জুইশালৰ সাধুকথা (পল্লৱ কুমাৰ নাথ)


দোকমোকালিৰ কুঁৱলীজাকে তৰি দিয়া আঁৰ কাপোৰখনৰ আঁৰত জুহালৰ জুইকুৰায়ে
দিয়া উতপ্ত চুমাৰ পৰশেৰেই হয় শীতাৰ্ত দিনৰ শুভাৰাম্ভ৷ কৰ্মব্যস্ত দিন এটি আৰম্ভ কৰাৰ আগমুহুৰ্ত্তত জুইশালত আপোন পৰিয়ালৰ সৈতে গৰম চাহত চুমুক দিয়াৰ সময়কণ আমাৰ বাবে যেন সৰ্বসুখৰ দৃশ্য৷ কুঁৱলিজাক যেন ঠণ ধৰি উঠা ৰঙচুৱা সুৰুজৰ পোহৰৰ সতে ঠেকা খাই অদৃশ্য হয় জুইশালৰ ধোঁৱাবোৰৰ দৰেই৷জুইকুৰাৰ পৰশ পাই যেন উতপ্ত হৈ ৰ’ব সমগ্ৰ দিন !


পশ্চিম আকাশৰ বেলিটোৱে ৰঙচুৱা হাঁহি এটি মাৰি যেতিয়া নৈখনৰ সিটো পাৰে
মেলানি মাগে, শীতৰ সতে খেলি খেলি শীতাৰ্ত হোৱা কণমানিটোৱে ওম লগা কাপোৰ
পিন্ধি মাকৰ কোলাত সোমায়। জুইশালৰ মজিয়াত বহি জুইৰ উত্তাপৰ পৰশত আইতাৰ
কণ্ঠয়েদি নিগৰি আহে জীৱন ৰঙৰ কবিতা !
Pallab K Nath

ব্যস্ততাৰ অন্তত আবেলিৰ পৰা সন্ধ্যালৈ জুইশালৰ আড্ডায়ে দিয়ে এক সুকীয়া
মাদকতা৷ কৃত্ৰিমতা আৰু যান্ত্ৰিকতাৰ পৰা কিছু আঁতৰত জুইশালৰ থলুৱা আহাৰ
সম্ভাৰে দিয়ে অন্য এক উষ্ম সোৱাদ৷ পৰিয়ালৰ সকলোৰে সৈতে একেলগে কিম্বা
চুবুৰিৰ কেইবাজনৰ লগে ভাগে জুইশালৰ আড্ডা আৰু পুৰা মাংসৰ সোৱাদেৰে জীৱনটো
উমাল কৰাৰ সুযোগ পোৱাজনে বাৰুকৈয়ে বুজে জুইশালৰ সাধুকথা৷

পুণশ্চঃ
আপোনাৰ, মোৰ,তেওঁৰ নাইবা বহুজনৰ বাবে জুইশালৰ জুইকুৰায়ে যেন শীতৰ
শ্ৰেষ্ঠ ছবি, যাৰ পৰশত উমাল হয় শীতৰ কৰুণ হাঁহি৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments