জীৱন (ৰ’দালি সপোন বৰগোঁহাই)


এমুঠি ভোকৰ ভাত 
আইৰ শুকান মুখ।
জীৱন
নাঙলৰ আগ
পিতাইৰ প্রতি টোপাল তেজ।
জীৱন
ধূলিত পোত খোৱা ককাইদেউৰ চাৰ্টিফিকেট
ক্ষোভ,হতাশা আৰু
চিগাৰেটৰ ধোঁৱাত সপোনবোৰ
বিদ্রোহী মন।
জীৱন
এমুঠি ৰ’দ-জিলমিল আশা
নতুন পৃথিৱী
চকুত সপোনৰ তিৰবিৰণি।
জীৱন
এটি ভয়ংকৰ বাস্তৱ
সেমেকি যোৱা চকুহালি
বিশ্বাস-অবিশ্বাস,সত্য-অসত্য
আস্ জীৱন।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments