জীৱন সমীপেষু- (বন্দিতা গগৈ বৰা)

বহু দিনৰ মূৰত ফেচবুক একাউণ্টটো খুলিলে অন্তৰাই । কিমান দিন যে খুলি চোৱা নাই তাই । এবছৰ , দুবছৰ নহয় প্ৰায় তিনি বছৰেই হ’ব চাগৈ । অসুখটো ধৰা পৰাৰ পাছৰে পৰা এইবোৰ বাদ দিলে তাই । আচলতে সময়ো নোহোৱা হ’ল তাইৰ ! অসুখ ধৰা পৰাৰ পাছত টকা পইচাৰ যা যোগাৰ কৰা , ছুটীৰ বাবে এপ্লাই কৰা , চিকিৎসাৰ বাবে অসমৰ বাহিৰলৈ যোৱা আদি এশ এবুৰি চিন্তা । তাৰপাছত চিকিৎসাৰ সেই সময় চোৱাত নিজৰ জীৱনক লৈ কত’ চিন্তা , দৰৱৰ চাইদ এফেক্ট আৰু বাকী পৰীক্ষা নিৰীক্ষাই মনলৈ আনি দিয়া অৱসাদ আদিৰ বাবে মোবাইলত হাত দিবলৈ মন নিদিয়াৰ দৰেই কৰিলে । অথচ এই মোবাইল এসময়ত তাইৰ ইমান প্ৰিয় আছিল । এক্ষন্তেকো এৰিব নোৱাৰিছিল তাই মোবাইল , ফেচবুকত কিমান যে পষ্ট তাইৰ দিনে !

প্ৰফাইলটো খুলিলে তাই । এগাল মান বন্ধুত্বৰ ৰিকুৱেষ্ট পৰি ৰৈছে । আগৰ পষ্ট বোৰৰ সুন্দৰ সুন্দৰ মন্তব্য বোৰ পঢ়িলে তাই । চকুযুৰি সজল হ’ল । তাই লিখা গল্প , কবিতা যিবোৰ তাই তাইৰ পেইজত শ্বেয়াৰ কৰিছিল ,সেইবোৰত কত’ যে সুন্দৰ মন্তব্য দিয়া আছে । কিমান উৎসাহ ভৰা মন্তব্য । তাই এটা হুমুনিয়াহ কাঢ়িলে । তাৰপাছত , তাইৰ অসুখ ধৰা পৰাৰ পাছত আৰু তাই একো লিখিব পৰা নাই । লিখিবৰ বাবে যি জীৱনী শক্তি লাগে সেয়া যেন তাই হেৰুৱাই পেলাইছে । সন্মুখত মৃত্যুৱে হাত বাউলি দি থকা মানুহে জানো সুন্দৰ আৰু সত্যৰ সন্ধান দিব পাৰে । হেৰাই গৈছে জীৱনৰ আঁত !
ইয়াৰ পাছত তাই তাইৰ ফটো বোৰ চালে , সকলো সেই তিনি বছৰৰ আগৰ ।কিমান ধুনীয়া আছিল তাই । ফটো এখন আপলোড কৰাৰ লগে লগেই তাই লাইক আৰু কমেন্টৰ বৰষুণত তিতিবলৈ ধৰে । অপূৰ্ব জীয়াই থাকোঁতে কৈছিল তোমাৰহে দিন আৰু দেই , আমি দিলে চাল্লা একঘণ্টা পাৰ হলেও লাইক এটা পাবলৈ নাই । তাই মাথোঁ হাঁহিছিল । অপূৰ্বৰ এক্সিডেণ্টৰ পাছত তাই বহু দিন এইবোৰ বাদ দিছিল সেয়াও ছবছৰ মান আগৰ কথা ।কিন্তু অকলশৰীয়া জীৱনটো কটাবৰ বাবেই তাই আৰম্ভ কৰিলে লিখিবলৈ । আৰম্ভ কৰিলে ফেচবুকত সাহিত্য চৰ্চা । বহুতে সমালোচনা কৰিলে আৰু বহুতেই প্ৰশংসাৰে উপচাই দিলে । অফিচৰ দায়িত্ব আৰু পাঠকৰ আবদাৰ দুয়োটা তাই বৰ সুন্দৰকৈ আৰম্ভ কৰি দক্ষতাৰে চলাই গৈছিলহে ! জীৱনটোত আকৌ এটা আঘাতৰ উমান । বন্ধ হ’ল তাইৰ সুন্দৰ সুন্দৰ চিন্তা ৰাশি । তাৰ ঠাইত আগুৰি ধৰিলে দুঃচিন্তাৰ কলীয়া ডাৱৰে । আজি অলপ দিন আগতে তাইক বিপদ মুক্ত বুলি ঘোষণা কৰিছে ডাক্তৰে , অৱশ্যে সম্পূৰ্ণ নহয় , চিকিৎসা চলি থাকিব । কিন্তু পাৰিব জানো তাই আগৰ দৰে সকলো স্বাভাৱিক কৰিবলৈ । অফিচৰ পৰা অব্যাহতি লৈছে , মাহে মাহে পেঞ্চন পাব তাই । কিন্তু পুনঃ কেনেকৈ আৰম্ভ কৰিব সকলো তাই যেন ভাবিব পৰা নাই । কোনো সুন্দৰ চিন্তাই চোন তাইক দোলা নিদিয়া হ’লহি ।
ফটো বোৰ চাই সৰসৰাই চকুপানী বোৱালে তাই । কিমান ধুনীয়া আছিল তাই আৰু আজি ? নিজৰ মুখখন আইনাত চাবলৈয়ো ভয় লাগে তাইৰ । কেনে কুৎসিত হৈ পৰিছে তাই । শুকাই ক’লা পৰিল তাইৰ সেই গোলাপী গাল । ধুনীয়া ঘন চুলি তাৰি সৰি এতিয়া তালু ওলাল , তাইৰ এতিয়া পঞ্চলিচ বছৰ কিন্তু দেখাত লাগে ষাঠি বছৰীয়া । আগতে তাই নতুন ফটো এখন ফেচবুকত দিয়াৰ পাছতে ইনবক্সত কত’ জন তাইৰ গুণমুগ্ধই তাইৰ লগত অলপ সময় কটোৱাৰ ইচ্ছা প্ৰকাশ কৰি মেচেজ দিছিল ঠিক নাছিল , অৱশ্যে সেইবোৰত তাই আমোদ পাইছিল , উটি ভাঁহি যোৱা নাছিল । কিন্তু আজিৰ এই ৰূপ দেখি বাৰু কোনোবাই তেনে ভাব প্ৰকাশ কৰিবনে ? প্ৰশ্নটোৱে তাইক ব্যথিত কৰিলে । আজি যদি তাই পুনঃ লিখিবলৈ লয় আৰু প্ৰফাইলত তাইৰ এই নতুন চেহেৰাই ভুমুকি মাৰে , পাবনে তাই সুন্দৰ মন্তব্য আৰু অজস্ৰ লাইক ?
পুৰণি ফটো বোৰে তাইক ভেঙুচাই আছে । এইখন মনিকা হঁতৰ লগত পিকনিকলৈ যাওঁতে লোৱা ফটো , তলৰ মন্তব্য বোৰত চকু দিলে তাই !
“ইমান ধুনীয়া !’
“বৰ সুন্দৰ , আপুনি নিজে ইমান সুন্দৰ দেখি ইমান সুন্দৰ সুন্দৰ লেখা আগবঢ়াব পাৰে !”
“চ কিউট !”
“নাইছ ক্লিক , নিড মৰ !”
“ভেৰি নাইছ !”
“লিখাবোৰৰ দৰেই ধুনীয়া তুমি !”
আৰু কত’ যে মন্তব্য । কত’ই যে তাইৰ সৈতে বন্ধুত্ব পতাৰ আগ্ৰহ দেখাইছিল তাইৰ ফটো দেখি আৰু লেখা পঢ়ি । পাবনে সেই সঁহাৰি পুনঃ । এয়া অসম্ভৱ তাই জানে , সেয়ে ডি এক্টিভেট কৰাৰ সিদ্ধান্ত লৈছে তাইৰ একাউণ্টটো !হঠাতে কিয় জানো পুৰণি ফটো এখনকে দি আকৌ প্ৰফাইলটো সজাবলৈ মন গ’ল ! তাই বিচাৰি বিচাৰি অফিচৰ লগৰ এজনৰ বিয়াত তোলা ফটো এখন আপলড কৰিলে । এজোপা বৰ ধুনীয়াকৈ ফুলি থকা বেগুণীয়া ৰঙৰ ফুলৰ ওচৰত তোলা ফটো । গুলপীয়া কাপোৰ সাজেৰে বৰ ধুনীয়া দেখাইছে তাইক । অলপ সময় অপেক্ষাৰ অন্ততঃ তাই ভবাৰ দৰেই বৰষুণ আহিল ।
“ৱাহ ইমান ধুনীয়া !”
“বহুত দিনৰ মূৰত ,বৰ ধুনীয়া লাগিছে !”
“নাইছ্ !”
“হাই বিউটিফুল !”
অন্তৰাই বিৰক্তিত মোবাইল ডাটা বন্ধ কৰি থলে । তাইৰ সহায়কাৰী তথা সুখ দুখৰ লগৰী জোনাকীয়ে আগুৱাই দিয়া জুলীয়া খাদ্য কণ খাই , দৰৱ বোৰ খালে সূচী অনুযায়ী আৰু শুই পৰিল !
*******
কেইটামান দিন পাৰ হ’ল , আকৌ এবাৰ ফেচবুকত চকু দিলে তাই । অলেখ মন্তব্য ! ইনবক্সৰ মেচেজ পঢ়ি তাইৰ হাঁহি উঠিল , কত’ জনৰ হাবিয়াস তাইৰ লগত কথা পতাৰ । এনেতে এগাল মেচেজেৰে ভৰি থকা এটা একাউণ্টৰ পৰা পুনঃ মেচেজ আহিল ।
“তুমি ইমান ধুনীয়া , কথা পাতিব পাৰিম নেকি ?”
অন্তৰাৰ হাঁহি উঠিল , কিয় জানো অলপ ধেমালি কৰিবলৈ মন গ’ল !
“কেনেকৈ জানিলে মই ধুনীয়া ! মই বেলেগৰ ফটো দিবওতো পাৰোঁ ?”
“নাই বহুত দিন ধৰি আপোনাৰ ফটো বোৰ চাইছো , আপোনাৰ লেখা পঢ়িছো , আপুনি সচাকৈয়ে ধুনীয়া !”
“অ হয় নেকি ?”
“হয় , আপুনি বহু দিন লেখা নাই যে ? ইমান দিন কিয় আতঁৰি আছিল ?”
ই বেটাই চোন ভালকৈয়ে ফল’ কৰিছে তাইক । তাই তাৰ প্ৰফাইলটো চালে , বিবাহিত যদিও তাইতকৈ সৰু হ’ব , অসমৰ বাহিৰত থাকে । তাইক আচলতে ফটো বোৰত বয়সতকৈ বহু সৰু দেখা যায় মানুহ বোৰে তাতে ভুল কৰে ,বেচিকৈ চেঙেলীয়া বোৰে তাইলৈ যি হে তুমি তুমি চেলাই মেচেজ দিয়ে ! খঙেই উঠিছিল তাইৰ । কিন্তু সকলো মানুহেই যে বেয়া আছিল তেনে নহয় , আন্তৰিকতা থকা বহুজনৰ সৈতে ফেচবুকৰ মাধ্যমতে তাইৰ বন্ধুত্ব হৈছিল আৰু তাইৰ অসুখৰ সময়চোৱাত তেওঁলোকৰ তাইৰ প্ৰতি সহানুভূতি আৰু সহায় সঁচাকৈয়ে লেখত লবলগীয়া । তেওঁলোকক তাই অসুখটো ধৰা পৰাৰ পাছতে জনাই দিছিল । এতিয়াও তেওঁলোকে খা খবৰ লৈ থাকে ।
আকৌ মেচেজ পঢ়াত লাগিল ,
“অন্তৰা তোমাক তুমি বুলি কব পাৰিমনে ?”
“পাৰিব !”
“তুমিয়ো মোক তুমি বুলিয়েই কবা আমি সমবয়সীয়া হম চাগৈ !”
এইদৰে আৰু দুদিনমান মেচেজৰ আদান প্ৰদানৰ পাছত তাইক লৰাজনে লগ কৰাৰ প্ৰস্তাৱ দিলে । সি অলপ দিনৰ ছুটি লৈ অসম আহিছে আৰু তাৰ ঘৰ তাইৰ চহৰতে হোৱা বাবে লগ কৰাৰ ইচ্ছা প্ৰকাশ কৰিলে ।তায়ো কৈ দিলে লগ ধৰিব । সি ক’ত কেনেকৈ কেতিয়া সকলো ঠিক কৰি তাইলৈ খবৰ দিলে । ইয়াৰ আগতে তাইলৈ এনে ক’ত প্ৰস্তাৱ আহিছে কিন্তু কোনো দিনেই তাই এইদৰে লগ কৰিবলৈ ওলাই অহা নাই ।
সি বৰকৈ কৈছে যে , তাইক বৰ ভাল লাগে , কথাবোৰ ইমান ধুনীয়া যেতিয়া তাইতো আৰু ধুনীয়া হ’ব তাতে তাইৰ ফটো চাই চাই সি আধা আধি তাইক হৃদয় দানেই কৰিলে হেনো ।তাই কিন্তু কৈছিল সচাঁটোৱেই যে তাই ফটোৰ দৰে একেবাৰে নহয় ।সি বিশ্বাস নকৰে , আনকি এইটোৱো কলে যে তাই বেয়া হলেও হেনো তাইক সি সদায়ে এতিয়াৰ দৰেই ব্যৱহাৰ কৰিব ।
আৰু সিয়েই ঠিক কৰা ঠাইলৈ তাই আহিছে ওলাই । জোনাকীয়ে বাৰে বাৰে তাইক অকলে ওলাই আহিবলৈ হাক দিছিল যদিও তাই তাইৰ কথা শুনা নাই । আৰু কৈ আহিছে বেছি দেৰি নকৰে । বেছি দেৰি কিয় নহয় সেয়া অন্তৰাই ভালকৈ জানে । সি ঠিক কৰি দিয়া সময়তকৈ আধাঘণ্টা পলমকৈ আহি , তাই ৰেষ্টুৰেণ্ট খনলৈ সোমাই গ’ল । আশা কৰাৰ দৰেই আৰু অলপ দেৰি আগতে ফোনত জনোৱা সেই নিৰ্দিষ্ট টেবুলত সি বহি আছিল , উচপিচ কৰি । তাই লাহে লাহে গৈ ঠিক তাৰ সন্মুখত থিয় হ’ল ! তাৰ চকু মোবাইলত । তাইলৈ মন কৰা নাই , তাই মৃদুকৈ গল খেকাৰি দিলে , মূৰ তুলি চাই কৈ উঠিল ,
“এই টেবুল বুক আছে !”
তাই ভবাৰ দৰেই সি তাইক চিনি পোৱা নাই । তাই হাঁহিলে নিজৰ ওচৰত , লাহেকৈ ক’লে ,
“আপুনি অমুক নহয় জানো? মই অন্তৰা !”
তাৰ মূৰত যেন সৰগহে খহি পৰিল !
“আ আ আপুনি ? অন্তৰা !”
“হয় ময়েই অন্তৰা ! কিয় আপুনিয়েইতো বাৰে বাৰে মোক লগ কৰিবলৈ মতা নাছিল জানো !”
“হয় মানে কিন্তু ….!” সি কেৰঘঁহাবলৈ লাগিল ।
“মইতো আপোনাক কৈছিলো ফটোৰ মই আৰু বাস্তৱৰ মই একে নহয় দেখাত !”
“আপুনি বেলেগৰ ফটো দিছিল ?”
“তেনেকুৱা কৰা মানুহ মই অৱশ্যেই নহয় । সেই সকলো মোৰ নিজৰে ফটো তিনি বছৰৰ আগৰ !”
ইয়াৰ পাছত তাই সংক্ষিপ্তে তাইৰ অসুখৰ কথা বিবৰি ক’লে । ইয়াৰ পাছত অলপ মৌনতা । ৰেষ্টুৰেণ্টৰ ল’ৰা এজনে খোৱা পৰিবেশন কৰিব নেকি তাক সুধিলে । সি হঠাতে ঠিয় হ’ল আৰু তাইক খাবলৈ কৈ কলে যে তাৰ পত্নীৰ লগত এফালে যাব লগীয়া আছে বাবে তাইক সময় দিব নোৱাৰিব । অৰ্ডাৰ দিয়া বস্তু বোৰৰ দাম দিব খোজাত তাই বাধা দিলে । কোঁ কোৱাই তাইলৈ এবাৰো নোচোৱাকৈ সি ওলাই গ’ল । তাই হাঁহিলে । তাৰ পাছত আৰু তাত ৰৈ থকাৰ সকাম নাছিল । তাই এখন অনাথ আশ্ৰমৰ লগত বহু বছৰ ধৰি জড়িত হৈ আছে , তালৈ তাই মাজে মাজে খাদ্য পঠায় , আজিও লৰাজনে ডেলিভাৰী দিব কোৱাত তাই আৰু কেইপদ মান বস্তু বেছিকৈ অৰ্ডাৰ দি , আশ্ৰমৰ এড্ৰেছটো দিলে । বিল খন পৰিশোধ কৰি তাই আশ্ৰমৰ দায়িত্বত থকা তাইৰ চিনাকি মানুগৰাকীলৈ ফোন কৰিলে ।আচলতে তাই ঘৰৰ পৰাই এই পৰিকল্পনা লৈ আহিছিল যে তালৈ কিবা খোৱা বস্তু আজি পঠাব ।
*===
তাই বাহিৰলৈ আহিল । অট’ লম ভাবিও অলপ খোজ কাঢ়িবলৈ মন কৰিলে । বহু দিন সান্ধ্য ভ্ৰমণ কৰা নাই আজি কৰিবলৈ মন গ’ল । যেতিয়াই ভাগৰ লাগিব অট’ লব । ভাল লাগিছে মুকলিত খোজ কাঢ়ি । পুৰণি একাউণ্টটো বন্ধ কৰি নতুন এটা খুলিব তাই এতিয়াৰ ফটোৰে সৈতে । পুনঃ লিখিবলৈ লব তাই , হয়তো পাঠকৰ সংখ্যা কমিব , অন্য ভাষাত অনুৰাগী কমিব কিন্তু শুভাকাংক্ষী সকলতো থাকিব তাইৰ লগত । আৰু জীয়াই থকা দিনকেইটা ভাল কামৰ মাজেৰে পাৰ কৰিব তাই , চকুলো মচি , হাঁহি হাঁহি ! কাৰণ জীৱন বৰ অনুপম !!

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
4 years ago

Bht vll lgl porhi…