জীৱন মৃত্যুৰ দোমোজা (ড° লোচন শইকীয়া)

পাঠক, জীয়াই থাকোঁতেই মৰাৰ কথা কোনে পাতিব! জীয়াই থাকিম। জীয়াই থাকোঁতেই জীৱনক উপভোগো কৰিম। গতিকে মৰাৰ কথাত কোনেও ৰসেই নাপায়। অৱশ্যেই জীয়া মানুহৰ কথা মানুহেই কয় আৰু মানুহেই লিখে। মৰাবোৰৰ বিষয়েও লিখে। নিশ্চয় সকলো মৃতকৰ কেতিয়াও নহয়। উদাহৰণনো কি দিম! আমি সেইবোৰ মৃতকৰ কথা প্ৰায়ে দোহৰাও যি মানুহৰ কাৰণে জীয়াই থাকে বা আছিল, মানুহৰ কাৰণে কাম কৰে বা কৰিছিল।

মৃত্যু। মৃত্যু একমাত্ৰ মানুহৰে নহয়, সকলো জীৱৰেই জন্মিলে মৃত্যু আছে। জন্মিছে যেতিয়া এদিন মৰিবই। নমৰো বুলিলেও মৰিবই লাগিব। কৰবালৈ পলাই সাৰিম বুলি ভাবিছে নেকি! কলৈ পলাই সাৰিব? মৰণশীল জীৱৰ ভিতৰত মৰণক লৈ শিহৰিত হোৱা বা ভয় খোৱা জীৱ চাগৈ মানুহৰ বাদে দ্বিতীয় এটা নোলাব। কচাইখানাৰ চাৰিঠেঙীয়া জন্তু, হাঁহ, কুকুৰা, পাৰ কাটি বিকা দোকানৰ জীৱ কেইটাৰ সন্মুখত সমগোত্ৰীয়বোৰৰ নিধন দেখিও নিজৰ মৃত্যুৰ ক্ষণ গণা মূহুৰ্ত্ত এটা মানুহে কল্পনাও কৰিব নোৱাৰে। হয়তো তেনে হৈছিল নাজী বাহিনীৰ হাতত ইহুদি নিধন যজ্ঞত। এনেকুৱা কথাবোৰ কাৰ ভাল লাগিব বাৰু!

আমাৰ প্ৰায় মানুহৰ ক্ষেত্ৰত জীৱনত এটা দিন আহে, যেতিয়া আপোনাৰ নিজৰ তেজ-মঙহৰ মানুহ বা আপোনাৰ পৰিচিত মানুহৰ কোনোবা বা সমাজৰে কোনোবা (তেখেতো কাৰোবাৰ কিবা হয়েই) অকাল মৃত্যুৰ ঘটনাৰ লগত মুখামুখি হৈছে। তেনে মৃত্যুৰ গৰাকী যি বয়সৰেই নহওক আমি দুঃখী হওঁ।

মৃত্যুক লৈ লিখা লিখনিত পঢ়িবলৈ কি আছে! মোৰো ভয় সেইখিনিতেই। মৰিলে চব চেটেপ। খেলা খতম। মানে মোৰ লিখাখিনি আগলৈ পঢ়িব নে নাই সন্দেহেই আছে। ময়ো জানো, নপঢ়ে। মোৰ কি আহে, যায়? নপঢ়িলে নাই। পঢ়িলে নিশ্চয় কিবা এটা আছে।

ৰ’ব’। ইমান খৰধৰ নকৰিব। জন্মিছে যেতিয়া, এদিন এনেও মৰিবই। অলপ অচৰপ মৃত্যুৰ বিষয়ে দুষাৰ পাতো আহক। নমৰালৈকে জানোচা মৃত্যুদূত ৰূপী ভয় আঁতৰি থাকেই। মৰাৰ আগতে জীৱন জীয়াই থাকোঁ, নে জীৱন যাপন কৰো, নে জীৱন উদযাপন কৰো তাকো থিৰাং কৰি লও। মই কিন্তু কৈ দিছোঁ দেই মোৰ কাৰণে জীৱন কৰ্মৰ মাজেৰে উদযাপনৰ অন্য এক নাম।

কবিয়ে কৈছেঃ
मौत एक आरामगाह,
कहीं धुप के बाद छाँह,
जीत नहीं सकते तुम,
यह काल की हे बांह।

ওপৰৰ কথা কেইফাঁকি শুদ্ধ নহয়নে বাৰু পাঠক! মৃত্যুক জানো কোনোবাই জয় কৰিব পাৰিছে! তাতোকৈ যদি কও-
मौत सिर्फ नाम से बदनाम हे,
वरना तकलीफ तो जिन्दगी ही ज्य़ादा देती हे।

মিছা নেকি বাৰু পাঠক? জীৱন নামৰ এই সাঁথৰ ভাঙিব পাৰিছোনে! টিভি খুলিবই নোৱাৰি। বাতৰি কাগজৰ পৃষ্ঠা লুটিয়াবই নোৱাৰি। যাৰে লগত কথা পাতক মৰাৰ কথা আহিলে খালি হা-হুমুনিয়াহ। মাথোঁ এইবোৰ। আকৌ যদি কও-
मृत्य़ु से ज्य़ादा निश्चित और कुछ नहीं हे,
और जीवन के पलों से ज्यादा अनिश्चित और कुछ नहीं हे।

কবিয়ে কি লিখে, সেইবোৰত ভুল নধৰিব দেই। কবিয়ে কৈছেঃ
ऍ मौत कितनी बफा हे तुझमें,
मे आज आजमाना चाहता हुं।
जिन्दगी ने बहुत रुलाया हे मुझे,
तेरा साथ मिले तो जिन्दगी को रुलाना चाहता हुं।

হে জীৱন কি যে অনুপম, তোমাক লৈ যে কতনা কল্পনা-জল্পনা। জন্ম আৰু মৃত্যুত মানুহৰ হাত নাই। ইচ্ছামতে জন্ম লভা যায় জানো! বা ইচ্ছামতে মৰিব পাৰি জানো! কিন্তু জন্ম হৈ জীৱনক চিনি পাবলৈ আপুনি কৰা কামৰ ওপৰতহে নিৰ্ভৰ কৰে। আপুনি জীয়াই থাকিব মানুহৰ অন্তৰত তেতিয়াহে, যেতিয়া মানুহ আৰু প্ৰকৃতিৰ কাৰণে আপুনি কৰা কৰ্মবোৰ সকাৰাত্মক হব। অকল নিজৰ কাৰণে কৰা কাম মাথোন স্বাৰ্থপৰতা। তেনেকুৱা মানুহৰ পৰা মানুহৰ, সমাজৰ একো লাভ নহয় আৰু তেনেকুৱা মানুহ জীয়াই থাকক বা মৰক পৃথিৱীৰ একো নাহে বা নাযায়। কালৰ সোঁতত এনেকুৱা মানুহ নিজেই চকুৰ পলকতে হেৰাই যায়।

মৃত্যুক লৈ আমাৰ মাজতে বিভিন্ন জনৰ বিভিন্ন মন্তব্য। মৃত্যুক লৈ দিয়া বিভিন্ন মত বিশ্লেষণ কৰি লিখা সাহিত্যৰ শেষ নাই। দুই চাৰিটা মতামত আমিও ভুমুকি চাও বলক, পাঠক।
A man dies … only a few circles in the water prove that he was ever there. And even they quickly disappear. And when they’re gone, he’s forgotten, without a trace, as if he’d never even existed. And that’s all. – WOLFGANG BORCHERT, The Outside

থিৰ হৈ থকা পানীত দলি এটা মাৰি দিলে ক্ষন্তেকলৈ উঠা ঢৌ মাৰ যাবলৈনো কতপৰ। আপুনি, মই সকলো এদিন মৰিমেই। আপোনাক, মোক জগতে পাহৰি যাবলৈ অকণো সময়ৰ প্ৰয়োজন নহ’ব। মৰাবোৰৰ ক্ষেত্ৰতে দেখা গৈছে য’ত আমাৰে প্ৰতিবিম্ব জিলিকি উঠিছে। যেন আপুনি মই আদি বহুতেই এই পৃথিৱীত জন্মই হোৱাই নাছিলোঁ। পানীত উঠা ঢৌ মাৰ যোৱদি ইমান ধৰফৰাই খদমদম লগাই ফুৰা জীৱনটো নিমিষতে নোহোৱা হৈ যাব। ইমান সাধাৰণ কাৰো কামত নহা জীৱন জীয়াই থকাৰ কোনো অৰ্থই নাই।

উইলিয়াম শেক্সপীয়েৰৰ বিখ্যাত সৃষ্টি ‘জুলিয়াচ চীজাৰ’ৰ সেই বিখ্যাত উক্তি কিতাপ পঢ়া মানুহৰ মাজত নজনা মানুহ নাই চাগৈ! আকৌ দোহাৰিছোঁ সেই বাক্যশাৰীঃ
Cowards die many times before their deaths. The valiant never taste of death but once.

যিয়েই নকওক, মৃত্যু সদায় এক চৰম সত্য। ই কাৰো লগত কথা নাপাতে। কোনো দৰদাম নকৰে। কাকো নকয় ই কেতিয়া আহিব। কাকো খবৰ নিদিয়ে মৰাৰ আগেয়ে কষ্ট দিবনে নিদিয়ে।
Death doesn’t bargain.. AUGUST STRINDBERG, The Dance of Death.

মানুহ দেখোন নিতৌ মৰিয়েই আছে। মৃতকৰ প্ৰতি সন্মান প্ৰদৰ্শন এক সুকীয়া বিষয়। আত্মীয়-স্বজনৰ মৃত্যুত আমি বিচলিত হৈ পৰো। শোকত ভাগি পৰো। তেনে মৃত্যুৰ মাজৰে কিছুমান মৃত্যুৰ বাবে একোটা পৰিয়ালৰ একো একোজন সদস্যৰ জীৱন দুৰ্ভাগ্যৰ চিকাৰ হৈ পৰে। আমি কালক দোষ জাপি শান্তনা লভাৰ কষ্ট কৰাৰ নাটক কৰো। আমিও জানো এয়া নিৰ্ঘাট ৰুঢ় বাস্তৱ। কঠিন সত্য। স্বীকাৰ কৰো-নকৰো তাকলৈ মৃত্যুৱে মূৰ নঘমায়। সময়েও তেনে মৃত্যুক অতীতৰ গৰ্ভত সুমোৱাই পেলায়। পৰৱৰ্ত্তী সময়ত আমিও তেনে মৃত্যুক সহজ কৰি লও। তেনেহ’লে মৃত্যুক ভয় কৰাৰ কিবা কাৰণ থাকিব পাৰে জানো! মৃত্যু ভয়ৰ যি কাৰণ আছে সেয়া প্ৰকৃততে জীৱনৰ পৃষ্ঠপটত আনবোৰ ঘটনাৰ লগত মনক সংম্পৃক্ত কৰি লোৱা অনাহক কাৰণবোৰে মানুহৰ প্ৰাণক ভীতিগ্ৰস্ত কৰায়।
Death is not the greatest loss in life. The greatest loss is what dies inside us while we live. – Norman Cousins

আমাৰ আত্মবিশ্লেষণ কৰা অভ্যাস আছেনে? মই কোৱা এই বিশ্লেষণ বস্তুবাদী চিন্তা কদাপি নহয়। বৰং মোৰ প্ৰশ্নবোৰ ঠিক এনেকুৱা ধৰণৰঃ মই কোন? মই কি কৰিছোঁ? মই কাৰ বাবে জীয়াই আছোঁ? মোৰ পৰা জগতৰ কি উপকাৰ হৈছে? মই নহ’লে জগতৰ কি ক্ষতি হব? এনেকুৱা অজস্ৰ প্ৰশ্ন আপুনি নিজকে কৰেনে? কৰি উত্তৰ পায়নে?

লিওনাৰ্ডো দ্য ভিন্সিয়ে কৈছিলঃ
I love those who can smile in trouble, who can gather strength from distress, and grow brave by reflection. ‘Tis the business of little minds to shrink, but they whose heart is firm, and whose conscience approves their conduct, will pursue their principles unto death.

এৰা, যি জীৱন যুঁজত হাঁহি হাঁহি যুঁজিবলৈ সদা প্ৰস্তুত তেওঁৰ কাৰণে জীৱন সদায়েই সুন্দৰ। এতিয়া মূল কথা হ’ল কাৰ জীৱন যুঁজ কি হ’ব, কেনে হ’ব সেইটো মানুহ জনে প্ৰতি সুকীয়া হব পাৰে।
কওকচোন পাঠক, আপুনি নিজক কিমান ভাল পায়? এই ভালপোৱাৰ কাৰণবোৰ আপুনি দেখাত কিমান ধুনীয়া সেইটো নাই সোধা। আপোনাৰ জীৱনৰ প্ৰতি দৃষ্টিভঙ্গী, অন্তৰত আৰু কামত কিমান সুন্দৰ মই সেইটোহে সুধিছোঁ। যি অকল নিজক ভাল পায় তেওঁ দেখোন স্বাৰ্থপৰতাৰ ডোলেৰেহে বান্ধ খায়।

ডেকা-গাভৰু বয়সত কাৰোবাক প্ৰাণ ভৰি ভাল পায় কিন্তু আপুনি মুখ খুলিব নোৱাৰে। আপোনাৰ বুকু ফাটে কিন্তু মুখ নুখুলে। পিচে দুৰ্ভাগ্যবশতঃ আপুনি বা আপোনাৰ প্ৰেমিক বা প্ৰেমিকা মৰি থাকিল (ভগৱানে নকৰক)। কম বোলা কথাবোৰ কোৱাই নহ’ল। সেয়ে জীয়াই থাকোঁতেই সাহ কৰক আৰু বহু অৰ্থ সংগোপনে কঢ়িওৱা ফুলৰ থোপাটো মৰিশালিলৈ নিয়াতকৈ জীয়াই থাকোঁতেই নিয়ক। কোনে জানে জীৱন চাকিৰ শলিতা কেতিয়া নুমাই যায়! সেয়ে মৰাৰ আগতে জীয়াই থাকক। জী লওক। এইখিনিতে লাজৰ ওৰণীখন ওলালে মোলৈ দোষ নেঠেলিব দেই। মই নিজেই ভুক্তভোগী।

জোচেফ ষ্টেলিনে কৈছিলঃ
Death is the solution to all problems. No man – no problem.

মৰিলেই সকলো সমস্যা শেষ। যি মৃতক জনৰ কাৰণে বা মৃতক জনে কৰা সমস্যা দুয়োটাই নোহোৱা হৈ পৰে। এই ধৰণৰ কথা এতিয়াৰ যুগত খাপ খায়নে এইটো প্ৰশ্ন মই আপোনালোকলৈ ঠেলিলোঁ।

পিছে মৰিবলৈ নো কোনে বিচাৰে? জানেনে আপেল ব্ৰেণ্ডৰ কম্পিউটাৰ আৱিষ্কাৰক ষ্টিভ জ’বে কি কয়?
No one wants to die. Even people who want to go to heaven don’t want to die to get there. And yet death is the destination we all share. No one has ever escaped it. And that is as it should be, because Death is very likely the single best invention of Life. It is Life’s change agent. It clears out the old to make way for the new. Right now the new is you, but someday not too long from now, you will gradually become the old and be cleared away. Sorry to be so dramatic, but it is quite true.
STEVE JOBS, Commencement address at Stanford University, Jun. 12, 2005

আমাৰ আদৰণীয় সাহিত্যিক, সাংবাদিক শ্ৰী হীৰেণ গোঁহাই ডাঙৰীয়াই প্ৰায়ে উদ্ধৃতি দিয়া এলবাৰ্ট কেমুৱে মৃত্যুৰ বিষয়ে কি কয় জানিবৰ মন নাযায় নে?
কেমুৱে কৈছিলঃ
Since we’re all going to die, it’s obvious that when and how don’t matter.- ALBERT CAMUS, The Strange

কেমুৰ এই উক্তি সহজে উলাই কৰিব পৰা বিধৰ নহয়। কেতিয়া মৰিব আৰু কেনেকৈ মৰিব এইবোৰ লৈ চিন্তা ভাৱনা কৰিলে কাম কৰি জীৱন উদযাপন কৰিব কেতিয়া! এই উক্তি ময়ো মানো। জন্ম হোৱাৰ পাচত মৰাৰ নজনা মূহুৰ্ত্ত গন্তি কৰাতকৈ এই অনিশ্চিত সময়ছোৱাৰ মাজৰ ব্যৱধানতে মানুহৰ কাৰণে কিবা এটা সকাৰাত্মক কাম কৰি যাব পাৰিলেই জীৱন ধন্য হৈ যাব। কোনে কাক মনত ৰাখে নাৰাখে, ৰাখিলেনো কি, নাৰাখিলেনো কি এই ধৰণৰ ধাৰণা পিচে সমাজ শতৰুৰহে পৰিচয়। এতিয়াই কৈ থলো। সমাজৰ শত্ৰুতা শলা মানুহৰ ক্ষেত্ৰত কব পাৰিঃ তেওঁলোকৰ বাবে জীৱনৰ যি কোনো মূল্যবোধৰ কোনো অৰ্থই নাই। এনেকুৱা মানুহক সকলোৱে চিনি পোৱাৰো প্ৰয়োজন থাকে। যাতে সুন্দৰ মনুহৰ মাজত এনে স্বাৰ্থপৰ অসুন্দৰ মানুহ একে শাৰীত বহিবলৈ নাপায়।

মই মৃত্যুক দৰ্শনৰ দৃষ্টিৰেও চাব বিচাৰো। দৰ্শনেও মানুহৰ মৃত্যুক যি দৃষ্টিভঙ্গীৰে চায় সেইখিনি বিজ্ঞানৰ দৃষ্টিভঙ্গীত স্থানেই নাই। অথচ দৰ্শন বিজ্ঞান নহয়, কিন্তু বিজ্ঞান দৰ্শন হব পাৰে।
বিজ্ঞানে মৃত্যুক কি বুলি কয়? চিকিত্সা বিজ্ঞানে হৃদয়ৰ ঢপঢপনি বন্ধ হোৱাৰ লগতে, শ্বাস-প্ৰশ্বাস প্ৰণালী আৰু ব্যক্তিজনৰ মগজুৰ কাম বন্ধ নোহোৱালৈকে মৃত্যু হৈছে বুলি নকয়। বহু ক্ষেত্ৰত চিকিত্সা পৰ্য্যায়তে এজন ব্যক্তি ‘ক’মা’ত থাকে যদিও পিচৰ পৰ্য্যায়ত সুস্থ অৱস্থালৈ ঘূৰি আহিবও পাৰে বা কেতিয়াবা নোৱাৰে। সাংঘাতিক ভাৱে মগজুৰ ক্ষতি ঘটিও উশাহ লব পৰা কৃত্ৰিম যন্ত্ৰৰ আৱিষ্কাৰে ১৯৫০ চনৰ আগলৈকে মানুহৰ মৃত্যু সম্পৰ্কে থকা এটা ভ্ৰান্ত ধাৰণা নোহোৱা কৰিলে। মগজুৰ কোষবোৰ অম্লজান অবিহনে বেছি সময় জীয়াই থাকিব নোৱাৰে। মগজু অবিহনে মানুহ এজন জীয়াই থকাৰো কোনো অৰ্থ নাই। অন্যহাতে বিজ্ঞানৰ প্ৰভাৱত হৃদয়ৰ ৰক্ত প্ৰৱাহ বাহাল ৰাখি শৰীৰৰ অন্য অংগবোৰক সঠিক কৰি ৰখাকেই জীৱন জানো কোৱা যায়! ১৯৬০ দশকতে এই ধৰণৰ প্ৰশ্নই মৃত্যুক এটা নতুন সংজ্ঞাৰ প্ৰয়োজন বোধ কৰালে। লগতে হৃদয়ৰ ৰক্ত প্ৰৱাহ আৰু স্নায়ু তন্ত্ৰক দুটা বেলেগ বিষয় স্বৰূপে চাবলৈ শিকালে। এই বিষয়টোৱে এজন জীৱিত অথচ মৃত (!)ৰোগীৰ জীৱনৰ দ্বাৰা অন্য এজন ৰোগীৰ অতীৱ প্ৰয়োজনীয় অংগ সংস্থাপনৰ দিশটোও উদঙাই দেখুৱালে আৰু অংগ বিনিময়ৰ বিষয়টোত তুমুল বিতৰ্কৰ প্ৰশ্ন উত্থাপন কৰিলে। আমি এই ধৰণৰ আলোচনাত আইনী বিষয় পৰিহাৰ কৰি চলিলেই ভাল। অৱশ্যেই এই বিষয়ত চিকিত্সা বিজ্ঞানৰ উত্তৰ মজুতো আছে আৰু আমি নোকোৱাই শ্ৰেয়। ইয়াৰ মাজতো যেন আনৰ কাৰণে জীয়াই থকাই জীৱনবোধৰেই ইংগিত দিয়ে। এয়াও জানো বিজ্ঞানৰ দৰ্শন নহয়!

আমি সকলো সাধাৰণ মানুহ। পৰিচিত, কেতিয়াবা অপৰিচিত মানুহৰ মৃত্যুত শোক, বেদনা বা ব্যথা অনুভৱ কৰো। মৃতকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰো। কিদৰে কৰে সেইবোৰ দেশ ভেদে, আচাৰ-ব্যৱহাৰ, ধৰ্ম, বিশ্বাস আদি অনেক কথাই নিৰ্ণয় কৰে। এইখিনিতে দৰ্শনৰ প্ৰয়োজন বোধ হয় আৰু মৃত্যুৰ ব্যাখ্যাৰ প্ৰয়োজনো হয়। মৃত্যুৱে নিমন্ত্ৰণ কৰা অনুভূতিৰ লগত যেতিয়ালৈকে আমি পৰিচিত নহও, তেতিয়ালৈকে মৃত্যুৱে আনি দিয়া পৃথকতা আৰু দূৰত্ব বুজিব নোৱাৰো। সেই মূহুৰ্তত দৰ্শনে কি কয়, বিজ্ঞানে কি কয় এইবোৰ কথাক লৈ মূৰ ঘমাবৰ কাৰো যেন দৰকাৰেই নাই।

কল্পনা কৰকচোন, আপুনি পক্ষাঘাত ৰোগৰ দ্বাৰা আক্ৰমিত হ’ল। খং নাখাব। মই মাথোন বুজিবৰ কাৰণে ভাবি লবলৈহে কৈছোঁ। পক্ষাঘাতত আক্ৰমিত হোৱাৰ পাচত আপুনি ইচ্ছা কৰিলেও বহুত কাম আপোনাৰ শাৰীৰিক পঙ্গুতাই আপোনাক কৰিব নিদিয়ে। ধৰি লওক ঘৰখনৰ আপুনিয়েই একমাত্ৰ উপাৰ্জ্জন কৰোঁতা। এতিয়া আপোনাৰ সন্তান, পৰিয়ালৰ বহু কথাই খেলি মেলি লাগি গ’ল। কওক, এতিয়া মৃত্যু শ্ৰেয় নে আপোনাৰ বাবে অন্য বিকল্প? আপুনি একো কৰিবও নোৱাৰে আৰু তিল তিল কৈ আপোনাৰ পৰিয়ালৰ সদস্যৰ অসহ্যকৰ পৰিস্থিতিটোও নিশ্চয় কামনা নকৰে। ইফালে মৃত্যুও কাম্য নহয়। ই কি ভাগ্যৰ পৰিহাস?

মৃত্যুৰ মনস্তত্বঃ
মনোবিজ্ঞানত মানুহৰ মৃত্যুক লৈ কোৱা হৈছে যে আমি এনেকুৱা এখন সমাজত বাস কৰো, য’ত মৃত্যুক আওপকীয়াকৈ অস্বীকাৰ কৰা হৈছে। আমাৰ শিক্ষা ব্যৱস্থাত মৃত্যুক লৈ আলোচনা খুউব কমেই হয়। আমাক শিকোৱা হৈছে যে আমি মৃত্যুৰ পৰা আঁতৰি থাকিব পাৰিলেই মংগল। অমুকটো নকৰিব। তমুকটো নকৰিব। কাৰণ মৃত্যুৰ টোকৰ দুৱাৰডলিত আহি পৰিবহি পাৰে। সেয়েহে মৃত্যুক আমি চৰম সত্য বুলি জানিও পাহৰি বা আঁতৰি থাকিব বিচাৰো। মৃত্যুৱে যিহেতু মৃতকক একো নিদিয়ে তেন্তে মৃত্যুৱে কি ফল দিয়ে? নিশ্চয় জীয়াই থকাবোৰলৈ এয়াই ইংগিত। মৃত্যুৱে দেখোন সকলো একাকাৰ কৰি পেলায়। যদিহে আমি মৃত্যুক গুৰুত্ব দিবলৈ আৰম্ভ কৰো তেনেহলে আমি দুঃচিন্তাগ্ৰস্ত হৈ হতাশাত ভুগিম। এয়া সাধাৰণ মানুহৰ মানসিক প্ৰতিফলন।

মনস্তত্ব বিজ্ঞানত এটা ভাগ আছে। বিভীষিকাময় পৰিৱেশ নিয়ন্ত্ৰণৰ দিহা পৰামৰ্শ দিয়া বিভাগ। এই মনস্তত্বই কয় আমাৰ চিন্তাধাৰাক সৰহ খিনি সময় মৃত্যুভয়ৰ মূল কাৰক হিচাবে প্ৰকৃততে অৱচেতন মনেহে পৰিচালিত কৰে। এই ধৰণৰ অৱচেতন ভাৱৰ পৰা জন্ম হোৱা ভয়ে দুঃচিন্তাৰ জন্ম দিয়ে আৰু বিচলিত কৰি তুলে। ফলশ্ৰুতিত আমি আমাৰ বৰ্ত্তমান মৰ্য্যদা বা বাব বা সামাজিক মূল্যবোধৰ কথাবোৰক বেছি গুৰুত্ব দিবলৈ আৰম্ভ কৰোঁ। মৃত্যুৱে আমাক ভয় দেখুৱায়, ভয় খুৱায় আৰু আমিও মৃত্যুৰ পৰা সাৰিবলৈ নিৰাপত্তা থকা ব্যৱস্থা এটাৰ সন্ধানত ব্যস্ত হৈ পৰো। মনস্তাত্ত্বিক গৱেষনালব্ধ তথ্যই কয় যেতিয়াই বেমাৰত ভোগা মানুহক সম্ভাব্য মৃত্যুৰ বিষয়ে অধিক সজাগ কৰি দিয়া হয় সিমানেই মানুহ অধিক ব্যক্তিকেন্দ্ৰিক আৰু বস্তুবাদী চিন্তাত বেছিকৈ মগ্ন হৈ পৰে।

বলক পাঠক, এই খন পৃথিৱীৰে অলপ বেলেগ এখন ঠাইৰ পৰা আহো। য’ত মৃত্যুক আমাতকৈও বেলেগ দৃষ্টিভঙ্গীৰে চায়। এতিয়াৰ ইজিপ্তবাসীয়ে বা মিচৰীয় সভ্যতাৰ বাসিন্দা সকলে তাহামিৰ সেই দৃষ্টিভঙ্গী ৰাখিছেনে নাই কব নোৱাৰিম। হ’লেও তেওঁলোকৰে পূৰ্বসূৰী বংশধৰে মানুহৰ মৰণক মৰণ বুলি নধৰিছিল। তেওঁলোকৰ মতে মানুহ অমৰ। মৃত্যু মাথোন সাময়িক অব্যাহতি। সেয়ে আত্মীয় স্বজনৰ মৃত্যুৰ পিচত জীৱনৰ ক্ৰম চলি থকাৰ উদ্দেশ্যেই জীয়াই থাকোঁতেও আৰু মৰণৰ পাচতো দেৱতাক (ভগৱান) পূজা কৰিছিল। সেয়ে মামীকৰণ কৰি আত্মাৰ পুমৰাগমণৰ পথ খোলা ৰাখিছিল। জীৱিত কালত মৃতকে ব্যৱহাৰ কৰা খাদ্য-পানীয় মৃতকৰ শৰীৰৰ কাষতে উচৰ্গা কৰিছিল। লগতে মৃতকৰ শৰীৰক কবৰস্থ কৰোঁতে প্ৰাৰ্থনাৰ লিপিও লিখিছিল যাতে মৃতকৰ অন্যলোকৰ যাত্ৰা মসৃণ হয়। মৃতকৰ অন্যলোক যাত্ৰাৰ লগত পৃথিৱীলোকৰ ভাল কৰ্মৰ বিচাৰ হয় বুলি বিশ্বাস ৰাখিছিল। এইখিনি কথা উত্থাপন কৰাৰ কাৰণ হল মিচৰীয় সকলে মৃত্যুক জীৱন কালত বহুত গুৰুত্ব দিছিল। লগতে মৃত্যুৰ পাচৰ সফল যাত্ৰাৰ কাৰণে মানুহ জন্মতেই ভাল কাম কৰাৰ সু-পৰামৰ্শ দিছিল। সকলোৱে যদি এই কথাবোৰ মনত ৰাখি ভাল কামবোৰ কৰে তেনেহ’লে পৃথিৱীৰ জীৱন সকলোৰেই বাবেই নিজেই ভাল হোৱাৰেই এয়া ইংগিত।

আহক পাঠক, বন্ধুবৰ আমি সমাজৰ হিতৰ হকে চিন্তা কৰি কাম কৰো। মৰণ আহিলেও আমি কৰা কামেই আমাক অমৰ কৰিব। সাধাৰণ অৰ্থহীন কামবোৰ আমি কৰি নিজকে অসাধাৰণ কৰিব নোৱাৰিলেও তেনেই সাধাৰণ হৈ পানীৰ ঢৌ লেখীয়া হম জানো! বলটো মই আপোনাৰ কৰ্টতে থলো।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments