জুনিয়ৰ ৰেচিডেন্ট: প্ৰতিম প্ৰতাপ বৰুৱা

জুনিয়ৰ ৰেচিডেন্ট

প্ৰতিম প্ৰতাপ বৰুৱা

(অ.ক.ব.ৰ ডাক্তৰসকললৈ)

“ঐ, তোক মোজাযোৰ খুলি থৈ আহিবলৈ কিমানবাৰ কব লাগে? হা?”– অভিজিতে টুৱেন্টি নাইন খেলি থকাৰ পৰা চিঞৰিলে। চিঞৰ শুনি একেজাপে মাটিত পাৰি থোৱা বিচনাকেইখন পাৰ হৈ প্ৰকাশে মাটিতে বহি মোজা খোলাত লাগিল। লগতে তাৰ মুখখনো চলি থাকিল– “আজি দুটাক লট্‌কাই থৈ আহিছোঁ। এটা ৭০% বাৰ্ণ আৰু এটা ৮৫% বাৰ্ণ ৰাতিলৈ দুইটা চেটেপ হ’ব। ধেই, ক’তযে আহি সোমালোহি।”

অভিজিত, প্ৰণৱ, চিৰঞ্জীত, অম্লান, লগতে মোৰো তেতিয়া তাৰ কথা শুনিবৰ ধৈৰ্য্য নাই। টুৱেন্টি নাইনত এটাই পেয়াৰ দেখুৱাইছে।

এয়া ১৯৯৯-২০০০ চনৰ কথা। দিল্লীত তেতিয়া নতুন আৰু অকলশৰীয়া কাৰণে শনি আৰু দেওবাৰ দুটা অসম হাউছত থাকোগৈ। তাৰ দ্বিতীয় মহলাত তেতিয়া এটা ডৰ্মিটেৰী আছিল। নিয়মমতে বিচনা-পত্ৰ থাকিব লাগিছিল যদিও প্ৰকৃততে একো নাছিল। অসমৰ পৰা যোৱা ল’ৰাৰে কোঠাটো গিজগিজাই আছিল। কোনোবাই দিল্লী বিশ্ববিদ্যালয়ত এডমিচনৰ বাবে আহিছে, কোনোবাই দিল্লীত ইন্টাৰভিউ দিবলৈ আহিছে, কোনোবাই অসুখ দেখুৱাবলৈ কাৰোবাক লৈ আহিছে, কোনোবাই চাকৰি বিচাৰি আহিছে। লৰাবোৰে ওচৰতে থকা সৰোজিনী মাৰ্কেটৰ পৰা তুলি এখন, বিচনা চাদৰ এখন আৰু গাৰু এটা কিনি আনি ইয়াতে বিচনাখন পাতে। দিনে-ৰাতিয়ে জমি থাকে। এটাই মাত্ৰ বাথৰূম, ৰাতিপুৱা আৰু জমি উঠে খেলখন। নিয়মমতে দিনে ৫০ টকাকৈ দিব লাগে অসম হাউচক, ৰাইজৰ ৯০%ই নিদিয়ে। এখন কেন্টিন আছে। খোৱা-বোৱা সস্তা আৰু অসমীয়া। সেই সময়ত কেন্টিনখন চলোৱা মানুহজনক আমি মামা বুলি মাতিছিলোঁ।

সেই সময়ত অসমৰ পৰা অভিজিত, প্ৰণৱ, চিৰঞ্জীত, অম্লান, প্ৰকাশ, ৰাজীৱ, বাসৱ, ইউচুফ আদি এজাক ডাক্তৰ আহিছিল দিল্লীলৈ জুনিয়ৰ ৰেচিডেন্টৰ চাকৰি বিচাৰি। পঢ়া-শুনাত চোকা চোকা, মহা উত্পাতীয়া আৰু জমনি ডাক্তৰ আছিল গোটেইকেইজন।

গধুলি কেতিয়াবা অভিজিতে বাঁহী বজাইছিল। অম্লানে প্ৰায়ে আবেলি আবেলি ফিট-ফাট হৈ চাণক্যপুৰীৰ পৰা দিল্লী বিশ্ববিদ্যালয়ৰ নৰ্থ কেম্পাচ পাইছিলগৈ। এমাহমানৰ পিছত এদিন তাক বুজাইছিলোঁ– “লাভ নাই বুইছা। তুমি গৈ ব্লু-লাইন বাচৰ পৰা নামিবা, লোকে দেউতাকৰ বি.এম.ডব্লিউ দৌৰাই আহিব। বি.এম.ডব্লিউৰ চিকমিকনিত চকুত চাত্‌ মাৰি ধৰাৰ পিছত ৰাইজে তোমালৈ ক’ত ঘূৰি চাব? ৰচকী আইদেউহঁতেতো নাজানে যে তুমি এজন ডাক্তৰ আৰু সেইজন আণ্ডাৰমেট্ৰিকে দেউতাকক ধপ দি বি.এম.ডব্লিউ খন লৈ আহিছে।”

সদায় ৰাতিপুৱা মামাৰ কেন্টিনত ব্ৰেকফাষ্ট কৰি এই ডাক্তৰকেইজন ওলাই যায়। দিল্লীৰ আস্পতালবিলাকত ইণ্টাৰভিউ দিয়ে আৰু আবেলি ঘূৰি আহে। ঘূৰি আহি ইজনে সিজনক দিনটোৰ কথাবোৰ কয়। সিহঁতৰ কথাবোৰত তথ্য, বাস্তৱ, খং আৰু কৌতুক সমানে মিহলি হৈ থাকে। লাহে লাহে এজন এজনকে গোটেইকেইজনে কোনোবা কোনোবা আস্পতালত জুনিয়ৰ ৰেচিডেন্টৰ চাকৰিত সোমাল। প্ৰকাশে চফদৰজং আস্পাতালত বাৰ্ণ এণ্ড প্লাষ্টিক বিভাগত সোমাইছিল, প্ৰণৱে অৰুণা আশ্ৰফ আলি আস্পতালত ই এন টি বিভাগত সোমাইছিল ইত্যাদি । এদিন এটাক সুধিছিলোঁ– “তোমালোকেনো জুনিয়ৰ ৰেচিডেন্টৰ চাকৰি বিচাৰি দিল্লীলৈ কিয় আহিব লাগে? অসমতে কৰিলেও হয় দেখোন।” চিৰঞ্জীতে উত্তৰ দিছিল– “ইয়াত দৰমহাটো অলপ বেছি পাওঁ দাদা। আৰু অলপ টকা জমা কৰি লব পাৰিলে এম ডি পঢ়োতে ঘৰত টকাৰ কাৰণে সিমান প্ৰেচাৰ দিব নালাগে।”

সেই সময়ত অসমৰ গোসাইগাঁৱৰ চিভিল ইঞ্জিনিয়াৰ ল’ৰা এজন আছিল অসম হাউছত। নামটো দিগন্ত বড়ো। চাকৰি এটাৰ বৰ প্ৰয়োজন আছিল তাৰ। নহ’লে মামাৰ কেণ্টিনত খাবলৈও তাৰ উপায় নাছিল। কিবা কৰি দিগন্তই এটা মাৰ্কেটিঙৰ চাকৰি যোগাৰ কৰিছিল। এদিন সি চলি থকা বাচ এখনৰ পৰা নামি দিবলৈ চেষ্টা কৰোতে পৰি গৈ হাতত বৰ বেয়াকৈ দুখ পাইছিল। অসম হাউছত থকা এই ডাক্তৰকেইজনে সমানে লাগি গৈছিল কামত। পেচেন্ট এজন, ডাক্তৰ দহ-বাৰজন। ক’ত হাতৰ বিষ ভাল নোহোৱাকৈ থাকে! সেই দিগন্ত বড়ো এতিয়া পুঞ্জ লয়ড কোম্পানীত।

আৰু এজন মানুহ আহিছিল অসুখ দেখুৱাবলৈ। তেখেত খেতিয়ক আছিল। লগত তেখেতৰ ভায়েক আহিছিল। ভায়েক প্ৰাইমেৰী বিদ্যালয়ৰ শিক্ষক আছিল। তেওঁলোকে এইম্‌চত দেখুৱাইছিল। কিবা চিন্তাত মানুহজন মন-চন মাৰি বিচনাখনতে বহি থাকে। এই ডাক্তৰকেইজন কামত লাগি গ’ল। তেখেতৰ বিভিন্ন মেডিকেল টেষ্টৰ ৰিজাল্টখিনি ফটোকপি কৰি নিজৰ নিজৰ আস্পতাললৈ লৈ গ’ল। চিনিয়ৰ ডাক্তৰসকলৰ লগত কথাবোৰ আলোচনা কৰিলে। অসম হাউচৰ ডৰ্মিটেৰীত গোটেইকেইটা ডাক্তৰ বহি লৈ কিতাপ-পত্ৰ উলিয়াই মানুহজনৰ সমস্যাটো আলোচনা কৰিলে, দৰব আনিলে, খুৱালে, মাজে মাজে আস্পতালত তেখেতক লৈ গৈ দেখুৱালে। লাহে লাহে মানুহজন ভাল হৈ আহিল। এদিন আহি তেওঁ ডাক্তৰকেইজনৰ লগত টুৱেণ্টি নাইন খেলিবলৈ আৰম্ভ কৰিলে। খেলি থাকোতে ট্ৰাম্প কৰোঁতে মানুহজনৰ তাচপাতখন দলিয়াই দিয়া জোৰটো দিনে দিনে বেছি হৈ আহিল। শেষত এদিন তেখেতৰ ভায়েকে নৰ্থ ইষ্ট এক্সপ্ৰেচত গুৱাহাটীৰ টিকট কাটি আনিলে। যোৱাৰ দিনা মানুহজনে কান্দি দিছিল। ডাক্তৰ ল’ৰাকেইটাক কৈছিল– “তোমালোকক এৰি থৈ যাবলৈ মন যোৱা নাই।”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments