জুই ছাই বকুল – জয়ন্ত আকাশ বৰ্মন

ট্ৰাকখনৰ পিছে পিছে মই দৌৰি থাকিলো৷ এহাতত মোৰ আঠবছৰীয়া ভাই ইনজাম, আনখনত এই সৰি যাওঁ এই মৰি যাওঁ মোৰ জীউটো৷ ধোঁৱা উৰুৱাই, ধূলি উৰুৱাই, তেজ গলাই, শৈশৱৰ কেঁচা ঘাম সৰুৱাই আমি দৌৰি থাকিলো, বাৰচকীয়া ট্ৰাকখন অনুসৰণ কৰি৷ ধোঁৱাই আমাক আগুৰি ধৰে, দুভৰি শিলে কাটে৷ দুই ভাই মৰণ ভেদি দৌৰি থাকো পদ্মানদীৰ পাৰে পাৰে, বাৰুদৰ মাজে মাজে, চিৎকাৰ-আৰ্তনাদৰ ফাঁকে-ফাঁকে…

মছজিদবোৰ এতিয়া সেনাৰ ছাউনী৷ অজু নহয়, হাতবোৰ হাতোঁৰা, তেজবোৰ পানী৷ বিধ্বস্ত কোনো এক মছজিদৰ পৰা মগ্ৰীবৰ আজানৰ সুৰ উটি আহিছে৷ আল্লাহু আকবৰ… আৰু ক’লা ছাইৰ কিৰীলি৷
কটা শিল এটাত খুন্দা খাই মই উফৰি পৰো৷ কপালত তেজ ওলায়৷ ইনজাম হেৰায়৷ কিছু আতঁৰত ইনজামৰ ফোঁপনি মই আন্ধাৰতেই শুনা পাওঁ৷ কান্দিবও পাহৰি যোৱা তাৰ এযুৰি ভয়াৰ্ত চকু! উশাহৰ বাবে অকন অম্লজান নাই৷ এন্ধাৰৰ মাজতেই দুয়ো মাটিত বহি পৰিলোঁ৷ চাৰিখন কোমল হাতেৰে মাটি চুই, কপাল মাটিত লগাই নামাজ পঢ়িলোঁ৷ হে আল্লাহ, জুইবোৰ নুমাই দিয়া৷ পদ্মানদীক আকৌ বব দিয়া৷

কেইবা মাহো আমি আব্বাজানক দেখা নাছিলো৷ আগতে কেতিয়াবা দোভাগ ৰাতি ঘৰলৈ আহিছিল, চুপি চুপি৷ আম্মাৰ লগত কথা পাতিছিল৷ কিমান সময়? এক মিনিট, দুইমিনিট৷ আম্মাই আব্বাক সাৱটি ধৰিছিল৷ দূৰত ক’ৰবাত মিলিটেৰী ট্ৰাকৰ শব্দ হৈছিল, বুকুৰ পৰা আম্মাক আঁতৰাই আব্বা পলাই গৈছিল, অহা বাটেৰেই৷ যাওঁতে আব্বাই আমাক, এবাৰ বুকুত সাৱটি চুই চাইছিল৷ আব্বা যোৱা বাট এন্ধাৰৰ মাত৷ আব্বা যোৱা বাট সূৰ্যোদয়ৰ বাট৷
পিছদিনা স্কুলৰ পৰা যেতিয়া আমি আহি আছিলোঁ, হঠাৎ মিলিটাৰীৰ গাড়ী এখন আমাৰ ওচৰত ৰৈছিল৷ ভয়ত আমি পলাইছিলো৷ বাওঁফালৰ পথাৰৰ লুংলুঙীয়া বাটেৰে আমি নামি গৈছিলো৷ পথাৰত আমি ৰৈ দেখিছিলোঁ, জুৰি নাইচোন আমাৰ লগত৷ একেলগে আহি আছিলোঁ৷ তাইৰ আজি বাৰ বছৰীয়া জনমদিন৷ তাই হাতত চ’কলেট লৈ আছিল৷ গছৰ তলত আমাক ভগাই দিয়াৰ কথা৷ সিদিনা সন্ধিয়া আৰ্মি কেম্পৰ পিছফালৰ পথাৰৰ সেই গছডালৰ তলত পৰি আছিল জুৰিৰ দ্বাদশী শৰীৰ, নিম্নাংশ তেজে ধোৱা, তেজে বোৱা৷
নিশা মৰণকাতৰ চিৎকাৰ শুনিছিলোঁ, অবিৰাম৷ ভয়ত কোনো ওলাই যোৱা নাছিল৷ ৰাতিপুৱা দেখিছিলো হিন্দু গাঁওখন ছাই হৈ আছিল৷ মানুহবোৰ নাছিল৷ বিকৃত বিচ্ছিন্ন পোৰা মাংসৰ টুকুৰা কিছুমান, এটাৰ ওপৰত আনটো পৰি আছিল৷ কাউৰীবোৰে সেই শৱ খাবলৈ ভয় কৰিছিল৷ শগুণবোৰো পলাইছিল৷

মোৰ আব্বা মুক্তিবাহিনীৰ সৈনিক আছিল৷ কেতিয়াবা আব্বাহঁতে আমাৰ ঘৰত লগ লাগি কিবা মিটিং কৰিছিল৷ এঘাৰ-বাৰ বছৰীয়া মোৰ মগজুৱে একো ঢুকি নাপাইছিল৷ মাত্ৰ দুটা শব্দ শুনিছিলো-মুক্তি আৰু স্বাধীনতা৷ লগতে বঙালী ভাষা, উৰ্দু ভাষা ইত্যাদি৷ বঙালী ভাষা আমাৰ ভাষা৷ পশ্চিম পাকিস্তানে কিয় উৰ্দু ভাষা আমাক জাপি দিব? পাকিস্তানৰ ইনহিউমেন ৰিপ্ৰেছন ওফৰাবই লাগিব৷ এইবোৰ শুনিছিলোঁ, মনত আছে ৰিণিকি ৰিণিকি৷ মই একো বুজি নাপাইছিলোঁ৷ আব্বাহঁত ৰাতিয়েই গুছি গৈছিল৷
এইবাৰ উঠি মই ইনজামক হাতত ধৰি ল’লো৷ আৰু পুনৰ আগুৱাব ল’লো৷ মোৰ কোনো ধাৰণা নাছিল, ঘৰ এৰি কিমান দূৰ পাইছোহি, কি ঠাই পাইছোহি৷ ৰাতি ভালেখিনি হৈছিল৷ পিছফালে ধাৰাসাৰে বাৰুদ জ্বলিছিল, গুলী ফুটিছিল, ছাই হৈছিল, তেজ হৈছিল, ঘৰ জ্বলিছিল, পানীবোৰ উতলিছিল৷
পথৰ দাঁতিত এখন সৰু হোটেল দেখি আমি সোমাই গৈছিলো৷ মালিকজনে আমাক ৰুটী দুখন খাব দিছিল৷ ৰুটীখনে কেনেবাকৈ আমাৰ প্ৰাণ ৰখাইছিল৷ এখন ট্ৰেক্টৰ চলি আছিল আন্ধাৰে আন্ধাৰে৷ কেৰিয়াৰত অসংখ্য মানুহ৷ আমি দৌৰি গৈ তাত উঠিলো৷ ইনজামক উঠাব লওঁতে সি পৰি গ’ল৷ মই জাপ মাৰি ট্ৰেক্টৰ খনৰ পৰা নামিলো৷ আমাক এৰি ট্ৰেক্টৰখন গুচি গ’ল৷ অলপ পিছত দেখিলো জুণ্টা কেইজনমান৷ সেনাই ট্ৰেক্টৰখন ৰখালে৷ মহিলাখিনিক নিজৰ গাড়ীত তুলি বাকীবোৰক এটা এটাকৈ গুলীয়াই মাৰিলে৷ ইনজাম কণ্ঠৰূদ্ধ হৈ পৰিছিল৷ তাৰ অকণি হৃদয়খনে নৰক দেখি গোট মাৰিছিল৷
আব্বাজানক বহুতদিন দেখা নাছিলো আমি৷ আণ্ডাৰ গ্ৰাউণ্ড আছিল৷ কোনোৱে কৈছিল ইণ্ডিয়াত ট্ৰেইনিং লৈ আছে৷ ইণ্ডিয়ান এয়াৰ ফ’ৰ্ছে নিৰাপত্তা দিছে৷ ইয়াত আমি মৃত্যু সংশয়ৰ মাজত জীয়াই আছিলো৷ জুই ধোঁৱাৰ মাজতেই আম্মাৰ লগত আমি আছিলোঁ৷ সিদিনা আম্মাই মোক ওচৰৰ দোকানখনৰ পৰা নিমখ আনিব পঠালে৷ ভাই ইনজামো মোৰ পিঠিত উঠি বহিল৷
দোকানৰ পৰা উভতি গৈ দেখো জুণ্টা বাহিনীয়ে আমাৰ ঘৰ লুট কৰি আছে৷ মা থক্ থককৈ কঁপি আছে
-এৰি দিয়ক মোক৷ এৰি দিয়ক৷ চাওক, সেয়া মোৰ সন্তানে চাই আছে৷

মাক উঠাই সিহঁতে গাড়ী চলাই গুচি গ’ল৷ কোনোবাই আমাক প্ৰচণ্ড গোৰ মাৰিলে৷ ইনজাম আৰু মই চিটিকি পৰিলো৷ এজনে আমাক মাৰিবলৈ বন্দুক উঠালে৷ আমি পলালো…
এখন বাৰচকীয়া ট্ৰাকৰ পিছে পিছে আমি দৌৰিলোঁ, এখন হাতত মোৰ আঠবছৰীয়া ভাই ইনজাম, আনখনত এই সৰি যাওঁ এই মৰি যাওঁ মোৰ জীউটো৷ অলপ আগত ট্ৰাকখন ৰ’ল৷ আমি দুয়ো ভয়তে এটা পুৰণি লাইট প’ষ্টৰ আঁৰ ল’লো৷ সিহঁতে মানুহবোৰ নমাই আনিলে৷ পথৰ দাঁতিৰ ফিল্ডখনত, শাৰী পতাই থিয় কৰাই দিলে৷ আমি আধাঘণ্টা ধৰি এটা এটাকৈ গুলীৰ শব্দ শুনিলোঁ৷ তাৰ পাছত সিহঁতে মৰাশ বোৰ পেট্ৰ’ল ঢালি জ্বলাই দিলে৷
আমি চাপৰি চাপৰি সেই ঠাইৰ পৰা আঁতৰিলো৷ ইনজাম বেচেৰাই একো দেখা নাই যেন৷ তাৰ চকু ভাবলেশহীন৷ ভিতৰত জুই চাগে’৷ আন্ধাৰৰ মাজতেই আমি এজন মানুহ নামি অহা দেখিলোঁ৷ মই স্পষ্ট চিনি পালো, সেই ৰিপ’ৰ্টাৰ জন৷ আমাৰ স্কুলত এবাৰ বক্তৃতা দিবলে আহিছিল৷ কৈছিল-সমুখত যিমান ওখ পৰ্বত আহিলেও জীয়াই থাকিলে মই সেইখন পৰ্বত বগাম৷ আমি তেখেতৰ ওচৰলৈ গ’লো৷ তেখেতে আমাক মনে মনে এটা পথেদি লৈ গ’ল৷ এটা তুলনামূলক ভাবে স্থিৰ পথত আমাক তুলি দি ক’লে
-পোনে পোনে আগবাঢ়া৷ আল্লাই ৰক্ষা কৰিব৷ ঢাকা বিশ্ববিদ্যালয়ৰ ষ্টুডেণ্ট খিনি প্ৰথমতেই মৰিছিল, সিহঁতে মাৰিছিল৷ আমাক পথ দেখুৱাবলৈ কোনো বাচি নাছিল৷

… … … … … …

মই এটা ট্ৰেভেল এজেন্সি চলাও৷ ন’ৰ্থ ইষ্ট ইণ্ডিয়াৰ অফ বিট স্পটবোৰ এক্সপ্ল’ৰ কৰাত আমাৰ এজেন্সি অগ্ৰগামী৷ এদিন আমাৰ ক’ম্পেনীৰ মেইলব’ক্সত এখন লেটাৰ আহিল৷ বাংলাদেশৰ চুপ্ৰিম ক’ৰ্টৰ
জাষ্টিছ হাচানৰ পেডত৷ লিখিছিল ন’ৰ্থ ইষ্টৰ ম’হেশখোলা গাওঁখন ভ্ৰমণ কৰিব বিচাৰে৷ খৰচৰ বাবে চিন্তা কৰিব নালাগে৷
মই তেনে কোনো গাঁৱৰ কথা শুনা নাছিলো৷ নেট চাৰ্চ কৰিও বিশেষ একো ইন্ফৰ্মেছন নাপালো৷ কেৱল গম পালো ই ত্ৰিপুৰা আৰু মেঘালয়ৰ সীমান্তত অৱস্থিত৷ জিলাখনৰ নাম পালো৷ মোৰ এজন বন্ধু আছিল সেই জিলাত৷ মই ফ’ন কৰিলো৷ সি জনালে যে তেনেকুৱা নামৰ গাওঁ এখন আছে৷ কিন্তুু একো বিশেষত্ব নাই৷ ই টুৰিষ্ট স্পটো নহয়৷ এখন তেনেই সাধাৰণ দুখীয়া, বিশেষত্বহীন গাওঁ৷
মই এই ইনফৰ্মেছনখিনি জাষ্টিছ হাচানলৈ মেইল কৰিলো৷ তেখেত উৎফুল্ল হৈ মোক ফ’ন কৰিলে৷ বিশেষত্বহীন গাওঁখনেই মোৰ প্ৰাণ৷ সেই দুখীয়া গাওঁখনেই মোৰ প্ৰাচুৰ্য৷ তাৰ
বতাহেই মোৰ উশাহ, তাৰ পানীয়েই মোৰ তেজ, তাৰ অস্তিত্বই মোৰ জীৱন৷ আপুনি এৰেঞ্জ কৰক৷ এই মাহৰ …..তাৰিখ৷ এটা অনুৰোধ, প্লিজ, কিপ দিছ চিক্ৰেট৷ মোৰ এই আত্মাৰ অনুসন্ধান যাত্ৰাত মোৰ একান্ত স্মৃতিৰ বাহিৰে আন একোৰে অস্তিত্ব সহ্য নহব৷ ধন্যবাদ৷
….. ….. ….. ….. …… …… ……

সেই বতাহ এতিয়াও আছেনে? আছেনে সেই স্কুলখন৷ ভঙা ছিঙা, এল টাইপ গঢ়নৰ সেই স্কুলখন৷ তাৰ বাতামৰ ক’লা কাঠবোৰ৷ য’ত মই লিখি চক পেন্সিলেৰে লিখি আহিছিলো ‘জীৱন ধ্বংস হব পাৰে, পৰাজিত নহয়! ’ আৰু সেই উঁয়ে খোৱা কাঠৰ পুৰণা বেঞ্চিবোৰ, য’ত বহি আমি এখনকৈ ৰুটী খাই আত্মাটো বচাই ৰাখিছিলোঁ, উশাহ লব পৰাকৈ… মহেশখোলা, সেই মহেশখোলা গাওঁ৷
ভাই ইনজাম আৰু মই কেনেকৈ গৈ পাইছিলো সেই গাওঁ! ! এজন সাংবাদিকে আমাক বাট দেখুৱাইছিল৷ কোনোবাই আমাক এখন বাছত উঠাই লৈ গৈছিল সেই গাঁৱলৈ৷ অসমৰ মহেশখোলা গাওঁ৷ এৰা, তেতিয়াতো অসমেই আছিল! তেতিয়া আমাৰ দেশখনো পূৰ্ব পাকিস্তানেই আছিল৷
আৰু মহেশখোলা গাঁৱৰ সেই ছোৱালীজনী৷ আমাৰ আশ্ৰয় শিবিৰত খাদ্য অনিয়মীয়া আছিল৷ কেতিয়াবা দুদিনলৈয়ো একো খানা নাছিল৷ খানা দান কৰিবলৈ অহা স্কুলখনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত তাইৰ মুখখন উজলি আছিল৷ কিমান আছিল তাইৰ বয়স, বাৰ বছৰ মানেই হব৷ মোৰ তেতিয়াৰ বয়সৰ সমান৷ বিষাদ সুন্দৰ মুখনি তাইৰ৷ সদায় আহিছিল, মোক খাদ্য দিবলৈ৷ মোক সাধু শুনাইছিল, আত্মবিশ্বাসৰ৷ মোক ডায়েৰী এখন দিছিল, লিখি যাবলৈ৷ ভিতৰত যে বকুল ফুল কেইটামান ভৰাই দিছিল ডায়েৰীখনত৷
পিছদিনাই আমাৰ মাতৃভূমিয়ে স্বাধীনতা লাভ কৰিছিল৷ আমাক এখন বাছত উঠাই বাংলাদেশলৈ লৈ আহিছিল৷ মই তাইলৈ ৰৈ আছিলো৷ তাইৰ অহাৰ সময় হোৱা নাছিল৷ কোনোবাই ইনজাম আৰু মোক বাছত টানি উঠাই দিছিল৷ চোটু ইনজামেৱো কিবা এটা বুজিছিল চাগে’৷ সি মোক কৈছিল, বাছখন অলপ দেৰিকৈ আহিব নোৱাৰিলে নে! আৰু মোৰ মুখৰ ফালে চাই হাঁহিছিল৷
ইয়াত আমি আম্মাক আৰু বিচাৰি নাপালোঁ৷ আব্বাহঁতৰ আন্দোলনে স্বাধীনতা আনিলে৷ মোৰ হিন্দু বন্ধুবোৰ ছাই হ’ল, প্ৰায় সকলো৷ মই ছাই হ’লো, কলিজাত৷ পথৰ দাঁতিত অগণন জাৰজ সন্তানৰ কান্দোন, কোনোবাটো ইতিমধ্যেই গেলিব আৰম্ভ কৰিছে৷ পুন: মুকলি কৰা হষ্পিটালবোৰত শ শ অবিবাহিত গৰ্ভবতী৷
মুক্তিকামী কবিসকল, শিল্পীসকল, শিক্ষকসকলক মুক্ত কৰি দিয়া হৈছে বেহেস্তলৈ৷ নলাবোৰত ৰঙা মাছ৷ সোণেৰ বাংলা, সোণেৰ বাংলা৷ সোণবোৰ ক’ত? ? ? ?
মই ইনজামক মাতিলো-ইনজাম৷ সি আহিল৷ ব’ল-জীৱন অলপ পিছুৱাই চাই আহো! ইনজামে ক’লে-মহেশখোলা?
মই মূৰ ডুপিয়ালো৷ বিছাৰি পালা? ইমানদিন বুকুতহে কঢ়িয়াই লৈ ফুৰিছিলা! মই ক’লো-আল্লাহ তালাই আজি পাঁচটা দশকৰ পিছত হ’লেও পঠিয়াব খুজিছে৷ মহেশখোলায়েতো আমাক জীয়াই ৰাখিলে৷ ইনজামে হাঁহিলে-বকুল ফুল? মই হাঁহিলো৷ ইনজামে তাৰ অফিছত ফোন লগালে- ‘মই এমাহ ছুটী ল’ম৷ মই নথকা কেইদিন ডিষ্ট্ৰিকখন চাব’৷
*** *** ***
এইবাৰ ট্ৰেভেল গাইড হিচাপে মহেশখোলালৈ মই নিজেই ওলালোঁ৷ আছে, স্কুলখন তেনেদৰেই আছে৷ গাড়ীৰ পৰা নামি দুই ভাই, জাষ্টিছ হাছান আৰু ইনজামে স্কুলখনৰ বাৰাণ্ডাত মাটিতেই বহি পৰিছে৷ আকাশৰ ফালে চাই হাঁহিছে, না না, কান্দিছে৷ দুয়ো কান্দিছে৷ স্কুলৰ পুৰণি বেঞ্চিবোৰ দুয়ো সাবটি ধৰিছে৷ ভঙা খিৰিকিখনেৰে জাষ্টিছ হাচানে দূৰলৈ চাই পঠিয়াইছে…বকুলৰ সুবাস আছে নেকি ক’ৰবাত অকন …

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক