জুমনৰ পৃথিৱী (শিশুগল্প) – নিৰূপমা ডেকা

ৰঘূবীৰহঁতৰ দৰে……..আহ্ ৰঘূবীৰহঁতৰ দৰে যদি জুমনেও মন গ’লেই ঘৰৰ সন্মুখতে থকা ফিল্ডখনত দিনটোৰ বেছি সময় যুঁজ-বাগৰ, খেল আদি কৰিব পাৰিলেহেঁতেন৷ কি যে মজাৰ জীৱন সিহঁতৰ৷ চতুৰ্থ শ্ৰেণীত পঢ়া জুমনে সিহঁতৰ ঘৰৰ কাষৰ বস্তি এলেকাটোৰ ল’ৰাবোৰৰ লগত অৱশ্যে স্কুলৰ পৰা আহি খাই বৈ, কিছু জিৰণী লোৱাৰ পিছতে সদায় ফিল্ডলৈ গৈ কিছুসময় খেলিবলৈ পায়৷ সি ভালঘৰৰ বেচৰকাৰী স্কুলত পঢ়া ল’ৰা, চৰকাৰী স্কুলৰ মধ্যাহ্ন ভোজনৰ জুতি লৈ ঘৰ পায়েই ফলি-পুথি দলিয়াই স্কুলৰ সাজযোৰ খুলি ৰঘূবীৰহঁতৰ দৰে চিধাই ফিল্ড পাবহি নোৱাৰে৷ বন্ধৰ দিনবোৰততো কথাই নাই৷ পুৱা পানী-ভাত, নিমখ-তেল, জলকীয়াৰে পেটত পেলাই চিধাই আহি সিহঁত বোৰ খেল পথাৰ পায়হি৷ জুমনৰ চকু দুটা খিৰিকীৰে ফিল্ডত বিচৰণ কৰি ফুৰে তেতিয়া৷ কিন্তুু তাৰ ৰুটিনখনত বন্ধৰ দিনবোৰত আৰ্টৰ ক্লাচ, গীতাৰৰ ক্লাচ আদিবোৰ থাকে৷ ৰঘূবীৰহঁতৰ দৰে সি মুক্ত বিহঙ্গ নহয়৷ তথাপি তাৰ লগৰ ৰণবীৰ, ধীৰাজহঁততকৈ সি নিজকে ভাগ্যবান বুলি ভাবে৷ কাৰণ তাৰ মাক দেউতাকে সদায় আবেলি তাক ৰঘূবীৰহঁতৰ দলটোৰ লগত খেলিবলৈ দিয়ে৷ ৰঘূবীৰহঁতৰ উৰণীয়া মনবোৰৰ সৈতে সিও উৰিবলৈ পায় কিছু সময়৷ অৱশ্যে সিহঁতৰ দৰে কিছুমান কাম কৰিব নোৱাৰে জুমনে৷ মাকে তাক দঢ়াই দঢ়াই কৈ পঠিয়াই —
—-তই ফিল্ডৰ চাৰিসীমাৰ ভিতৰৰ পৰা এখোজ বাহিৰলৈ গৈ অলৌ টলৌ কৰা গম পালেই তোৰ সিহঁতৰ লগত খেলিবলৈ যোৱা বন্ধ৷ সি সেয়ে সেইকণ ফুৰ্টিৰ লোভ সামৰি থয়৷ কাৰণ এদিনৰ অলপ ফুৰ্টিৰ বাবে সদায় পোৱাকণ হেৰুৱাই দিব নোৱাৰি বুলি সি বুজে৷ ৰঘূবীৰে তাক বৰ মৰম কৰে৷ সিহঁতৰ বনৰীয়া অভিযানত ভাল লগা কিবা এটা পালে সি জুমনলৈ মনে মনে পেণ্টৰ জেপত ভৰাই লৈ আনে৷ সি জুমনতকৈ তিনি বছৰ মানৰ ডাঙৰ যদিও শৰীৰৰ বাঢ়ন কম হোৱাত তাৰ সমনীয়া যেনেই দেখি তাক৷ বিহাৰী চেলুন এখনৰ কৰ্মচাৰী ৰামপ্ৰসাদৰ তিনি নম্বৰ পুত্ৰ ৰঘূবীৰ৷ তাৰ তলত আৰু দুজন আছে৷ গতিকে সিহঁতৰ এৰাল নাই৷ কওঁতা কোনো নাই৷ মন গ’লেই ঘৰৰ পৰা ওলাই আহে খেলিবলৈ৷ চৰকাৰী হিন্দী স্কুল এখনত পঢ়ে৷ পঢ়ে মানে তাৰ মতে ভাল খানা দিয়াৰ দিনাহে সিহঁত স্কুললৈ যায় আৰু খানা খায়ে স্কুলৰ ওৱাল পাৰ হৈ খেলৰ বাবে দৌৰ৷ সি ফুটবল ভাল খেলে৷ তাৰ আগফালৰ ডাঙৰ দাঁত কেইটা নিকটাই মৰা হাঁহিটো বেচ আকৰ্ষণীয়৷ খং উঠিব খোজা জনৰো হাঁহি বিৰিঙে তাক দেখিলে৷ জুমনক সি সৰুৰ পৰাই পাইছে৷ খুব মৰম তাৰ জুমনলৈ৷ জুমনৰ চাৰিবছৰ মান বয়সত দেউতাকে তাক ফিল্ডলৈ চাইকেল চলাবলৈ লৈ গৈছিল৷ তেতিয়া ৰঘূবীৰে খেলিবলৈ এৰি জুমনৰ কাষে কাষে চুচুক চামাক কৈ ঘূৰি ফুৰে৷ তালৈ চাই হাঁহে জুমনেও৷ জুমনৰ দেউতাকে তালৈ লক্ষ্য কৰি তাৰ নিষ্পাপ হাঁহিটো আৰু দুচকুত জুমনলৈ মৰম দেখি এদিন মাতি তাৰ নাম সুধিলে আৰু ঘৰ ক’ত জানি ল’লে৷ সি বৰ ধুনীয়াকৈ ক’লে তাৰ নাম ৰঘূবীৰ আৰু সি ওচৰৰ বস্তিটোৰে চালিত থাকে৷ সিও চল পায় লাহেকৈ সুধিলে—
—খুড়া, বাবুকে মই ঘূৰাই দিওঁ৷ আপ্ নি বহক৷ সেয়ে আৰম্ভণি৷ তাৰ পিছত ৰঘূবীৰ জুমনৰ অবিচ্ছেদ্য অংগ হৈ পৰিল৷ লাহে লাহে সি জুমনহঁতৰ ঘৰখনলৈ অবাধে আহ – যাহ কৰিব পৰা হ’ল৷ জুমনৰ মাকেও ভাল কিবা এটা ৰান্ধিলে ৰঘূবীৰলৈ থৈ দিয়ে মৰমতে৷ সিহঁতৰ আৱাসিক এলেকাটোত প্ৰায় বিছঘৰমান মানুহ আছে৷ তাৰে কিছুমানে ৰঘূবীৰক এনেদৰে কেম্পাচত সুমাব দিয়াটো ভাল কথা নহয় বুলি মতামত পোষণ কৰে৷ তেওঁলোকৰ মতে ৰঘূবীৰহঁতৰ দৰে বোৰৰ বিশ্বাস নাই৷ কাৰ ঘৰত সোমাই কি চোৰ কৰি লৈ যায় ঠিকনা নাই৷ দুই একে অৱশ্যে উদাৰ দৃষ্টি ভঙ্গী দেখুৱাই ৰঘূবীৰহঁতৰ দৰে বোৰক ঘৰুৱা আৰু বাহিৰা দুই এটা কাম কৰিবলৈ দি টকা আৰু কাপোৰ কানি দিয়ে৷ তেওঁলোকৰ মতে ৰঘূবীৰহঁতৰ দৰে ল’ৰাবোৰক সৎপথত উপাৰ্জনৰ শিক্ষা এনেদৰে কৰ্মৰ মাজেৰে দিব লাগে৷ জুমনৰ কিন্তুু এই কথাটো ভাল নালাগে৷ সিহঁতৰ বয়সতকৈ গধুৰ কামবোৰ কৰিব দিলে তাৰ বেজাৰ লাগে৷ কেকো জেকো কৈ দাঙি নিয়া ওজন বজাৰৰ মোনাটো কঢ়িয়াই ৰঘূবীৰৰ দৰে ল’ৰাই আৰু হৃষ্ট-পুষ্ট গৰাকীজনে খালি হাতে খোজ কাঢ়ি থাকে৷ প্ৰায়ে দেখা দৃশ্য এয়া৷ সিহঁতে দহটা টকা পোৱাৰ আশাত কৰি দিয়া কৰ্মবোৰে জুমনক মনত কষ্ট দিয়ে৷ গাড়ীত এচি অন কৰি বহি থকা সন্তানলৈ কল্ড ড্ৰিংচ্ পঠিয়াই দিয়া মাক বাপেকবোৰে এবাৰো নেদেখে নে তেওঁলোকৰ বজাৰৰ মোনা কঢ়িওৱা ৰঘূবীৰহঁতৰ দৰে কোনোবা এজনৰ দুচকুত সেই পানীয় এটোপৰ দুৰ্বাৰ হেঁপাহ!
জুমনৰ দেউতাক মাকৰ চিন্তাবোৰ এই সকলোৰে পৰা উৰ্দ্ধত৷ কাৰণ তেওঁলোকে ৰঘূবীৰহঁতকো জুমনৰ দৰে পঢ়ি শুনি ভাল ডাঙৰ মানুহ হোৱাটো বিচাৰে৷ পঢ়াৰ প্ৰতি আগ্ৰহ বঢ়াবলৈ জুমনলৈ কিনা সাধু, কমিকচ্ আদি ৰঘূবীৰহঁতক পঢ়িবলৈ লৈ যাবলৈ দিয়ে৷ সন্ধিয়া ৰঘূবীৰহঁতক অলৌ টলৌ কৈ ঘূৰি ফুৰা দেখিলে জুমনৰ মাক দেউতাকে গালি দি ঘৰলৈ পঠিয়াই দিয়ে৷ নগ’লে সিহঁতৰ কেম্পাচত পিছদিনাৰ পৰা সোমাবলৈ নিদিয়াৰ ভাবুকিও দিয়ে৷ দেউতাকে মানৱ সম্পদৰ বিষয়ে জুমনক বুজাওতে এদিন কৈছিল—
—-জুমম ৰঘূবীৰহঁতকো অকল মানুহ ৰূপে নাৰাখি মানৱ সম্পদলৈ ৰূপান্তৰিত কৰিব পাৰিলে হে দেশখন প্ৰকৃতাৰ্থত উন্নত হ’ব৷
সি পিছে দেশৰ কথা ইমান নুবুজে, কিন্তুু তাৰ মনত এটা কথাই আহে যে ৰঘূবীৰহঁতক তুচ্ছ জ্ঞান নকৰি সিহঁতকো আনবোৰ ল’ৰা ছোৱালীৰ দৰে মানুহে মৰম কৰক৷ মানুহ বুলি ভাবক৷ সেয়ে সি দেউতাকক এদিন কলে —
—দেউতা প্ৰায়বোৰ মানুহৰ ল’ৰা ছোৱালীবোৰে বদমাচী কৰিলে, কিবা বস্তু খাবলৈ হেতা উপৰা কৰিলে চিধাই কয় যে ৰঘূবীৰহঁতৰ দৰে কিয় আচৰণ কৰিছা? কিয় কয় দেউতা? মই যি বুজো সকলো ল’ৰা ছোৱালীয়ে সুবিধা পালে বদমাচী কৰে৷ ই ল’ৰা ছোৱালীৰ প্ৰকৃতি৷ আমাৰ সদায় দমে দমে খাব পোৱাবোৰৰো খোৱা বস্তুৰ প্ৰতি লোভ জাগে, সিহঁতে পেটৰ ভাত কেইটা ঠিক মতে নাপায়, তেন্তে কি সিহঁতৰ খোৱা বস্তু দেখিলে লোভ নাহিব কিয়! আহিবই৷ ই স্বাভাৱিক৷ মানুহবোৰে সকলোতে ৰঘূবীৰহঁতক সাঙুৰি পেলায় কিয়?
তাৰ কথাৰ উত্তৰ দেউতাকে বিচাৰি নাপালে৷ মনতে ভাবিলে ল’ৰাটো আন ল’ৰাবোৰতকৈ বহু বেলেগ৷ সি মানুহ হোৱাৰ বাট চিনা ল’ৰা হ’ব৷ তথাপি তাক কিবা অলপ বুজাবৰ বাবে তেওঁ কয়—
—জুমন, ৰঘূবীৰহঁতৰ মাক দেউতাকহঁতে ইয়াৰ বাবে জগৰীয়া৷ তেওঁলোকে সন্তান জন্ম দিবহে পাৰে, কিন্তুু সন্তানৰ যত্ন যে ল’ব লাগে সেই কথাৰ খবৰ নাই৷ শিক্ষাৰ অভাৱত চিন্তাৰ প্ৰসাৰ নাই তেওঁলোকৰ৷ তেওঁলোক সন্তানক লৈ সচেতন নহয় বাবে বাকী মানুহবোৰে সিহঁতক তুচ্ছ জ্ঞান কৰিব পাৰিছে৷
দেউতাকৰ কথাত জুমনক বেচ কিছু সময় চিন্তাত থকা যেন লাগিল৷ কিছু দেৰি সি চিন্তা কৰি থকা দেখি মাকে কথাটো পাতলাবলৈ হাঁহি মাৰি কলে—
—জুমন, কি হ’ল! ইমান কি চিন্তা কৰিছা? হ’ব আৰু ৰঘূবীৰহঁতক লৈ ইমান চিন্তা কৰিব নালাগে৷ তোমাৰ পৰীক্ষা সন্মুখত, পঢ়াত মন দিয়া৷
সি মাকৰ কথাত যেন এটা বাট বিচাৰি পালে৷ আৰু লগে লগে মাকক আবদাৰ ধৰি কলে —
—অ মা, তুমিচোন পাৰা ৰঘূবীৰহঁতক অলপ সচেতন কৰিব৷ পঢ়িব যে লাগে তাকে বুজাব৷ তুমি ইমান সুন্দৰৰৈ মোক খৰচি মাৰি পঢ়ুৱাব পাৰা৷ তোমাৰ কেতিয়াবা ঘৰখনৰ কামবোৰ কৰি আমনি লগাও দেখো৷ সিহঁতে অপব্যয় কৰা সময়বোৰ তুমি ইচ্ছা কৰিলে সিহঁতক ধৰি ৰাখিব শিকাব পাৰা৷ আমাৰ গেৰেজটোতে নহ’লে সিহঁতক অলপ পঢ়াবা দিয়া না৷ আবেলি আবেলি৷ দেওবাৰে দেউতাও থাকিব, তেওঁ অলপ সিহঁতক জীৱনত কি কৰিলে ভাল হয় তাকে ক’ব, মোক যেনেকৈ কয়৷ সিহঁতবোৰো তেতিয়া ভাল ল’ৰা হ’ব মা৷ ৰঘূবীৰৰ অন্তৰখন কিমান যে ভাল৷ সকলোকে বিপদত সহায় কৰা দেখো৷ সকলোৱে কামত তাক দৌৰাই থাকে অথচ বিনিময়ত সি ভাল বুলি ক’বলৈও টান পায়৷ কিবা এটা কৰা না মা….
কণমানি জুমনৰ কথাত মাক দেউতাক আচৰিত হৈ পৰিল৷ দেউতাকে কলে—
—এৰা তাৰ কথাবোৰ ইমান যুক্তি সংগত৷ সামাজিক ভাবে সমাজৰ উন্নতিত আমি সকলো দায়বদ্ধ বুলি কওঁ যদিও কিমান জনে নো, এই দায়ৱদ্ধতাক দায়িত্ব সহকাৰে লৈছে বা লৈছো৷ কেৱল মোৰ তোৰ নিচিনি যদি সকলোৰে হিত প্ৰত্যেকে অলপ চিন্তা কৰিলোহেঁতেন৷ সমাজে চাগৈ আৰু অলপ প্ৰগতি কৰিব পাৰিলেহেঁতেন৷ ঠিক আছে আমি সংকল্পবদ্ধ হওঁ দিয়া যে ৰঘূবীৰহঁতৰদৰে বোৰৰ বাবে আমি কিবা পৰিকল্পনা কৰো৷ শিক্ষা আৰু সত্ কৰ্মৰ প্ৰতি আগ্ৰহি কৰো৷ নে কি কোৱা জুমনৰ মাক?
জুমনৰ মাকৰ চকু দুটা চলচলীয়া হ’ল৷ তেওঁ জুমনক বুকুৰ মাজলৈ টানি আনি কলে—
—পাৰোতো আমিয়েই ইয়াৰ আৰম্ভণি কৰিব৷ মোৰ জুমনৰ চিন্তাই আৰু উধাওক৷ কৰিম জুমন তোমাৰ সপোনবোৰ পুৰাবলৈ সদায় আমি চেষ্টা কৰিম৷
জুমনে মাক দেউতাকৰ এনে আশা ভৰা কথা পায় সিদিনা ৰাতি ৰঘূবীৰহঁতকো সুন্দৰ জীৱন যাপনৰ পথত খোজ দিয়াবলৈ সপোন এটা বুকুত বান্ধি টোপনিৰ কোলাত ঢলি পৰিল৷
(সমাপ্ত)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক