পৰে কাষতে ৰৈ মেনুখন চাই আছিল। কলডিলটো সোমাই যোৱাৰ লগে লগে সি গল হেকাৰি মাৰি লাহেকৈ সুধিলে, “এতিয়া কওক, কি খাব?” বৰিয়লা মাছৰ নাচ-গান দেখি অনন্তৰ মূৰৰ বিষ উঠিছিল, সি মূৰ বিষৰ টেবলেট এটা খুজিলে। মাকে বিচাৰিলে, গৰৈ মাছৰ পোৰা। পৰম কৃতাৰ্থ হৈ বন্ধাকবিটো ভিতৰলৈ গ’ল।

মেজখনৰ সিটোমূৰে বহি থকা দুমূৰীয়া ছোৱালীজনীয়ে (সেই যে জিলাপী খাই আছিল, সেইজনী। এতিয়া তাই অৱশ্যে গজা এটাতহে কামোৰ দিছে।) মেনুখন চাই কিবা এটা ভাবি অনন্তৰ মাকৰ ওচৰ পালেহি। লাহেকৈ সুধিলে তেওঁলোক পৃথিৱীৰ নেকি? মাকে হয় বুলি কোৱাত সুধিলে, ছলমান খানক চিনি পায় নেকি? মাকে উত্তৰ দিলে, “সেই ফাল্টুটোক কোনে চিনি নেপায়?”

তাৰ পাছত ছলমান খানৰপৰা কথা আৰম্ভ হৈ শেষত ষ্টাৰ-প্লাছৰ সাথিয়া পালেগৈ। খ্ৰীংকোৱে লাহেকৈ অনন্তক ক’লে, “সেইজনী পৃথিৱীৰ কাম-কাজ তদাৰক কৰি থকা ছিকিউৰিটি অফিছাৰ। প্লুটোৰপৰা অলপমান আঁতৰত ৰৈ পৃথিৱীৰপৰা অহা ৰেডিঅ’ ছিগনেল শুনি থকাই তাইৰ কাম। কিবা গোলমালীয়া মেছেজ পালে তাই চিধাই ইণ্টাৰগেলেটিক ইণ্টাৰপোলক খবৰ দিব লাগে। কিন্তু তাই পৃথিৱীৰপৰা অহা টিভি চেনেলৰ ৰেডিঅ’ ছেগনেলহে চাই থাকে। চলমান খান তাইৰ ফেভাৰিট ষ্টাৰ! সাথিয়া ফেভাৰিট ছিৰিয়েল!”

অৰ্ডাৰ দিয়া খোৱাবস্তু আহি পালে। খ্ৰীংকোৱে পিৰিছত থকা নিউটনৰ গতি-সূত্ৰৰ ভাজিখিনিৰ ওপৰত ভালকৈ জালুকৰ গুড়ি ছটিয়াই মুখত দিছিল হে মাত্ৰ। তেনেতে কিবা এটা দেখি সি বিচূৰ্তি খালে। বিচূৰ্তি আৰু নিউটনৰ গতি-সূত্ৰ দুয়োয়ে খ্ৰীংকোৰ পেটৰ ভিতৰলৈ যাবৰ বাবে তৰা-নৰা ছিঙোতে ডিঙিৰ সুৰংগটোত তামাম এক্সিডেণ্ট হ’ল। খ্ৰীংকোৱে সেয়ে গাঁঠিও খাব লগা হ’ল। খ্ৰীংকোৰ হাতৰপৰা (মানে ফানৰপৰা) পিৰিছখন ছিটিকি পৰিল। অনন্তই কি হ’ল বুলি খ্ৰীংকোৰ পিঠিত ঢকিয়াবলৈ হাত ডাঙিলে। খ্ৰীংকোৱে বাধা দি ৰেস্তোৰাৰ এটা মূৰলৈ আঙুলিয়ালে। অনন্তই চাই দেখে সেইফালে বেৰ এখনত চিনেমাৰ দৰে ছবি ওলাই আছিল। ছবিখনৰ এটা মূৰে লিখা আছে ‘ব্ৰহ্মাণ্ড লাইভ (ব্যক্তিগত)’। আৰু ডাঙৰ-ডাঙৰকৈ ওলাই আছেঃ

“ব্ৰেকিং নিউজ! এ ব্ৰহ্মাণ্ড লাইভ এক্সক্লুছিভ্‌! ভগৱান এতিয়া জেলত!”

ক্ৰমশঃ

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments