জুই লগা আকাশ ( নৱ কোঁৱৰ )

শৰতৰ বৰষুণত
মৰা নদীখনে উচুপি উঠিছিল
বুকুৰ মাজত আঁকোৱালি লৈছিল
চেনেহেৰে আজলি ভৰাই …..

তথাপিও ভাল নালাগে একোকে…
ভাল নালাগে শৰতৰ শেৱালী
সেউজীয়া কোমল ঘাঁহনি
ভাল নালাগে বসন্ত কাল
ঢোল পেঁপাৰ সুমধুৰ তাল….

শব্দবোৰ জুই হ’ল
সম্পদ দহি নিয়া তপত অগনি
আৰু ব্যক্তিবোৰ
একো একোখন আকাশ
সকলোৱে হ’ব খোজে
একো একোটা ওখ পৰ্বত
….পৰ্বতৰ শিখৰ
কোনেও হব নোখোজে
ডাল পাত মেলি ছাঁ দিয়া এজোপা গছ!
নতুবা আন্ধাৰ ৰাতিৰ কোমল পোহৰ..

……..থাকক সকলো মিছা প্ৰবাদ
এতিয়া চতুৰ্দিশে মাথোঁ বিষাদ
বিষাদ বিষাদ …
নাই কোনো উমাল অৱসাদ

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক