জীৱেম শৰদঃ শতম্ (মিতালী গোস্বামী)

শোটোৰা পৰিবলৈ আৰম্ভ কৰা ছালখনেহে মানুহজনৰ বয়সৰ পৰিচয় দিয়ে। অন্যথা তেওঁৰ মন-মগজু সকলো আজিও চফল ডেকাটোৰ দৰেই হৈ আছে। কোনোবাই তেওঁক ‘ককা’ বুলি সম্বোধন কৰে, কোনোবাই ‘খুড়া’ অথবা কোনোবাই ‘বৰদেউতা’। যিয়ে যি বুলিয়েই নামাতক কিয়, সকলোকে উষ্ম আদৰণিৰে আপ্যায়িত কৰাটো তেওঁৰ স্বভাৱ। তেনে এজন মানুহ হঠাৎ চুবুৰিটোৰপৰা নোহোৱা হোৱাত সকলো আচৰিত হ’ল। ওচৰ-চুবুৰিয়াই থানাত খবৰ দিলে, ল’ৰাহঁতলৈও কোনোৱে ফোন কৰিলে। মুঠৰ ওপৰত শোকৰ বন্যাত বিধৌত হ’ল গোটেই অঞ্চল। এনেকৈওনো মানুহ হেৰাই যায়নে?

-মই কালি বজাৰলৈ যাওঁতে তেওঁক বাটত লগ পাইছিলোঁ।

মেধিনীয়ে ক’বলৈহে পালে, ৰসেশ্বৰৰ ঘৈনীয়েক ফুলমণিয়ে টপৰাই মাত দিলে,

-আঠবজাত তেওঁক ঘৰলৈ ওভতা আমি দুয়োয়ে দেখিছোঁ। এওঁৰ সৈতে তেওঁ কথাওতো পাতিছিল।

কৌতুহলী এচুবুৰি মানুহৰ চকু খন্তেকতে ফুলমণিৰ ওপৰত ন্যস্ত হ’ল।

-তেওঁক অস্বাভাৱিক যেন দেখিছিল নেকি?

মানুহৰ মাজত থিয় দি থকা আৰক্ষী বিষয়াজনে এইবাৰ ফুলমণিক প্ৰশ্ন কৰিলে। ফুলমণিয়ে সেপ ঢুকিলে।

-মইতো দোকান বন্ধ কৰিবলৈ বস্তুবোৰ থান-থিত লগাই আছিলোঁ। তেওঁহে আছিল বাহিৰত। কথাবোৰ ভালদৰে পতা শুনিছোঁ। মই ইমান নজৰ কৰা নাই।

চঞ্চল চকুহাল নচুৱাই অপ্ৰস্তুত ফুলমণিয়ে উত্তৰ দিলে। দেখিয়েই বুজা যায়, তাই যে কিছু পৰিমাণে বিবুদ্ধিত পৰিছে। অকস্মাৎ নোলাবলগীয়া কিবা এটা তাইৰ মুখেদি ওলাই গ’ল। দৰাচলতে মানুহবোৰৰ লগত পুলিচ বিষয়া এজনো থকা বুলি তাই জনা নাছিল। প্ৰতিদিনে অহাৰ দৰে তাই ঘৰলৈ উভতি আহি আছিল। মেধিনীয়ে কৰা মন্তব্যটো হঠাৎ শুনিলে আৰু আগদিনাখন যে তাই নিজেও মিশ্ৰ উপাধিধাৰী ব্যক্তিজনক ঘৰলৈ ওভতা দেখিছিল, একো নভবাকৈ সেই কথা কৈ পেলালে। ৰসেশ্বৰ আৰু ফুলমণি দুয়ো তেতিয়া দোকান বন্ধ কৰাৰ যা-যোগাৰ কৰাত ব্যস্ত। দীঘল দীঘল খোজেৰে মিশ্ৰ ক’ৰবাৰপৰা আহিছিল, কেইছেকেণ্ডমানৰ কাৰণে দোকানখনৰ আগত ৰৈছিল, দু-আষাৰ কথা পাতিছিল আৰু দীঘল দীঘল খোজেৰে নিজৰ ঘৰটোলৈ গুছি গৈছিল।

ৰসেশ্বৰৰ দোকানখনৰ অঞ্চলটোৰ ভিতৰতে এখন ডাঙৰ দোকান। এই দোকানখনক সম্বল কৰি উভৈনদী সম্পত্তি নহ’লেও অভাৱ নোহোৱাকৈ দুয়ো চলি আছে। কোনো কোনো সময়ত দোকানত মানুহৰ সমাগম বাঢ়ে। সেয়ে ৰসেশ্বৰৰ সৈতে ফুলমণিও গৈ বহে। নিশা দুয়ো একেলগে ঘৰলৈ ওভতে। কিন্তু দুপৰীয়া ভাত-পানী যোগাৰ কৰিবলৈ ফুলমণি ৰসেশ্বৰতকৈ আগেই গৃহাভিমুখী হয়। আজিও উভতিছিল। কিন্তু নিজে তৎ ধৰিব নোৱাৰাকৈয়ে কিনো এইখন আইনী মেৰপাকত সোমাব ধৰিছে। আৰু একো নক’বলৈ তাই মন বান্ধিলে।

-অ’ ঠিক আছে তেন্তে। তেওঁকেই সুধি ল’ম মই। এতিয়া তেওঁক দোকানত পামনে?

অনিচ্ছা সত্ত্বেও সন্মতিসূচকভাৱে ফুলমণিয়ে মূৰটো জোকাৰিলে। ‘মই আহিছোঁ’ বুলি সৰুকৈ কৈ ততাতৈয়াকৈ তাই ঘৰলৈ বুলি বাট ল’লে। এইজন পুলিচ চুবুৰিটোত নাথাকে; কিন্তু সিহঁতৰ দোকানলৈ তেওঁ প্ৰায়েই আহে। সেয়ে ৰসেশ্বৰ আৰু ফুলমণিক তেওঁ ভালদৰে চিনি পায়।

সম্পূৰ্ণ বাটছোৱা সনাতন মিশ্ৰ নামৰ মানুহজনৰ অৱয়ৱ তাইৰ চকুৰ আগত ভাহি থাকিল। মানুহজন সঁচাই বৰ ভদ্ৰ আছিল। বৰ মৰম কৰিছিল তেওঁ ফুলমণি আৰু ৰসেশ্বৰক। সৰু মানুহ বুলি বহুতে সিহঁতক ভাল মাত এষাৰ দিবলৈ টান পায়। কিন্তু মিশ্ৰ বেলেগ ধৰণৰ মানুহ আছিল। ৰসেশ্বৰ আৰু ফুলমণিক তেওঁ নিজৰ পৰিয়ালৰ সদস্য যেন জ্ঞান কৰিছিল। সমাজ দূষিত কৰা হাজৰিকাজাতীয় মানুহবোৰৰ লগত কোনো ক্ষেত্ৰতেই তেওঁৰ তুলনা নহয়। হাজৰিকাৰদৰে মানুহবোৰে মানুহৰ পি পি তেজ শোহে, মানৱতাৰ আদিপাঠ নাজানে সেইবোৰে। আৰু সেয়ে ফুলমণিৰদৰে মানুহক তেওঁলোকে ঘিণ কৰে।

চুবুৰিৰ মানুহবোৰে একেৰাহে কেইবাবাৰো ফোন কৰাত উপায়ন্তৰ হৈ অৱশেষত মিশ্ৰৰ দুই পুত্ৰ পদ্মনাভ আৰু অৰুণাভ আহি হাজিৰ হ’ল। এজুম মানুহেৰে মিশ্ৰ থকা ঘৰটোৰ চোতালখন পুনৰ ভৰি পৰিল। সকলোৱে আশা কৰিলে, ল’ৰাহঁতে নিশ্চয় কিবা এটা ভাল খবৰ দিব। কিন্তু তাৰ পৰিৱৰ্তে তেওঁলোকৰ কথাবোৰে মানুহবোৰৰ অন্তৰত আঘাটহে হানিলে।

-তেওঁ সৰু ল’ৰাতো নহয়। যাবলৈ জানিছে যেতিয়া আহিবও জানিব। আপোনালোকে মিছাতে ইমান চিন্তা কৰিছে।

পদ্মনাভৰ কথাত তাত ৰৈ থকা প্ৰতিজন মানুহ আচৰিত হ’ল।

-কিন্তু?

কোনোবা এজনে কিবা এষাৰ ক’ব বিচাৰিছিল।

-এইবোৰ একো নহয় খুড়া। মাজে মাজে তেওঁ এনেকুৱা আগেও কৰে। এনেকৈ মানুহবোৰক ব্যস্ত কৰি ৰাখিবলৈ তেওঁ কি স্ফূৰ্তি পায় আমি নাজানো। আপোনালোকবোৰো জানো এনেকৈ তেওঁৰ বাবে দুদিন ব্যস্ত হৈ নৰ’ল? আমাৰ কাম-বন থাকে। গতিকে আমি আজিকালি এইবোৰ চিন্তা কৰিবলৈ বাদ দিছোঁ।

সৰু পুত্ৰ অৰুণাভেও ককায়েকৰ লগতেই সুৰ মিলালে। স্বয়ং পুত্ৰহঁতে এনেদৰে কোৱাৰ পিছত আৰু কিবা ক’বলৈ জানো বাকী থাকে। চুবুৰিৰ মানুহবোৰ দিহাদিহি যাবলৈ বাধ্য হ’ল। কিছু সময় ৰৈ মিশ্ৰৰ দুই পুত্ৰও দায়িত্বজ্ঞানহীন মানুহৰ দৰে অহা বাটেৰে উভতি গ’ল।

মিশ্ৰ যেন এক ৰহস্যত পৰিণত হ’ল। মানুহজন ক’ৰপৰা আহিছিল আৰু ক’লৈ গুচি গ’ল কোনেও নাজানিলে।

-বয়সীয়া মানুহ। ক’তো একো অমঙ্গল হোৱা নাইতো?

ভাতৰ পাতত বহি ফুলমণিৰ আগত ৰসেশ্বৰে মিশ্ৰৰ প্ৰসঙ্গ উলিয়ালে।

-জানো? আমি ইয়াৰপৰা কেনেকৈ জানিম?

ৰসেশ্বৰৰ পাতত একৰচ-দুকৰচকৈ ভাতবোৰ জাপি ফুলমণিয়ে ক’লে।

-আজি হেনো ল’ৰা দুটা আহিছিল?

-অঁ আহিছিল।

ৰসেশ্বৰে শলাগিলে। ভাত খাবলৈ এৰি এইবাৰ ফুলমণিৰ চকুত চকু থৈ ৰসেশ্বৰে ক’লে_

-মোক দুজনমানে জনাইছিল যাতে মই গৈ বাকীৰ টকাকেইটা সাধি ল’ব পাৰোঁ। নহ’লে টকাকেইটা নাপাবও পাৰোঁ।

ফুলমণিয়ে একো নামাতিলে। তাই জনাত সিহঁতৰ দোকানত মিশ্ৰৰ তিনি হাজাৰমান টকা বাকী আছে। মানুহজন এই অঞ্চলত থকা দিন ধৰিয়েই ৰসেশ্বৰৰ দোকানৰ গ্ৰাহক। টকাবোৰ পৰিশোধ কৰোঁতে সময় লয় যদিও তেওঁ ঠিকমতেই আজিলৈ টকাবোৰ পৰিশোধ কৰি আহিছে বুলি তাই ৰসেশ্বৰৰ সৈতে বিয়া হৈ অহাৰ দিন ধৰি শুনি আহিছে। আৰু এই ডেৰটা বছৰত দেখিছেও।

-মই নগ’লোঁ বুজিছা? আজি অত বছৰে মই মানুহজনক পাইছোঁ। জানো, কিবা বিপদ-বিঘিনি নহ’লে তেওঁ এনেদৰে নোহোৱা হৈ নাযায়। নিশ্চয় তেওঁৰ কিবা ডাঙৰ সমস্যা হৈছে। তেনে সময়ত মইনো কিয় তেওঁক আৰু বিপদত পেলাবলৈ যাওঁ! আৰু সেইকেইটা পুতেক নহয় বুজিছা? নৰাধম সিহঁত। বাপেকটো নোহোৱা হৈছে, চুবুৰিটোৰ মানুহবোৰ চিন্তাত পৰিছে। অথচ সিহঁতে কয়, মানুহবোৰে মিছাতে চিন্তা কৰিছে।

অকস্মাৎ উঠি অহা খংটো মনতে দমাই ৰাখি মানুহজন সংযত হ’ল। এগৰাহ-দুগৰাহকৈ ভাতবোৰ মুখলৈ নিলে তেওঁ।

-আপুনি নগৈ ভালেই কৰিলে। মোৰ মনেও কৈছে, তেওঁ নিশ্চয় উভতি আহিব। পঢ়াই-শুনাই পুতেক দুটাক ইঞ্জিনীয়াৰ কৰিলে। তাৰপাছত বাৰু সিহঁতে তেনেকুৱাহে কৰিব লাগেনে বাপেকটোক?

ফুলমণিয়ে ভোৰভোৰালে। দেখিলেই ভক্তিভাৱ জন্মা মানুহ এজনক আপোন সন্তানে এনেদৰে অলাগতিয়াল জ্ঞান কৰাত মনে মনে ক্ৰোধিত হ’ল তাই। তাইৰ স্পষ্ট মনত আছে, সিহঁতৰ দোকানলৈ বহী এখন বিচাৰি আহোঁতে মানুহজনক তাই প্ৰথমবাৰলৈ লগ পাইছিল। ফুলমণিৰ মূৰত হাত থৈ মানুহজনে তাইক সুখী হ’বলৈ আশীৰ্বাদ দিছিল। মানুহজন কোন চিনিব নোৱাৰি বাৰে বাৰে তাই ৰসেশ্বৰৰ চকুলৈ চাইছিল। মানুহজনে হয়তো কিবা বুজিছিল। নিজেই তেওঁ নিজৰ পৰিচয়টো দিছিল। লাহে লাহে মানুহজন ফুলমণিহঁতৰ সৈতে পূৰ্বতকৈও বেছি ঘনিষ্ঠ হৈ পৰিছিল। ঢেকঢেকাই হাঁহিবলৈ ভাল পোৱা মানুহজনৰ বিষয়ে জানিবলৈ স্বভাৱসুলভভাৱেই আগ্ৰহী হৈ পৰিছিল তাই। কিছু পৰিমাণে তাই তেওঁক জানিবও পাৰিছিল। কিন্তু কয় নহয়, মানুহৰ ব্যক্তিত্ব বিশাল হ’লে তাক বিচাৰি ল’বলৈ কঠিন হয়। যান্ত্ৰিকতাৰ মাজত আৱদ্ধ হৈ থাকিবলৈ বেয়া পোৱা মানুহজনে মানুহৰ মৰম বিচাৰি এই চুবুৰিটোতে আশ্ৰয়স্থল পাতি লৈছিল। দুদিনীয়া জ্বৰত পৰি মিশ্ৰনী সিফলীয়া হোৱাত ব্যস্ত ল’ৰাহঁতক আমনি নিদিওঁ বুলিয়েই তেওঁ নিজৰ বাবে এটা নিঃসঙ্গ জীৱন বাছি ল’লে। তেওঁৰ এই অকলশৰীয়া জীৱনৰ সঙ্গী কৰি ল’লে কাগজ-কলম আৰু কিতাপক। চুবুৰিৰ মানুহবোৰৰ সঙ্গও তেওঁ বাৰুকৈ উপভোগ কৰে। মিশ্ৰক ভাল নোপোৱা, সমীহ নকৰা মানুহ হয়তো এই অঞ্চলটোতে নোলাব। হাজৰিকাহঁতৰ দৰে মানুহবোৰেও মিশ্ৰক যথেষ্ট শ্ৰদ্ধা কৰে।

-এইখন ক’ৰপৰা, কি আহিছে চাওকচোন।

বন্ধ খাম এটা ফুলমণিয়ে ৰসেশ্বৰৰ হাতত তুলি দিলে। এইমাত্ৰ পিয়নজনে এইখন তাইৰ হাতত দি গৈছেহি। কেতিয়াও চিঠি-পত্ৰৰ সৈতে সম্পৰ্ক নোহোৱা মানুহজনী আচৰিত হৈছে, কম-বেছি পৰিমাণে শিহৰিত হৈছে তাই। কি জানো আছে ভিতৰত? কাৰো কোনো দাবী-পত্ৰ নহয়তো? আজিকালি বেপাৰ কৰিবলৈ ভয়। সৰু বেপাৰেই হওক অথবা ডাঙৰ বেপাৰ হওক, কিছুমান মানুহে শান্তিত থাকিবলৈ নিদিয়ে। তেজপিয়াবোৰৰদৰে ৰস পিবলৈ অহা মানুহ বাটে-ঘাটে চাৰিওফালে পিয়াপি দি ফুৰে। বিজ্ঞৰ দৰে ফুলমণিয়ে কথাষাৰ ভাবিছিলহে মাত্ৰ; নীলৰঙী চিক্‌চিকীয়া গাড়ী এখন আহি সনাতন মিশ্ৰ ভাড়া কৰি থকা ঘৰটোৰ সন্মুখত ৰ’ল। খামটো খুলি চিঠিখন পঢ়িবলৈ সাজু হোৱা ৰসেশ্বৰে কেইখোজমান আঁতৰতে থকা মিশ্ৰৰ ঘৰটোৰ ফালে চাই পঠিয়ালে।

-নিধকহঁত হয়তো আহিল।

ৰসেশ্বৰে নিজকে নিজে ক’লে।

-নিধক?

ফুলমণি আচৰিত হ’ল।

-অঁ। সনাতন মিশ্ৰৰ ল’ৰাহঁতৰ কথা কৈছোঁ।

-কিয়! সিহঁত অহাৰ কথা আছিল নেকি?

ফুলমণিয়ে পুনৰ ওলোটাই প্ৰশ্ন কৰিলে।

-অ’ শুনিছিলোঁ। বস্তু-বাহানিবোৰ নি সিহঁতে ঘৰটো খালী কৰি দিবহি বোলে। বাপেক নাহিব বুলি সিহঁতে ধৰি লৈছে আৰু কাজ-কৰ্মৰো কিবা আয়োজন কৰা বুলি শুনিছোঁ।

ফুলমণি মৌন হৈ পৰিল। ছেঃ, কেনে অসৎ সনাতন মিশ্ৰৰ ল’ৰা দুটা। সিহঁতকো একো একোজন হাজৰিকা যেন লাগিল তাইৰ। মানৱতাৰ জ্ঞান নথকা হাজৰিকাই সিহঁত। এসপ্তাহ হ’লহে দেউতাক নোহোৱা হোৱা। বিচাৰ-খোচাৰ কৰাৰ সিহঁতৰ সময় নাই; কিন্তু একেবাৰে ভোজ-ভাত পতাৰ দিহা কৰি পেলালে। লাগিলে সন্তানেই নিদিয়ক; কিন্তু ঈশ্বৰে এনে কুসন্তান কাকো নিদিয়ক দেই। বছৰ বাৰু নালাগে, অন্ততঃ কেইটামান দিন আৰু বেছিকৈতো সিহঁতে দেউতাক আহিব বুলি বাট চাব লাগিছিল।

-ফুলমণি!

ৰসেশ্বৰৰ মাতত ফুলমণি বাস্তৱলৈ ঘূৰি আহিল। তাই তেওঁলৈ চাই পঠিয়ালে। হঠাৎ যেন মানুহজনৰ মুখখন জিলিকি উঠিছে। তাই কিবা সোধাৰ আগতে ৰসেশ্বৰে নিজেই ক’লে,

-আছে, ফুলমণি আছে। মানুহজন কুশলে আছে।

এক অবোধ শিশুৰদৰে ডাঙৰ ডাঙৰ চকুযুৰিৰে তাই ৰসেশ্বৰলৈ চাই ৰ’ল। সোঁহাতৰ তৰ্জনী আঙুলিটো দাঙি ৰসেশ্বৰে তাইক চিঠিখনৰ এটা অংশলৈ দেখুৱালে। অকোৱা-পকোৱা আখৰেৰে তাত জিলিকি ৰৈছে সনাতন মিশ্ৰৰ নাম। চিঠিখনৰ লগতে টকা তিনিহাজাৰো তেওঁ গাঁথি দি পঠিয়াইছে।

-তাৰমানে মানুহজন সঁচাই কুশলে আছে!

ফুলমণিৰ ওঁঠত হাঁহি বিৰিঙি উঠিল। ৰসেশ্বৰৰ হাতৰপৰা থাপ মাৰি আনি তাই সেইখন পঢ়িবলৈ মেলি ল’লে। গুৰুত্বসহকাৰে চিঠিখন পঢ়াত ফুলমণি ব্যস্ত হৈ পৰিল। বৰ বিশেষ একো লিখা নাই তাত। কিন্তু, যি লিখিছে সেয়াও মানুহজনৰ অন্তৰ্বেথা বুজিবলৈ বহুত। চিঠিখনৰ মাজতেই সোমাই পৰিছে সনাতন মিশ্ৰ নামৰ মানুহজন। তেওঁৰ সুখ-দুখ সকলো চিঠিখনৰ আখৰবোৰৰ মাজত প্ৰতিফলিত হৈছে।

“সাঁচি ৰখা পৈতৃক সম্পত্তিকণ মোৰ বাবে কাল হৈছিল। কাক শত্ৰু বুলিম, কাক মিত্ৰ? সকলো মোৰ নিজৰ। টকা থাকিলেও মানুহবোৰ কিয় জানো ইমান লোভত বন্দী হৈ পৰে? কিয় আৰু কাৰ বাবে এইবোৰ সাঁচি মই কষ্ট খাই ৰওঁ? মোৰ বাবে ভাবিবলৈ যেতিয়া কাৰো সময়েই নাই, ময়ো আৰু ভাবিবলৈ বাদ দিলোঁ। সেয়ে কাকো একো নজনালোঁ। গুচি আহিলোঁ। জনাই আহিব বিচৰাহেঁতেন হয়তো মই আহি এইখিনি নাপালোঁহেঁতেন। কাৰণ সম্পত্তিৰ লোভ সকলোৰে বেছি। অভাৱ নাথাকিলেও লোভ আছে সকলোৰে। মই নিঃকিন হৈ পৰিলেওতো কাৰো কোনো ক্ষতি নাই।’

কথাখিনি পঢ়াৰ লগে লগে ফুলমণিৰ চকুৰ দুকোণ ভিজি উঠিল। তাইৰ চকুৰ আগত ভাঁহি উঠিল অভিমানিত মানুহ এজনৰ ছবি। নিজৰ অভিমান ঢাকি সেইজন মানুহে প্ৰাণোচ্ছল হাঁহি মাৰে, নিজে কষ্টত থাকি হ’লেও অন্যক সুখত ৰখাৰ প্ৰয়াস কৰে তেওঁ। ঘনাই মানুহজনে চকুৰ কোণ দুটা ৰুমালখন উলিয়াই মচে। মানুহে ভাবে, তেওঁ চকুৰ কোণৰ ফেচকুৰি মচিছে। কিন্তু দৰাচলতে সেয়া ফেচকুৰি নহয়; তেওঁৰ অন্তৰত স্তুপীকৃত হৈ ৰোৱা সেইবোৰ দুখ, শোক অভিমান আদিহে। কথাখিনি ভবাৰ লগে লগে এসোঁতা গৰম চকুলো ফুলমণিৰ চকুৰ কোণেদি বাগৰি পৰিল।

[২০১২ চনৰ ১৯ আগষ্টৰ ‘দৈনিক অসম’ৰ দেওবৰীয়া চ’ৰাত এই গল্পটো প্ৰকাশ হৈছিল।]

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক