জীৱন সংগ্রাম (-লক্ষ্য জ্যোতি নাথ)

মাংস টুকুৰাত কামোৰটো দিছোঁহে, তেনেতে অনুভৱ হ’ল কঁকালৰ ওচৰত ডাঙৰ টাঙোনৰ কোব এটা পৰিছে, যাব খোজা উশাহটো যেনে তেনেকৈ লৈ দৌৰ মাৰিছোঁ চিঞৰি চিঞৰি… কাষৰ মানুহ ঘৰৰ বাৰীত ৰৈ অনুভৱ কৰিছোঁ কঁকালত পৰা টাঙোনৰ প্রচণ্ড কোবটোৰ বিষ; মোৰ চিঞৰ শুনি লগৰ এটাও চিঞৰি চিঞৰি মোৰ কাষ পালেহি।
মোক সুধিলে-
: কি হ’ল তোৰ ?
: সেই ধনী মানুহ ঘৰৰ বিলাতী জাতৰটোলৈ কাঁহীত থৈ দিয়া মাংসডোখৰ খাবলৈ গৈছিলোঁ, মালিকে দেখিলে। ডাঙৰ টাঙোন এডাল লৈ বৰ জোৰত কোবালে মোৰ কঁকালত ঐ… বৰ বিষাইছে…
: ভালেই কৰিছে, তোক কোৱা নাছিলোঁ জানো যে খাবলৈ নাপালেও তেনে ধনী মানুহৰ ঘৰত লোকলৈ দিয়া খাদ্য খাবলৈ নাযাবি। আমাৰ কপালত সেইবোৰ নাই, চুৱাখনিত যি পাৱ তাকে খাবি, নাপালে লঘোণে থাকিবি । তথাপিও তেনে মানুহৰ ঘৰত খাবলৈ নাযাবি।

সি কোৱাৰ পাছত মোৰ অনুশোচনা হ’ল। সিদিনা সিহঁতৰ বিলাতীজাতৰ বিধৰ বোলে ভৰিত দুখ পাইছিল, মালিক আৰু মালিকনীয়ে আই10 কাৰত তাক কোঁচত বহুৱাই লৈ ভেটেনেৰী নে কি ডক্টৰক দেখুৱাবলৈ নিছিল। সি কাৰত যাওঁতে বোলে খিৰিকীৰে মূৰটো বাহিৰত থৈ জিভাখন উলিয়াই টাউন চাই চাই গৈছিল। ১০ হাজাৰ টকা খৰছ কৰি তাৰ ভৰিখন ভাল কৰি আনিছে। ডক্টৰে তাক ৰেষ্টত থাকিবলৈ দিছে বোলে। সেইবাবে মালিকনীয়ে তাক কোমল চ’ফাখনতে বিচনা পাতি দিছে, খোৱা-বোৱা সকলো তাক আৰামী বিচনাতে দিয়ে। সি তললৈ নামিব নোৱৰাৰ সুযোগ লৈয়ে মই দর্জা মুখত থৈ দিয়া মাংসডোখৰ খাবলৈ গৈছিলোঁ। পিছে… উস !! বৰ জোৰকৈ মাৰিলে কটা নিধকটোৱে…
এতিয়া আমাৰ দৰে নীচ জাতৰ বোৰৰ টাঙোনৰ কোবৰ বিষ সেই জীৱ পুহি জীৱ-প্রেমী আখ্যা লোৱা নিধকটোৱে বুজি পাবনে !!
ভেটেনেৰী ডক্টৰবোৰে আমিও যে পৃথিৱীত আছো, আমাৰো যে বিষ-বেমাৰ হয় জানেনে !!
ক’ত জানিব ! নীচ শ্রেণীৰ আমি আকৌ, মনুষ্য নামৰ জীৱ বিধৰো আমাৰ দৰে চোৱা খনিত জন্ম হোৱা বোৰৰ একে দশা। সেই ওচৰৰ ভগা পঁজাটোত আমাৰ জাতৰ দৰে একে জাতৰ বুঢ়া-বুঢ়ী এহাল থাকে। কেতিয়াবা বুঢ়াটোৱে কিবা খাই থাকিলে মই চোতালত গৈ জিভাখন উলিয়াই বহোঁগৈ, জানো বুঢ়াটোৰ আনৰ দৰে খাবলৈ ধেৰ কিবা-কিবি নাথাকিলেও যি আছে তাৰে এডোখৰ মোৰ ফালে খাবলৈ দলিয়াই দিব। ময়ো বুঢ়ায়ে দিয়া শুকান ৰুটীডোখৰে খাই ভাল পাওঁ, সেই বিলাতীটোৰ দৰে তাৰ লগত চিকেন-মিল্ক নালাগে আমাক। সিদিনা বুঢ়ীৰ বেমাৰ, বুঢ়ায়ে কি কৰিব! ৰাস্তাত পইছাই খুজিব নে কাৰোবাক ক’ব বুঢ়ীক হস্পিতাললৈ নিবলৈ; কাৰ ইমান সময় আছে বুঢ়ীক হস্পিতাল নিব! তিনি দিন মান বুঢ়ী বেমাৰত ভুগি ভুগি অৱশেষত বুঢ়াক অকলে এৰি থৈ গ’লগৈ। কুকুৰ হ’লেও মোৰ চকু পানী ওলাইছিল সেইদিনা। এতিয়া বুঢ়াটোৰ পিছে পিছে মইয়ে দৌৰি ফুৰোঁ। জানো বুঢ়াৰ বাবে মই একো কৰিব নোৱাৰো কিন্তু বুঢ়াক অকলশৰীয়া হ’বলৈ নিদিওঁ। বুঢ়ায়ে খোৱা শুকান ৰুটী ডোখৰৰ অকণমান এতিয়াও মোলৈ দলি মাৰি দিয়ে আৰু মই তৃপ্তিৰে খাওঁ।
আমাৰ ভাগ্যত আই10 ত উঠাৰ দিন কেতিয়াও নাহে সেই বিলাতীকেইটাৰ দৰে। কেতিয়াবা সেইবাবে আই10 খনৰ তলতে শুই চাওঁ আৰু ভাবোঁ ময়ো বিলাতী, ময়ো আই10 ত উঠিছোঁ!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments