জীৱন, বৰ অনুপম ( মুকুট বৰ্মণ )

(১)

“বাওফালে ঘূৰি এক ফাৰ্লং মান গলেই হোটেলখন পাব”

ট্ৰেফিক পুলিচটোৱে দেখুৱাই দিয়ামতে আগবাঢ়িলো সমুখলৈ। আগত চিনাকি চহৰখনৰ অচিনাকী পথ। বহুত সলনি হল চহৰখন। সৰু সৰু জুপুৰী, আছাম টাইপৰ ঘৰ বিলাক গুছি অট্টালিকা হ’ল, দোকান বিলাক গুছি শ্বপিং কমপ্লেষ্ক আৰু পকৰী ঘুগুণীৰ দোকান বিলাকৰ ঠাইত হোটেল ৰেষ্টুৰেন্ট হ’ল। গাড়ী, মটৰ, মানুহৰ ভিৰৰ লগতে কোলাহল বাঢ়িল আৰু সেই কোলাহলৰ মাজত হেৰাই গল আপোন আপোন লগা চহৰখন।

চহৰখনলৈ নহা বহু বছৰেই হ’লহি। দেউতাৰ অৱসৰৰ পিছত মা, দেউতাক লগত লৈ যি গ’লো সময়ৰ ভিৰত হেৰাই গলো ক্ৰমশঃ। কাম আৰু সংসাৰৰ বোজাৰ মাজত এনেদৰে অহাৰ সুযোগ পোৱাই কঠিন। তথাপি এটা টান আছে চহৰখনৰ প্ৰতি, মানুহ বোৰৰ প্ৰতি, কলেজখনৰ প্ৰতি। সেয়ে কলেজ ৰি-ইউনিয়নৰ দিন বুলি খবৰ পোৱাৰ লগে লগে দৌৰি আহিছোঁ মৰমৰ চহৰ খনলৈ। পাওঁৱেইবা কিজানি বিছাৰি মানুহক আপোন কৰি ল’ব জনা মানুহবোৰ আৰু মৰমবোৰ –

“আপোন ঠাইৰ মাটিয়ে,
চিনাকি মাটিৰ সুৱাস,
বুকুত কঢ়িয়াই লৈ ফুৰে,
আজীৱন …..”

সঁচাকৈয়ে, স্মৃতি যিমানেই অতীত হয় সিমানেই ইয়াৰ গভীৰতা বৃদ্ধি পায়। ই বিষাদৰেই হওঁক বা মধুৰ সময়েই হওক।

হোটেলৰ নিজৰ কোঠাত সোমালোঁগৈ। আটোমটোকাৰিকৈ ৰখা কোঠাটোৰ এমূৰে থকা খিৰীকিখন খুলি দিলো। বন্ধকোঠাৰ ভিতৰলৈ এজাক বতাহ সোমাই আহিল। চিনাকি বতাহজাক,

“ৰসায়ন বিদ্যা বিভাগ”ৰ সমুখৰ কৃষ্ণচুড়াডালৰ তলৰ আড্ডাৰ ভাগ লোৱা বতাহজাক এয়া।
কৰোবাৰ হাহিঁৰ ঢৌ বুকুৰ ওচৰলৈ লৈ অহা বতাহজাক এয়া, যিয়ে লৈ আহিছিল প্ৰথম প্ৰেমৰ জোৱাৰ।

(২)

“এক্সকিউজ মি!!”

“য়ে… য়েছ্‌”

“ইডুকেচন ডিপাৰ্‌টমেন্ট কোনফালে??”

“এ এইফালে”

“থেংক ইউ”

– অত্যন্ত উৎসুকতাৰে ধুমুহাৰ গতিত উৰি অহা ছোৱালীজনী পলকতে অদৃশ্য হৈ পৰিছিল ৰসায়ন আৰু ভূগোলৰ কৰিডৰৰ মাজত। কিছু সময় তভক মাৰি চাই ৰৈছিলো তাই যোৱাৰ ফালে। আহ্‌, ধুনীয়া আৰু স্মাৰৰ্টনেছৰ কি অপূৰ্ব সংমিশ্ৰণ। এককথাত কবলৈ গলে “beauty with brain”। হাহিঁৰ ভাজত গালত পৰা ডিম্পলটোত যেন আৱদ্ধ হৈ ৰল প্ৰেমিক চৰাই। ৰসায়ন, পদাৰথ বিদ্যাৰ সূত্ৰৰ বিশাল সাগৰৰ মাজত বন্দৰ বিছাৰি হাহাকাৰ কৰি ফুৰা মনটোৱে য়ুৰেকা য়ুৰেকা বুলি যেন চিঞৰি উঠিল।

অসমাপ্ত কাহিনি আছিল সেয়া। কাৰোবাৰ বাবে প্ৰথমবাৰ চকুপানী টুকিছিলোঁ। অপৈণত হাতেৰে কবিতা লিখিবলৈ কতবাৰ যে চেষ্টা কৰা নাছিলো। মনত আছিল আবেগ, অনুভৱৰ জোৱাৰ। চেঙেলীয়া ডেকাবোৰৰ হৃদয়ত জোৱাৰ তুলিবলৈ ৰূপহী গাভৰুৰ এটা মাত্ৰ চকুৰ চাৱনিয়ে যথেষ্ট। তাতে চাই উঠি মিচিকিয়া হাহি এটি মাৰি দিলে বুকুৰ পৰা যেন হৃদপিন্দ ওলাই পৰিব। গৰখহনীয়াত জাহ যায় বুকুৰ পাৰ আৰু তেতিয়া বানপানী হৈ নামি আহে প্ৰেম। আৰম্ভ হৈ যায় কবিতা কবিতা লগা দিন আৰু ফেচবুক, হোৱাটছ এপ, টুইটাৰত কবিতা, শ্বায়েৰীৰ ইমোশ্বনেল অত্যাচাৰ। কবিতা ভাল নোপোৱাবোৰেও আওঁৰাব আৰম্ভ কৰি দিয়ে প্ৰণৱ কুমাৰ বৰ্মন, নীলিম কুমাৰ, হীৰুদা, অথবা হিমাংশু প্ৰসাদ দাসৰ কবিতা –

“ঐ ছোৱালী এবাৰ ভাল পাই চাবা নেকি।
আচ্ছা, হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ,
কলেজৰ বাটত আমি দুয়ো খুন্দা খাম “

-আমিও ব্যতিক্ৰম নাছিলো।
-ফেচবুকৰ দিন আছিল সেয়া।।

টেকন’লজিয়ে আমাক ওচৰ চপাই আনিলেও কামৰ বোজা কমাব নোৱাৰিলে। মাহেকে পষেকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লোৱা সকলোবোৰ জীৱন যাত্ৰাত হেৰাই গল। বতাহৰ বেগত নাও যেনি তেনি ঘুৰি অৱশেষত যেনেদৰে কোনো ঘাটত লাগে, ঠিক সেইদৰে কাৰ জীৱন কোন ঘাটত ৰ’ল তাৰ ঠিকনা নোহোৱা হ’ল। social networking siteত নামবোৰ থাকে সচা, কিন্তু friend request সদায় পেন্দিং হৈ ৰয়। যন্ত্ৰ্ৱৎ হৈ পৰা জীৱনত আহৰিয়েই বা কত।

কেনে বা আছে সিহঁত?
সৌৰভ, শ্যামন্ত, কৌস্তভ হঁত।
আৰু সেই ৰূপম।।

গোটেই ক্লাছটোকে জমাই ৰাখিব পৰা, সকলোৰে লগত সহজে মিলিব পৰা, ঠিতাতে কবিতা লিখি দিব পৰা ৰূপম। খেলা-ধূলা, সাহিত্য- সংষ্কৃতি সকলো দিশতে আগবঢ়া ৰূপম আছিল সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। বিশেষকৈ ছোৱালীবিলাকৰ। সি লগত থাকিলে আমিবোৰ ভীৰৰ মাজত হেৰাই যোৱা পথিক যেন লাগিছিল। আমি কাৰোৰে চকুত নপৰিছিলো। তথাপি তাক আমি সাত খুন মাফ কৰি দিছিলো। কাৰণ সিয়েইতো আছিল আমাৰ সবাতোকৈ ভাল বন্ধু।

কিমান যে সপোন নাছিল। গোটেই কলেজ কেম্পাছ টোত যেন এজাক তগবগাই ফুৰা সপোন। জীৱনে সময়ৰ সোঁতত কোনফালে গতি কৰে কোনেও নাজানে। এবাৰ সপোন ভঙাৰ পিছত দ্বিতীয় এটা সপোন গঢ়িবৰ বাবে সছাকৈয়ে বৰ কষ্ট। সৰুৰ পৰাই পুহি ৰখা ডাক্তৰ হোৱাৰ সপোন, সপোন হৈয়েই থাকিল। হ’লোগৈ কোনোবা অখ্যাত কোম্পানীৰ মেনেজাৰ। কেতিয়াবা এনেকুৱা লাগে যেন জীৱনটো এটা বিৰাট শূণ্যৰ মাজত ওলমি আছে। আগতে হাতত টকা নাছিল, কিন্ত বন্ধু আছিল, সময় আছিল। এতিয়া হাতত সকলো আছে, কিন্ত দুখ সুখ ভগাই লবলৈ প্ৰকৃত বন্ধুৰ অভাৱ, সময়ৰ অভাৱ।

পিছদিনা auditorium hall পালো। মঞ্চত ৰূপম, গীতাৰৰ ষ্ট্ৰীঙত হাত বোলাই আপোন মনে জয়ন্ত হাজৰিকাৰ গীত গাই আছে –
“মোৰ মিনতিৰ তৰা হৈ যদি,
তোমাৰ আকাশ চুব,
মই নাথাকিলে সাজৰ তৰাই,
মোৰেই কথাকে ক’ব”

ৰূপম আগৰদৰেই আছে। গীতাৰৰ ষ্ট্ৰীঙত আগৰ দৰেই মৃদু গুণ-গুণনি। অনুশীলনৰ অভাৱত আঙুলি অলপ থমকিছে সঁচা কিন্ত একেই আছে হৃদয়ত সাঁচ বহাব পৰা মাত।

চাৰিওফালে চকু ফুৰালো। প্ৰায়বোৰ মুখেই অচিনাকি। সকলোৰে মুখত সময়ৰ চাপ। বিভিন্ন batch, বিভিন্ন সময়ৰ প্ৰাক্তন ছাত্ৰ- ছাত্ৰীবোৰ নিজৰ মাজত কথা পতাত ব্যস্ত। সকলোবোৰ যেন উভতিছে কলেজীয়া দিনবোৰলৈ। কিছুমানে ইফালে সিফালে পিয়াপি দি ফুৰিছে, পৰেই কিজানিবা চকুত এসময়ৰ আপোন কোনোবা। যাক কোনোবাদিনা এৰিব লাগিব বুলি ভবা হোৱাই নাছিল। মোৰো অৱচেতন মনে বিছাৰি ফুৰিছিল কাৰোবাক। যাক কম কম বুলি কবলগীয়া বহু কথাই থাকি গল।

– “ঐ অনুভৱ”- পিছফালে কাৰোবাৰ মাত শুনি উভতি চালো।

– “আৰে, সৌৰভ”-

– “কেতিয়া পালি আহি? ভবাই নাছিলো তই যে আহিবি”

– “হে হে, আহিলো অলপ আগত”

আনন্দতে সাৱতি ধৰিলো। ইমান বছৰৰ মূৰত, মনলৈ সেই সতেজতা উভতি অহা যেন লাগিল।

– “বাকীবোৰ কত?”

– “আছে আছে সকলো। কিন্ত কোন কত আছে পাত্তা নাই। লাহে লাহে লগ পাবি ৰহ। ” সৌৰভে কৈ উঠিল।

কলেজীয়া দিনৰ ক্ষীণ-মীন সৌৰভ আজি আৰু পেঞ্চিল বেটেৰী হৈ থকা নাই। গাদীত বহোতে বহোতে পেট ওলাল। আজিকালি সি হেনো অফিছাৰ।

লাহে লাহে লগ পালো সকলোকে। অমৰ প্ৰফেছাৰ, শ্যামন্ত সেনা বাহিনীত, কৌস্তভ প্ৰশাসনিক বিষয়া। সময়ে সকলোকে গহীণ কৰি পেলালে। চিঞৰি চিঞৰি কথা কোৱা লৰাকেইটাই জুখি মাখি কথা কব জনা হ’ল। মোৰ মনে তেতিয়াও ৰৈ আছিল ৰূপম উভতি অহালৈ।

এটা সময়ত ষ্টেজৰ পৰা ৰূপম নামি আহিল। ভিৰ ঠেলি কথা পতাত ব্যস্ত ৰূপমক পিছফালৰ পৰা গৈ কান্ধত হাত খন থলো। ঘূৰি চাই দুই চেকেণ্ড মান লক্ষ্য কৰি সাৱটি ধৰি চিঞৰি উঠিল। বহুদিন লগ নোপোৱাৰ অভিমান, খং, সকলো নিমিষতে নোহোৱা হৈ গল। আটাই কেইজন auditorium hallৰ পৰা ওলাই আহিলো।

ঠিক যেন আগৰ দৰেই।
আগতে আছিল class bunk
আজি মিটিং।

আকৌ আড্ডা দিলো বহুবছৰৰ মূৰত। সেই একেজোপা কৃঞ্চচূড়াৰ তলত। আকৌ সেই বতাহজাক। সোৱৰণীৰ মিঠা স্মৃতিয়ে ভৰাই দিয়া গধূৰ আবেলি বতাহজাকে পাতল কৰি দিলে। বেছ বহুসময়ৰ মূৰত আটাইকেইজন উঠিলো।

“ৰুপম তোৰ কাম কাজ?”- বেছ উৎসাহেৰে কথাখিনি সুধিলো।

“চলি আছে ঠিক ঠাক। দোকান এখন দিছোঁ চাৰি আলিত। কাইলৈতো থাকিবিয়ে। আহিবি এবাৰ”

মোৰ ফালে চাই ৰূপম গুছি গ’ল। মই অবাক হৈ সি যোৱা ফালে চাই ৰ’লো। সি এইমাত্ৰ কৈ যোৱা কথা খিনি মোৰ মনে মানি লবলৈ টান পালে।

দোকান দিছে??
ৰূপমে???
কলেজৰ শ্ৰেষ্ঠ ছাত্ৰৰ সন্মান পোৱা ৰূপমে দোকান দিছে। কথাখিনি বিশ্বাস কৰিবলৈ টান পালো। কাইলৈ চাৰি আলি যাব লাগিব।

হোটেললৈ উভতি আহিলো। খিৰিকীখন খুলি দি বিছনাত বাগৰ দিলো। ঠাণ্ডা বতাহজাকে ধুনীয়া আমেজ এটি দি গ’ল।

চিনাকি আমেজ।
প্ৰথম ভালপোৱাৰ আমেজ।
কলেজৰ কথা আছিল সেয়া।

(৩)

ভাৰাঘৰলৈ আহি বিছনাৰ ওচৰতে থকা খিৰিকীখন খুলি দিলো,লাহেকৈ। আনদিনা হোৱাহেতেন খিৰীকিখনৰ শব্দত, ভাত বুটলি ফুৰা শালিকা, কপৌ চৰাই কেইটাই উৰা মাৰি পলালহেতেন। দূৰৈৰ আকাশৰ নীলিমাত ভাহি ফুৰা মেঘবোৰলৈ চাই বিভোৰ হৈ ৰ’লো। গা সিৰ সিৰাই যোৱা বতাহজাকে আমেজ দি গ’ল।

দোমোজা আছিল মনত।
অনুভৱৰ দোমোজা।

পঢ়াৰ দোমোজা বিলাকৰ বিষয়ে ভাবিবলৈ আহৰি কত। ৰাতিপুৱা দেৰিকৈ শুই উঠি ক্লাছ পাওমানে ১১ বাজে। তাৰ পিছত দুটা বা তিনিটা ক্লাছ। আবেলি ক্ৰিকেট, টেবুল টেনিছ, কেৰম লৈ ব্যস্ত। সন্ধিয়া ভেবাৰ্ঘাট, লাৱনী, অথবা কলেজৰ সন্মুখৰ দোকানৰ পকৰী খাই কাৰ জুলিয়েট বেছি ধুনীয়া তাৰ হিচাব লোৱাৰ সময়। ৰাতি মালিকক দেখুৱাই পঢ়াৰ অভিনয়, তাৰ পিছত ৰাতিৰ ডিনাৰ, ওচৰৰ ৰূমত চিঞৰ, কৰিডৰৰ আড্ডা আৰু গভীৰ ৰাতি মুকলি চাদৰ তলত বাৰেভচহু কথা। বেছিভাগ সময়েই আমাৰ ঠিকনা সদায় বেলেগৰ ৰূম।

এনেদৰেই পাৰ হৈছিল জীৱনৰ আৰু তিনিটা বসন্ত।
বৰষুণত তিতিও একেলগে তিতিব নোৱাৰা বসন্ত।

মোবাইলটো শব্দ কৰি লৰচৰ কৰি উঠিল। অতীতৰ পৰা উভতি আহি মোবাইটোলৈ চালো। মাৰ ফোন।

(৪)

পিছদিনা চাৰিআলি পালোগৈ। ইয়াতেই এসময়ত পকৰী খাবলৈ আহিছিলো, পেটলা দাৰ পকৰী।

ৰূপমৰ দোকানখন চিনি পাবলৈ বিশেষ অসুবিধা নহ’ল। দিঘ্লীয়া গলিটোৰ এফালে পুৰণা গম্বুজৰ দৰেই থিয় দি আছে দোকানখন। গলিটোৰ ফালে চকু ফুৰালো। মানুহবিলাকৰ অৱস্থা ইমান উন্নত নহয়। তেতিয়া দোকান খনত ভিৰ লাগি আছিল। লাহে লাহে ভিৰ কমাত মই ৰূপমৰ ওচৰ পালোগৈ। বেছ আহল বহল দোকান। ইটো সিটো খা খবৰ লোৱাৰ পিছত, অলপ ইফালে সিফালে চাই ইতস্ততঃ ভাৱে সুধিলো,
“তোৰ অসুবিধা নহয় এইদৰে?”

ৰূপমে মোৰ ফালে চাই হাহি এটি মাৰিলে।

– “অসুবিধা হয় যদি ব’ল মোৰ লগত। মই দিম তোক চাকৰি।, বেছ উৎসাহেৰে কথাখিনি কলো।

– “চা অনুভৱ” ৰুপমে মোৰ ফালে চাই কৈ উঠিল, “মই জানো, মোক এই অৱস্থাত দেখি তোৰ দৰে বহুতৰে মোৰ ওপৰত পুতৌ হব। এইটো স্বাভাৱিক। কিন্ত মই জানো, তহততকৈ অন্তত মই বহুত সুখত আছো। তহঁতৰ দৰে ব্যস্ত জীৱনএটা লৈ জীৱন যাপন কৰা নাই, জীৱনটো মই উদযাপন কৰিব শিকিছো।”

মই অসহজবোধ কৰি তাৰ ফালে চাই থাকিলো। মনত কৌতুহল।

সি ক’বলৈ ধৰিলে – “ এই যে দোকানখন দেখিছ, এইখন ধৰি ল’ মোৰ সপোনবোৰৰ প্ৰথম বীজ। তহঁতক জানো মই কোৱা নাছিলো মোৰ সপোন বোৰৰ কথা। তহঁতেওতো তাৰ অংশীদাৰ আছিলি। বছৰি কিমান পিতৃ-মাতৃ, বয়সস্থলোক জীৱনৰ বিয়লি বেলা অনাদৰ অৱহেলাত পৰি থাকে। সেই সকলৰ মুখত হাহি বিৰিঙাব পৰাটো মোৰ জীৱনৰ অন্যতম হেপাহ। অলপ আগতে যে দেখিছিলি বয়সস্থ মানুহবোৰ, সেইসকল এই গলিটোৰেই বাসিন্দা। বহু নোৱাৰিলেও, অলপ সহায় কৰাৰ প্ৰয়াস কৰিছো দৈনন্দিন প্ৰয়োজনীয় বস্তু কিছুমান যাচি। আগলৈ গৈ অলপ ঘুৰিলে এডোখৰ ঠাইত ঘৰ বন্ধাৰ কাম চলি থকা দেখা পাবি। তাতেই বৃদ্ধাশ্ৰম হব। আৰু ইয়াৰে লৰা ছোৱালী কিছুমানৰ লগত বাজী মাৰিছো। যদি সিহতে শ্ৰেণীত প্ৰথম দহটাৰ ভিতৰত আহিব পাৰে তেন্তে কিতাব বহী যিমান লাগে ইয়াৰ পৰাই লৈ যাব। যোৱা দুবছৰে এই বাজীত হাৰি আহিছো। ”

মই তলৰফালে মুখ কৰি শুনি থাকিলো।

– “মা দেউতা হতে মোক সদায় উৎসাহ দিছে, আগৰ দৰেই। ধনী হব নোৱাৰিলেও তেওলোকৰ মনত আক্ষেপ নাই। মনৰ দুখীয়া যে নহ’লো। এবাৰ পাৰ্থিৱ বস্তুৰ মায়াজালৰ ভিতৰত সোমালে তাৰ পৰা মুক্তি পোৱাটো সচাকৈ কঠিন। এইবোৰৰ পৰা ওলাই এবাৰ বাহিৰলৈ ভুমুকি মাৰি চাবি, পৃথিৱীখন দেখিবি সছাকৈয়ে ধুনীয়া। আপোন মানুহবোৰ ওচৰতে পাবি। আপোন মাটিৰ গোন্ধই দেখিবি হাত বাউল দি মাতিব”।

সি আকৌ আৰম্ভ কৰিলে – “ এতিয়াও সময় আছে অনু, জীৱনটো আকৌ নতুনকৈ আৰম্ভ কৰ। ঘৰৰ লৰা ঘৰলৈ ঘুৰি আহ। জীৱনত কাম কাম বুলি ব্যস্ত থাকোতে বিয়লি বেলা আপোন মানুহবোৰ ওচৰত নাপাবি। ৰাতিৰ এন্ধাৰৰ পিছতেইতো পোহৰ আহে”

বহুভাৱনা মূৰৰ ওপৰেদি বই গল। যিবোৰ ভাবিম ভাবিম বুলি কেতিয়াও ভবাই নহল। আজি ৰুপমে বহুকথাই ধুনীয়াকৈ বুজাই দিলে। জীৱনৰ অৰ্‌থ ৰুপম হতৰ দৰেই মানুহে বুজে।

জীৱনৰ নতুন আৰম্ভণী এটা কৰিবৰ হল।
সচাকৈয়ে, জীৱন বৰ অনুপম।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক