জীৱন, ব্ৰহ্মাণ্ড আৰু সকলো ( উদ্দীপ তালুকদাৰ )

জীৱন, ব্ৰহ্মাণ্ড আৰু সকলো

উদ্দীপ তালুকদাৰ

ৰাতিপুৱা এইখিনি সময়ত প্ৰায়েই অনন্তৰ মনলৈ এই কবি কবি ভাৱটো আহে । এইটো অক্টোবৰ মাহ কাৰণে নে বতৰটো ভাল কাৰণে, নে কালি দৰমহা পোৱাৰ কাৰণে ? বা এমাহৰ আগৰ কথা এটাও হ’ব পাৰে । সেইদিনা উৰ্মিমালাই তাক চিৰবিদায় দিছিল – তাৰে ৰৈ যোৱা দুখৰ কিস্তি এতিয়াও অলপ অলপ থাকি গ’ল । সেইটো হোৱাৰেই সম্ভাৱনা বেছি। নহ’লেনো এই ভৰ শৰতৰ বতৰত সি কাউৰিয়ে থপিয়াই নিয়া ষ্টীলৰ চামুচ এখনক লৈ কবিতা লিখাৰ কথা ভাবেনে? তেনেতে টিলিঙকৈ বাজি উঠা শব্দটোৱে তাৰ মনৰ কবিতাটো ঠিক কাউৰিয়ে ষ্টীলৰ চামুচ এখন লৈ যোৱাৰ নিচিনাকৈ থাপ মাৰি নি ক’ৰবাৰ বাকৰিত পেলাই দিলে । অনন্তই এটা জিকাৰ খাই জোকাৰ মাৰি উঠি বহিল । সি এই টিলিঙাৰ শব্দটোৰ কাৰণেই বহি আছিল । মাকে তাক বহুৱাই থৈছিল । ৰাতিপুৱা এই বাটেৰেই মাছ-বেপাৰী এটাই চাইকেল এখনত মাছ বেচি যায় । মাছ-বেপাৰীটোৱে টিলিঙাটো বজাই বজাই যায়, কাচিৎহে মন গ’লে ‘মাছ-মাছ’ বুলি চিঞৰে। সেই বাবে বাহিৰত ৰৈ নাথাকিলে তাক ধৰাটো মস্কিল । তাৰ টিলিঙাৰ মাত শুনি মানুহ বাহিৰ ওলাই আহে মানে সি নামঘৰটো পায় গৈয়েই, তাতে আকৌ তাক কিবা এটা ক’ব লাগিলে মুখখন তাৰ কাণৰ ওচৰলৈ নি চিঞৰি ক’ব লাগে। গতিকে নামঘৰৰ আগৰপৰা তাক ঘূৰাই আনিবলৈ সিটো বস্তু লাগে-সেইটোক মাত বুলিব নোৱাৰি, বজ্ৰপাত বুলিব লাগে । পিছে তেনেকুৱা বজ্ৰপাতো চুবুৰীত কেইটামান আছে। পিছে অনন্ত সেই দলত নাই। সি কি কয়, নিজেও শুনা পায়নে সেইতো ৰিছাৰ্ছ কৰিবলৈ বহুত নোবেল প্ৰত্যাশীয়ে তাক প্ৰস্তাৱ দিয়েই থাকে। আজি পিছে মাছ-বেপাৰী গৈ নামঘৰ নাপালে । অনন্তই তাক ঠিক সময়তে ৰখাই ‘চাওঁ কি মাছ আনিছ,’ বুলিয়েই ক’লে কিজানি; আৰু মাছখিনি ভালকৈ চাই-চিতি ৰাখিবলৈ তাক বাৰান্দালৈ মাতি আনিলে। মাছ-বেপাৰীৰ টিনৰ গোল বাকচটোৰ ঢাকনিখন খোলাৰ লগে লগে ভিতৰৰপৰা মাছৰ খলখলনি ভাঁহি আহিল। জীয়া মাছ। শব্দটোতে জিভাৰ পানী পেলাব পৰা গুণ আছে। আৰু অনন্তৰ জিভাখনো ভিতৰৰপৰা অলপ তিতি আহিল। টিনৰ বাকছটোৰ ভিতৰত বহুকেইটা সৰু মানে চাৰিৰপৰা ছয় ইঞ্চি দীঘল মাছ জঁপিয়াই আছিল। আৰু এটা আছিল ডাঙৰ মানে। সেইটো দীঘলে এক ফুট চাৰি ইঞ্চি, গোঁফৰ আগৰপৰা ফিছাৰ শেষলৈকে। মূৰটো বহলকৈ। অনন্তই সেইটো কি মাছ চিনি নেপালে। ‘কি মাছ এইটো?’ সি বেপাৰীটোকে সুধিলে। ‘ইংলিছ গ্ৰাছ কাৰ্প।’ ‘টেষ্ট আছে নে নাই?’ বেপাৰীটোৱে প্ৰশ্ন শুনি তাৰ ফালে চাই এনেকুৱা ধৰণে হাঁহিলে যেন অনন্তই তাৰ লগত ধেমালিহে কৰিছে। ‘এবাৰ খাই পালে সদায় বিচাৰিব। নাপায়েই আজি কালি।’ ‘দাম?’ অনন্তই ভূৰু দুপাৰী বৰ বিশেষ কায়দাত ওপৰলৈ উঠাই আকৌ সুধিলে। “মাছ-বেপাৰীয়ে এটা দাম ক’লে; অনন্তই চক্‌ খোৱাৰ নিচিনাকৈ ক’লে, ‘ইমান দাম?’ তাৰপিছত সি আগৰ দামৰ ঠিক আধাত এটা দাম ক’লে, বেপাৰীয়ে নামানিলে, আৰু এটা নতুন অলপ কম দাম ক’লে, অনন্তই নিজৰ দামটো অলপ বঢ়াই দিলে, মাছ-বেপাৰীয়ে নহ’ব বুলি ক’লে, অনন্তই তাক ‘নালাগে মাছ’ বুলি যাবলৈ দিলে, মাছ-বেপাৰীয়ে তাক এটা ‘মিনিমাম’ দাম ক’লে, অনন্তই তাতকৈ পাঁচ টকা কমাই দামটো ঠিক কৰিলে, মাছ-বেপাৰীয়ে অলপ কেৰজেৰ কৰি মানি ললে, অনন্তই মাছটো কিনিলে । দুপৰীয়া মাছ ভজা, মাছৰ টেঙা আৰু ৰাতি মাছৰ আঞ্জা জুতি লগাই খালে।” যদি কাহিনীটো এনেকৈ আগবাঢ়িলে হেঁতেন তেতিয়া হ’লে কোনো অসুবিধাই নাছিল। কিন্তু নহ’ল। আচলতে হ’ল এনেকুৱা : বেপাৰীয়ে টিনৰ বাকছৰপৰা মাছটো উলিয়াই বাৰান্দাৰ পকাত থোৱাৰ লগে লগে মাছটোৱে অনন্তৰ ফালে চাই টিপিয়ালে। অনন্তই এনে নাভূত নাশ্ৰুত কাণ্ড দেখি আচৰিত হৈ গ’ল। মাছটোৱে তাৰ ফালে চাই আকৌ চকু টিপিয়ালে আৰু তাক যেন ক’লে, “মোক কিনি থ।” মৎস্য অৱতাৰৰ আদেশ অনন্তই উপেক্ষা কৰিব নোৱাৰিলে আৰু বেপাৰীয়ে কোৱা দামতে মাছটো ৰাখি দিলে । বেপাৰীটোৰ বেয়া লাগিল নেকি, সি দেখোন নিজেই পাঁচ টকা কমাই ধৰিলে। মাছ-বেপাৰীটো গ’ল আৰু লগে লগেই মাছটোৱে জাঁপ এটা মাৰি থিয় হ’ল। নিজৰ মূৰটো সামান্য হাউলাই অনন্তক নমস্কাৰ জনালে আৰু লগতে টিঙটিঙীয়া মাত এটাৰে নমস্কাৰ বুলি কলেও। অনন্তই ঠিক কি কৰিব বুজিব নোৱাৰি মাছটোক নমস্কাৰ দিলে। মাছটোৱে বুকুৰ ওচৰৰ ফিছা দুখন পিছলৈ নি কিব ভবাৰ দৰে দুবাৰমান ইফাল-সিফাল কৰিলে, নিজে নিজে দুবাৰ জিভাৰে চুক-চুক শব্দ কৰিলে, আৰু তাৰপাছত অনন্তৰ ফালে চালে। অনন্তই কিংকৰ্তব্যবিমূঢ় হৈ সৰগ পৰা মানুহৰ দৰে মাছটোৰ কাৰ্যকলাপ চাই থাকিল। মাছটোৱে এবাৰ গলা খেকাৰিলে আৰু অনন্তক কিবা এটা ক’বলৈ আৰম্ভ কৰিবলৈ খুজি ৰৈ গ’ল। কাৰণ অনন্তই তেতিয়া মুখখন হা-কৈ মেলি মাছটোৰ ফালে চাই আছিল। মাছটোৱে অনন্তৰ ফালে এবাৰ চালে আৰু এটা জাঁপ মাৰি অনন্তৰ দুগালত ফিছাৰে ঠাচ-ঠাচকৈ দুটা চৰ সোধালে। অনন্ত আকৌ পৃথিৱীলৈ ঘূৰি আহিল। মাছটোৱ তাক সুধিলে, ‘কি হ’ল?’ “তুমি কি? ভূত নে পিশাচ নে কি?” অনন্তৰ মাতটো ভয়ত কঁপিছিল। “ভূত!!” মাছটো এইবাৰ অনন্ততকৈও আচৰিত হ’ল। ‘মই আকৌ ভূত হ’বলৈ যাম কিয়? ভূতবিলাক থাকে এণ্ড্ৰোমিডাৰ সাত নম্বৰ তৰাটোৰ ন নম্বৰ গ্ৰহ হোলোহীউষ্টত। মোৰ তাতকৈও বহু দূৰত ঘৰ । ন হাজাৰ আলোক বৰ্ষৰ দূৰত। পিশাচবিলাক পিছে মোতকৈও দূৰত থাকে। তেওঁলোকৰ গ্ৰহটোৰ নামটো মই মনত ৰাখিবই নোৱাৰোঁ । বৰ কিবা দাঁত ভঙা নাম।” ‘হা’ অনন্তৰ মুখখন আগতকৈ এক ইঞ্চি বেছিকৈ মেল খালে । ‘কিনো মুখ মেলি চাই আছাহে!” মাছটোৰ খঙেই উঠিল। “মা..মানে, মানে মই বুজা নাই।” “বুজা নাই!!!” এইবাৰ মাছটোৰ আচৰিত হোৱাৰ পাল । “কি বুজা নাই? ইয়াত নুবুজিবলগীয়া কিনো আছে? “মানে তোমাৰ কথাবিলাক।” “মোৰ কথানো কি বুজা নাই?” “একোকে বুজা নাই।” “একোকে বুজা নাই!?” মাছটো যেন বিপাঙত পৰিল। মূৰটো তল কৰি দুবাৰমান ইফালে সিফালে অহা-যোৱা কৰিলে। এবাৰ চকুকিটা পিৰিকিয়াই অনন্তৰ ফালে চালে, আৰু গহীনকৈ স্কুলৰ মাষ্টৰে ল’ৰা-ছোৱালীক বুজোৱাৰ দৰে ক’বলৈ আৰম্ভ কৰিলে, “চোৱা, তোমালোক থাকা এই পৃথিৱীত, হাতী-পটী গেলেক্সীৰ সৌৰজগতৰ তিনি নম্বৰ গ্ৰহটোত। ঠিক তেনেকৈ মই থাকো কি-মামাংনাভাটোৰ নামৰ আন এখন গেলেক্সীৰ এক্স ফৰ্টি-ছেভেন থ্ৰী ৱাই নামৰ গ্ৰহ এটাত, তাৰপৰাই আহিছিলো। তোমালোকৰ ইয়ালৈ এটা বিশেষ কামত। মোৰ নাম খ্ৰীংকোৱালস্ৰো, তোমাৰ নামটো?” “অনন্ত, অনন্ত কুমাৰ দাস।” “নাইচ টো মীট ইউ।” “হা।” “তুমি কি হা, বুজা নাই, আৰু মুখ মেলি চাই থকাৰ বাহিৰে বাকী একো ক’ব নাজানা?” মাছতোৰ বাৰুকৈয়ৈ খং উঠিল নেকি বুজিব পৰা নগ’ল। “হয়, মানে নহয়, মানে …” “তোমালোকৰ পৃথিৱীৰ মানুহবোৰৰ এই কথাটো মই একেবাৰ এবুজি নাপা্‌ওঁ। এটা কথাও চিধাকৈ ক’ব নোৱাৰা! হয়, নহয়, মানে… মানে?” “মানে পাৰোঁ, চব ক’ব পাৰোঁ। কিন্তু এই অলপ আচৰিত হৈ গৈছোঁ।” “আচৰিত হৈ গৈছা, কিয়?” “মানে, তুমি যিবিলাক কৈ আছা … সেই মতে তুমি এটা এলিয়েন, মানে ভিন গ্ৰহৰ বাসিন্দা। …” “অ দস্তুৰমত মই পৃথিৱীৰ বাহিৰৰ প্ৰাণী।” “পিছে তোমাৰ চেহেৰাটো …” “কিয় মোৰ চেহেৰাত আকৌ কি দেখিলা?” “মানে একেবাৰে মাছৰ নিচিনা …” “মাছৰ নিচিনা বুলি কি বুজাইছা ? মই মাছেই। গতিকে মাছৰ নিচিনা নহৈ কি ঘোঁৰাৰ নিচিনা হ’ব লাগে নেকি?” “সেইটোৱেই তো আচৰিত কৰি দিলে। মই চিনেমা-টিনেমাত দেখা এলিয়েনৰ চেহেৰাবিলাক বেলেগ ধৰণৰ।” “তুমি এটা গাধ । চিনেমাত, যি মনলৈ আহে, তাকে বনাই দেখুৱাই দিয়ে । সেইবুলিয়েই তুমি বিশ্বাস কৰি ল’বানে? চৰকাৰী কথা বুলি ভাবিছা নেকি? যি কয় মানি ল’বই লাগিব।” মাছটোৱে অলপ দম লৈ আকৌ ক’লে, “বেলেগ বেলেগ গ্ৰহৰ প্ৰাণীৰ চেহেৰা বেলেগ বেলেগ … কিছুমানৰ আকৌ চেহেৰা নায়েই। পি যেদ ডাবল ডট স্লেছ স্লেছ বোলা গ্ৰহটোৰ প্ৰাণীবিলাকৰ চেহেৰাই নাই। ড়েন ফাইভৰ কেইটা আকৌ আল্ট্ৰভায়োলেট ৰশ্মিৰ এটা হাইপাৰ ইণ্টেলিজেণ্ট বৰ্ণালীহে।” “আৰু ভূতৰ কথাটো?” “অ ভূতৰ কথা কৈছা, সিহঁতকেইটাও মোৰ দৰে এলিয়েন। মাত্ৰ অলপ কুৰ্চুটীয়া বদ্‌মাছ, মাজে মাজে আহি তোমালোকক ভয় খুৱাই মজা পায়। এনেয়ে ভালেই … কেৱল এই স্বভাৱটোৰ কাৰণেই সিহঁতক কেবাবাৰো লিগেল নোটিছ দিবলগীয়া হৈছে। আজিকালি সেই কাৰণে বদমাছি বহুত কমি গ’ল।” মাছটোৱে (চেঃ পাহৰি গৈছিলো!! মানে খ্ৰীংকোৱালস্ৰৱে) আলাসতে পাক এটা মাৰি বিষয়টো সলনি কৰিলে, “বাৰু এতিয়া তোমাৰ কথা কোৱা …” “মোৰ কথা … এহ উম .. মানে .. মোৰ তেনেকৈ একো ক’বলৈ নায়েই।” “নায়েই … বৰ ভাল কথা। নাই টোকেই কোৱা।” অনন্ত বৰ বিপদত পৰিল। যিটো ক’বলৈ নাই সেইটোনো কেনেকৈ কয় ক’ব পাৰি তাকে ভাবি সি হায়ৰান হ’ল। শেহত অলপ অলপ হাঁহো হাঁহোকৈ কৈ পেলালে, “মানে যিটো ক’বলৈ নায়েই সেইটোনো কেনেকৈ ক’ম” খ্ৰীংকোৱালস্ৰোৱে (এইবাৰৰপৰা মই খ্ৰীংকো বুলি ক’ম দেই। এই লম্বা নামটো বাৰে বাৰে টাইপ কৰি থকাটো মস্ত কামোৰ!) চকু দুটা ঘোপা কৰি কলে, “যিটো ক’বলৈ নাই সেইটো কেলেই ক’ব নোৱাৰি? একোকে নজনাকৈ পৰীক্ষাত তেনেহ’লে কেনেকৈ পৃষ্ঠাই পৃষ্ঠা ভৰাই লিখি আহিব পাৰি? একো কাম নকৰাকৈ তেনেহ’লে ঠিকাৰ টকা কেনেকৈ খাব পাৰি? পোষ্ট নথকাকৈ কেনেকৈ এপইণ্টমেণ্ট দিব পাৰি, আৰু খালী পোষ্ট থাকিলেও কিয় মানুহ দিব নোৱাৰি? …” খ্ৰীংকোৱে কিজানি আৰু বহুত কিবা কিবি ক’লেহৈঁতেন … কিন্তু অনন্তই তাক মাজতে বাধা দি কৈ পেলালে, “মোৰ নাম অনন্ত।” “মই জানো,” খ্ৰীংকোৱে ভেকাহি মাৰিলে। “মই থকা ৰাজ্যখনৰ নাম অসম।” “সেইটোও মই জানো।” “দেশখনৰ নাম ..” “ভাৰত। কণ্ডিছন খুব বেয়া। সেইবিলাক মই চব জানো। তোমাৰ কথা কোৱা। মই ইয়ালৈ অহাৰ আগেতে এইবিলাক ভালদৰে ৰিছাৰ্ছ কৰি আহিছোঁ।” খ্ৰীংকোৱে কলে, “তোমালোকৰ এই গোটেই পৃথিৱীখনৰেই অৱস্থা তেনেই কাহিল। মই আচলতে সেইটো কাৰণতে আহিছিলো …” খ্ৰীংকোৱে কিবা এটা ভাবি কথাখিনি বন্ধ কৰি বেলেগ কথা উলিয়ালে, “তোমাৰ নিজৰ কথা কোৱা।” “মোৰ কথা … মোৰ নামটো জানাই। মই ইয়াৰে স্কুল এখনত মাষ্টৰৰ কাম কৰোঁ। চাকৰী পোৱা বেছি দিন হোৱা নাই। লগত মা আছে। দেউতা ঢুকুৱা দুই বছৰ হ’ল । আৰু বিশেষ নাই।” “হুম।” খ্ৰীংকোৱে কিবা এটা ভবাৰ নিচিনাকৈ ক’লে, “বুজিছোঁ। আৰু কিছুমান বুজা নাই। যেনে চাকৰী, দৰমহা এইবিলাক কি বস্তু? ঠিক আছে কোনো কথা নাই। এইবিলাক তোমালোকৰ নিজা প্লেনেটৰ প্ৰাইভেট কথা। নুবুজিলেও মোৰ বিশেষ ক্ষতি নাই।” অলপপৰ খ্ৰীং (কো-টোও নিলিখা হ’লো দেই ৰাইজ। মন কৰিব।) তভক মাৰি ৰ’ল। “মই এটা কথা একেবাৰে বুজি পোৱা নাই – সেইটো হ’ল তোমালোকৰ গ্ৰহটোৰ এনে পানীত হাঁহ নচৰা অৱস্থা কেনেকৈ হ’ল? তোমালোকে এতিয়াও একোকে নাজানা। ব্ৰহ্মাণ্ডৰ বাকী চব গ্ৰহই কি লেভেল পালেগৈ! অথছ তোমালোকে এতিয়াও বাকী গ্ৰহৰ লগত যোগাযোগেই কৰিব পৰা নাই।” খ্ৰীঙে বৰ চিন্তা মগ্নভাৱে কথাখিনি ক”লে। তেওঁ দুখ কৰিছে নে খং কৰিছে বুজা অসম্ভৱ। “তোমাৰ মতে ইয়াৰ কাৰণ কি?” খ্ৰীংকোৱে অনন্তক সুধিলে। “মই কি জানো? আমাৰ বিজ্ঞানীসকলে দেখোন বহুত কিবা-কিবি কৰি আছে, সফল হোৱা নাই। কিয় জানো?” “কৰা নাই। বহুত কিবা-কিবি মুঠেই কৰা নাই। নহ’লে সফল নোহোৱাৰ প্ৰশ্নই উঠিব নোৱাৰে। তোমালোকক আমি চব জ্ঞান দৰকাৰ মতে ছাপ্লাই দিয়েই আছোঁ, তথাপি একো কৰিব পৰা নাই। আচলতে কৰাৰ ধাণ্ডাই নাই। তোমালোকৰ মগজুবিলাকতো আমাতকৈ বেছিহে উন্নত , তথাপি ….” অনন্তই কিডাল ক’ব আৰু! সেয়ে দাঁত কামুৰি ৰৈ থাকিল। খ্ৰীংকোৱে নিজৰ বাওঁফালৰ ফুলৰ ওপৰৰ পতাখন এবাৰ কটপকৈ মেলিলে। তাৰ ভিতৰৰপৰা বাওঁফানখনেৰে এটা চেপেটা দেখাত মোবাইলৰ ফোনৰ দৰে কিন্তু কাগজখনৰ সমান পাতল বস্তু উলিয়াই আনিলে। ফানৰপৰা এৰিদিয়াৰ পাছতো বস্তুটো মধ্যাকৰ্ষণক বুঢ়া আঙুলিদেখুৱাই আলাতে ওপঙি থাকিল । সেইটোত এগাল সৰু সৰু বুটামৰ নিচিনা অঁকা আছিল । খ্ৰীংকোৱে সেইটোৰ আগত নিজৰ ফিছা দুখনেৰে কিছুসময় নচাৰ নিচিনা কিছুমান বিচিত্ৰ অংগী-ভংগী কৰিবলৈ লাগিল । তাৰ পাছত হঠাৎ ঘোষণা কৰিলে, “আৰু দুঘণ্টা! মাত্ৰ!”

[ক্ৰমশঃ]

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক