জীৱন, ব্ৰহ্মাণ্ড আৰু সকলো – ষষ্ঠ খণ্ড (উদ্দীপ তালুকদাৰ)

‘ভাঙি থকা বাতৰি’টো দেখিয়েই খ্ৰীংকোৱে খোৱা-বোৱা এৰি বাতৰিটো ভালকৈ চাবলৈ ধৰিলে। সঁচায়ে সাংঘাতিক বাতৰি! ভগৱান গ্ৰেপ্তাৰ হৈছে! বাতৰিৰ স্থান: ‘বেদনা-২৩৪’ নামৰ গ্ৰহটো। তাতে হেনো ভগৱান ওলাইছিল। ওলাইছিল মানে ‘বেদনা-২৩৪’-ৰ বজাৰৰ কেঁকুৰিটোত থকা কম্পিউটাৰৰ মূৰ্তিটোৰ তলতে গাত ফটাকাঁথা এখন লৈ কোনোবা এজনে নি:পালি দিছিল, ক’ৰপৰা কেনেকৈ তেখেত আহি সেইখিনি পালেহি, কোনেও নাজানে। ৰাতিপুৱা টিউছনলৈ ওলোৱা ওফাইদাং কেইটামানে দেখা পাই, ‘এইটোনো কি ঔ’ বুলি মাৰি এডালেৰে চিকুটি দিলে। তাৰ পাছতে জাগি উঠি সেইজনাৰ কি ফাই! ‘মোক হে বোলে চিনি পোৱা নাই! মই হেন, মই তেন!’ ইত্যাদি কৈ হাহাকাৰ লগাই দিলে। ওফাইদাং কেইটা লগে লগেই চাইকেলত উঠি ফুট্‌! কিন্তু তেতিয়ালৈ ৰাতিপুৱাৰ টহলত থকা পুলিচকেইটা আহি সেইখিনি পালেহি। সেইজনাক গোৰগোৰাই থকাদেখি থানালৈ নিওঁ বুলিলে। কিন্তু সেইজনাই দিলেহে! পুলিচ আৰু তেখেতৰটনা-আজোৰাত কাঁথা ফাটি কানি হ’ল। তথাপি সেও নামানে। কথাৰ কটাকটি চলি থাকিল।লাহে লাহে কেইবাজনো বেদনা-বাসী তাতে জমা হৈ ভাল ভীৰেই হ’ল। তেতিয়াই হঠাতেসেইজনাই ঘোষণা কৰি দিলে, তেৱেই ভগৱান!

ক’বলৈহে পালে! লগে লগে ভীৰখালী। পুলিচ কেইজনো দূৰে দূৰে ৰ’ল। ৱায়াৰলেছ মেচেজ গ’ল কণ্ট্ৰ’ল ৰূমলৈ। সাতট্ৰাক জৱান আহিল, সোতৰটা কমাণ্ডো বাহিনী আহিল, সাতাইছখন হেলিকপ্তাৰ আহিল।কেঁকুৰীটো বেৰিকেড কৰি দিয়া হ’ল। সাংবাদিকবিলাকে কেমেৰা-চেমেৰা পোনাই ৰেডিহৈ ৰ’ল।

ইফালে ‘স্বয়ম্ভূ ভগৱান’ (শব্দটো মই দিয়া নাই।ব্ৰহ্মাণ্ড-লাইভৰ সাংবাদিকে দিয়া।) গৈ কম্পিউটাৰৰ মূৰ্তিটোৰ ইউ.এছ.বি.প’ৰ্টৰ ফুটা এটাৰ চেপাত পথালিকৈ আকৌ বাগৰি দিলে, আৰু লগত থকা ৰঙা মোনাটোৰপৰা কিতাপ এখন উলিয়াই গহীনাই পাত লুটিয়াবলৈ লাগিল।
বাৰে বাৰে পুলিচে মাইকত ঘোষণা কৰিলে ‘ছাৰেণ্ডাৰ কৰক, নহ’লে আমি গুলীয়াবলৈ বাধ্য হ’ম!’ কিন্তু ‘স্বয়ম্ভূ ভগৱান’ৰ কাণষাৰ নাই। ৰঙা মোনাৰ কিতাপখন সুমুৱাই থৈ নীলামোনাটো মেলি আন এখন কিতাপ মেলি পঢ়িবলৈ লাগি গ’ল। সিফালে বেদনাৰ ৰাষ্ট্ৰপতিয়ে কণ্ট্ৰ’ল ৰূমত চকু ৰাখি চাই আছে। তেখেতৰ চাৰিওফালে পালি-পহৰী, পৰামৰ্শদাতা ইত্যাদিয়ে ভীৰ কৰিছে। পুলিচ অধীক্ষকে খুব গহীন হৈ খিৰিকীৰে বাহিৰলৈ চাই আছিল। ‘কি কৰা যায়?’ চবেই ভাবিছে। ৰাষ্ট্ৰপতিয়ে পিছে ভবা নাই।ভবা কামটো তেওঁ কেতিয়াও নকৰে বুলি প্ৰতিশ্ৰুতি দিয়া বাবেহে আজি প্ৰায় দহহাজাৰ বছৰ ধৰি তেওঁ বাৰে বাৰে ৰাষ্ট্ৰপতি হৈ থাকিব পাৰিছে। সেয়ে তেওঁ এনেয়ে গহীন হোৱাৰ এক্‌টিং কৰি আছিল। এইখিনি ব্ৰহ্মাণ্ড লাইভত দিয়া নাছিল। মই বহুত ফাঁকটি কৰিহে যোগাৰ কৰিছোঁ। আচলতে বেদনাবাসীৰ এটা পুৰণি বিশ্বাস আছে যে যিসকল সঁচাসঁচিকৈ ৰাষ্ট্ৰপতি হোৱাৰ যোগ্য, তেওঁলোকে নিৰ্বাচন নেখেলেই!গতিকে অযোগ্য মানুহক হে ৰাষ্ট্ৰপতি পাতিব লাগে বুলি তেওঁলোকৰ সংবিধানত লিখা আছে। আনকি সেই শাৰীটোৰ তলত আণ্ডাৰলাইনো কৰা আছে। আৰু বেদনাবাসী এই কথাত বিৰাট আনন্দিত যে যোৱা হাজাৰ বছৰে ৰাষ্ট্ৰপতিয়ে একো সিদ্ধান্ত নোলোৱাৰ বাবেই বেদনাবাসীৰ আচলতে কোনো বেদনা নাই!
যি নহওঁক। আজিও যে ৰাষ্ট্ৰপতিয়ে একো সিদ্ধান্ত নিদিয়ে, সেই লৈ সকলো নিশ্চিত আছিল। তথাপিও কেইটামান চকু-চৰহা আছেই। তেওঁলোকে ৰাষ্ট্ৰপতিয়ে টেংক-চেংকেৰে আক্ৰমণ কৰিবলৈক’ব বুলি ভাবি ল’লে। আনকি বেদনা টেংক আক্ৰমণ বিৰোধী সংগঠনৰ লগতে ৩১-টা সংগঠনে একেলগে প্ৰতিবাদী সভা পাতিলে। অকল সভাহে পাতিছিল! বন্ধ দিয়া নাছিল!ৰাইজে এনেয়ে অসমৰ কথা কায়দা কৰি কোৱা বুলি ভাবি নল’ব। প্ৰতিবাদী সভাখন পতাৰদহ মিনিট পাছত প্ৰতিবাদৰ প্ৰতিবাদী সভা পতা হ’ল। তাৰে দহ মিনিট পাছত প্ৰতিবাদৰ প্ৰতিবাদৰ সভাখনৰ প্ৰতিবাদী সভা পতা হ’ল। মুঠতে প্ৰতিবাদৰ প্ৰতিবাদৰ প্ৰতিবাদৰ ৷ প্ৰতিবাদৰ সভা পাতি গৈয়েই থাকিল। আচলতে চবেই ভাবিছিল যাৰে প্ৰতিবাদ সভাখন শেষত হ’ব সেইটো প্ৰতিবাদেই জিকিব। অৱশ্যে বেদনাবাসীয়ে প্ৰথম দুখন প্ৰতিবাদ সভাৰ পাছতেই প্ৰতিবাদৰ খবৰ ৰখা বাদ দিটিভি চাই থাকিল। যি নহওঁক, সেইখিনি পাছৰ কথা।

মুঠতে ভগৱানৰ ইউ.এছ.বি. পোৰ্টৰ ভিতৰত । এবাৰ ৰঙা মোনাটোৰপৰা কিবা উলিয়াই, তাৰ পাছতে নীলা মোনাটোৰ পৰা। ইফালে পুলিচ বাহিনীৰ ৰৈ ৰৈ বিৰক্তি লাগিল। কেইটামান পুলিচে এট’মিক ফিউজি ফায়াৰ কেইটা কাষতে থৈ ‘ৰাষ্ট্ৰপতি মাৰ্কা চাধা’ মোহাৰিবলৈ লাগিল। কেমেৰামেনে একো নাপাই, আশে-পাশে ৰৈ থকা ধুনীয়া ছোৱালীবিলাকৰ মতামত সোধাত লাগিল। কোনোবা এটাই আকৌ বেদনাবাসী ছোৱালীয়ে দীঘল দীঘল পেণ্ট পিন্ধাৰবাবে কি কি অসুবিধাৰ সন্মুখীন হৈছে সেইটো লৈ ৰাইজৰ মাজত বিতৰ্ক আহ্বান কৰিলে। মুঠতে একো নঘটিল!

বেদনাৰ ৰাষ্ট্ৰপতিয়ে দুপৰীয়াৰ টোপনিখন এৰিব নোৱাৰোঁ বুলি সন্মুখৰ মেজতে ভৰি মেলি টোপনিয়ালে। পুলিচৰ অধীক্ষকে পাৰ্ছনেল পিয়াদা জনক চাৰিআলিৰ চুকৰ দোকানৰপৰা পকৰী আৰু লাল চাহ আনিবলৈ দিলে।

অধীক্ষকে তিনি নম্বৰ পকৰীটোত দুই নম্বৰ কামোৰটো মৰাৰ সময়তে ঘটনাটো ঘটিল। ‘স্বয়ম্ভূ ভগৱান’ ওলাই আহিল! ৰঙা-নীলা দুয়োটা মোনা মাটিত থৈ গুৰিয়াবলৈ ধৰিলে! তাৰ পাছত মাটিত বহি পাৰে মানে কান্দিলে! ক’লা গগলছ পিন্ধি চাধা মাৰিথকা পুলিচৰ জৱান এজনক কাষলৈ মাতিলে। গোটেই পল্টন এটা আগবাঢ়ি আহিল। তাৰপাছত তেওঁ পুলিচৰ গাড়ীত উঠি গুচি গ’ল। অধীক্ষকে ঘোষণা কৰি দিলে ‘ভগৱান’ক গ্ৰেপ্তাৰ কৰা হৈছে।

মুঠতে বাতৰিটো আছিল এইখিনি। কিন্তু সেইখিনিকে ক’বলৈ ব্ৰহ্মাণ্ড লাইভে পূৰা চাৰে তিনিঘণ্টা লগালে। যি নহওঁক, আকৌ অনন্তহঁতৰ ওচৰলৈ আহিছোঁ।

বাতৰিটো চাই খ্ৰীংকোৰ মন-চন মৰি গ’ল। তাৰ জীয়াই থকাৰ ইচ্ছা নোহোৱা হৈ গ’ল। পাৰ বোলা ৰবটটোৱে আহি তাৰ পিঠিত থপৰিয়াই দিলে। আৰু লাহে লাহে তাক ধৰি ধৰি ৰেষ্টুৰেণ্টৰ বাহিৰলৈ লৈ আহিল। খ্ৰীংকোৰলগতে অনন্ত আৰু মাকো আহিল। অনন্তই, প্ৰতিবাৰৰ দৰেই একো বুজা নাছিল। সিলাহেকৈ পাৰকে সুধিলে, “কি হ’ল খ্ৰীংকোৰ?”

পাৰে কোৱাখিনি মই চমু কাহিনী হিচাপে আগবঢ়ালোঁ:

‘গেলেক্টিক মেপিং ইণ্ডেক্স পি-উনচল্লিছ, কিউ-৫৪-ত এটা আছে ব্লেক হ’ল, মানে কৃষ্ণ গহ্বৰ! সেইটো ডাঙৰ কথা নহয়। কৃষ্ণ গহ্বৰ যিয়ে সিয়ে যেনেকৈ-তেনেকৈ সাজিব পাৰে। কিন্তু সেইটো কৃষ্ণ গহ্বৰৰ এটা ৰহস্য আছে। বহু দিন আগতে সেইটো আছিল এটা গ্ৰহ, নামটো নিদিআ। গ্ৰহটোৰ নামৰ লগত সংখ্যাটো দিয়া হোৱা নাছিল।কাৰণ সেইবিলাক গ্ৰহ ভগৱানেইবহি বহি সাজিছিল, আৰু নিজৰ খেয়াল-খুচি মতে নাম দিছিল। অৱশ্যে গোটেই ব্ৰহ্মাণ্ডবাসীয়ে ভাবিছিল যে সমগ্ৰ ব্ৰহ্মাণ্ড সাজিছে স্বয়ং ভগৱানে। কিন্তু ভগৱানে কেতিয়াও মানি নলয়! তেখেতক যিমানেই কাবৌ-কাকুলি কৰি নোসোধা কিয়, তেওঁ মাত্ৰ মিচিককৈ হাঁহি এটা মাৰে আৰু বৰ পাকলগাই কিবা-কিবি কয়! যিবোৰৰ অৰ্থ আজিলৈ কোনেও বুজা নাই! যেনে ব্ৰহ্মাণ্ডবাসীলৈ তেখেতৰ বাণি কি বুলি সোধোঁতে তেওঁ ক’লে, ‘বিয়াল্লিছ!’ ‘কি বিয়াল্লিছ?’ সোধোতে তেওঁ ক’লে ‘প্ৰশ্নটো ভুল!’ মুঠতে মহা গোলমাল!

‘অৱশেষত এদিন কোনোবাই আন্দলা নামৰ গ্ৰহটোলৈ টেলিস্কোপেৰে চাই থাকোঁতে আৱিষ্কাৰ কৰিলে গ্ৰহটোৰ দেৰিনা সাগৰৰ পাৰটো দেখাত একেবাৰে ভগৱানৰ নুমলীয়া পুতেকৰ নিচিনা। লগে লগেই ব্ৰহ্মাণ্ডবাসীয়ে ভগৱানক আকৌ পেছি পেছি সুধিলে।শেষত চবেই মিলি অনশন কৰিম বুলি ভাবুকি দিয়াত ভগৱানে শ্বেতপত্ৰ প্ৰকাশ কৰিদিলে যে নিদিআ, দিআ, আন্দালা, কামেৰি আদিকে ধৰি কেইটামান গ্ৰহহে তেওঁ সজা, বাকীবোৰৰ বিষয়ে তেওঁ নাজানে। সেইবাৰলৈ চব শান্ত হ’ল।

‘ইফালে নিদিআবাসীয়ে কথাটো জানিব পাৰি পৰম উৎফুল্ল হৈ ‘তুমিয়েই আমাৰ সৃষ্টিকৰ্তা, আমাক পালন কৰা হৈ পিতা’ বুলি ভগৱানৰ চৰণত দীঘল দি পৰিলগৈ! ভগৱানে আকৌ মিচিককৈ হাঁহি ‘ঠিক আছে, যা এতিয়া’ বুলি পঠিয়াই দিবলৈ চেষ্টা কৰিলে যদিও নিদিআবাসীয়ে নামানে। “ভগৱানে সিহঁতক পালন নকৰিলে নিগমে মৰিব হেনো!” ভগৱানে শেষত গালি-শপনিও পাৰিলে। নাই, তথাপি নিদিআবাসীয়ে নামানে। শেষত উপায় নাপায়, ভগৱানে চব নিদিআ বাসীকে একোখনকৈ ৰঙা আৰু একোখনকৈ নীলা মোনা দি ক’লে, “মোৰ হৈএই মোনা কেইখনেই তহঁতক পালন কৰিব। তহঁতক যি লাগে মোনাখনত হাত সুমুৱালেই পাবি।” নিদিআ বাসী পৰম আনন্দত ঘৰ পালেহি।

‘কিন্তু ঘৰ পায়েই কি হ’লজানো! ৰঙা আৰু নীলা মোনাক লৈ আৰম্ভ হ’ল চৰম তৰ্ক! ৰঙা মোনাধাৰীৰ মতে ৰঙামোনাৰ ক্ষমতা বেছি! নীলাই বোলে নহয় মোৰ! তেনেকৈ কাজিয়া কৰি কৰি শেহত আকৌ সবে মিলি ভগৱানৰ ওচৰ পালেগৈ। সুধিলে, ‘ভগৱান, তুমিয়েই কৈ দিয়া, কোনটো মোনাৰ ক্ষমতা বেছি?’ ভগৱানে আকৌ মিচিককৈ হাঁহিলে, ক’লে, ‘নিদিআৰ সোঁমাজতে এটাগাঁত খান্দা গাঁতৰ একেবাৰে তলিত যি ৰঙৰ মোনা ওলায়, সেইখনেই আটাইতকৈ শক্তিশালী!’
‘বচ! কথা মতে কাম। আৰম্ভ হ’ল খনন! ওলাল এটা নীলা মোনা!বিৰাট ফূৰ্তিত নীলা মোনা জঁপিয়াবলৈ লাগিল। ইফালে ৰঙা মোনাই আকৌ খান্দিলে।অলপ তলত ওলাল এটা ৰঙা মোনা! এইবাৰ ৰঙাৰ স্ফূৰ্তি চাই কোনে! পিছে নীলাই বোলে ‘নহয়, তলত আৰু নীলা মোনা আছে।’ আকৌ খান্দিলে এইবাৰ ওলাল হালধীয়া মোনা!এইবাৰ কোনো সুখী নহ’ল, মাত্ৰ আৰু খান্দিবলৈ আৰম্ভ কৰিলে। এনেকৈ ৰঙামোনাধাৰী, নীলা মোনাধাৰীয়ে খান্দি গৈয়েই থাকিল হালধীয়া, সেউজীয়া, কমলা, পখৰা, বিধে বিধে ৰঙৰ মোনা ও্লায়েই থাকিল! এনেকৈ খান্দোতে খান্দোতে গাঁতটোবহল হৈ গৈ গৈ শেষত এদিন নিদিআ গ্ৰহটো সোপাকে গাঁতটোৰে সোমাই গৈ তাৰ জেগাত এটা কৃষ্ণ গহ্বৰ হৈ গ’ল।

‘সমগ্ৰ ব্ৰহ্মাণ্ডবাসীয়ে এই কামটোৰ বাবে ভগৱানক দূষিলে। ভগৱানে আকৌ মানি নলয়, বোলে ‘মই ধেমলিহে কৰিছিলোঁ, নিদিআৰ মূৰ্খকেইটাই নিজেই এনেকৈ মৰিলে মোৰ গাত দোষ নেকি?’ পিছে ব্ৰহ্মাণ্ড আদালতে ইমান সহজে এৰি নিদিলে। আৰু ভগৱানক ধৰি আনিবলৈ পুলিচক হুকুম দিলে।

‘তেতিয়াই ভগৱান যে নিখোঁজ হ’ল, হ’লেই! আজি অত হাজাৰ বছৰে কোনেও ভগৱানক বিচাৰি পোৱা নাই। আৰু ভগৱানক বিচাৰি নোপোৱা কাৰণে দুটা ডাঙৰ অসুবিধা হৈআছে: ১. ভগৱানৰ বিৰূদ্ধে বিচাৰ চলাব পৰা হোৱা নাই! ২.’ ব্ৰহ্মাণ্ডৰসৃষ্টিকৰ্তা ভগৱানেই আছিল নেকি?’ প্ৰশ্নটোৰো মীমাংসা হোৱা না্ই!

‘সেইবাবেই ভগৱানক লৈ ইমান হাহাকাৰ! মুঠতে ভগৱানক লাগেই!

‘ইফালে খ্ৰীংকোহঁতৰ গ্ৰহটোৰ হাতত দায়িত্ব আছে, ভগৱানক বিচাৰি উলিওৱাৰ!কাৰণ সিহঁতৰ গ্ৰহটো ইণ্টাৰ গেলেক্টিক ইণ্টাৰপোলৰ বিশেষ মিছন শাখাৰ অংশীদাৰ।সেই বাবেই ভগৱান ক’ৰবাত ধৰা পৰিল বুলিলে খ্ৰীংকো অস্থিৰ হৈ পৰে। সিহঁতে উলিয়াব নোৱাৰিলে, ‘এক্সপ্লেনেছন কল’ হ’ব! আনকি খ্ৰীংকোৰ পৃথিৱী ভ্ৰমণো এইমিছনৰে অন্তৰ্গত কথা….’

এই শেষৰ শাৰীটো কোৱাৰ সময়তে খ্ৰীংকো মোটামুটি সুস্থ হৈ উঠিল। এটা গল-হেকাৰি মাৰি সি পাৰই ক’বলৈ ওলোৱা কথাখিনিবন্ধ কৰি দিলে। “এতিয়া এইবিলাক কথা কৈ থকাৰ সময় নহয়! আমি পট্‌কৈ যাব লাগিববেদনা-২৩৪-লৈ! তাত কি কাৰবাৰ হৈছে চাব লাগিব.. কুইক্‌! কুইক্‌! ৰোৱাৰ সময়নাই!”

অনন্তৰ মনত ভাৱ হ’ল, খ্ৰীংকোৱে যেন জানি-বুজিয়েই পাৰক কথাখিনি শেষ কৰিবলৈ নিদিলে। কিন্তু অনন্তৰ ভাৱটো বেছি আগবাঢ়িবলৈ নাপালে।কাৰণ সিহঁত আকৌ খ্ৰীংকোৰ মহাকাশযানত উঠিল! মহাকাশযানত উঠাৰ শব্দটো আকৌ ওলাল:

-ঝাপ!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments